Sunday, 13 December 2015

আখৰুৱা গোটৰ জুন/২০১৫ ৰ কবিতাসমূহৰ পৰ্যালোচনা *পুনৰীক্ষণ-২৫* (দ্বিতীয় খণ্ড) : মেঘালী দিহিঙ্গীয়া

*পুনৰীক্ষণ-২৫*
*খণ্ড-২*
===============================================
(৫) কবিতা- যাত্ৰা
*কবি- সংগীতা মেধি
.
এটা দীঘলীয়া যাত্ৰা নিতে হয়…
.
কত সেউজ দলিচা পাৰ হয়
কত নীলা ডোঙত
শুকুলা মেঘৰ উৰণ বয়
.
কত বগা-মটীয়া পখীৰ ধপ্ ধপ্ উৰণে ডেউকা গজাই বয়সৰ
.
হঠাৎ বাজি যোৱা
জাক জাক মেঘভূতিত
মেঘদূতৰ বাৰ্তা ভাঁহে
.
বাৰ্তা আহে নতুনৰ
দিশ সলোৱাৰ সংকেত বাজে
.
চিত লৰিব
বাট ঘূৰিব
.
প্ৰত্যুষৰ সেন্দুৰীয়া বেলি
ৰঙীণ স্বপ্ন
দিনটোৰ অলংকাৰ
.
সদ্যস্নাতা ৷
গাঁথি গাঁথি
পীতাম্বৰী আৱৰণ
কুমাৰীকালৰ আভূষণ ৷
.
বিল্বপত্ৰৰ সেউজ
স্বপ্ন-বিলাসত
নিচিন্ত
আত্মমগন …
.
কোনো আধা দেখা স্বপ্নত
গতি মিলে,
আধা-পোৰা
ক'লীয়া শলিতা
গোপন প্ৰাৰ্থনা ৷
অস্ত-গত সূৰুয সাক্ষী ৷
.
যাত্ৰা চলে জীৱনৰ
বিৰামহীন
এটা লক্ষ্যৰ পৰা আন
এটালৈ
যাত্ৰা কিশলয়ৰ পৰা
ঘন শ্যামলীমাৰ দেশলৈ ৷
স্বপ্ন বাঢ়ে … যাত্ৰা চলে… ৷৷
===============================================
আশাবাদী কবি সংগীতা মেধিৰ যাত্ৰা শীৰ্ষক কবিতাটিত কবিয়ে জীৱনৰ এক যাত্ৰাৰ চিত্র অংকন কৰিছে ৷ জীৱন যাত্ৰাৰ এই দীঘলীয়া কালছোৱাত প্ৰকৃতি জগতৰ ভিন্ন ছৱিয়ে কবিৰ মনত ভিন্ন ভাৱৰ খেলা কৰিছে ৷ "পখীৰ ধপ্ ধপ্ উৰণে ডেউকা গজাই বয়সৰ/ মেঘদূতৰ বাৰ্তা ভাঁহে" ইত্যাদি বাক্যাংশৰ জৰিয়তে কবিয়ে কোনো বিবাহোপযুক্ত গাভৰুৰ মন-দাপোণত নতুন বাৰ্তাৰ আগমনৰ প্ৰতিচ্ছবি ভাঁহি উঠাৰ দৃশ্যপট অংকন কৰিছে ৷ গাভৰুৰ মনত এক গভীৰ আশ্বাসৰ ভাৱে দোলা দিছে, প্ৰতুষৰ ৰঙা বেলিৰ আভাই কঢ়িয়াই অনা নতুন স্বপ্নই দিনটোৰ অলংকাৰ হৈ পৰিছে ৷ "সদ্যস্নাতা/গাঁথি গাঁথি/পীতাম্বৰী আৱৰণ/কুমাৰীকালৰ আভূষণ"… এই স্তৱকটিত এগৰাকী সদ্যস্নাতা গাভৰুৱে হালধিৰে গা ধোৱাৰ কথা কৈ প্ৰতীকাত্মকভাৱে বিবাহৰ উখলমাখল প্ৰস্তুতিৰ বিষয়ে বুজাব বিচৰা হৈছে ৷ সৰ্বশেষত ভগৱানৰ প্ৰতি গভীৰ আস্থা তথা প্ৰাৰ্থনাৰ সৈতে সপোন সাৰ্থক কৰাৰ উদ্দ্যেশ্যে এক নতুন আশাৰ দিশে বাট বোলাৰ প্ৰস্তুতিৰ চিত্ৰ ফুটাই তোলা হৈছে ৷
.
