Friday, 11 December 2015

বিদ্ৰোহ -_______ড° বিজিত তালুকদাৰ

বিদ্ৰোহ
-_______ড° বিজিত তালুকদাৰ
বেলি অহা বাটটোত
হাতত এখন ধাৰাল দা লৈ
ধলপুৱাৰে পৰা তেওঁ কাঁইটীয়া বিৰিখৰ আঁৰত
খাপ পিতি ৰৈ আছিল ৷
আগদিনা এই বাটটোতে সন্ধিয়া হৈছিল ৷
কিন্তু সেইদিনা বেলিটো এই বাটেৰে নাহিল ৷
ওৰে দিনটো ই কাষৰ বহল নৈখনতহে ভাঁহি আছিল,
বিৰিখৰ ক'লা ছাঁবোৰ এই ঠেক বাটটোত বাগৰি পৰিছিল,
তেওঁ আগুৱাই যোৱা আৰু উভতি অহা পথ বন্ধ হৈ পৰিছিল ৷
তেওঁৰ হাতত তেতিয়াও চিকমিকাই আছিল চোকা দাখন,
অথচ তেওঁ বিৰিখৰ ছাঁবোৰ দাৰে কাটিব নোৱাৰিলে,
অথবা নৈত নামি বেলিটোক দাৰে ঘপিয়াব নোৱাৰিলে ৷
তেওঁ তেতিয়াহে বুজিছিল
সেই দাখন কোনো স্বপ্নবিলাসীৰ বাবে নাছিল ৷

No comments:

Post a Comment