পুনৰীক্ষণ
[জুলাই, ২০১৫-ৰ আখৰুৱাৰ কবিতাৰ পৰ্যালোচনা 'পুনৰীক্ষণ'-২৬, খণ্ড -১ , (৯ আগষ্ট, ২০১৫)]
পুনৰীক্ষণৰ এইবাৰৰ সংখ্যাৰ বাবে আলোচনা কৰিব লৈ পুনৰ এবাৰ সেই প্ৰশ্নৰ মুখামুখি হৈছো- এনে আলোচনা কৰিবৰ জোখাৰে যোগ্যতা আমাৰ আছে জানো? তথাপি দ্বায়িত্ব লৈছো যেতিয়াতো কৰিবই লাগিব- এই ভাবিয়ে কামফেৰাত হাত দিছো৷ এইবাৰৰ পুনৰীক্ষণৰ বাবে অতি কমসংখ্যক কবিতা বাছনি কৰিম বুলি মনতে ভাবি আছিলো৷ বাছনি সম্পূৰ্ণ আমাৰ নিজস্ব ৰুচি ভিত্তিত কৰা হৈছে৷ সকলো ভুলৰ বাবে মাৰ্জনা বিচাৰি এইবাৰৰ পুনৰীক্ষণৰ প্ৰথম খন্ডটি আগবঢ়ালো৷
আখৰুৱাৰ কবিতাৰ উৰ্বৰ ক্ষেত্ৰত কেতিয়াবা দুই এটি কবিতাই এক মায়াময় বুজা নুবুজা মিশ্ৰিত ভাবৰ সৃষ্টি কৰে ৷ সহজ সৰল শব্দচয়ন আৰু নিমজ আৰু সুষম বৰ্ণনাৰীতিৰ এনে কবিতাই পাঠকক মোহিত কৰে, একেসময়তে ভাবিবলৈয়ো বাধ্য কৰে৷ তেনে এক কবিতা হ'ল কবি দ্ৰিচাং বসুমতাৰীৰ ‘মাউৰা পুৱা’ নামৰ কবিতাটি৷
মাউৰা পুৱা
আমি গৈ আছিলো অসীমত ঠিকনা গুজি
গৈ থকাৰ বাটত ঝাউবনৰ ছাঁত
টেঙেচিয়া দুপৰীয়া এটা জিৰাইছিল
তুমি আঙুলিয়াইছিলা তালৈ
তোমাৰ মনটো কাৰ্শলা সাপৰ জিভাৰ আগেৰে গৈ ছাঁ খিনি পাইছিল
মই বঠাই ঠেলা পানী চাইছিলো
কিদৰে পানী কাটি পানীয়েই ঠেলে আগলৈ ..
পুৱাটো
যিখিনিৰ পৰা আৰম্ভণি আছিল এই যাত্ৰাৰ
মাউৰা ল'ৰাৰ কান্দোনৰ বোলেৰে তিতিছিল
কোনো সুখী নাছিল
কোনো সুখী হ'বলৈও নাছিল
বেলি ওলোৱাৰ আশাৰে বাট বুলিছিল পানীৰ নাওঁ
পাতনি নকৰাকৈয়ে ..
ইষ্ট দেৱতাক পিছত এৰি
আমি আগলৈ চাইছিলো
আকাশ তেতিয়া ফেঁহুজালি ফেঁহুজালি ..
আগত কৈয়ে আহিছো যে বুজা নুবুজাৰ এক মিশ্ৰিত ভাবে দোলা দি যায় মনত এনে কবিতা পঢ়িলে৷ প্ৰতিটো শাৰীত যেন এক অব্যক্ত আকৰ্ষণ৷ হয়তো দুই এটা দিশত কবিয়ে মন কৰা দৰকাৰ আছে, যিসমূহ আঙুলিয়াই দিবলৈ চেষ্টা কৰিম; তথাপি বিনা স:কোচে এই কবিতাটো এক সুখপাঠ্য কবিতা বুলি ক'ম৷কঠিনতা নহয়, বৰং যেন ছা- পোহৰৰ খেলাৰ দৰে মায়াসনা কিছু আকৰ্ষণীয় দোমোজা- ভাল লগা এক অস্পষ্টতা৷
কবিতাটোৰ শিৰোনামটো হওঁতে যথাৰ্থ নহ'ল যেন বোধ হয় আমাৰ৷এক মায়াময় বুজা- নুবুজাৰ দোমোজাৰ কথা যে কৈছিলো, শিৰোনামটোৱে তাক যেন কিছু নাকচ কৰিছে৷
বিমূৰ্ত: কবিতাটোক এতিয়া এক পটভূমি প্ৰদান (Contextualization) ৰ কথা চিন্তা কৰা হওঁক৷ কবিতাটোৱে যেন বাৰে বাৰে ক্যেমুৰ সেই বিখ্যাত কথাষাৰকে সোঁৱৰাই গৈছে যে "এটা নতুন আৰম্ভণিৰ বাবে সুখী হোৱাৰ প্ৰয়োজন নাই৷"
প্ৰথমাংশক কিছুপৰলৈ এৰি শেষাংশলৈ আহিছো প্ৰথমতে৷
"কোনো সুখী নাছিল/কোনো সুখী হ'বলৈও নাছিল/
বেলি ওলোৱাৰ আশাৰে বাট বুলিছিল পানীৰ নাওঁ/পাতনি নকৰাকৈয়ে .."
