Friday, 11 December 2015

অনুবাদ কবিতাৰ শিতান 'সন্ধান' (১২) : : : ১১ আগষ্ট/২০১৫ অনুবাদক- সাৰদা শ্ৰেষ্ঠ

'আখৰুৱা : literati' গোটৰ বিশিষ্ট সদস্য, লেখিকা তথা এইবাৰৰ 'সন্ধান' শিতানৰ কবিতাৰ অনুবাদক সকলোৰে পৰিচিত ব্যক্তিগৰাকী হ'ল সাৰদা শ্ৰেষ্ঠ। পঢ়িবলৈ ভালপোৱা তেখেতে সুবিধা অনুযায়ী সকলো ধৰণৰ লেখাই পঢ়িবলৈ ভালপায়। বিশেষকৈ মানবীয় হৃদয়স্পৰ্শী অনুভূতিবোৰে সৰুৰে পৰাই সদায়েই তেখেতক আকৰ্ষণ কৰে। কেতিয়াবা অনুভব কৰে অনুভূতিবোৰ ফুটাই তুলিবলৈ। গদ্যতকৈ বহুসময়ত কবিতাহে উপযুক্ত মাধ্যম বুলি তেখেতে ভাবে।
অনুবাদ সম্বন্ধে তেখেতে কয় যে- মৌলিক সাহিত্যৰ যেনেকৈ সমাদৰ আছে তেনেকৈ অনুবাদ সাহিত্যৰো সমাদৰ আছে। আজিকালি লেখাবোৰ এটা সীমিত ঠাইতেই আৱদ্ধ হৈ নাথাকে। উত্কষ্ট লেখাবোৰ বহু ভাষালৈ অনুদিত হৈছে বা হ'ব। এয়া লেখক পাঠক সকলোৰে বাবেই শুভংকৰ। অসমীয়া ভাষাৰ উপৰিও আন ভাষাৰ সাহিত্যৰো মাজে মাজে সোৱাদ লোৱা শ্ৰেষ্ঠই প্ৰায়েই ভাবে, তেখেতৰ ভাল লগা লেখাবোৰ 'নিজৰ ভাষালৈ অনুবাদ কৰিব পৰা হ'লে !'।
উল্লেখ্য যে দুদ্ধৰ্ষ সন্ত্ৰাসবাদী মেমনক ফাঁচি দিয়াৰ দিনাই আমাৰ সকলোৰে প্ৰিয় ভাৰতৰত্ন কালাম চাহাবক সমাধিস্থ কৰা হৈছিল। আৰু এই ঘটনা দুটাক আলম ৰূপে লৈ ফেচবুকত প্ৰকাশিত আৰ জে আৰয়ান বাৰ্মা (RJ Aryan Verma)ৰ 'याकूबने कहा कलामजीसे' শীৰ্ষক এটা সুন্দৰ হৃদয়স্পৰ্শী হি্ন্দী কবিতা সাৰদা শ্ৰেষ্ঠই সিদিনা হঠাৎ পঢ়িবলৈ পায়। কবিতাটো তেখেতৰ ইমানেই ভাল লাগিল যে- অনুবাদ কৰিবলৈ কাহানিও সাহস গোটাব নোৱাৰা মনটোত সাহস উপজিল আৰু ঠাইতেই কবিতাটো অনুবাদ কৰিলে আৰু ফেচবুকত অনুদিত কবিতাটো প্ৰকাশ কৰিলে। তেখেতক আচৰিত কৰি সময়েও সহায় কৰিলে আৰু অনুদিত কবিতাটোৱে আচৰিত ধৰণেৰে সঁহাৰিও পালে। দ্বিতীয়বাৰ বিবেক আগৰৱালৰ (Vivek Aggrawal) হিন্দী কবিতা 'बेटी बोली'-ৰ অনুবাদ কৰাৰ বাবে তেখেতক আহ্বান কবিলে আখৰুৱাৰ পৰা। সেই আহ্বান পাই তেখেত অতিশয় আনন্দিত হয় আৰু তেখেতৰ বিশ্বাস ওপজে যে তেখেত অনুবাদ কৰিবলৈ সক্ষম। সেয়ে দ্বিতীয়বাৰৰ বাবে তেখেতে বিবেক আগৰৱালৰ এই কবিতাটো অনুবাদ কৰাৰ প্ৰয়াস কৰিলে। এই ক্ষেত্ৰত তেখেতে কয় যে অনুবাদ কিমান সফল হৈছে নাজানে যদিও, যথাসম্ভৱ তেখেতে প্ৰয়াস কৰিছে মূল কবিতাটোক আঘাত নকৰাকৈ অনুবাদ কৰিবলৈ। আনপিনে অনুবাদ কৰোঁতে কেতিয়াবা হুবহু অনুবাদে কবিতাৰ মূল ভাবটোক ফুটাই তুলিব নোৱাৰে বাবে দুই এঠাইত নিজা শব্দও তেখেতে প্ৰয়োগ কৰিছে আৰু ভাল-বেয়া বিচাৰৰ ভাৰ পাঠক সমাজৰ ওপৰত এৰি তেখেতে আখৰুৱালৈ প্ৰেৰণ কৰিছে বুলি আমাক জনাইছে।
তেখেতৰ অনুদিত কবিতাটো আখৰুৱালৈ আগবঢ়ালোঁ।
ধন্যবাদ,
প্ৰশাসকবৃন্দ,