গোটেই কবিতাটোতে কবিৰ মনৰ অন্তঃস্থলত থুপ খাই থকা সপোন আৰু আশা-আকাংক্ষাৰ এক মুক্ত প্ৰকাশ ঘটিছে ৷ কবিতাটিত ব্যৱহৃত প্ৰতীকসমূহে কবিতাটিক এক অনন্য ৰূপ দিছে ৷ কবি সংগীতা মেধিৰ পৰা এনেধৰণৰ আৰু সুন্দৰ কবিতা পাঠকে আশা কৰিব, তেখেতলৈ আমাৰ আন্তৰিক শুভকামনা জনালো ৷
===============================================
(৬) কবিতা- তৃষ্ণা
*কবি- লোচন কৌশিক
.
স্পষ্ট
অস্পষ্ট শব্দ
সুপ্ৰস্থ সেই অৰ্থবোৰ সময়ৰ অমুৰ্ত অধৰত আছিল অমুৰ্ত আহ্বান হব নোৱাৰিলে বিজয়ী ঐক্যতান পক্ষ-প্ৰতিপক্ষৰ ফাগুন
বহাগ
শাওণ-শৰত্
আকৌ ফাগুন
বৈ থাকিল সময় শগুন
কিন্তু
পিচলিল লগ্নময় সেই মুহুৰ্ত উভতি নাচালে এবাৰো
নৈৰ সেই পানীৰ দৰে
সেই লহৰ প্ৰৱাহময়
যি বৈ থাকিল এক গতিত
বৈ থাকিল বৈ থাকিল
অজানা উষ্ণতাৰে আক্ৰান্ত আকাশত কঢ়িয়াই তৃষ্ণা অনন্ত
উৰি আছে
পৰিভ্ৰমিত কাল প্ৰকোপিত কাকাকূল মই আকুল
মই ব্যাকুল
নাজানো
কেতিয়া ৰস-নিৰস হ'ব সেই উপকূল পিয়াহৰ মৰীচিকা
কাষত পিত এই সমুদ্ৰ....!!!
===============================================
কবি লোচন কৌশিকৰ তৃষ্ণা শীৰ্ষক কবিতাটিত কবিমনৰ আশা প্ৰত্যাশাৰ অৱলোকন ফুটি উঠিছে ৷ বাস্তৱ জীৱনৰ প্ৰত্যাহবান সমূহে কবিৰ জীৱনৰ গতি ব্যথিত কৰি তুলিছে ৷ সময় আৰু প্ৰকৃতিৰ চিৰসত্য ঘটনাৰাজিৰ উপস্থাপনেৰে জীৱনৰ নিৰন্তৰ গতিৰ বিষয়ে প্ৰকাশ কৰা হৈছে আৰু নৈৰ প্ৰবাহিত গতিৰ সৈতে জীৱনক তুলনা কৰা হৈছে ৷ ইয়াৰ মাজতে কবিৰ মনৰ সীমাহীন আশাসমূহে তৃষ্ণা নিবাৰণৰ হেতু ব্যাকুল হৈ উঠিছে ৷ অথচ অনিশ্চয়তাৰ গৰাহত কবিৰ অভীপ্সা ক্ৰমাৎ বিলীন হৈ যাব ধৰিছে ৷
.
জীৱন যাত্ৰাৰ এই আশা-প্ৰত্যাশাৰ চিত্ৰায়নত কবি সফল হৈছে বুলিব পাৰি, যদিও চিত্ৰকল্পৰ সঠিক উপস্থাপন তথা প্ৰতীকৰ ব্যৱহাৰত দুই এঠাইত কবিক সামান্য দুৰ্বল যেন দেখা গ'ল ৷ কবি লোচন কৌশিকৰ পৰা আমি ইয়াতকৈ আৰু অধিক সুন্দৰ কবিতা আশা কৰিম, কবিতাৰ প্ৰকাশভংগী আৰু ব্যঞ্জনাৰ উপস্থাপনৰ লগতে অধ্যয়নত গুৰুত্ব দিলে তেওঁ বহুতো মননশীল কবিতা আগবঢ়াব পাৰিব বুলি আমাৰ বিশ্বাস ৷ কবি লোচন কৌশিকলৈ আমাৰ আন্তৰিক শুভেচ্ছা থাকিল ৷
===============================================
(৭) কবিতা- ভোক
*কবি- প্ৰাঞ্জল বৰ্মন
.
