এইবাৰৰ চানেকি শিতানত কবি অজিত গগৈৰ “কবিতা” শীৰ্ষক কবিতাটো 'প্ৰকাশ' আলোচনীৰ ছেপ্তেম্বৰ মাহৰ সংখ্যাটোৰ পৰা লোৱা হৈছে আৰু আলোচনাটো যুগুত কৰিলে – অনিতা গগৈয়ে
আখৰুৱা গোটৰ অন্যতম শিতানঃ '' চানেকি ''ৰ চেপ্তেম্বৰ সংখ্যাৰ বাবে হাতত লৈছো অসমীয়া আলোচনী "প্ৰকাশ" ছেপ্তেম্বৰ ২০১৫ ত প্রকাশিত কবিঃ অজিত গগৈৰ এটি কবিতা।।
কবিতাৰ শিৰোনামঃ ''কবিতা'' । এটি কবিতাৰ শিৰোনাম যেতিয়া ''কবিতা '' হয়, তেতিয়া পাঠক স্বতঃষ্ফুৰ্তভাবেই সজাগ হয় কবিতাৰ অতল মহাসমুদ্রত অৱগাহন কৰিবৰ বাবে। অনাবিল হৃদয়ানুভূতিৰে কবিতাৰ ৰসাস্বাদন কৰি জীপাল হয় জীৱন যুঁজত ব্যতিব্যস্ত প্রতিজন মানুহৰ দগ্ধ হৃদয়। পুলকিত হয় মন, কাৰণ কবিতা হ'ল-- ''যন্ত্রনাক্লিষ্ট মানুহৰ বাবে প্রেম আৰু মমতাৰে ভৰা এখনি শান্তিৰ আশ্রয়।'' কবিতা কলাৰ সেই প্রকাৰ ''য'ত কল্পনা আৰু দিঠক একাকাৰ হৈ কবিৰ হৃদয়ৰ পৰা পাঠকৰ হৃদয়লৈ গঢ়ে অনুভৱৰ সাতোৰঙী সাঁকো।''
.
কবি অজিত গগৈৰ এই কবিতাটিও আমাৰ দৃষ্টিত তেনে এক সৰ্বাংগ সুন্দৰ কবিতা যাৰ
ভাৱ -ভাষা. শব্দ, ছন্দ, লয়ৰ আবেদনে পাঠকৰ হৃদয় আলোড়িত কৰি জগাই তুলিব পাৰে অনিবৰ্চনীয় সুখানুভূতি।
'' কবি উঠাচোন
খিৰিকীখন খোলা;
আমিহে....!''
...এদিন পুৱাবেলাতে, নিদ্রাৰত কবিক শেতেলীতে জগাইছেহি কোনোবাই। খিৰিকীৰ বাহিৰৰ পৰা মাত দি.. কবিক কৈছে, খিৰিকীখন খুলি দিবলৈ। টোপনিৰ পৰা সাৰ পাই কবিয়ে খিৰিকীৰ পৰ্দা আঁতৰাই খিৰিকী খুলি দেখিছে এজাক চৰাই...
'' পৰ্দা দাঙিলো .
খিৰিকী খুলিলো ।
দেখিলো---
ৰ'দ বৰষুণৰ মাজেৰে
ৰামধেনুৰ বাট এটাৰে এ-জা-ক মান চৰাই ''
কবিতাটোৰ দ্বিতীয় স্তৱকৰ এই সুন্দৰ চিত্রকল্পটোৱে পাঠকৰ মনক আন্দোলিত কৰি জগাই তোলে অনিবৰ্চনীয় পুলক। ''ৰ'দ আৰু বৰষুণ'' পোহৰৰ প্রতীক, জ্ঞানৰ প্রতীক, সৃষ্টিৰ প্রতীক। সেই ৰ'দ আৰু বৰষুণৰ মাজেৰে আকাশ জুৰি কবিৰ শোৱনিকোঠাৰ খিৰিকীলৈ এটা পথ-- এখন সাতোৰঙী 'ৰামধেনু' ৰ আৰু সেই বাটেৰে নামি আহিছে ''এ-জা-ক মান চৰাই '' চৰাই যি প্রতীক-- বাৰ্তাবাহকৰ , সিহঁতে বহন কৰি আনিছে আশাৰ বতৰা,সম্ভাৱনাৰ বতৰা।
