"অচেতন"- ঈশান জ্যোতি বৰা
নিশা তেতিয়া দুইমান বাজিছিল৷ফে’চবুকৰ
গোট এটাত ‘নৱ-প্ৰজন্মৰ উচ্ছৃংখলতা’
সম্পৰ্কীয় বিতৰ্ক এটাত সক্ৰিয়ভাৱে
অংশগ্ৰহণ কৰি শ্ৰীযুত গোপালকৃষ্ণ অলপ
আগতে বিচনাত পৰিছিল।তথ্যৰে গধুৰ হৈ
থকা তেওঁৰ শেহতীয়া
মন্তব্যটোৱে নৱপ্ৰজন্মৰ উচ্ছৃংখলতাৰ
বিভিন্ন উৎস তথা কাৰকসমূহক সাঙুৰি
লৈছিল৷ৰাইজে দুহাত উজাৰি লাইক
দিয়াতো কৃপণালি কৰা নাছিল৷কিন্তু
'প্ৰিন্স বিপ্লৱ’ নামৰ সদস্য এগৰাকীৰ
মন্তব্যইহে তেওঁক বৰ বিপদত
পেলালে৷প্ৰিন্সে তেওঁৰ মন্তব্যটোক
পিছদিনা
প্ৰাত:ভ্ৰমণলৈ যাওঁতে দাষ্টবিনত নিক্ষেপ
কৰি থৈ আহিব বুলি তীব্ৰ কটাক্ষ
কৰিলে৷তাতে ক্ষান্ত নাথাকি প্ৰিন্সে
ঊৰ্ধক’মাৰ ভিতৰত “মক্কেল” বুলিও লিখি
দিলে৷অনাকাংক্ষিত অপমানত
গোপালকৃষ্ণৰ
হৃদয়খন দুখেৰে উপচি পৰিল৷বিষাদ-বেদনাৰ
পাৰাপাৰহীন সমুদ্ৰত ফে’চবুকত মেলি দিয়া
তেওঁৰ পালতৰা নাওখন কিছুপৰ ককবকাই
থাকিল৷সঁচাকৈয়ে নৱপ্ৰজন্ম অধ:পতনে
গ’ল৷কি দিন
আছিল,কি হৈ গ’ল! আজিৰ প্ৰজন্মই
শিষ্টাচাৰ,আচৰণ,ব্যৱহাৰ সকলো
পাহৰিলে৷আধুনিকতাৰ কুটিল ষড়যন্ত্ৰত
সকলো নিশ্চিহ্ন হোৱাৰ উপক্ৰম হ’ল৷শ্ৰীযুত
গোপালকৃষ্ণই বিচনাতে ইকাটি-সিকাটি
কৰি কথাবোৰ পাগুলিলে৷নাই,এনেকৈ মনে
মনে থাকিলে নহ’ব৷মনৰ সকলো ক্ষোভ
উজাৰি কাইলৈ ৰাতিপুৱাই তেওঁ নিজৰ
ৱালত বিশাল প’ষ্ট এটা দিব৷শ্ৰীগোপালকৃ
ষ্ণই মনটো ডাঠ কৰিলে আৰু নিদ্ৰাদেৱী
ওচৰ চাপি আহক বুলি চকুৰ সমুখৰ পৰ্দাখন
অলপ জোৰকৈয়ে পেলালে৷ঠিক সেই সময়তে
গোপালকৃষ্ণৰ কোঠাটোৰ
দুৱাৰখনৰ সিপাৰে গধুৰ বস্তু এটা মজিয়াত
পৰাৰ দৰে 'ধুপুচ' শব্দ এটা হ’ল।তাৰ পিছতেই
কোঠাৰ সমুখৰ খটখটিৰে ওপৰলৈ উঠি যোৱাৰ
কাৰোবাৰ খোঁজৰ শব্দ৷
“কি এই শব্দ?”-চকুহাল মেলাৰ আগতেই
গোপালকৃষ্ণৰ মুখেৰে শব্দকেইটা ওলাই
আহিল৷কাষতে শুই থকা অৰ্ধাংগিনী
তেতিয়া টোপনিত লালকাল৷সময়ৰ অপচয়
নকৰি গোপালকৃষ্ণ বিচনাৰপৰা