আই মোৰ পেটে কলেমলায়
আই মোৰ দেহা ৰমেৰমায়।
ভোকটো ঘূমুৰ্তিয়াই ফুৰিল
হাতীটো হৈ ৰাতিটোৰ গাত।
ভোকটো বগাই থাকিল বিছা এডালৰ দৰে
নেন্সী ফ্ৰাইডেৰ 'অ’মেন অন টপ’ৰ সোতৰ পৃষ্ঠাত।
পথাৰত ছিৰালফাট
অবাটৰ বাটত লগ পালো ৱাং লাঙক
সুধিলো - ককাই, বলধটো কি হ’ল?
সি ক’লে- বলধটো ভোক হ’ল
আকৌ মই - ককাই, প্ৰেম আগ নে ভোক?
সি ক’লে - ভোক
ভোক আৰু প্ৰেম
দুটাই কি সাংঘাতিক
ভোকৰ বাবেই সকলো সম্ভৱ
প্ৰেমৰ বাবেও
ইচ্ছা কৰিও কাকো পাহৰিব নোৱাৰি
এৰিবও
নৈ নিৰবধি প্ৰেম আৰু ভোক।
আই মোৰ পেটে কলেমলায়
আই মোৰ দেহা ৰমেৰমায়।
ভোকৰ বাবে ভাত
ভাতৰ বাবে হাত
ভোকৰ হাত ফুটপাথত
ভোকৰ হাত নাঙঠ চহৰত
ভোকৰ হাত টলবল পিয়াহত
ভোকৰ হাত সোণাগাছিৰ অন্তৰ্বাসত...
===============================================
কবি প্ৰাঞ্জল বৰ্মনৰ ভোক শীৰ্ষক কবিতাটি নিশ্চিতভাৱে এটি বাস্তৱবাদী আৰু মননশীল কবিতা ৷ ভোকবাদৰ সুন্দৰ উপস্থাপন শৈলীয়ে কবিতাটি সাধাৰণ পাঠকৰ বাবে মনোগ্রাহী কৰি তুলিছে ৷ ক্ষুধা হৈছে মানৱ জীৱনৰ নিয়ন্ত্ৰক, এক চিৰন্তন সত্য ৷ সময় সাপেক্ষে ক্ষুধা হৈ পৰে অস্থিৰ, উদ্দাম, বৰ্বৰ ৷ শাৰীৰিক, মানসিক ক্ষুধাৰ উপৰি সভ্য মানৱ জাতিৰ যৌন ক্ষুধাৰো এটি দৃশ্যপট কবিয়ে কবিতাটিৰ জৰিয়তে ফুটাই তোলাৰ প্ৰয়াস কৰিছে ৷ কবিতাটিত কবিয়ে নেন্সী ফ্ৰাইডেৰ "অ'মেন অন টপ" গ্ৰন্থখনৰ বিষয়ে উল্লেখ কৰি যৌনসাহিত্যৰ প্ৰতি মানুহৰ এক সহজাত আৰ্কষণৰ কথা বুজাব বিচাৰিছে ৷ বিখ্যাত চীনা উপন্যাস "দ্যা গুড আৰ্থ"ৰ অমৰ চৰিত্ৰ ৱাং লাঙে কিদৰে দুৰ্ভিক্ষপীড়িত অৱস্থাত নিজৰ প্ৰাণতকৈও আপোন বলধটো হত্যা কৰি নিজৰ লগতে পৰিয়ালৰ ভোক দূৰ কৰিছিল, সেই কৰুণ দৃশ্যায়ণেৰে কবিয়ে মানৱ জীৱনৰ ওপৰত ভোকৰ দুৰন্ত প্ৰতাপ তথা ক্ষুধাৰ সন্মুখত মানুহৰ অসহায়তাৰ চিত্ৰ দাঙি ধৰিছে ৷ "ভোকৰ হাত সোণাগাছিৰ অন্তৰ্বাসত…" শাৰীটোৰে কলিকতাৰ বহুচৰ্চিত ৰেডলাইট এৰিয়া সোণাগাছিত নিতৌ প্ৰতিফলিত হোৱা এচাম সভ্য সমাজৰ ভদ্ৰলোকৰ যৌনক্ষুধাৰ বাস্তৱ চিত্ৰ অংকন কৰাৰ চেষ্টা কৰা হৈছে ৷ ভোক আৰু প্ৰেমক পৰস্পৰৰ সৈতে তুলনা কৰি কবিয়ে এক চিৰন্তন বাস্তৱ দাঙি ধৰাৰ প্ৰয়াস কৰিছে ৷
.