সেই চৰাইবোৰ কিন্তু সাধাৰণ চৰাই নহয়, সিহঁত হ'ল বিহগী কবিৰ কবিতাৰ চৰাই ।
'' 'আমি বিহগী কবিৰ কবিতাৰ পৰা
উঠি আহিছো '
এটি এটিকৈ অলেখ বৰ্ণিল চৰাই
খিৰিকীৰে সৰকি মোৰ শুৱনি কোঠাত । ''
পাঠকৰ চিত্তক আলোড়িত কৰি এখন বিষ্ময়ৰ পৃথিৱীলৈ লৈ যোৱা কবিতাটিৰ পৰৱৰ্তী শাৰী কেইটাই পাঠকক অৱগাহন কৰায় বিষ্ময়ৰ পৰ্বত শীৰ্ষত।
'' 'ব'হাগীৰ বিয়ালৈ তোমাক নিমন্ত্রণ '
--- দহিকটৰাটিয়ে থুৰীয়া তামোল এখনি আগবঢ়ালে ।
ফেঁচুলুকাটিয়ে ক'লে ,' ৰঘুনাথ চৌধাৰীৰ বাসগৃহই
বিবাহৰ স্থান ।
তুমি ফটো উঠাবলৈ যাব লাগিব । কলমেই তোমাৰ কেমেৰা ।''
ৰমন্যাসিক ভাৱধাৰাৰ প্রকৃতিবাদী কবি ৰঘুনাথ চৌধাৰীৰ বিখ্যাত কবিতা '' ব'হাগীৰ বিয়া '' প্রকৃতিৰ সকলো সুন্দৰতাৰে সংপৃক্ত এক অনন্য সুন্দৰ কবিতা য'ত আমি দেখা পাওঁ অসমীয়া সমাজ জীৱনৰ লোকপৰম্পৰা বিজড়িত এখন বিয়াৰ চিত্র। বিয়াৰ পাত্রীঃ ব'হাগী অৰ্থাৎ ''প্রকৃতি ''। বননিৰ মাজত বিভিন্ন চৰাই-চিৰিকতি, জীৱ-জন্তুৱে আয়োজন কৰিছে ব'হাগীৰ বিয়া আৰু সেই বিয়াৰ পটভূমিৰ পৰা উৰি আহি কবি অজিত গগৈৰ ''কবিতা'' শীৰ্ষক কবিতাৰ পটভূমিলৈ স্বয়ং কবিকো লৈ গৈছে সেইজাক চৰায়ে । বিবাহৰ স্থানঃ বিহগী কবিৰ বাসগৃহ !
এই শাৰীকেইটাৰ মাধ্যমেৰে প্রকৃততে কবি অজিত গগৈয়ে ক'ব বিছাৰিছে যে, বিভিন্ন পথ পৰিক্রমাৰে, অসমীয়া কবিতাই মন্থৰ গতি প্রৱাহৰ জৰিয়তে হ'লেও আজি এনে এক পৰ্যায়ত উপনীত হৈছেহি য'ত অসমীয়া কবিতাও প্রতীকবাদী , চিত্রকল্পবাদী ধ্যান ধাৰণাৰে আধুনিকতাবাদৰ সমাহাৰেৰে বিশ্ব পৰিক্রমাৰ বাবে সাজু হৈছে । এক কথাত অসমীয়া কবিতাৰ উত্তৰণ ঘটিছে। কিন্তু আজিৰ কবিসকলে যেন পাহৰি গৈছে অসমীয়া কবিতাৰ ঘাই শিপা । সেয়ে কবিৰ কবিতাত
' জোনাকী যুগ ' ৰ কবি ৰঘুনাথ চৌধাৰীৰ প্রসংগ, ''ৰামধেনুৰ বাটেৰে'' উৰি অহা চৰাইজাকে পাঠকক সোঁৱৰাই দিছে বিহগী কবিক ।
'' ৰঘুনাথ চৌধাৰী কোন ?
লাউপাৰাৰ ৰোমান্টিক কবিজন নেকি ?
জকজকাই উঠিল গোটেইজাক চৰাই---
' কবিক চিনি নোপোৱা, তুমি কি কবি ?
ৰঘু চৌধাৰীৰ ঘৰ কেৱল লাউপাৰাতহে নে ?