বেলি ওলোৱাৰ আশাৰে বাট বুলা পানীৰ নাওঁখন যেন আমাৰ অসমীয়া জাতীয় জীৱনহে৷ আৰু, আলোচ্য কবিতাটো যোৱা কেইটিমান দশকৰ অসমৰ সমাজ জীৱনৰ নিৰ্মোহ দস্তাৱেজ৷হয়, সঘনে টুলবুল অসমীয়া জাতীয় জীৱন যেন 'পানীৰ নাওঁ', সূৰ্যোদয়ৰ আশাৰে যি বাট বুলিছিল৷ আৰু হয়তো, 'পাতনি নকৰা' মানে সঠিক চিন্তা ভাৱনা আৰু পৰিকল্পনা নকৰা এনে যাত্ৰা অতি কন্টকীয়৷'কোনো সুখী হ'বলৈয়ো নাছিল' যেন এক নিৰ্মোহ অমোঘ সত্য৷হয়তোবা কবিৰ উদ্দেশ্য আৰু ভাব কিছু বেলেগ আছিল, কিন্তু কবিতাটোৰ হয়তো এনেভাৱেও পাঠোদ্ধাৰ কৰিবও পাৰি৷যদি ভুল হৈছে তেন্তে এই আলোচনাৰ পাঠক ৰাইজে অভাজনক ক্ষমিব৷
এতিয়া আহো কবিৰ শব্দচয়নৰ অপৰূপ বিচক্ষণতালৈ৷কিছু সুন্দৰ উপমা, মনোমোহা বৰ্ণন আৰু মিতভাষিতা কবিতাটোৰ অন্যতম সৌন্দৰ্য্য৷থাউকতে উল্লেখ কৰিবলৈ হ'লে ‘টেঙেচীয়া দুপৰীয়া’, ‘অসীমত ঠিকনা গুজি’,’ তোমাৰ মনটো কাৰ্শলা সাপৰ জিভাৰ আগেৰে গৈ ছাঁ খিনি পাইছিল’, ‘কিদৰে পানী কাটি পানীয়েই ঠেলে আগলৈ’: এনে কিছু সৰল অথচ অতীব সুন্দৰ ভাষাই মুগ্ধ কৰিলে৷ ভাব আৰু ভাষাৰ সুষম সমন্বয় কবিতাটোৰ অন্যতম বিশেষত্ব৷
ওপৰত আমি কৰা পাঠোদ্ধাৰৰ প্ৰচেষ্টা নিশ্চয় বহুলাংশে অৰ্থ আৰু পটভূমি আৰোপ কৰাৰ অযথা চেষ্টা যেন লাগিব পাৰে৷ বিমূৰ্ত: কবিতাটোৰ ভিন ভিন আৰু পৰস্পৰ প্ৰতিদ্বন্দ্বী অৰ্থ আৰু পটভূমি নিৰ্ণয় সম্ভৱ৷এইখিনিতে কবিৰ নিৰপেক্ষতা শলাগ ল'বলগীয়া৷ কবিয়ে পাঠকক সম্পূৰ্ণ স্বাধীনতা দিছে নিজস্ব আৰু সম্ভৱত: ভিন ভিন অৰ্থ আৰু পটভূমি নিৰূপণৰ৷বিনিৰ্মাণবাদী কবিতাৰ আলোচনা আমি এবাৰ পুৰণি পুনৰীক্ষণৰ সংখ্যা এটাত কৰিছিলো৷মাউৰা পুৱা কবিতাটো এক সুন্দৰ উদাহৰণ৷কিন্তু এই প্ৰয়াসে কবিতাটিৰ পাঠ্য আৰু কবিৰ মাজত দূৰত্ব আনি দিয়া নাই৷ বৰং পাঠ্য, সৃষ্টিকাৰ আৰু পাঠকৰ সম্পৰ্ক আৰু ভূমিকাত এক সুন্দৰ ভাৰসাম্যতা প্ৰদান কৰিছে৷
আমাৰ বোধেৰে এইটো এটা সাৰ্থক কবিতা৷
..................................................................................
