মহাশূন্য.....
-মনোহৰ দত্ত
.
য'লৈ আহি আহি জিৰণি লওঁ
তাতেই বাঢ়ি যায় নিৰ্জনতা,
মই নে মোৰ সময়
বুজাব নোৱৰা এক অস্থিৰতা।
য'লৈ গ'লে ফুলি উঠে শেৱালি
তাতেই শেষ হয় সুগন্ধি
মই নে মোৰ প্ৰকৃতিৰ
বুজাব নোৱৰা কৰুণতা।
য'লৈ গৈ গৈ সুৰ আঁতৰি যায়
তাতেই বাঢ়ে কিযে ৰিক্ততা
মই নে মোৰ গানৰ
হেৰোৱা সুৰৰ মৌনতা।
শুনিছো যেন প্ৰতিধ্বনি জীৱনৰ
অস্থিৰতা কৰুণতা ৰিক্ততা
নতুবা শব্দহীন বিৰামহীন
অৰ্থহীন অপাৰ মৌনতা।
শূন্যই কিয়নো বিচাৰি ফুৰে
মহাশূন্য.....
-মনোহৰ দত্ত
.
য'লৈ আহি আহি জিৰণি লওঁ
তাতেই বাঢ়ি যায় নিৰ্জনতা,
মই নে মোৰ সময়
বুজাব নোৱৰা এক অস্থিৰতা।
য'লৈ গ'লে ফুলি উঠে শেৱালি
তাতেই শেষ হয় সুগন্ধি
মই নে মোৰ প্ৰকৃতিৰ
বুজাব নোৱৰা কৰুণতা।
য'লৈ গৈ গৈ সুৰ আঁতৰি যায়
তাতেই বাঢ়ে কিযে ৰিক্ততা
মই নে মোৰ গানৰ
হেৰোৱা সুৰৰ মৌনতা।
শুনিছো যেন প্ৰতিধ্বনি জীৱনৰ
অস্থিৰতা কৰুণতা ৰিক্ততা
নতুবা শব্দহীন বিৰামহীন
অৰ্থহীন অপাৰ মৌনতা।
শূন্যই কিয়নো বিচাৰি ফুৰে
মহাশূন্য.....
No comments:
Post a Comment