নামিল,হাৱাইযোৰ পিন্ধিলে৷চেন্দেলৰে
শব্দ নকৰাকৈ খৰকৈ খোজঁকেইটামান কাঢ়ি
দুৱাৰখন খুলিলে৷দুৱাৰ খোলাৰ লগে লগেই
কলেজত এৰি থৈ অহা পুৰণি গোন্ধ এটাই
তেওঁৰ নাকটোক আমনি কৰিলেহি৷এক অজান
আশংকাত গোপালকৃষ্ণৰ বুকুখন হঠাতে
ধপধপাবলৈ ধৰিলে৷"অল ইজ্ ওৱেল৷অল ইজ্
ওৱেল”- গোপালকৃষ্ণই জীৱনদায়িনী
মন্ত্ৰভাগ আওৰালে৷তাৰপিছত
ভয়,শংকা,উৎকণ্ঠা,কৌতূহল সকলোৰে
সান্নিধ্যত এখোজ দুখোজকৈ শ্ৰীযুত
গোপালকৃষ্ণ খটখটিৰে ওপৰলৈ উঠি
গ’ল৷ষ্ট্ৰীট লাইটৰ পোহৰে চাদখন দিনৰ দৰে
উজলাই ৰাখিছে৷চাদৰ ইকোণৰ পৰা
সিকোণলৈ গোপালকৃষ্ণই সন্ধানী দৃষ্টি
বগৰালে৷দেখা পালে,ভগা প্লাষ্টিকৰ চকী
এখনত কোনোবা এটা বহি আছে৷হাতত সাৰে
ভৰিত সাৰে গোপালকৃষ্ণ গৈ ল’ৰাজনৰ
পিছফালে থিয় হ’ল৷অ’তপৰে
তেওঁৰ নাকত লাগি থকা গোন্ধটোৰ প্ৰকৃত
উৎস তেওঁ এতিয়াহে উদ্ধাৰ কৰিবলৈ সক্ষম
হ’ল৷ল’ৰাটোৰ প্ৰতি গোপালকৃষ্ণৰ যিমান
খং উঠিল,তাতকৈয়ো বেছি খং উঠিল
ল’ৰাটোৰ অভিভাৱকৰ প্ৰতি৷এনে অসচেতন
অভিভাৱক! প্ৰচণ্ড খং আৰু আক্ৰোশত
গোপালকৃষ্ণৰ চকু-মূৰ ৰঙা হৈ আহিল৷ঘৰৰ
ল’ৰা ঘৰত নাথাকি এইদৰে দলাৰ ব'গৰীৰ
দৰে অনাই-বনাই মাজনিশা আন মানুহৰ
চাদৰ ওপৰত উঠি মদ্যপান কৰি আছে-সেই
খবৰ ল’বলৈ অভিভাৱকৰ সময়ৰ অভাৱ নে
দায়িত্ববোধৰ নাটনি! সচেতন নাগৰিকৰ
সামাজিক দায়িত্ব পুনৰ
এবাৰ প্ৰদৰ্শন কৰাৰ সময় সমাগত৷ল’ৰাৰ
দুয়োখন কাণতে দুটা প্ৰকাণ্ড কাণতলীয়া
সোধাই দিবলৈ গোপালকৃষ্ণ চাহাবে দীঘল
কামিজটোৰ হাত কোঁচালে৷সিপিনে,
পিছফালে কাৰোবাৰ উপস্থিতি অনুমান
কৰি ল’ৰাইয়ো মুখ ঘূৰালে৷উজ্জ্বল পোহৰত
জিলিকি উঠা মুখখন চিনি
পাবলৈ গোপালকৃষ্ণৰ বেছি পৰ নালাগিল৷
“বাবা,বাবা।তই ইয়াত কি কৰি আছ?”-অলপ
আগলৈকে ৰঙা হৈ থকা গোপালকৃষ্ণৰ
নয়নযুৰিত এতিয়া ব্ৰহ্মাণ্ডৰ সমস্ত ৰহস্য আৰু
বিস্ময় আহি থূপ খাইছেহি৷বহুত কষ্ট
কৰাতহে তেওঁ মুখৰ পৰা কথাকেইটা ওলাল৷
