এমুঠি ভালপোৱাৰে...
==================
.--------- ডেইজী অনুৰঞ্জনা
তেওঁ পোহৰ হৈ সৰিছে...
বুকুত ফুল
টিক্ টিকিয়া ৰঙা !
.
মই ফুললৈ হাত মেলিলো...
.
লগে লগেই
ৰূপালী হাঁহিৰ খিল্-খিলনিৰে
তেওঁৰ কামিজৰ সিয়নিত
বিয়পি পৰিল
চুলি মেলা গোসাঁনীৰ
পানীত তিতা দুভৰিৰ ছায়া
.
উদং শিতানত ভিৰ পাতিলে
কঁপি কঁপি দুলি থকা
এৰাতিৰ জোনাক বাগিচা
.
আৰু মোৰ উচ্-পিচ ওঁঠত লাগি ৰ'ল
বাসন্তী বতাহ !
.
তেওঁৰ খোজেৰেই উখল-মাখল এতিয়া
মোৰ উথপ্-থপ্ আকাশৰ
এটি দুটি বিৰিংগুটীয়া তৰা ।
.
আলফুলীয়া আঙুলিৰে
বুকুখন চুলেই বুজিবা
লেংলেঙকৈ বাঢ়ি অহা উশাহৰ
কিমান যে লৰা-ঢপৰা...!
.
পুনঃ
তেওঁ অহাৰে পৰা
এচলু আৱেগে
ৰাতি ৰাতি মোক
গোপনে পিন্ধাই থৈ যায়
জোনৰ জুনুকা...
আৰু দহি গুঠা আঁচলত দি থৈ যায়
এমুঠি গোপন ভালপোৱা ।
.
==================
.--------- ডেইজী অনুৰঞ্জনা
তেওঁ পোহৰ হৈ সৰিছে...
বুকুত ফুল
টিক্ টিকিয়া ৰঙা !
.
মই ফুললৈ হাত মেলিলো...
.
লগে লগেই
ৰূপালী হাঁহিৰ খিল্-খিলনিৰে
তেওঁৰ কামিজৰ সিয়নিত
বিয়পি পৰিল
চুলি মেলা গোসাঁনীৰ
পানীত তিতা দুভৰিৰ ছায়া
.
উদং শিতানত ভিৰ পাতিলে
কঁপি কঁপি দুলি থকা
এৰাতিৰ জোনাক বাগিচা
.
আৰু মোৰ উচ্-পিচ ওঁঠত লাগি ৰ'ল
বাসন্তী বতাহ !
.
তেওঁৰ খোজেৰেই উখল-মাখল এতিয়া
মোৰ উথপ্-থপ্ আকাশৰ
এটি দুটি বিৰিংগুটীয়া তৰা ।
.
আলফুলীয়া আঙুলিৰে
বুকুখন চুলেই বুজিবা
লেংলেঙকৈ বাঢ়ি অহা উশাহৰ
কিমান যে লৰা-ঢপৰা...!
.
পুনঃ
তেওঁ অহাৰে পৰা
এচলু আৱেগে
ৰাতি ৰাতি মোক
গোপনে পিন্ধাই থৈ যায়
জোনৰ জুনুকা...
আৰু দহি গুঠা আঁচলত দি থৈ যায়
এমুঠি গোপন ভালপোৱা ।
.
No comments:
Post a Comment