পুনৰীক্ষণ (২৭) (প্রথম খণ্ড) আগষ্ট ২০১৫-ৰ আখৰুৱাৰ কবিতাৰ পযালোচনাঃ
পৰ্যালোচক- চামচুল হক
এইবাৰৰ পুনৰীক্ষণত এনে কিছু কবিতা আলোচনা কৰিবলৈ প্রয়াস কৰিম যিবোৰ ৰসোত্তীর্ণ হোৱাই নহয়, মননশীল হোৱাটোও বাঞ্ছনীয়। কবিতাটোত কবিৰ দার্শনিক ভাবনা স্পষ্ট হোৱা প্রয়োজন। কবিতাত যাতে কবিৰ মনৰ সত্যানুসন্ধান পৰিস্ফুট হয় তালৈ লক্ষ্য ৰখা যুগুত হ’ব বুলি ভাবিছোঁ। আবেগ বা ভাবানুভূতি প্রদর্শন কৰিও (sentiment) সহজতে পাঠকৰ সহানুভূতি আদায় কৰিব পাৰি। সাধাৰণতে অতীতমুখিতা এনে এটা ভাববৃত্তি। উগ্র জাতীয়তাবাদী চেতনাৰে কেতিয়াবা আমিও তৰল ভাবানুভূতিৰ কবিতাৰে পাঠকৰ মন জয় কৰিবলৈ চেষ্টা কৰিছোঁ। এনে পথত কবিৰ চিন্তাশক্তিৰ অৱক্ষয় ঘটে। গতিকে যিমান সোনকালে পাৰি সিমান সোনকালে এনে আবেগৰ পৰা ঘূৰি প্রকৃত সত্যনুসন্ধানৰ পথত আগবঢ়াটো যুগুত। মুঠ কথাত কবিতা মননশীল হোৱাৰ বাহিৰে তৰল ভাবোচ্ছাসেৰে কাম নচলে।
ফেচবুকৰ কবিতা ভাল নে বেয়া এই বিতর্কিত বিষয়টোত এতিয়াই কোনো মন্তব্য কৰিব নিবিচাৰোঁ। কিন্তু ফেচবুকত কবিসকলে কবিতাৰ এশটা গোট থাকিল বুলিয়েই নিজৰ প্ৰচাৰৰ বাবে বেছি সামাজিক হৈ পৰাটো ভাল লক্ষণ নহয়। ফেচবুক এক সামাজিক নেটৱৰ্ক। এই ৰাজহুৱা মঞ্চখনত যিকোনো সৃষ্টি মুহুত্ততে আপলোড কৰি জনসাধাৰণৰ বাঃ বাঃ ল’ব পাৰি। জনসাধাৰণৰ তৎকালীন সমর্থন (like) বিচাৰি কৰা কামবোৰ উৎকৃষ্ট সৃষ্টি নহ'বও পাৰে। তাত কবিৰ সৃষ্টিশীলতা ক্ষতিগ্রস্ত হয়। কবিয়ে সৃজনশীলতাৰ জুইখিনি দীর্ঘ সময়ৰ বাবে লালন কৰিব পাৰিব লাগে।
কবিসকল যে সমাজপ্রিয় নহয়, এনে ধৰণৰ এটা বদনাম নথকাও নহয়। দৰাচলতে কবিসকলে অন্তর্মুখী ব্যক্তিত্বৰ হয়। তদুপৰি আমিবোৰেবা সৃজনশীলতাক এৰি থৈ
আহিছোঁ জীৱনৰ তুচ্ছ প্রাত্যহিকতাৰ সিপাৰে। ওপৰৰ কথাখিনিৰ পৰা এটা কথা প্রতীয়মান হৈছে যে কবিসকল জন্মগত। জীবনানন্দ দাসৰ কথাষাৰো সঁচা - সবাইতো কবি নয়, কেউ কেউ কবি’। তাৰ পাছতহে চৰ্চা বা অনুশীলনৰ কথা আহে। একে দিনতে কবিতাই পূর্ণতা নাপায়। দীর্ঘ দিনৰ চৰ্চা লাগে। কবিতা নিৰ্মাণ কৰা কথাষাৰৰ তাৎপর্যও তাতে লুকাই আছে। ভাল নিৰ্মাণ বা গাঁথনি একে দিনৰ সৃষ্টি নহ’বও পাৰে। শব্দচয়ন আৰু বয়ন শুদ্ধ হয় আবেগবিহীন অৱস্থা এটাতহে। কবিতাত ব্যঞ্জনা থাকিব লাগিব। শব্দ ব্যঞ্জনা, অর্থ ব্যঞ্জনা। বক্রোক্তি কবিতাৰ এটা প্রয়োজনীয় চৰ্ত।
