আখৰুৱা : literati গোটৰ কবিতাৰ পৰ্যালোচনাঃ
পুনৰীক্ষণ-২৯ঃ প্ৰথম খণ্ডঃ অক্টোবৰ ২০১৫
পৰ্যালোচক- বাপন ক্ৰ'
মাননীয় সদস্যবৃন্দ,
আখৰুৱাৰ সদস্য বাপন ক্ৰ' বৃত্তিগতভাৱে এগৰাকী শিক্ষক তথা কবি।
পশ্চিম কাৰ্বি আংলঙৰ এখন ভিতৰুৱা গাঁৱ তৰাডুবিৰ বাপন ক্ৰ'ৰ লগত বিগত ২০ এপ্ৰিলৰ দিনা এটি বাৰ্তাৰে 'পুনৰীক্ষণ' শিতানটো যুগুতোৱাৰ বিষয়ে কথা পাতিছিলো। আমাৰ বাৰ্তালৈ তাৎক্ষণিকভাৱে বাপন ক্ৰ'ৰ পৰা সঁহাৰি পাইছিলো, যিটো আছিল আমাৰ বাবে খুবেই আনন্দৰ বিষয়।
যিহওক, ইন্টাৰনেট ব্যৱস্থাৰ সুবাদতে আজি আমি বাপন ক্ৰ'ৰ পৰ্যলোচনাৰে পুনৰীক্ষণ-(২৯) প্ৰকাশ কৰিবলৈ আগবাঢ়িছো আৰু পৰ্যালোচক গৰাকীলৈ আন্তৰিক ধন্যবাদ জনাইছো। পৰ্যলোচকে একাগ্ৰতাৰে এই শিতানটো যুগুতাইছে। তথাপি ইয়াত ৰৈ যোৱা দুৰ্বলতাসমূহ আঙুলিয়াই দিবলৈ মাননীয় সদস্যসকললৈ অনুৰোধ থাকিল।
ধন্যবাদ,
ব্যৱস্থাপক,
পুনৰীক্ষণ শিতান,
আখৰুৱা : literati গোট।
১৭ নবেম্বৰ ২০১৫
________________________________________________________
পুনৰীক্ষণ-২৯ঃ পৰ্যালোচক- বাপন ক্ৰ'
জীৱন মানেই যেন এক বিৰামহীন ব্যস্ততা। পিছে ব্যস্ততাই জীৱন হয় নে নহয় সেই কথা নাজানোঁ। কিন্তু জীৱিকাৰ বাবে আমি সকলোৱে ব্যস্ত হৈ থাকো। এই ব্যস্ততাৰ মাজতেই বিভিন্ন ঘাট-প্রতিঘাটত পতিত হওঁ-- বিভিন্ন সপোন আৰু সম্ভাৱনাৰো সন্মুখীন হওঁ।
এনেদৰেই হাঁহি-কান্দোনৰ, পূর্ণতা-শূন্যতাৰ, প্রাপ্তি-অপ্রাপ্তিৰ সংমিশ্রিত অনুভৱে আমাক অনুভৱী কৰি তোল্। বুকুৰ মাজত পৰি থকা আকাৰহীন সেই অনুভৱবোৰে লাহে লাহে দাবী কৰে এটা আকৃতিৰ বা এট ৰূপৰ। তেতিয়াই সেই অনুভৱবোৰক কেতিয়াবা গীতেৰে, কেতিয়াবা ছবিৰে আৰু কেতিয়াবা কবিতাৰে আমি এটা ৰূপ দিবলৈ চেষ্টা কৰোঁ। এই চেষ্টা প্রতিজন সচেতন অনুভৱীয়ে কৰে।
