মাগুৰি ধানৰ গুৰিত শ'ল মাছৰ খলমল
বৰশীৰে চোপ
ভালপোৱাত এপৰ যায়
দুপৰ
অন্তঃসত্বা ধানৰ ছাঁত ৰৈ থাকে শ'ল মাছ ।
বৰশীৰে চোপ
ভালপোৱাত এপৰ যায়
দুপৰ
অন্তঃসত্বা ধানৰ ছাঁত ৰৈ থাকে শ'ল মাছ ।
কি স্পৰ্ধা তাৰ
পানীৰ পাক মই বুজো
কি মাছ মই জানো
মাছ চিনাৰ এই কৌশল মোক মাছেই শিকোৱা ।
কি মাছ মই জানো
মাছ চিনাৰ এই কৌশল মোক মাছেই শিকোৱা ।
পানীবোৰ শুকাই এদিন
নিয়ৰত ওৰে ৰাতি তিতি থাকে কাতিৰ জোন
শ'ল মাছটো পৰি থাকে ধানৰ গুৰিত
নিয়ৰ পিছলি এটোপ সৰিব
সি যেন আকৌ জী উঠিব ..
নিয়ৰত ওৰে ৰাতি তিতি থাকে কাতিৰ জোন
শ'ল মাছটো পৰি থাকে ধানৰ গুৰিত
নিয়ৰ পিছলি এটোপ সৰিব
সি যেন আকৌ জী উঠিব ..
ঢেলা দুচকুত তাৰ বৰশী এটাৰ হালধীয়া সপোন
মই এদিন তাৰ বাবেই বৰশী পাতিছিলোঁ ।
No comments:
Post a Comment