নিসাংক মিলন দেৱৰ "পুৰুষ" শীৰ্ষক কবিতাটো এই অংশৰ পুনৰীক্ষণৰ বাবে আলোচনা কৰিবলৈ লোৱা দ্বিতীয়টো কবিতা৷হওঁতে দ্ৰিচাং বসুমতাৰীৰ কবিতাটোৰ দৰে এই কবিতাটোৱে আমাক সম্পূৰ্ণ সুখী নকৰিলে, তথাপি বিষয়বস্তুৰ দৃঢ়তাৰ বাবেই এই কবিতাটো আলোচনাৰ বাবে লোৱা হৈছে৷আন এটা কাৰণ: হয়তো আগৰ কবিতাটোৰ আলোচনাৰ ক্ষেত্ৰত আমি মাত্ৰাধিক ভাবোচ্ছাসৰ বলি হৈছো বুলি বহুতে ভাৱিব পাৰে৷ এই কবিতাটোৰ আলোচনাৰ কিছু কথাৰে আমি দ্ৰিচাং বসুমতাৰীৰ কবিতাটিৰ আলোচনাত মাত্ৰাধিক ভাবোচ্ছাসৰ বলি হোৱা নাছিলো বুলি প্ৰতিপন্ন কৰিব পাৰিম৷'পুৰুষ' শীৰ্ষক কবিতাটো প্ৰথমতেই উদ্ধৃত কৰা হ'ল৷
পুৰুষ
====
নিখোজ আঠুৱাৰ চৌহদত
এয়া কাৰ ধোঁৱাৰ শৰীৰ ?
মোৰতো নহয়,
লাওখোলাৰ কব্জা খুলি কোনে
লিৰিকি চাই মোৰ মগজুৰ গোপন তৰল;
হে প্ৰিয়তমা, মোক ভুল নুবুজিবা;
ৰাজহাড়েদি বগাই অহা ফোচঁফোচঁনিৰ মণি
জুনুকা হৈ বাজা দুভৰি
তোমাৰতো নহয়;
প্ৰতিখন দুৱাৰ খুলি উঠাৰ পিছতো
মোৰ আঙুলিত বাজি থাকে এটা টোকৰ;
সকলো ঠিকনা জনাৰ পিছ্তো
মই বাৰে বাৰে যেন হৈ পৰো নিৰুদ্দেশ;
সুখৰ দৰে সুখীতো মইে হব নোখোজো
অথবা দুখৰ দৰে দুখী ;
হয়তো সেয়ে
প্ৰাপ্তিৰ চুড়ান্ত অহংকাৰেৰে গ্ৰহণ কৰিও
মইৰ যুগে যুগে পাহৰি যাও শকুন্তলাক,
হয়তো সেয়ে
মৰ্য্যদাৰ সৰ্বোত্তম প্ৰেমৰ প্ৰাপক হৈও
মই্ অগ্নিপৰীক্ষা লও জানকীৰ, বাৰম্বাৰ;
হে সময়, কি বিচাৰি ফুৰো মই ?
কি পাব খোজো মইি-
পৃথিৱী, নৰক, স্বৰ্গ নে আকাশ ?
কি হব খোজো মই -
ঈশ্বৰ নে কিন্নৰ ?
অধীশ্বৰ হৈও স্বৰ্গৰ সিংহাসনৰ
মই যাপন কৰো অহল্যাৰ শৰীৰী নিষিদ্ধতা ;
ক’ত স্থবিৰ হব মোৰ আকাংক্ষাৰ প্ৰগতি ?
কি সোৱাদত আতৰ হব মোৰ জিভাৰ প্ৰাপ্তোত্তৰ বিস্বাদ ?
কাৰ উত্তপত গলি মোৰ প্ৰত্যাশাৰ তপত বৰফ
বৈ যাব কাৰ কাষলৈ ??
পানীৰ ভৰত দো খাই পৰে মোৰ সমুদ্ৰ,
শামুকৰ খোলাত লাগি ধৰে ঢৌৰ স্থানু সাঁতোৰ
ডিঙি মেলি চাই ৰও মইৰ সেই নাৰীৰ হৃদয়ত
মোৰ সত্তাৰ ধ্ৰুপদ বৰ্ণালী,
যাৰ নখত খোদিত থাকে মোৰ মৃত্যুৰ নিৰ্ভুল ৰাশি !