নাথাকিলেই নোহোৱা ব্যস্ততাৰ মাজেৰে এনে বহু সচেতন অনুভৱীয়ে কবিতাৰ ৰূপেৰে সজোঁৱা আৰু আখৰুৱাত প্ৰকাশিত অক্টোৱৰ মাহৰ অনুভৱবোৰৰ পুনৰীক্ষণ কৰাৰ দ্বায়িত্ব সম্পন্ন কৰিবলৈ ওলাইছোঁ। ই মোৰ বাবে অতি জটিল কাম। কাৰণ মোৰ ধাৰণাৰে কবিতা হ'ল --- ৰং আৰু বেৰঙৰ, পোহৰ আৰু এন্ধাৰৰ, জীৱন আৰু অনুভৱৰ এটা ছঁয়া-ময়া ধূসৰ স্থিতি। বহু ক্ষেত্ৰত সৃষ্টি কৰোঁতাজনেও নির্ণয় কৰিব নোৱাৰে ইয়াৰ সঠিক সীমাৰেখা, চৰিত্ৰৰ বা গুণৰ। সেয়েহে বিশ্বৰ কোনো কবি বা সাহিত্যিকে আজিও যথোপযুক্ত কোনো সংজ্ঞা দিব পৰা নাই- কবিতাৰ।
ড্ৰাইডেন নামৰ কবিগৰাকীয়ে কৈছিল-"মানুহক প্রফুল্লিত কৰাটোৱেই কবিতাৰ একমাত্ৰ নহ'লেও প্রধান লক্ষ্য বস্তু।" ৱর্ডছৱর্থে কৈছিল-"উপচি উঠি আপোনা আপুনি পাৰ বাগৰি যোৱা আৱেগৰ ধলেই কবিতা।" আনহাতে ছেন্ট আগষ্টানে কৈছিল-"যাৰ বিষয়ে নুসুধিলে বহুত কিবাকিবি ক'ব পাৰি, আথচ্ সুধিলে একোৱেই ক'ব নোৱাৰি- সেয়াই কবিতা।" আৰু যে কিমানজনৰ কিমান সংজ্ঞা কবিতাৰ হকে।
তথাপিও কবিতাই যেন থাকিব বিচৰা নাই কোনোটো সংজ্ঞাতে আৱদ্ধ হৈ। যদি জীৱন ৰহস্যময়, তেন্তে ৰহস্যময় জীৱনৰ বুকুত লালিত পালিত কবিতাই সদায় নিদিষ্টতাৰ সীমনা অতিক্ৰম কৰি যাবলৈয়ে বিচাৰিব। এইয়াই চিৰন্তন আৰু শাশ্বত্।
এটা সম্পাদকীয়ত সেয়েহে মই লিখিছিলো--"কবিতাই সকলো কৰিব পাৰে- সপোনক দিঠক কৰিব পাৰে, দিঠকক সপোন। দুখীজনক সুখী কৰিব পাৰে, সুখীজনকো দুখী। কবিতাই ইচ্ছা কৰিলে খেদেলি ঘোলা কৰিব পাৰে সাগৰৰ বুকু, ইচ্ছা কৰিলে সন্ধিয়াৰ আকাশৰ পৰা চিঙিও আনিব পাৰে তিৰবিৰ তৰা।" সেই বাবেই হয়তো কোনোবা বিখ্যাত পণ্ডিতে কৈছিল -"কবিতাই হৈছে সেই কলা, যাৰ স্থান বিশ্বত সবাতোতকৈ শীর্ষত।"
গতিকে এই শীষর্ত থকা সর্বোত্তম ক'লা- কবিতাৰ সৃষ্টিও সহজ কর্ম নহয়। সাধনা আৰু চৰ্চাৰে পৰিপক্ক হোৱাৰ অন্ততহে ইয়াৰ সু-নির্মাণ কৰিব পাৰি।