কিছুদিন আগতে আখৰুৱাত স্বভাৱ কবিৰ কথা ওলাইছিল। এই স্বভাৱ কবিসকল জন্মগত। এদিন এজন অনাখৰী মানুহে কৈছিল, হিন্দু- 'মুছলমান কিনো, পথাৰৰ মাজৰ গছহে।' কথাষাৰে মোৰ মনত হেন্দোলনিৰ সৃষ্টি কৰিলে। কেবাবাৰো গুণগুণাই থকাৰ পাছত তাৰ অর্থ উদ্ধাৰ কৰি আপ্লুত হৈছিলো। তাৰ মানে হয়তো য'ৰে পৰা চোৱা যায়, গছডাল তাৰে পৰাই পোন দেখি। কি সুন্দৰ এটা চিত্রকল্প! মই সেই স্বভাৱ কবিজনৰ মহানুভৱতা আৰু সত্যানুসন্ধানী মনটোৰ ওচৰত আজিও মূৰ দোৱাওঁ। কোনো কবিকে আমি অপমান কৰিব নোখোজোঁ। কবিতাও এক প্রকাৰৰ নহয়। বহু প্রকাৰৰ। ৰোমাণ্টিক, প্রগতিশীল, আধুনিক, তাৰ পাছত আৰু এক ধৰণৰ নব্য ৰোমাণ্টিক, উত্তৰ-আধুনিক ইত্যাদি। প্ৰচাৰমুখী, বর্ণনাধর্মী, চিত্রকল্পবাদী, প্রতীকবাদী, শোকগীতি হত্যাদি। এই ধৰণৰ ধাৰণা এটা লৈ কবিতাৰ পুনৰীক্ষণত হাত দিছোঁ। ভুল হ’ব পাৰে, ৰৈ যাব পাৰে ; তাৰ বাবে আগতীয়াকৈ ক্ষমা বিচাৰিছোঁ। লোচন কৌশিকৰ ‘কবিতা কত জন্মে ? শীর্ষক কবিতাটো পঢ়োঁ আহকচোন।
কবিতা ক'ত জন্মে ?
কবিঃ লোচন কৌশিক
……………………………
ফুলৰ কলিৰ ৰস চুম্বন কৰি
আনন্দত উৰি ফুৰা ভোমোৰাৰ
গুঞ্জনত কবিতাই গুনগুনায়……
অন্নৰ সন্ধানৰত ভিখাৰীৰ
হাতত কঁপি থকা জোলোঙাত
কবিতাই জন্ম লয়
সিহঁতৰ ভঙা দোতাৰাৰ
চিঙা তাৰ দুটাত
কবিতা গান হয়……
.
সোমালিয়াৰ শিশু-বৃদ্ধসকলৰ
মামৰে খাই শুকাই যোৱা হাড়বোৰত
কবিতা নিজানে থাকে লুকাই……
.
অন্তৰীক্ষৰ তৰাবোৰৰ
প্ৰবাহমান চিকমিকনিত
কবিতাও চিকমিকায়
গ্ৰাহকক তৃপ্ত কৰিব নোৱাৰি
বিবশ হৈ ঘূৰি ফুৰা
বেশ্যাৰ শৰীৰৰ চুকে কোনে
কবিতাই লুকা-ভাকু খেলে……
.
মৃতকৰ সৈতে শ্মশান অগ্ৰসৰ
জানাজাৰ ভৰিৰ তলুৱাত
কবিতা হাঁহি থাকে
চিতাত জ্বলি উৰা
স্বৰ্ণিল ভস্মতো
উৰি ফুৰে কবিতা……
.
কবিতা ক'ত নজন্মে ?
কবিতা ক'ত নাহাঁহে ?
কবিতা ক'ত নিশব্দ হয় ?
কবিতাৰ পিছে পিছে দৌৰি
তাক জন্মোৱা চেষ্টা ব্যৰ্থ
কবিতাৰ জন্ম স্বতঃ………!!!