“এ দেউতা.. আই এম চ’ এংগ্ৰি.....ইউ ন’....এই
ৰাস্কেল এডাল আছে.... আমাক গালি পাৰে
... ইউথ ৰচাতলে গৈছে বুলি কমেন্ট
কৰে...মোক চিনি পোৱা নাই
সি...ডাইৰেক্ট মক্কেল বুলি কমেন্ট মাৰি
দিলোঁ.. হোপলেচ ফেলোঔ..ইহঁতক মই চাই
ল’ম..হু দা হেল ইজ হি ? হু ইজ হি ?চাই
ল’ম...চাই ল’ম তাক...চাই ল’ম মই তাক”-
বাবাই আৰু কথা ক’ব নোৱাৰিলে৷ সোমৰসৰ
শক্তিৰ ওচৰত পৰাজয় বৰণ কৰি বাবা
মজিয়াতে চিমেন্টৰ বস্তা পৰাদি বাগৰি
পৰিল৷শোকে-দুখে ম্ৰিয়মান বাবাৰ সচেতন
পিতৃয়েও তেতিয়াহে সম্বিৎ ঘূৰাই
পালে৷ম’বাইলৰ পৰ্দাত তেতিয়া বাবাৰ
ফে’চবুকৰ প্ৰ'ফাইলটো ওলাই আছিল৷ক'ভাৰ
ফটোৰ তলত জিলিকি থকা “প্ৰিন্স বিপ্লৱ”
নামটো
পঢ়ি প্ৰ'ফাইলৰ গৰাকীক চিনাক্তকৰণ কৰাত
সমাজ-সচেতন অভিভাৱক গোপালকৃষ্ণৰ বৰ
বেছি সময় নালাগিল৷এইজন সেইজনেই।
গোপালকৃষ্ণক ‘মক্কেল’ উপাধিৰে বিভূষিত
কৰা প্ৰিন্সজন,যাক ঘৰত সকলোৱে বাবা
বুলি মাতে৷
.
নিশা তেতিয়া দুইমান বাজিছিল৷ফে’চবুকৰ
গোট এটাত ‘নৱ-প্ৰজন্মৰ উচ্ছৃংখলতা’
সম্পৰ্কীয় বিতৰ্ক এটাত সক্ৰিয়ভাৱে
অংশগ্ৰহণ কৰি শ্ৰীযুত গোপালকৃষ্ণ অলপ
আগতে বিচনাত পৰিছিল।তথ্যৰে গধুৰ হৈ
থকা তেওঁৰ শেহতীয়া
মন্তব্যটোৱে নৱপ্ৰজন্মৰ উচ্ছৃংখলতাৰ
বিভিন্ন উৎস তথা কাৰকসমূহক সাঙুৰি
লৈছিল৷ৰাইজে দুহাত উজাৰি লাইক
দিয়াতো কৃপণালি কৰা নাছিল৷কিন্তু
'প্ৰিন্স বিপ্লৱ’ নামৰ সদস্য এগৰাকীৰ
মন্তব্যইহে তেওঁক বৰ বিপদত
পেলালে৷প্ৰিন্সে তেওঁৰ মন্তব্যটোক
পিছদিনা
প্ৰাত:ভ্ৰমণলৈ যাওঁতে দাষ্টবিনত নিক্ষেপ
কৰি থৈ আহিব বুলি তীব্ৰ কটাক্ষ
কৰিলে৷তাতে ক্ষান্ত নাথাকি প্ৰিন্সে
ঊৰ্ধক’মাৰ ভিতৰত “মক্কেল” বুলিও লিখি
দিলে৷অনাকাংক্ষিত অপমানত
গোপালকৃষ্ণৰ
হৃদয়খন দুখেৰে উপচি পৰিল৷বিষাদ-বেদনাৰ
পাৰাপাৰহীন সমুদ্ৰত ফে’চবুকত মেলি দিয়া
তেওঁৰ পালতৰা নাওখন কিছুপৰ ককবকাই
থাকিল৷সঁচাকৈয়ে নৱপ্ৰজন্ম অধ:পতনে