কবিতাটোৰ প্ৰকাশভংগীৰ পৰাই কবিৰ অধ্যয়নশীলতা আৰু ভাৱৰ গভীৰতাৰ আভাস পোৱা যায় ৷ কবি প্ৰাঞ্জল বৰ্মনৰ সৃষ্টিৰ শলাগ নলৈ নোৱাৰি ৷ অসমীয়া কাব্য সাহিত্যক এনেধৰণৰ ভাৱগধূৰ কবিতাৰে অধিক চহকী কৰি তোলাতো কবিৰ দায়িত্ব আৰু গৌৰৱ, তেখেতলৈ আমাৰ শুভকামনা যাচিলো ৷
===============================================
(৮) কবিতা- জীৱন সূর্য
*কবি- দাদুল ভূঞা
.
মেলি দিলো এখনি নাও
ইপাৰ সিপাৰ
একোকে নমনি
.
সৌৱা বুকুত মোৰ সূর্য
নীলা বাগীত চপৰা চপৰে বাগি দি ফুৰা
শুকুলা এজাক ঘোঁৰা
.
মোৰ দুটি ওঁঠত
জীৱন সূর্য
.
চকুৰ পানীত নেদেখা বাট
সাতামপুৰুষীয়া দুখ
মই নাৱৰীয়া
===============================================
কবি দাদুল ভূঞাৰ জীৱন সূৰ্য শীৰ্ষক কবিতাটি মূলতঃ জীৱনকেন্দ্ৰিক কবিতা ৷ জীৱনটোক এখনি নাৱৰ সৈতে তুলনা কৰি কবিয়ে পাৰাপাৰহীন সমুদ্ৰপৃষ্ঠৰ ওপৰত নাওঁ মেলি দি জীৱনৰ যাত্ৰা আগুৱাই নিয়াৰ কথা বুজাব বিচাৰিছে ৷ নীলা বাগীত বাগি দি ফুৰা শুকুলা ঘোঁৰা আৰু বুকুত লৈ ফুৰা সূৰ্যৰ প্ৰতীকেৰে কবিয়ে মানুহৰ জীৱনত থকা অলেখ সপোন তথা সীমাহীন আশা-আকাংক্ষাৰ চিত্ৰপট দাঙি ধৰাৰ প্ৰয়াস কৰিছে ৷ এনেবোৰ সপোন, আশা-প্ৰত্যাশাৰ মাজতে কেতিয়াবা মানুহক দুখে আৱৰি ধৰে আৰু জীৱন যাত্ৰাত চকুৰ পানীৰে বাট নেদেখা হয় ৷ নাৱৰীয়াই নাও বাই পাৰলৈ চপোৱাৰ দৰেই জীৱন যুদ্ধতো সকলোৱে দুখৰ সৈতে সংগ্ৰাম কৰি যাত্ৰা অব্যাহত ৰাখিবলৈ সদাসষ্টম থাকিব লাগে বুলি কবিয়ে কবিতাটোৰ জৰিয়তে অৱলোকন কৰাৰ প্ৰয়াস কৰিছে ৷
.
কবিতাটিত বৰ্ণিত "নীলা বাগী", "শুকুলা ঘোঁৰা", "সাতামপুৰুষীয়া দুখ" আদি প্ৰতীকসমূহৰ ব্যৱহাৰ মন কৰিবলগীয়া ৷ মানৱ জীৱনৰ নিৰন্তৰ যাত্ৰাক চিত্ৰায়ণ কৰাত কবি সফল হৈছে বুলিব পাৰি ৷ কবি দাদুল ভূঞালৈ আমাৰ শুভেচ্ছা থাকিল ৷
===============================================
(৯)কবিতা- বিমৰ্ষ বৰষুণৰ চহৰৰ কোলাহল
*কবি- আকাশ নীলম জিৎ
.