গোটেই অসম, গোটেই পৃথিৱীয়ে তেওঁৰ ঘৰ । ''
কবিতাৰ এই স্তৱকটোত কবিয়ে কিছু ক্ষোভ , কিছু শ্লেষ যেন ব্যক্ত কৰিছে চৰাইজাকৰ জৰিয়তে। আজিৰ আত্মকেন্দ্রিক কাব্যসাধকে প্রৱল আত্মম্ভৰিতাৰে কেৱল ৰত হৈ ৰয় ব্যক্তিগত প্রচাৰকামীতাৰ পৰিসৰত। সহজ জনপ্রিয়তাৰ মোহত কেৱল ব্যক্তিগত প্রেম- প্রীতি , সুখ- দুখ আদি বিষয় বস্তুৰে কবিতা ৰচা এচাম কবিয়ে পাহৰি যায়-- কবিৰ তথা কবিতাৰ সামাজিক দায়বদ্ধতা। অথচ বিহগী ৰঘুনাথ চৌধাৰীৰ কবিতাৰ বিষয়বস্তু আছিলঃ প্রকৃতি। তেখেতৰ কবিতাই আধুনিক ৰমন্যাসিকতাবাদৰ পৰশত বিভিন্ন সময়ত বিভিন্ন সাজে ধৰা দিছিল। টিপিকেল ভাৰতীয় দৰ্শনত আৱদ্ধ স্বতেও কিন্তু অতিবাস্তৱিকতাৰ পৰা দূৰত্বত অৱস্থান ক'ৰা বিহগী কবিৰ কবিতাৰ আবেদন আজিও সাৰ্বজনীন । কিন্তু, এই সাৰ্বজনীনতাৰ পৰা যেন আজিৰ এচাম কবি ইচ্ছাকৃতভাবে বা অনিচ্ছাকৃতভাৱে ফালৰি কাটি আহিছে।
'' নোযোৱাকৈ নাথাকিলো ব'হাগীৰ বিয়ালৈ ।
লতাবেষ্টিত বেইত ব'হাগীয়ে গা ধুলে,
তৰাভৰা আকাশে চন্দ্রতাপ তৰিলে,
ধৰিত্রীয়ে সেউজীয়া দলিছা পাৰি দিলে,
ফুলবোৰে অলংকাৰ আঁৰিলে:
সমূহ চৰায়ে আয়তী হৈ কন্যাক পিন্ধালে-উৰালে
নাম-গুন গালে---
অতিথি আপ্যায়িত হ'ল বিশুদ্ধ বতাহেৰে।''
অসমীয়া সমাজ জীৱনৰ পাৰম্পৰিক বিয়া এখনৰ পটভূমিৰ এক সুন্দৰ কল্পচিত্রৰ এই স্তৱকটোৱে কবিতাটিৰ ভাৱপ্রৱাহৰ জৰিয়তে পাঠকক লৈ যায় প্রকৃতিৰ নিবিড় সান্নিধ্যলৈ, য'ত বিয়াৰ 'অতিথি' অৰ্থাৎ পাঠক আপ্যায়িত হয়ঃ বিশুদ্ধ বতাহেৰে।
'' পৰিশিষ্টঃ যিহেতু গোটেই পৃথিৱীয়ে আছিল ৰঘুনাথ চৌধাৰীৰ ঘৰ,
যিহেতু প্রকৃতিৰাণী ব'হাগী আছিল সমূহ নাৰীৰ প্রতীক
যিহেতু দৰা ঋতুৰাজ বসন্ত আছিল সমূহ পুৰুষৰ প্রতীক.
তেনে অৰ্থত মোৰ পত্নীয়ে আছিল ব'হাগী
ময়েই আছিলো ঋতুৰাজ বসন্ত।
এক ব'হাগতে আমাৰ বিয়াৰ নবীকৰণ হ'ল ।''
পৰিশিষ্টত কবি নিজেই কবিতাৰ নায়কলৈ ৰপান্তৰিত হৈছে অৰ্থাৎ কবিতাৰ অন্তৰ্ভাগত কবিৰ প্রবেশ ঘটিছে। প্রথম স্তৱকত কবি আছিল অভ্যাগত । তেখেত আছিল ব'হাগীৰ বিয়াৰ আমন্ত্রিত অতিথি, তেখেতৰ দায়িত্ব আছিল কলমৰ কেমেৰাৰে ব'হাগীৰ বিয়াৰ ফটো উঠোৱা কিন্তু সামৰণিলৈ কবি নিজেই কবিতাৰ অংগ হৈ পৰিল । এই স্তৱকটোত আমি দেখিছো যে, কবিয়ে কবিতাৰ মাজেৰে ব্যক্তিগত অনুভৱক কাব্যিক ব্যঞ্জনা,উৎকৃষ্ট শব্দছয়ন, উপমা, প্রতীক , চিত্রকল্প আদিৰ সু- সমাহাৰেৰে পাঠকৰ কাষলৈ লৈ গৈছে.. য'ত কল্পনা আৰু দিঠকক একাকাৰ কৰি অভিন্ন হৈ উঠিছে কবি আৰু কবিতা।