গ’ল৷কি দিন
আছিল,কি হৈ গ’ল! আজিৰ প্ৰজন্মই
শিষ্টাচাৰ,আচৰণ,ব্যৱহাৰ সকলো
পাহৰিলে৷আধুনিকতাৰ কুটিল ষড়যন্ত্ৰত
সকলো নিশ্চিহ্ন হোৱাৰ উপক্ৰম হ’ল৷শ্ৰীযুত
গোপালকৃষ্ণই বিচনাতে ইকাটি-সিকাটি
কৰি কথাবোৰ পাগুলিলে৷নাই,এনেকৈ মনে
মনে থাকিলে নহ’ব৷মনৰ সকলো ক্ষোভ
উজাৰি কাইলৈ ৰাতিপুৱাই তেওঁ নিজৰ
ৱালত বিশাল প’ষ্ট এটা দিব৷শ্ৰীগোপালকৃ
ষ্ণই মনটো ডাঠ কৰিলে আৰু নিদ্ৰাদেৱী
ওচৰ চাপি আহক বুলি চকুৰ সমুখৰ পৰ্দাখন
অলপ জোৰকৈয়ে পেলালে৷ঠিক সেই সময়তে
গোপালকৃষ্ণৰ কোঠাটোৰ
দুৱাৰখনৰ সিপাৰে গধুৰ বস্তু এটা মজিয়াত
পৰাৰ দৰে 'ধুপুচ' শব্দ এটা হ’ল।তাৰ পিছতেই
কোঠাৰ সমুখৰ খটখটিৰে ওপৰলৈ উঠি যোৱাৰ
কাৰোবাৰ খোঁজৰ শব্দ৷
“কি এই শব্দ?”-চকুহাল মেলাৰ আগতেই
গোপালকৃষ্ণৰ মুখেৰে শব্দকেইটা ওলাই
আহিল৷কাষতে শুই থকা অৰ্ধাংগিনী
তেতিয়া টোপনিত লালকাল৷সময়ৰ অপচয়
নকৰি গোপালকৃষ্ণ বিচনাৰপৰা
নামিল,হাৱাইযোৰ পিন্ধিলে৷চেন্দেলৰে
শব্দ নকৰাকৈ খৰকৈ খোজঁকেইটামান কাঢ়ি
দুৱাৰখন খুলিলে৷দুৱাৰ খোলাৰ লগে লগেই
কলেজত এৰি থৈ অহা পুৰণি গোন্ধ এটাই
তেওঁৰ নাকটোক আমনি কৰিলেহি৷এক অজান
আশংকাত গোপালকৃষ্ণৰ বুকুখন হঠাতে
ধপধপাবলৈ ধৰিলে৷"অল ইজ্ ওৱেল৷অল ইজ্
ওৱেল”- গোপালকৃষ্ণই জীৱনদায়িনী
মন্ত্ৰভাগ আওৰালে৷তাৰপিছত
ভয়,শংকা,উৎকণ্ঠা,কৌতূহল সকলোৰে
সান্নিধ্যত এখোজ দুখোজকৈ শ্ৰীযুত
গোপালকৃষ্ণ খটখটিৰে ওপৰলৈ উঠি
গ’ল৷ষ্ট্ৰীট লাইটৰ পোহৰে চাদখন দিনৰ দৰে
উজলাই ৰাখিছে৷চাদৰ ইকোণৰ পৰা
সিকোণলৈ গোপালকৃষ্ণই সন্ধানী দৃষ্টি
বগৰালে৷দেখা পালে,ভগা প্লাষ্টিকৰ চকী
এখনত কোনোবা এটা বহি আছে৷হাতত সাৰে
ভৰিত সাৰে গোপালকৃষ্ণ গৈ ল’ৰাজনৰ
পিছফালে থিয় হ’ল৷অ’তপৰে
তেওঁৰ নাকত লাগি থকা গোন্ধটোৰ প্ৰকৃত
উৎস তেওঁ এতিয়াহে উদ্ধাৰ কৰিবলৈ সক্ষম
হ’ল৷ল’ৰাটোৰ প্ৰতি গোপালকৃষ্ণৰ যিমান
খং উঠিল,তাতকৈয়ো বেছি খং উঠিল
ল’ৰাটোৰ অভিভাৱকৰ প্ৰতি৷এনে অসচেতন