এতিয়া আহো আখৰুৱাৰ অক্টোবৰ ২০১৫ মাহৰ কবিতাৰ 'পুনৰীক্ষণ'লৈ:--
প্ৰথমতেই বাছনি কৰিছো মুকুণ্ডমনি গগৈৰ এটি কবিতা।
১) • সেই নদী সিটো পাৰে তুমি এতিয়া নাজাবা • কবিঃ___ মুকুণ্ডমনি গগৈ
সেই নদীৰ সিটো পাৰে
তুমি এতিয়া নাযাবা ৷
ওভতা মানে
বহু পলম হ'ব ৷
ঘাটৰ নাৱৰীয়াইও ভাগৰত শুই
নিপালি দিব ৷
মাথোঁ সাৰে থাকিব
ওৰেটো নিশা
আকাশখনৰ মাজত এটা জোন ৷
জোনটোৱে কান্দিব
নদীখনো দুখত বাউল হ'ব ৷৷
নৈ পৰিয়া পিশাচ কিছুমানে
তোমাৰ বুকুত বহি
যেতিয়া বেশ্যা বুলি হাঁহিব খুজিব ৷
সেই নদীৰ সিটো পাৰে
তুমি এতিয়া নাযাবা ৷
ওভতা মানে
এতিয়া বহু পলম হ'ব ৷৷
সকলো কর্ম এটা সঠিক সময়ত সম্পাদন কৰিলেহে সেই কর্মটোৱে উপযুক্ততা লাভ কৰে। অন্যথা অন্যান্য সমস্যা আৰু সংকটেৰে দুৰাৰোগ্যত অসুস্থ হৈ পৰে সেই কর্মৰ অৱয়ব।
কিন্তু সেই নির্ধাৰিত সঠিক সময়ক নির্বাচন কৰাত আমি গৰিষ্ঠসংখ্যকেই ভুল কৰোঁ। ফলস্বৰূপে আমি দুখী হওঁ, হতাশ হওঁ আৰু এচাম অহিত চিন্তিতৰ পৰা লাঞ্চিত হওঁ। এনে এক অর্থকেই প্রকাশ কৰিছে কবি মুকণ্ডমনি গগৈৰ "সেই নদী সিটো পাৰে তুমি এতিয়া নাযাবা" কবিতাটোৱে। সহজ সৰল শব্দৰ ব্যৱহাৰেৰে সুখপাঠ্য হৈছে গগৈৰ এই কবিতাটো।
____________________________________________
এইবাৰ আলোচনা কৰিবলৈ লৈছো ৰাজু কলিতাৰ এটি কবিতা।
২) • তেওঁলোক সুখী আছিল • কবিঃ ___ৰাজু কলিতা
দৰিদ্ৰতাই শুকান হাঁড় চোবাই যদিও
তেওঁলোক সুখী আছিল
দেহৰ ক'লা ছালত আঁকি লোৱা নাছিল
দুখৰ শ্ৰুতলিপি
চুলিবোৰত লগা নাছিল সুগন্ধি তেল
তথাপি চুলিৰ আগত এন্ধাৰ হৈছিল ।
সুখী আছিল আইতাৰ হাঁচটি ,
জুহালত ককাদেউতাৰ সাতামপুৰুষীয়া
ঘটি-লোটা ইত্যাদি ইত্যাদি ।
বগা দাঁতত পোহৰৰ প্ৰলেপ সানি
আমি বোৰ সুখীনে আজি ?