আখৰুৱা : literati গোট।
১১ আগষ্ট ২০১৫
---------------------------------
মূল হিন্দী কবিতা 'बेटी बोली'
অসমীয়া অনুবাদ- সাৰদা শ্ৰেষ্ঠ : 'জীয়েকে ক’লে'
জীয়েকে ক’লে –
মা মই ক্ৰিকেটাৰ হ’ম,
শচীনৰ দৰেই ৰেকৰ্ড ভাঙিম।
মাকে ক’লে –
লাহেকৈ ক’, সকলোৱে হাঁহিব,
আৰু দহজনে শুনিলে কি ক’ব!!
জীয়েকে ক’লে –
মা, মই পিতাৰ বেপাৰ চলাম,
সৰু দোকানখনক বিশাল কাৰ্যালয় ৰূপে গঢ়িম।
মাকে ক’লে –
লাহেকৈ ক', পিতাৰে শুনিলে খং কৰিব
আৰু দহজনে শুনিলে কি ক’ব!!
জীয়েকে ক’লে –
তেনেহ’লে মা মই নেতা হ'ম
দেশৰ অৱস্থালৈ কিছু হ'লেও পৰিবৰ্তন আনিম ।
মাকে ক’লে –
চকীত বহাৰ আগেয়েই তোক সকলোৱে উভালি পেলাব,
আৰু দহজনে শুনিলে কি ক’ব!!
জীয়েকে ক’লে –
মা, তেনেহ’লে মই কি কৰিম,
এনেকৈয়ে মই মোৰ সপোনবোৰ নিঃশেষ হ’বলৈ দিম ?
মাকে ক’লে –
জী মোৰ, তই বিয়াত বহ,
তোৰ শহুৰৰ ঘৰে তোক খুব আদৰ কৰিব।
জীয়েকে ক’লে –
মা, মিছা নামাতিবি তই,
মোৰ অনুপম পলবোৰ নিনিবি এনেকৈ কাঢ়ি!
মা, বিয়া হৈ মই শলঠেকত পৰিম,
সন্তান জন্ম দিয়া যন্ত্ৰহে হৈ পৰিম।
কন্যা ধন আনৰ ধন,
মোক উলিয়াই দিয়াৰ পিছত তয়ো একো কৰিব নোৱাৰিবি
তোৰ হাত বান্ধ খাই পৰিব।
পতি আৰু সন্তানৰ মোহেৰে মোৰো হাত বান্ধি দিয়া হ’ব।
মোৰ সোণালী সপোনবোৰ
বিয়াৰ সাজত চিতাৰ জুই হৈ জ্বলিব।
আৰু তেতিয়া তোৰ সেই দহজনেও মোক ৰক্ষা কৰিব নোৱাৰিব।
_________________________________
বিবেক অগৰৱালৰ মূল হিন্দী কবিতা-
बेटी बोली -
माँ मैं क्रिकेटर बनूँगी,
सचिन की तरह रिकॉर्ड तोडूंगी !
माँ बोली -
आहिस्ता बोल सब हसेंगे,
और फिर चार लोग क्या कहेंगे !!
बेटी बोली -
माँ मैं बाबा का व्यापार चलाऊँगी,
छोटी सी दुकान से बड़ा दफ्तर बनाउंगी !
माँ बोली -
आहिस्ता बोल बाबा गुस्सा करेंगे,
और फिर चार लोग क्या कहेंगे !!
बेटी बोली -
तो माँ मैं नेता बन जाऊंगी,
देश की हालत में कुछ तो सुधार लाऊंगी !
माँ बोली -
कुर्सी तक पहुँचने से पहले ही सब नोंच लेंगे,
और फिर चार लोग क्या कहेंगे !!
बेटी बोली -
तो माँ मैं क्या करूँ,
बस यूँहीं अपनी ख्वाहिशों को दफ़न करती रहूँ ?
माँ बोली -
बेटी तू शादी करले,
तेरे ससुराल वाले तुझसे खूब मोह जताएंगे !
बेटी बोली -
माँ झूठ न बोल,
ना छीन मुझसे मेरे ये पल अनमोल!
शादी करके मैं फंस जाऊंगी,
सिर्फ बच्चा पैदा करने की मशीन कहाऊंगी !
तू कुछ कर ना पाएगी, बेटी परायी होते ही तेरे हाथ
बांध जायेंगे,
मेरे भी हाथ पति और बच्चों के मोह से बांध दिए
जायेंगे !
मेरे सारे सपने शादी के लिबास से दफ़न कर दिए
जायेंगे,
और फिर तेरे वो चार लोग भी मुझे न बचा पाएंगे !l
_____________

No comments:

Post a Comment