অভিভাৱক! প্ৰচণ্ড খং আৰু আক্ৰোশত
গোপালকৃষ্ণৰ চকু-মূৰ ৰঙা হৈ আহিল৷ঘৰৰ
ল’ৰা ঘৰত নাথাকি এইদৰে দলাৰ ব'গৰীৰ
দৰে অনাই-বনাই মাজনিশা আন মানুহৰ
চাদৰ ওপৰত উঠি মদ্যপান কৰি আছে-সেই
খবৰ ল’বলৈ অভিভাৱকৰ সময়ৰ অভাৱ নে
দায়িত্ববোধৰ নাটনি! সচেতন নাগৰিকৰ
সামাজিক দায়িত্ব পুনৰ
এবাৰ প্ৰদৰ্শন কৰাৰ সময় সমাগত৷ল’ৰাৰ
দুয়োখন কাণতে দুটা প্ৰকাণ্ড কাণতলীয়া
সোধাই দিবলৈ গোপালকৃষ্ণ চাহাবে দীঘল
কামিজটোৰ হাত কোঁচালে৷সিপিনে,
পিছফালে কাৰোবাৰ উপস্থিতি অনুমান
কৰি ল’ৰাইয়ো মুখ ঘূৰালে৷উজ্জ্বল পোহৰত
জিলিকি উঠা মুখখন চিনি
পাবলৈ গোপালকৃষ্ণৰ বেছি পৰ নালাগিল৷
“বাবা,বাবা।তই ইয়াত কি কৰি আছ?”-অলপ
আগলৈকে ৰঙা হৈ থকা গোপালকৃষ্ণৰ
নয়নযুৰিত এতিয়া ব্ৰহ্মাণ্ডৰ সমস্ত ৰহস্য আৰু
বিস্ময় আহি থূপ খাইছেহি৷বহুত কষ্ট
কৰাতহে তেওঁ মুখৰ পৰা কথাকেইটা ওলাল৷
“এ দেউতা.. আই এম চ’ এংগ্ৰি.....ইউ ন’....এই
ৰাস্কেল এডাল আছে.... আমাক গালি পাৰে
... ইউথ ৰচাতলে গৈছে বুলি কমেন্ট
কৰে...মোক চিনি পোৱা নাই
সি...ডাইৰেক্ট মক্কেল বুলি কমেন্ট মাৰি
দিলোঁ.. হোপলেচ ফেলোঔ..ইহঁতক মই চাই
ল’ম..হু দা হেল ইজ হি ? হু ইজ হি ?চাই
ল’ম...চাই ল’ম তাক...চাই ল’ম মই তাক”-
বাবাই আৰু কথা ক’ব নোৱাৰিলে৷ সোমৰসৰ
শক্তিৰ ওচৰত পৰাজয় বৰণ কৰি বাবা
মজিয়াতে চিমেন্টৰ বস্তা পৰাদি বাগৰি
পৰিল৷শোকে-দুখে ম্ৰিয়মান বাবাৰ সচেতন
পিতৃয়েও তেতিয়াহে সম্বিৎ ঘূৰাই
পালে৷ম’বাইলৰ পৰ্দাত তেতিয়া বাবাৰ
ফে’চবুকৰ প্ৰ'ফাইলটো ওলাই আছিল৷ক'ভাৰ
ফটোৰ তলত জিলিকি থকা “প্ৰিন্স বিপ্লৱ”
নামটো
পঢ়ি প্ৰ'ফাইলৰ গৰাকীক চিনাক্তকৰণ কৰাত
সমাজ-সচেতন অভিভাৱক গোপালকৃষ্ণৰ বৰ
বেছি সময় নালাগিল৷এইজন সেইজনেই।
গোপালকৃষ্ণক ‘মক্কেল’ উপাধিৰে বিভূষিত
কৰা প্ৰিন্সজন,যাক ঘৰত সকলোৱে বাবা
বুলি মাতে৷
.
No comments:
Post a Comment