পিতাইৰ লাখুটি ভৰত পৃথিৱীয়ে নাকান্দে ,
হয়তো আকাশেও জানে
তেওঁ লোক দৰিদ্ৰ যদিও সুখী ।
অসুখীয়া শিল্প বোৰ কঢ়িয়াই
কোনো মৌদামত সমাধিস্থ হ'ল সুখ
শিল্পবোৰ মৰা নাছিল ,
সূৰ্য্যমুখীৰ পোহৰত জিলিকি আছিল প্ৰাচীন দেৱাল ।
দুখৰ গহ্বৰত জাঁহ গ'ল আদিম মানৱ
পুৰনি সংস্কৃতি কিম্বা বুৰঞ্জী
তেওঁলোক সুখী আছিল
সুখেৰে আজি নাই মাথো
তেওঁলোকৰ সমাধি ।
দৰিদ্ৰতা এক ব্যাধি । কোনোবা ধনৰ, কোনোবা মনৰ। কবি ৰাজু কলিতাই যেন "তেওঁলোক সুখী আছিল" কবিতাটিৰ মাজেৰে সেইসকলক উল্লেখ কৰিছে, যিসকল ধনৰ দৰিদ্ৰ হৈওঁ মনৰ চহকী আছিল। যাৰ বাবে তেওঁলোক শুকান হাঁড় চোবাইও সুখী আছিল। সুগন্ধি তেলৰ গোন্ধ নাপালেও এন্ধাৰ নামিছিল মেঘালী চুলিৰে তেওঁলোকৰ। পিছে বর্তমান কিছুমান বহিৰাগত উশৃংখল শিল্প সংস্কৃতিৰ আগমনে আমাৰ সুখবোৰক সমাধিস্থ কৰিছে।
যদিও কবিয়ে উল্লেখ কৰিছে পুৰণি শিল্পবোৰৰ এতিয়াও মৃত্যু হোৱা নাই। প্রাচীন দেৱালত জিলিকি আছিল। কবিয়ে যেন পুনৰ সেই আপোন শিল্পবোৰৰ মাজলৈ আমন্ত্ৰণ কৰিছে সকলোকে। ই এটা অর্থপূর্ণ ভাল কবিতা।

দুটি কবিতা আলোচনা কৰাৰ পিছত এইবাৰ আগবাঢ়িছো পৰিমালা কোৱঁৰৰ এটি কবিতাৰ মাজলৈ।
৩) • শৰত আহিলে পৰেনে মনত • কবিঃ___ পৰিমালা কোৱঁৰ
শৰত আহিলে পৰেনে মনত
শুকুলা জোনাক ৰাতি
কুঁৱলীয়ে ঢাকি ধৰা জোন
চেঁচা চেঁচা বতাহৰ মিঠা শিহৰণ
শেৱালিৰ সুবাসে আমোলমোলাই যোৱা বতাহ চাটি
সেই যে সৰিছল চকুলোৰ দৰে
কলাপাতৰ নিয়ৰৰ টোপাল
দুৱৰিত দলিচা পাৰি শেৱালিয়ে পাতিছিল যে ফুলশয্যা
নিৰ্মল আকাশৰ শুকুলা ডাৱৰৰ চেঁকুৰ
গেঁৰ ধৰা ধানৰ কিযে এক চিনাকী সুবাস
পৰে নে পৰেনে মনত
পুৱাৰ বেলিটিৰো
কিযে লাজ
কুঁৱলীৰ আচলেৰে মুখ ঢাকি
ওঁঠত সেন্দুৰৰ বোল
দুৱৰিত জিলিকি থকা স্ফটিক
মণিৰ তিৰবিৰনি
সৰগৰ মেনকাৰ যেন চিঙি পৰা ডিঙিৰ মণি
পৰেনে পৰেনে মনত
শৰতৰ এই ছবি
প্ৰতি পল অনুপল।
উপস্থাপন এটা বিশেষ ক'লা। এই কলাৰ অভাৱৰ বাবেই বহুতো উপযুক্ত বিষয় বা যুক্তিও চকুৰ আউটিলৈ নাহে। এই কলা বহুতো কম সংখ্যকৰ মাজতহে আছে। "শৰত আহিলে পৰেনে মনত" কবিতাটিৰ মাজেৰে শৰৎ ঋতুৰ প্রকৃতিৰ সুন্দৰ বিৱৰণক উপযুক্ত উপস্থাপনেৰে কবি পৰিমালা কোঁৱৰে সেই ক'লাৰ পাৰদৰ্শিতা প্রমাণ কৰিছে। এটি সুন্দৰ কবিতা।
_________________________________
এইবাৰ আলোচনা কৰিব বিচাৰিছো, আমাৰ সামাজিক জীৱনক জৰ্জৰিত কৰা এটি বিষয়ৰ ওপৰত ৰচিত অনিতা গগৈৰ এটি কবিতা।
৪) • নাটঃ ৩০ অক্টোবৰ • কবিঃ___ অনিতা গগৈ
.
