কিশোৰ কবিলৈ একলম।
______সুনীল অমিয়
…………………
গোলাপৰ কাঁইটত লাগি
তুমি নিহত হ'লা হেঃ কিশোৰ কবি
মই ছিন্নমূল বেদুইন
যাযাৱৰ সেনাধিপতি।
জোনাকত গা ঘেলোৱা জোন,
দাঁতেৰে নেফানেফ কৰিলে
মোৰ প্রেমিক হৃদয় !
ময়ো প্রেমহীনতা
গণিকাতে সঁপিছো ক্লান্তি
বাঘিনীৰ ওঁঠত চুমা খাই
চিঞৰি চিঞৰি কৈছো
মোক মোক্ষ দিয়া
মোক মোক্ষ দিয়া।
ছক্রেটিছৰ হেমলক
মূৰৰ ঘিলুত ঢালি
উদ্ যাপন কৰিছোঁ মৃত্যু।
হে কিশোৰ কবি
অনেক সপোন ছহীদ হ'লে
দুচকুত বিৰিঙে মোক্ষ।
ময়ো ঘোটে ঘোটে
পি খাইছো
কণ্টক হলাহল।
হৃদয়ত লুকোৱা
লৌহ দাপোনত
ওৰাই ঘূৰাই চাইছো নিজকে
পাণ্ডুৰ বৰ নিঃস্ব নিঃসংগ।
ভৰিৰ পতাৰ সমান পৃথিৱী
ক'তো বিচাৰি পোৱা নাই মই।
অভিমানত
দুচকু কুৰুকি কুৰুকি
ঘৰচিৰিকাৰ দৰে
মানুহৰ চোতালত পেলাই আহিছো
শ্বেত শুভ্ৰ পাখী।
হে কিশোৰ নিহত ভাবুক কবি
তেমাৰ দুখ বুজি পাওঁ।
মই কিবা নাজানো নেকি ফুটপাথত কোনে কোনে তুলি লৈ ফুৰে
কৰুণ চহৰৰ ভাৰুৱৈ দুখ।
তোমাৰ তৃষ্ণা তাম পাত্রত
কোন কবিতাই ৰেঙনি বোলাই?
তোমাৰ কণ্ঠত
কোন গান আজি প্রিয় আৰাধ্য?
মোৰ ভ্রমণ অভিলাসা
নাৰীৰ নাভিত
থেকেচি মাৰিছে
পাক ঘূৰণি খোৱাই।
মই প্ৰেমিক মজনু গান
স্মৃতি সমুদ্রৰ নিঃসংগ কাপ্তান।
আকৌ
সুন্দৰ জ্ঞান কৰি
সহোদৰক সঘন চুমাৰে
প্লাৱিত কৰি
খেপিয়াই ফুৰিছো শিল্প ।
তথাপিও মই তোমাক নিদিওঁ
এক সহস্ৰাংশ।
ভাবুক তুমি ভাল হোৱা
তুমি আৰোগ্য হোৱা
তোমাৰ দৰে
আমাৰ বাটেৰে নাহিবা কদাপি
আমাৰ পথ
ভীষণ ব্যর্থ
ভীষণ ব্যৰ্থ
ভীষণ ব্যৰ্থ।
______সুনীল অমিয়
…………………
গোলাপৰ কাঁইটত লাগি
তুমি নিহত হ'লা হেঃ কিশোৰ কবি
মই ছিন্নমূল বেদুইন
যাযাৱৰ সেনাধিপতি।
জোনাকত গা ঘেলোৱা জোন,
দাঁতেৰে নেফানেফ কৰিলে
মোৰ প্রেমিক হৃদয় !
ময়ো প্রেমহীনতা
গণিকাতে সঁপিছো ক্লান্তি
বাঘিনীৰ ওঁঠত চুমা খাই
চিঞৰি চিঞৰি কৈছো
মোক মোক্ষ দিয়া
মোক মোক্ষ দিয়া।
ছক্রেটিছৰ হেমলক
মূৰৰ ঘিলুত ঢালি
উদ্ যাপন কৰিছোঁ মৃত্যু।
হে কিশোৰ কবি
অনেক সপোন ছহীদ হ'লে
দুচকুত বিৰিঙে মোক্ষ।
ময়ো ঘোটে ঘোটে
পি খাইছো
কণ্টক হলাহল।
হৃদয়ত লুকোৱা
লৌহ দাপোনত
ওৰাই ঘূৰাই চাইছো নিজকে
পাণ্ডুৰ বৰ নিঃস্ব নিঃসংগ।
ভৰিৰ পতাৰ সমান পৃথিৱী
ক'তো বিচাৰি পোৱা নাই মই।
অভিমানত
দুচকু কুৰুকি কুৰুকি
ঘৰচিৰিকাৰ দৰে
মানুহৰ চোতালত পেলাই আহিছো
শ্বেত শুভ্ৰ পাখী।
হে কিশোৰ নিহত ভাবুক কবি
তেমাৰ দুখ বুজি পাওঁ।
মই কিবা নাজানো নেকি ফুটপাথত কোনে কোনে তুলি লৈ ফুৰে
কৰুণ চহৰৰ ভাৰুৱৈ দুখ।
তোমাৰ তৃষ্ণা তাম পাত্রত
কোন কবিতাই ৰেঙনি বোলাই?
তোমাৰ কণ্ঠত
কোন গান আজি প্রিয় আৰাধ্য?
মোৰ ভ্রমণ অভিলাসা
নাৰীৰ নাভিত
থেকেচি মাৰিছে
পাক ঘূৰণি খোৱাই।
মই প্ৰেমিক মজনু গান
স্মৃতি সমুদ্রৰ নিঃসংগ কাপ্তান।
আকৌ
সুন্দৰ জ্ঞান কৰি
সহোদৰক সঘন চুমাৰে
প্লাৱিত কৰি
খেপিয়াই ফুৰিছো শিল্প ।
তথাপিও মই তোমাক নিদিওঁ
এক সহস্ৰাংশ।
ভাবুক তুমি ভাল হোৱা
তুমি আৰোগ্য হোৱা
তোমাৰ দৰে
আমাৰ বাটেৰে নাহিবা কদাপি
আমাৰ পথ
ভীষণ ব্যর্থ
ভীষণ ব্যৰ্থ
ভীষণ ব্যৰ্থ।
No comments:
Post a Comment