Friday, 11 December 2015

কবিতা কাননৰ কথাবাৰ্তা:: :: শাওণৰ পদ্য ------------------- হাৰুন ৰাচিদ

শাওণ••• শাওণ•••
কিযে মেঘৰ নাচোন
বৰষুণ•••বৰষুণ••••
তোৰ বুকুত
ৰ'দেও শুলে চোন
কাজল••• কাজল••••
মেঘৰ আচল
পানীফুল সিচি
যাচিলিহী নৈৰ সপোন
টোপ••• টোপ•••
পানীপতাত শুন
শাওণীয়া গাণৰ
গুণ••• গুণ•••
ৰুনজুন••• ৰুনজুন•••
তোৰ নূপুৰ বাজে বৰষুণ
কিদৰে সজালিহি তই
পথৰুৱা পানীৰ দাপোন
জাকৈয়া ছোৱালী তই
নেলাগে আহ্
সাজোন••• কাচোন••••
মেখেলা উজাই
বোকামাটি গছকিয়ে আহ্
ডেকাত ডৰিকণাৰ
উলাহৰ দেও চাওঁ আহ
সজালেও সজাবি তোৰ হেঁপাহৰ গঠিয়া
অকুতোভয় তোৰ গাত তত নাইকিয়া
শাওনতে মোলৈ মনতো থবি
পুথিমাৰীৰ পাৰেদি পোনাম
পুৱতিৰ পথাৰত পেলামগৈ
তোৰ মোৰ ভালপোৱাৰ কঠিয়া।।
--

No comments:

Post a Comment