হঠাৎ ৰৈ যোৱা প্রকাণ্ড ঘড়ীটোৰ
ওলোটা দিশেৰে ঘূৰা কাটাত
কৰ্ফাল খাই চিটিকি পৰিছিল
গনেশগুৰিৰ আকাশ
.
উফৰি পৰিছিল
তেজৰে লুটুৰি পুতুৰি
ধিমিক ধামাক তৰাবোৰৰ
চপৰা চপৰে খঁহা মঙহ !
.
মঞ্চসফল নাট্যৰূপায়নৰ
শিহৰণঘন দৰ্শনীৰ শেষত,
অ'ত ত'ত পৰি থকা ছাঁবোৰ মহটিয়াই
ঘৰলৈ ঢাপলি মেলা.
বিষ্ময়াবহ শিলবোৰৰ কলিজাত
এডোখৰ ডগমগীয়া ঘা
.
আজিও
নিগৰি আছে...
টোপাটোপে তেজ !
সময় বৰ নির্দয় । নির্দয় সময়ে মানুহৰ কলিজাবোৰো নির্দয় কৰি তোলে ভিতৰি ভিতৰি। সুখ হওক বা দুখ, তাৰ আগমন যদি সম্ভাৱনা নথকাকৈ হঠাৎ হয়, সপোন সপোন যেন লাগে। আৰু আমাৰ এটা ধাৰণা আছে যে- বৰ নির্দয়তা বা হিংস্ৰতা চিনেমা বা নাটকতহে প্রদর্শিত হয়। কাৰণ দর্শকক আকৰ্ষিত কৰাৰ কথা আছে। কিন্তু আজি কালি সমাজত বা পৃথিৱীত চিনেমা নাটকতকৈও অধিক ভয়ংকৰ দৃশ্যও প্রতক্ষ্যভাৱে দেখিবলৈ পোৱা যায়।
কবি অনিতা গগৈয়ে "নাট ৩০ অক্টোবৰ" কবিতাটো গনেশগুৰিৰ অভিশপ্ত দিনটোক লৈ লিখিছে। ঘটনাটোৱে কবিৰ মন মগজুত গভীৰ আঁচ্ বহুৱাৰ বাবে শব্দেৰে এখন স্পষ্ট ছবি অংকণ কৰিব পাৰিছে আমাৰ সন্মূখত।
ইমানতেই ঊনত্ৰিছ সংখ্যক 'পুনৰীক্ষণ'ৰ সামৰণি মাৰিছো।
_________________________আগলৈ____________________________
টোকাঃ 'পুনৰীক্ষণ' শিতানত সন্নিৱিষ্ট কবিতাসমূহৰ বানান আদি পৰ্যবেক্ষকৰ দ্বাৰা শুধৰণি কৰা নহয়। সিবোৰ শুধৰোৱাৰ দায়িত্ব কবিসকলৰ ওপৰত ন্যস্ত থাকিব। পৰ্যালোচনাৰ ক্ষেত্ৰত থকা যিকোনো বানানৰ ভুল মাননীয় পাঠকসকলে দেখুৱাই দিলে, সিবোৰৰ শুধৰণি পৰ্যবেক্ষক বা ব্যৱস্থাপকে কৰিব। সেয়ে বানানৰ ভুল সমূহ উনুকিয়াই দিবলৈ মাননীয় পাঠকসকললৈ বিনম্ৰভাৱে অনুৰোধ কৰা হ'ল।
ধন্যবাদ।
মনোহৰ দত্ত
ব্যৱস্থাপক, 'পুনৰীক্ষণ' শিতান।
আখৰুৱা : literati গোট

No comments:
Post a Comment