শীতৰে সেমেকা ৰাতি
- নিভা গগৈ
.
শীতৰে সেমেকা ৰাতি
জুই একুৰা বুকুত বান্ধি লৈ ফুৰোঁ আমি
শীতৰে সেমেকা ৰাতি ...
.
মোৰ জুপুৰিত এলান্ধুৰ লানি ,
হিমে পিন্ধায় মুকুতা মণি ,
মজিয়াত লাগিছে ভেঁকুৰৰ দলিচা এখনি ,
শীতৰে সেমেকা ৰাতি ,
বুকুত লওঁ চেঁচা অঙঠা এটুকুৰ বান্ধি ...
.
ফটা কঁথাত পাওঁ আইৰ উচুপনি
চকুলো মচে ৰিহাৰ আঁচল টানি ,
ভোকত নাহে কাৰো টোপনি ,
জীণ যায় ভাতৰ নিহনী,
শীতৰে সেমেকা ৰাতি ,
চুটি নহয় উষাৰ টিপনি...
এতিয়া সকলো সেমেকা-
প্ৰেম ,ভালপোৱা ,বিশ্বাস নাইবা প্ৰতিশ্ৰুতি৷
.
সেমেকা শীর্ণ গাল দুখনি ,
কঠিন গাৰুত মূৰ থৈ দেখোঁ সপোন একেটি ,
শীতৰে সেমেকা ৰাতিত ,
খোজ দিম কোমল দলিচা পাৰি.
- নিভা গগৈ
.
শীতৰে সেমেকা ৰাতি
জুই একুৰা বুকুত বান্ধি লৈ ফুৰোঁ আমি
শীতৰে সেমেকা ৰাতি ...
.
মোৰ জুপুৰিত এলান্ধুৰ লানি ,
হিমে পিন্ধায় মুকুতা মণি ,
মজিয়াত লাগিছে ভেঁকুৰৰ দলিচা এখনি ,
শীতৰে সেমেকা ৰাতি ,
বুকুত লওঁ চেঁচা অঙঠা এটুকুৰ বান্ধি ...
.
ফটা কঁথাত পাওঁ আইৰ উচুপনি
চকুলো মচে ৰিহাৰ আঁচল টানি ,
ভোকত নাহে কাৰো টোপনি ,
জীণ যায় ভাতৰ নিহনী,
শীতৰে সেমেকা ৰাতি ,
চুটি নহয় উষাৰ টিপনি...
এতিয়া সকলো সেমেকা-
প্ৰেম ,ভালপোৱা ,বিশ্বাস নাইবা প্ৰতিশ্ৰুতি৷
.
সেমেকা শীর্ণ গাল দুখনি ,
কঠিন গাৰুত মূৰ থৈ দেখোঁ সপোন একেটি ,
শীতৰে সেমেকা ৰাতিত ,
খোজ দিম কোমল দলিচা পাৰি.
No comments:
Post a Comment