উমানন্দৰ আবেলি
______দেৱীকা দত্ত
নদীৰ পাৰত বহি থাকিলা যে ? মন্দিৰটোতো পাহাৰৰ ওপৰত ।
নাযাওঁ ।
কিয় ?
আজিৰ গধূলিটো শিলবোৰৰ নামত ।
কি অদ্ভূত কথা ক'লা ! তুমি ঠিকে আছাতো ?
ঠিকেই আছো । সৱ ঠিকে আছে ।
শিলৰ লগত কথা পাতিবা নেকি ? হাঁহি উঠিছে মোৰ ।
হাঁহিবলৈ কিনো হ'ল ? তুমিওতো কথাই পাতিবা
মন্দিৰৰ শালগ্ৰামৰ লগত ,তেওঁ জানো কাণেৰে শুনে ?
মই স্বগতোক্তি কৰিম ।
যোৱা তুমি । মোকো শিলবোৰৰ লগত থাকিব দিয়া । মই ক'ম , সিঁহতে শুনিব । আজি শিলৰ লগত সহবাস । বহুতো কিবাকিবিৰ আলোচনা হ'ব আজি । ব্ৰাউনিঙৰ Last Ride Together ৰ পৰা নীলিমকুমাৰৰ শেহতীয়া কবিতাটো , স্বাধীনতা দিৱসৰ পৰা নগা চুক্তি আৰু চে গুৱেভাৰা । দেৰি হ'ব । তুমি যোৱাগৈ । ক'ৰবাত পূৰৱী বাজিছে ।
-

No comments:
Post a Comment