দাপোনত মইতো মোক নেদেখো,
দেখো মোৰ সেই দূৰ্দান্ত প্ৰতিৰূপক;
সৰ্বস্ব জয় কৰি আহি
বাৰে বাৰে পৰাজয় হয় মোৰ যাৰ ওচৰত
সুখৰ ৰঙীন লাটুম ঘুৰাই
মই নিচুকাই থও আত্মাক মোৰ আত্মজ শৰীৰত;
আৰু নিজৰ পৰা লুকুৱাই থও নিজক,
নিজৰ বাবে বিষাদৰ চোৰাং সংগ্ৰহত !!
প্ৰথমতেই, নিসাংক মিলনৰ এক সহজাত পাৰদৰ্শিতা হ'ল কবিতাৰ বিষয়বস্তুৰ নিৰ্বাচন৷ এই পুৰুষ শীৰ্ষক কবিতাটো এই ক্ষেত্ৰত অন্যতম উল্লেখযোগ্য৷পুৰুষ তান্ত্ৰিকতা, পুৰুষ সুলভ দম্ভালি আৰু অহংকাৰৰ এক সুন্দৰ মনস্তাত্বিক বিশ্লেষণ এই কবিতাটোৰ মূখ্য বিষয়বস্তু৷ এনে এক ব্যতিক্ৰমী আৰু তাৎপৰ্য্যপূৰ্ণ বিষয়বস্তু উপস্থাপনৰ বাবে কবি ধন্যবাদৰ পাত্ৰ৷কবিতাটিৰ দ্বিতীয়টো উল্লেখযোগ্য দিশ হ'ল যথাৰ্থ শিৰোনাম৷
আখৰুৱাৰ মঞ্চত নিয়মীয়াকৈ কাব্য চৰ্চা কৰি অহা নিসাংক মিলন তেওঁৰ সুন্দৰ শব্দচয়নৰ বাবে সমাদৃত৷ নিজৰ সহজাত বৈশিষ্টতা এইটো কবিতাটো কবিয়ে অটুত ৰাখিছে৷ কিন্তু হয়তো কোনোবাখিনিত কবি মাত্ৰাধিক উচ্ছাসৰ বলি হৈ পৰে৷ কিছু ক্ষেত্ৰত অত্যধিক জটিল আৰু আপাতত: অপ্ৰয়োজনীয় শব্দচয়নে পাঠকৰ ৰসভংগও কৰে৷ আখৰুৱা গোটত এই কবিতাটো প্ৰকাশ হওঁতেই পলাশ বৰা ককাইদেৱে কৈছিল যে প্ৰথমাংশ বাদ দি উল্লিখিত কবিতাটো এটা সুন্দৰ কবিতা৷ হয়, বিশেষকৈ প্ৰথম পংক্তিটোত শব্দৰ চাতুৰিৰ মাত্ৰাধিক আৰু অপ্ৰয়োজনীয় প্ৰচেষ্টা বহুসময়ত চকুত পৰে৷ 'নিখোজ আঠুৱাৰ চৌহদ', 'লাওখোলাৰ কব্জা', 'মগজুৰ গোপন তৰল' আদি কবিৰ মাত্ৰাধিক ভাবোচ্ছাস আৰু জটিলতা, শব্দৰ প্ৰহলিকা সৃষ্টিৰ প্ৰচেষ্টা যেন বোধ হ'ল৷ যি অপ্ৰয়োজনীয় আছিল আমাৰ দৃষ্টিত৷
দ্বিতীয় পংক্তিৰ পৰা কবিতাটোৱে এক গ্ৰহণযোগ্য সুষমতা পাইছে৷ পুৰুষালি, পুৰুষতান্ত্ৰিকতা, পুৰুষসুলভ প্ৰভুত্বতা আদিৰ উপস্থাপনৰ বাবে কবিয়ে দুষ্মন্ত্য- শকুন্তলা, অহল্যা, জানকী- ৰামচন্দ্ৰৰ উপাখ্যানৰ সহায় লৈছে৷ কবিৰ এই মননশীল উপস্থাপন শলাগিবলগীয়া৷
কিন্তু উপস্থাপন অতি কৌশলী হ'লেও তলত উল্লিখিত পংক্তিটো কিন্তু গতানুগতিকতাৰ পৰা অলপো মুক্ত হ'ব নোৱাৰিলে৷ এনে কথা আমি হাজাৰবাৰ শুনি আহিছো, মৌলিকতাবিহীন :
"পানীৰ ভৰত দো খাই পৰে মোৰ সমুদ্ৰ,
শামুকৰ খোলাত লাগি ধৰে ঢৌৰ স্থানু সাঁতোৰ
ডিঙি মেলি চাই ৰও মইৰ সেই নাৰীৰ হৃদয়ত
মোৰ সত্তাৰ ধ্ৰুপদ বৰ্ণালী,
যাৰ নখত খোদিত থাকে মোৰ মৃত্যুৰ নিৰ্ভুল ৰাশি !"
