খজুৱতি'
-দেৱজিত বনিক্য
.
বান্দৰৰ ঘাঁ হ'লে হেনো
খজুৱাই খজুৱাই
ছাল বখলিয়াই মৰে
.
আমি পাঠ কৰোঁ
গঞাৰ মুখ লাগি
বহল হোৱা ঘাঁৰ বৰ্ণনা
.
ঘাঁৰ বৰ্ণনাবোৰ ছপা হয়
কাগজে-কলমে,গাঁৱে-ভুঞে
চৰাইৰ সোণালী ঠোঁটত ওলমি
উজলি উঠে ঘাঁবোৰ
.
আমি চৰাই নহয়
বান্দৰৰ বংশধৰ আমি
খজুৱতিৰ আমেজ লৈ
আমাৰ সন্তুষ্টিৰ ভূষণ যেন
ঘাঁৰ সমাধি সজাই মৰোঁ আমি
.
পুৰ্বপুৰুষৰ সেই অভ্যাস
কিদৰেনো এৰোঁ আমি
খজুৱাই খজুৱাই আত্মমগন হৈ
সামাজিকত সেই সন্তুষ্টিৰ
উন্মোচন নকৰাকৈ ।
-দেৱজিত বনিক্য
.
বান্দৰৰ ঘাঁ হ'লে হেনো
খজুৱাই খজুৱাই
ছাল বখলিয়াই মৰে
.
আমি পাঠ কৰোঁ
গঞাৰ মুখ লাগি
বহল হোৱা ঘাঁৰ বৰ্ণনা
.
ঘাঁৰ বৰ্ণনাবোৰ ছপা হয়
কাগজে-কলমে,গাঁৱে-ভুঞে
চৰাইৰ সোণালী ঠোঁটত ওলমি
উজলি উঠে ঘাঁবোৰ
.
আমি চৰাই নহয়
বান্দৰৰ বংশধৰ আমি
খজুৱতিৰ আমেজ লৈ
আমাৰ সন্তুষ্টিৰ ভূষণ যেন
ঘাঁৰ সমাধি সজাই মৰোঁ আমি
.
পুৰ্বপুৰুষৰ সেই অভ্যাস
কিদৰেনো এৰোঁ আমি
খজুৱাই খজুৱাই আত্মমগন হৈ
সামাজিকত সেই সন্তুষ্টিৰ
উন্মোচন নকৰাকৈ ।
No comments:
Post a Comment