'' বিহগী কবি ৰঘুনাথ চৌধাৰী দেৱলৈ সশ্রদ্ধ প্রনিপাত জনাই '' ৰচনা ক'ৰা কবি অজিত গগৈৰ
'' কবিতা '' প্রকৃতাৰ্থতে এটি ৰসোত্তীৰ্ণ কবিতা । ৰমন্যাসবাদী ছাঁৰে প্রভাৱপুষ্ট এই কবিতাটিৰ জৰিয়তে কবিয়ে কবিতাৰ দ্বাৰা সঁকিয়াই দিছে যে, আজিৰ আধুনিক কবিতা কৃত্রিমতা বেহুত পিষ্ট হৈ প্রকৃতিৰ প্রভাৱৰ পৰা আঁতৰি আহিছে , আজিৰ কবিয়ে চিনি নাপায় কাব্যচৰ্চাৰ পূৰ্বসুৰীসকলক । অথচ সেই সকলৰ আপ্রান প্রচেষ্টাৰেহে অসমীয়া কবিতাই ন' সাজেৰে সাজি পাৰি খোজ দিছিল বিশ্ব সাহিত্যৰ জগতসভালৈ।
আমাৰ দৃষ্টিত কবি অজিত গগৈৰ এই কবিতাটি এক সাৰ্থক সৃষ্টি। পুৰণি আৰু নতুনৰ সেতুবন্ধনৰ ভাৱধাৰাৰে ৰচনা ক'ৰা এই কবিতাটি অসমীয়া কাব্য সাহিত্যৰ এক সুন্দৰ ''চানেকি'' হৈ ৰ'ব। অসমীয়া কবিতাৰ শুভকামনাৰে কবিলৈ আমাৰ শুভেচ্ছা তথা অভিনন্দন ! জ্ঞাপন কৰি পাঠকৰ বাবে মূল কবিতাটি লিখাটোৰ সৈতে সম্পূৰ্ণৰূপে সংযোজন কৰিছোঁ ।
'' ।।কবিতা ।।
কবিঃ- অজিত গগৈ
.
'কবি উঠাচোন
খিৰিকীখন খোলা;
আমিহে....!'
.
পৰ্দা দাঙিলো .
খিৰিকী খুলিলো ।
দেখিলো---
ৰ'দ বৰষুণৰ মাজেৰে
ৰামধেনুৰ বাট এটাৰে এ-জা-ক মান চৰাই !
.
'আমি বিহগী কবিৰ কবিতাৰ পৰা
উঠি আহিছো '
এটি এটিকৈ অলেখ বৰ্ণিল চৰাই
খিৰিকীৰে সৰকি মোৰ শুৱনি কোঠাত ।
.
'ব'হাগীৰ বিয়ালৈ তোমাক নিমন্ত্রণ '

তুমি ফটো উঠাবলৈ যাব লাগিব । কলমেই তোমাৰ কেমেৰা !'
.
' ৰঘুনাথ চৌধাৰী কোন ?
লাউপাৰাৰ ৰোমান্টিক কবিজন নেকি ? '
--- চৰাইজাকক মই সুধিলো ।
.
জকজকাই উঠিল গোটেইজাক চৰাই---
' কবিক চিনি নোপোৱা, তুমি কি কবি ?
ৰঘু চৌধাৰীৰ ঘৰ কেৱল লাউপাৰাতহে নে ?
গোটেই অসম, গোটেই পৃথিৱীয়ে তেওঁৰ ঘৰ ! '
.
নোযোৱাকৈ নাথাকিলো ব'হাগীৰ বিয়ালৈ ।

অতিথি আপ্যায়িত হ'ল বিশুদ্ধ বতাহেৰে।
.
পৰিশিষ্টঃ যিহেতু গোটেই পৃথিৱীয়ে আছিল ৰঘুনাথ চৌধাৰীৰ ঘৰ,
যিহেতু প্রকৃতিৰাণী ব'হাগী আছিল সমূহ নাৰীৰ প্রতীক;
যিহেতু দৰা ঋতুৰাজ বসন্ত আছিল সমূহ পুৰুষৰ প্রতীক;
তেনে অৰ্থত মোৰ পত্নীয়ে আছিল ব'হাগী
ময়েই আছিলো ঋতুৰাজ বসন্ত।
এক ব'হাগতে আমাৰ বিয়াৰ নবীকৰণ হ'ল ।
( বিহগী কবিঃ ৰঘুনাথ চৌধাৰী দেৱলৈ সশ্রদ্ধ প্রণিপাতেৰে ।) ''
.----------------
আমাৰ সামান্যতম জ্ঞানেৰে কবিতাটিৰ আলোচনাৰ বাবে ক'ৰা এই ক্ষুদ্র প্রয়াসক 'আখৰুৱা ' ৰ পাঠকে আদৰি ল'ব বুলি আশা ৰাখিছোঁ ।
-- অনিতা গগৈ।
২৫ ছেপ্টেম্বৰ '১৫ ।।

No comments:
Post a Comment