লোচন কৌশিকে সঠিকভাৱেই উপলব্ধি কৰিছে কবিতাৰ কত জন্ম হয়। কবিৰ চিন্তাৰ পৰিধিৰ ভিতৰত, সংবেদনশীল কবিয়ে লিখিছে কবিতাৰ জন্ম-যন্ত্রণা। কবিতা আনন্দত নহয়, যন্ত্রণাতহে জন্ম হয়। সৃষ্টিশীলতা এক প্রকাৰৰ জুই, যি কবিয়ে নিজে জ্বলি জ্বলি জ্বলাই ৰাখিব লাগে। য’তেই দুখ-কষ্ট, আর্তি জীৱনৰ, তাতেই কবিতা। কবিতাটোত যথেষ্ট মননশীল উপাদান আছে। কবি হিচপে লোচন কৌশিক শব্দ আৰু ভাষাৰ প্রতি সাৱধান হ’লে ভাল। 'সিহঁতৰ ভঙা দোতাৰাৰ চিঙা তাৰ দুটাত’-ৰ ঠাইত 'সিহঁতৰ ভগা দোতোৰাৰ / ছিঙা তাৰ দুডালত' দিলে ভাল লাগিব।
তদ্রুপভাৱে প্রথম শাৰীটো 'ফুলৰ ৰস চুম্বন কৰি' বুলি নিলিখি 'ফুলৰ ৰস চুহি’ বুলি লিখিলেও হ’লহেঁতেন। ভোমোৰাৰ গুঞ্জনতো এক প্রকাৰৰ জুই থাকে। যৌৱনৰ জীয়া জুই। কবিয়ে পাঠকক যেন জনাব খুজিছে এই সৃষ্টিৰ জুইকুৰাৰ অবিহনে, জীৱনৰ জ্বালা-যন্ত্রণাৰ অবিহনে কবিতা লিখাটো অসম্ভৱ।
"কবিতাৰ পিছে পিছে দৌৰি
তাক জন্মোৱা চেষ্টা ব্যর্থ।
কবিতাৰ জন্মস্বত্ব’।
আহকচোন এইবাৰ দিবাকৰ ৰেণুৰ 'বন্ধুত্ব এপাহি তেজৰঙা ফুল’ কবিতাটো হাতত তুলি লওঁ।
বন্ধুত্ব এপাহি তেজ ৰঙা ফুল
কবিঃ দিবাকৰ ৰেণু
সাগৰত ডুব গৈ
যিডাল খেৰত ধৰি
মই পাৰ পালো
সেইজন তুমি আছিলা--------
লঠঙা গছহৈ
যেতিয়া ৰৈ আছিলো
বৰষুণ হৈ তুমিয়ে
গজাই দিছিলা সেউজ কুঁহিপাত
শিলহৈ মৰুৰ মাজত
খোজ কাঢ়ি ফুৰোতে
তুমিয়ে ফুলহৈ বুকুত ফুলিছিলা
কাঁইটীয়া বাটত,তোমাৰ হাতে হাত ধৰি
মই এৰি আহিলো মোৰ অতীত পৃথিৱী
তুমিয়েই মোৰ বন্ধু
আত্মাৰ অভিন্ন
এপাহি তেজ ৰঙা ফুল
আকর্ষণীয় শিৰোনাম। লঠঙা গছ হৈ, বৰষুণ হৈ, শিল হৈ ফুল হৈ- একে ধৰণৰ ৰূপকীয় অলংকাৰ বাৰম্বাৰ ব্যৱহাৰ কৰি থকাৰ ফলত কিছু আমনিদায়ক হৈছে। সাগৰত ডুব গৈ নে বুৰ গৈ হ’ব লাগে লক্ষ্য কৰিব। শিল হৈ মৰুৰ বুকুত / খোজকাঢ়ি ফুৰোঁতে চিত্রকল্পটো কল্পনা কৰিবলৈ টান লাগিছে। তাৰ ঠাইত শিল হৈ মৰুৰ বুকুত পৰি থাকোঁতে বুলি দিলে হয়তো পাঠকৰ বিশ্বাসযোগ্য হ’লহেঁতেন। মৰুভূমিত পানীৰহে অভাৱ হয়, ফুলে সেই প্রয়োজন পূৰাব নোৱাৰে। একেটা কথাকে বেলেগ বেলেগ শব্দ সংহতিৰে বাৰে বাৰে কৈ থকা হৈছে। এটা পৰ্যায়ৰ উৰ্ধলৈ কবিতাটো আগবাঢ়িব নোৱাৰিলে। ভৱিষ্যতে কবিৰ পৰা অধিক সংহত আৰু সংযত কবিতা পঢ়িবলৈ পাম বুলি আশা থাকিল।
এইবাৰ পুনৰীক্ষণৰ বাবে লৈছোঁ নৱকাশৰ 'ভাবিলো তোমাক এশটা চুমা খাম’ কবিতাটো।
ভাবিলো তোমাক এশটা চুমা খাম
কবিঃ নৱাকাশ
