Friday, 11 December 2015

উৰুখা সপোন ________অনিতা গগৈ

উৰুখা সপোন
________অনিতা গগৈ
গুমগুমনি এটাই উৰুখা সপোনবোৰ পৰ দি
গধূৰ উশাহবোৰত সিঁচিছে
চেগুনফুলীয়া বতাহ
কুষ্ঠৰোগীৰ দৰে পৰি আছে ৰাতিটো
ঘা বোৰত ঘৰ পতা মাখিবোৰৰ দৰে
পিয়াপি দি আছে নিৰাশাবোৰ।
হালি থকা চেগুনৰ ডাল এটাই
নৈৰ সোঁত লেখি লেখি আলেখলেখ চাই ভাবিছে
গৰা খঁহিবলৈ আৰু কিমান আঙুল বাকী !
কঁপি থকা মথাউৰিটোৰ দৰেই
কঁপি আছে ভগা দলংখন,
.
সিবেলি গৰা খহোঁতে
জানকী বুঢ়ীৰ
কানসমনীয়া পুতেকটো
চাপৰিৰ এৰালত থকা
গৰুকেইটাৰ সৈতে উটি যোৱাৰ দৰেই
ভৰযৌৱনা বাঁৰী বোৱাৰীজনীৰ
তিলে তিলে বঢ়া সপোনৰ
চেগুন পুলিটোও যদি
নৈখনে থপিয়াই নিয়ে ?
এই শাওনতে তাইৰ চেগুন ফুলাৰ দিন !
দীঘলীয়া হামি এটাই
জানকী বুঢ়ীৰ
লিংলিঙীয়া পকাচুলিৰ সেওঁতাৰে উজাই
উৰুখা চালেৰে জুমিছে পূৱৰ বেলি ।

No comments:

Post a Comment