যেন stereotypical নাৰী আৰু পুৰুষৰ ভূমিকা পুন: প্ৰত্যায়নৰ অসচেতন চেষ্টা৷ই কবিতাটোৰ অভিনৱত্ব বহুখিনি হ্ৰাস কৰিলে৷পুৰুষতান্ত্ৰিকতাৰ ব্যাপ্তিও ই বহুখিনি আমাক বুজাই দিলে৷
কবিতাটিৰ আটাইতকৈ শক্তিশালী অংশ হ'ল চতুৰ্থ পংক্তিটো৷ তাত্বিক- মনস্তাত্বিক আৰু সামাজিক ক্ষেত্ৰত এটা অতি মৌলিক দিশ উথ্থাপন কৰিছে কবিয়ে চতুৰ্থ পংক্তিত, বিশেষকৈ পংক্তিটোৰ প্ৰথমাংশত৷ কবিতাটোৰ মূখ্য বক্তব্য এইখিনিতে পৰিস্ফূত হৈ উঠিছে৷
"হে সময়, কি বিচাৰি ফুৰো মই ?
কি পাব খোজো মইি-
পৃথিৱী, নৰক, স্বৰ্গ নে আকাশ ?
কি হব খোজো মই -
ঈশ্বৰ নে কিন্নৰ ?"
এই প্ৰশ্নদুটি সভ্যতাৰ ইতিহাসত প্ৰাচীনতম, চিৰন্তন, অদ্যপি সমাধানবিহীন আৰু বাৰে বাৰে উথ্থাপিত হ'বলগীয়া প্ৰশ্ন৷ কবি কিন্ত সভ্যতাৰ পুৰুষতান্ত্ৰিকতাৰ পৰা মুক্ত হৈ উক্ত প্ৰশ্ন উথ্থাপন কৰিব খুজিছে৷ ই প্ৰশংসনীয়৷ পুৰুষতান্ত্ৰিকতা আৰু পুৰুষ সমাজক আত্ম- সমালোচনা, আত্মোপলব্ধিৰ সুযোগ দিছে কবিয়ে৷ কবিয়ে এই পংক্তিটোত উল্লেখ কৰা দোমোজাটো চিৰন্তন৷কিন্তু হয়তো আত্মোপলব্ধি আৰু স্ব- অন্বেষণ অতিশয় কষ্টকৰ পুৰুষ পুৰুষতান্ত্ৰিকতাৰ বাবে৷ এইবাবেই পৰিধি ভঙাৰ দুৰ্দান্ত সম্ভাৱনা বহন কৰা এই পংক্তিৰ পিছত কবিৰ কলমে আঙুলিয়াই দিছে স্থিতাৱস্থাক৷ বাৰে বাৰে আঘাত কৰিছে স্থিতাৱস্থাৰ মূখ্য উপাদান তথা বৈশিষ্ট্যসমূহক৷ কিন্তু নতুন বাট মুকলিৰ পথ দেখুৱাৰ চেষ্টা কবিয়ে কৰিব পৰা নাই (হয়তো সচেতনভাৱে এনে প্ৰয়াসৰ পৰা কবি বিৰত আছে৷) আত্মসমালোচনাৰ কাব্যিক প্ৰয়াস অতি আদৰণীয়; কিন্তু ইয়াৰ আগলৈ কি? পুৰুষতান্ত্ৰিকতাৰ সমস্ত খুটা, ঘাইখুটা, চলি, বাটাম আদিত বাৰম্বাৰ ঘাঁপ মাৰিও কবিয়ে ভৱিতব্যৰ বিষয়ে একো যথাযথ মতামত দিব খোজা নাই৷বিষয়বস্তুলৈ চাই এনে অসম্পূৰ্ণতা অতি বাস্তৱিক আৰু সামাজিক৷কবিৰ শ্ৰেষ্ঠ কবিতা নহ'লেও আলোচ্য কবিতাটো এটা ভাল আৰু পঠনযোগ্য কবিতা৷
(

No comments:
Post a Comment