Friday, 11 December 2015

বিষান্নলাৰ পাৰৰ বৈৰাগী জন গ'লগৈ ----- দিবাকৰ ৰেণু

বিষান্নলাৰ পাৰৰ বৈৰাগী জন গ'লগৈ
-দিবাকৰ ৰেণু
.
বিষান্নলাৰ পাৰৰ
বৈৰাগী জন গ'লগৈ…
যি বাটেৰে আৰু কোনোৱে উভতি অহা নাই…
টোকাৰী বজাই বজাই
সাম্যবাদৰ প্ৰতীকী ৰথেৰে
তেওঁ আমালৈ প্ৰতিটো প্ৰাতঃ সন্ধ্যা আনিছিল
হেজাৰটা উদয়ন আৰু অস্তগামী সূৰ্যেয় গান
এইজনেই সেইজন যিজনে আমাক চিনাকি কৰাই দিছিল
সংগবদ্ধ মানুহ বিলাকৰ লগত
বজালী কলেজৰ প্ৰতিজোপা
আজাৰ গছৰ লগত বিষান্নলাক
তাৰ পাৰতেই পাকৰিত পৰি থকা আৰু জৰাৎকৈ উৰি যোৱা হাইঠা জাকৰ লগত…
কালদিয়াত ৰূপালী মাছৰ উজান অহা খবৰ,
মুণ্ডহীন মৃতদেহৰ ওপৰত বহি নৈৰে বৈ অহা বগলী জাকক তেওঁৱেই দেখুৱাই দিছিল
Eight thousand thanxৰ
হাঁহি ভৰা উষ্ম সম্ভাষণ
কোনে বাৰু কবি মেলত বিলাই দিব
কোনে ফেঁহু চৰাইৰ দৰে থাপ মাৰি খাই পেলাব আমাৰ কঙালী জীৱন---
আজি যেন বিষান্নলাৰ পাৰেৰে পাৰহৈ যাব এটি শোক সমদল আৰু হালধীয়া ৰ'দ জাক।
.
(জীৱন কৃষ্ণ পাত্ৰ চাৰৰ শ্ৰী চৰনত নতজানু হৈ)

No comments:

Post a Comment