Friday, 11 December 2015

কোঙা আহিনৰ পাচালী __সুনীল অমিয়

কোঙা আহিনৰ পাচালী
__সুনীল অমিয়
.
কঁহুৱা কোমল আহিনৰ
কলৰৱ শুনি
খুলি দিলোঁ মনৰ খিৰিকী
সোমাই আহিল
এবুকু নিয়ৰ স্নিগ্ধ
আহিনী সুবাস
টোপনিবোৰ কোঙা হ'ল
তোমাৰ বুকুৰ
নিয়ৰকণা বুটলা
হাত দুখনি
জঠৰ হ'ল
জোন তুমি শুলাই নেকি ?
অভিমানিনী !!
কি দৰেনো আহে
এই জোনাকী টোপনি ?
আমলখিৰ
লিহিৰি পতীয়া কলিজা
পাতসৰা বতাহজাকৰ স’তে
জোন !!
আজি কিদৰে হওঁ স্বপ্নাতুৰ?
মৃত্যুৰ পৰোৱানাৰে
বিধস্ত বিমুঢ়
জীৱনৰ সেউজ অৰণ্য
তেজাল জোনাকত
ক্লান্ত নগৰীৰ দুৱাৰে দুৱাৰে
স্বপ্নসম্ভৱা গাঁৱৰ
পদুলীয়ে পদুলীয়ে
কেহেৰাজবৰণীয়া এবুকু দুখ
মাথোঁ এটি জোনাকী ৰাতি
দিয়া উপহাৰ
অভিমানী আহিন ;
গেঁৰধৰা ধাননীৰ
জীপাল মৰমেৰে
আকৌ এবাৰ
সুবাসিত কৰি তোলা
প্রতিটো চহৰ নগৰ জনপদ
গুণ গুণ গান সুৰীয়া প্রেমেৰে উজ্জীৱিত কৰা
সংঘাত জর্জৰিত
মোৰ মাটিৰ অসম৷

No comments:

Post a Comment