মেঘৰ টুকুৰা এটি চকুত সোমাল,
দুগালত নামিল বৰষুণৰ চহৰ
চহৰত গজিল মুমূৰ্ষ বাৰিষাৰ ঠিকনা
.
আকাশে হেৰুৱালে নীলা
নে নীলাই মোহাৰিলে আকাশ
মন চহৰৰ নামনি তিয়াই সৰিল
চেঁচা টোপালৰ গুঞ্জন 
ৰু ৰুৱাই জ্বলিল 
হাড়ে হাড়ে
পানীত ফুলা জুই
চোলাৰ বুকুজুৰি চিপ্-চিপিয়া
বেঙুনীয়া বিষাদৰ এজাৰফুলীয়া বিমৰ্ষ চুবুৰী
===============================================
তৰুণ কবি আকাশ নীলম জিৎ ৰ বিমৰ্ষ বৰষুণৰ চহৰৰ কোলাহল শীৰ্ষক কবিতাটিত কবিমনৰ বিৰহ বেদনা স্পষ্ট ৰূপত প্ৰকাশ পাইছে ৷ প্ৰেয়সীৰ সৈতে বিচ্ছেদৰ যাতনাত হয়তো কবিৰ মন ব্যথিত হৈ পৰিছে আৰু ফলশ্ৰুতিত অশ্ৰুসিক্ত নয়নে প্ৰেয়সীৰ অনুপস্থিতিত ব্যাকুল হৈ উঠিছে ৷ যিদৰে নীলাৰ সৈতে আকাশৰ বিচ্ছেদত প্ৰকৃতি বেদনাসিক্ত হৈ পৰে, তেনেকৈয়ে প্ৰেয়সীৰ সৈতে বিচ্ছেদিত হৈ কবিৰ বুকুতো বিষাদৰ কলৰোৱ উঠিছে ৷
.
হৃদয়ৰ বিষাদগাঁথা কবিতাৰ মাজেৰে প্ৰকাশ কৰাত কবি সফল হৈছে ৷ কবিৰ উপস্থাপন শৈলী আৰু প্ৰতীকৰ সুন্দৰ ব্যৱহাৰ শলাগিবলগীয়া ৷ অৱশ্যে "পানীত ফুলা জুই" বাক্যাংশৰে কবিয়ে কি বুজাবলৈ বিচাৰিলে তাক স্পষ্টকৈ বুজিব পৰা নগ'ল ৷ হয়তো ইয়াত মন গহনত উমি উমি জ্বলি থকা বিষাদৰ দাবানলৰ কথাই ক'বলৈ যোৱা হৈছে ৷ কিন্তু প্ৰায়ে দেখা যায়, বাস্তৱৰ সৈতে অত্যাধিক সংগতি নথকা (যিহেতু পানীত জুই ফুলাৰ কথাতো গ্ৰহণযোগ্য নহয়) প্ৰতীকৰ ব্যৱহাৰে কবিতাত অতিকাব্যিকতা প্ৰকট কৰিবলৈ যোৱাৰ প্ৰৱণতা আনে, ফলস্বৰূপে ই পাঠকৰ মনোগ্ৰাহীতাত জঠৰতা আনে আৰু কেতিয়াবা নিষ্প্ৰাণ সঁহাৰিৰহে সৃষ্টি কৰে ৷ অৱশ্যে পাঠক হিচাপে এয়া আমাৰ ব্যক্তিগত অনুভৱ ৷
.
কবি আকাশ নীলম জিৎৰ এই কবিতাটি এটি মনোৰম কবিতা ৷ চিত্ৰকল্পৰ উপস্থাপন আৰু ব্যঞ্জনাৰ ব্যৱহাৰ খুবেই সুন্দৰ ৷ আকাশ নীলম জিৎৰপৰা আমি এনেধৰণৰ অাৰু সুন্দৰ কবিতা আশা কৰিম, তেখেতৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিলো ৷
==========

No comments:

Post a Comment