ভাবিলো তোমাক এশটা চুমা খাম
এটাও খোৱা নহ'ল
তাতেনো কি
এইযে দূৰৈৰ পৰা দেখিলো তোমাক
কম কথা নেকি
এই যে তোমাৰ হীৰা মূকুতা হেন হাঁহিটো
আন্ধাৰত জিলিকি উঠিছে
ভয়ে হয়
কেতিয়াবা আলফুলে যদি সৰি পৰে ঘাঁহনিত
হঠাৎ জোন এটা ধৰালৈ উৰি আহিল
মই বোলো ভালৰে কথা
তোমাক দেখি জোনৰ লাজ লাগিল
উৰি আঁতৰি গ'ল
কিমান যে ধুনীয়া তুমি
বতাহত তোমাৰ হাঁহিটো কঁপিছে
তোমাৰ হাঁহিত বতাহৰ গা কঁপি আছে
বতাহে মোৰ ওঁঠত খেলিছে
যিসকল কবিয়ে 'আখৰুৱা’ গোটটোলৈ কবিতা প্রায় প্রতিদিনে প্রেৰণ কৰি সজীৱ কৰি ৰাখিছে তাৰ ভিতৰত- নৱাকাশো অন্যতম। নৱাকাশৰ কবিতাত এটা উপৰুৱা চমক সদায়ে বিদ্যমান। মিলনোন্মুখ প্রেমৰ কবিতাবোৰে এচাম পাঠকৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে। এনে বহুত কবিতাৰ মাজৰ পৰা মই তেওঁৰ 'ভাবিলো তোমাক এশটা চুমা খাম’ শীর্ষক কবিতাটো আলোচনা কৰিবলৈ ভাল পাম।
অইন কবিতাতকৈ এই কবিতাটো কিছু ব্যতিক্রম যদিও ৰোমাণ্টিক ভাবোচ্ছাসৰ পৰা কবি মুক্ত হ’ব পৰা নাই। কবিতাটোত ভালে কেইবিধ অলংকাৰে ৰহণ চৰাইছে। 'ভাবিলো তোমাক এশটা চুমা খাম’ - ইয়াত এশটা চুমা এটা মিথ্যা পৰিসংখ্যা। এই অলংকাৰৰ দ্বাৰা কবিয়ে মনৰ ইচ্ছাৰ কথা সজোৰে সাব্যস্ত কৰিবলৈ চেষ্টা কৰিছে। চিত্রকল্প বুলি কওঁতে অকল চক্ষুস ইন্দ্ৰিয়তে আৱদ্ধ হৈ নাথাকি স্পৰ্শানুভূতিকে সাঙুৰি লৈছে। এই যে দূৰৈৰ পৰা দেখিলো তোমাক চকুৰ সংবেদন ; আনহাতে চুমা, হাঁহিটো কপিছে, বতাহৰ গা কপিছে- স্পর্শ সংবেদনেৰে ছবি আঁকিছে। এইখিনিতে মনত ৰখা ভাল হ’ব নৱাকাশ এজন চিত্রশিল্পীও। 'তোমাৰ হীৰা মুকুতা হেন হাঁহিটো' উপমাৰে কবিতাটো সমৃদ্ধ। 'হঠাৎ জোন এটা ধৰালৈ উৰি আহিল' - ক'ব লাগিব যে এইটো এটা সুন্দৰ ভ্ৰান্তিমান অলংকাৰ। 'তোমাক দেখি জোনৰ লাজ লাগিল’ – এই ব্যতিৰেক অলংকাৰবিধে কবিতাটোত অন্য মাত্রা প্রদান কৰিছে। তাৰ পাছতো ক’ব লাগিব যে কবিৰ কবিতাৰ পৰ্বান্তৰ ঘটালৈ পাঠকে কিছুদিন বাট চাব লাগিব।
(আগলৈ)
__________________________________________________________
প্ৰশাসকৰ টোকাঃ
আখৰুৱাৰ মাননীয় সদস্য চামচুল হক ডাঙৰীয়াৰ কাৰিকৰী সমস্যাৰ বাবে লিখনিটো JPEG file হিচাপে দিবলগীয়াত পৰে। তেখেতৰ অসুবিধাৰ প্ৰতি লক্ষ্যৰাখি JPEG file-টো সলনি কৰি Unicode-লৈ সলনি কৰি পুনৰ প্ৰকাশ কৰা হ'ল।
ধন্যবাদ।
প্ৰশাসক,
আখৰুৱা : literati গোট।
১১ ছেপ্টেম্বৰ ২০১৫

No comments:
Post a Comment