আখৰুৱা : literati গোটৰ কবিতাৰ পৰ্যালোচনাঃ
পুনৰীক্ষণ-২৯ঃ দ্বিতীয় খণ্ডঃ অক্টোবৰ ২০১৫
পৰ্যালোচক- বাপন ক্ৰ'
পুনৰীক্ষণ-২৯ৰ প্ৰথম খণ্ডৰ পিছত আখৰুৱাৰ অক্টোবৰ ২০১৫ৰ অন্য কেইটিমান কবিতাৰে দ্বিতীয় খণ্ড আগবঢ়াবলৈ লৈছো। প্ৰথমতেই আলোচনা কৰিবলৈ লৈছো জোনমনি দাসৰ এটি কবিতা-
অহা জনমতঃ কবি জোনমনি দাস
অহা জনমত মই/
আকৌ জন্ম ল'ম পৃথিৱীত// মাটি হ'ব মোৰ আই/
আকাশ হ'ব মোৰ পিতা//
তুমি হ'বা মোৰ ছাঁ//
জন্মিয়েই জীৱন এটা পাম/
আৰু বাট চাম-
মাটি ফুটি ওলোৱালৈকে/ তোমাৰ গজাঁলি //
অহা জনমত মোৰ আইক তুমি/
আই বুলি মাতিবা/
মোৰ দুখক দুখন ডেউকা পিন্ধাবা //
মোৰ আয়ে মোক আকৌ শিকাব/
জীৱনৰ পাঠ//
ধান হালধীয়া গানত/
তুমি বিয়পি থাকিবা//
মই হৈ থাকিম/
তোমাৰ ছাঁটোৰ ৰখীয়া...**
শ্ৰুতি মাধুর্য্য কবিতাৰ এটা বিশেষ বৈশিষ্ট। এই মাধুর্য্যৰ সৈতে ভাৱ আৰু অর্থয়েও যদি সহযোগ কৰে তেন্তে তাৰ সৌন্দয্যই এটা বিশেষ স্থান অধিকাৰ কৰে। এনেবোৰ কবিতাই পাঠকক সহজতে আকৰ্ষিত কৰে। "অহা জনমত" শীৰ্ষক কবিতাটো হ'ল কবি জোনমনি দাসৰ তেনে এটি কবিতা। দুৰ্বোধ্যতা নাই, সহজ সৰল শব্দবোৰতকৈও অধিক কোমল আৰু সৰলতাৰ ভূমিকা লৈছে অর্থই। আইক মাটি, পিতাইক আকাশ আৰু ছাঁৰ লগত তুমি বোলা জীৱন সংগীক কৰা তুলনাই কবিতাটিক উৎকৃষ্টতাৰ স্তৰলৈ লৈ যোৱাত ভালেখিনি সহায় কৰিছে।
_____________________________________
এই খণ্ডত আলোচনাৰ বাবে বাছনি কৰা আন কেইটা কবিতা আৰু কবিৰ নাম উল্লেখ কৰি একাদিক্ৰমে আগবঢ়ালোঁ-
চাটির্ফিকেটঃ কবি সুনীল অমিয়
……………………
জনমতে
ডিঙিত ওলমি থাকে
চিল-মোহৰ লগোৱা
এখনি ৰাজপত্ৰিত পত্ৰ…
আপোনাৰ ভাষাত চাৰ্টিফিকেট
জন্মকুণ্ডলীৰ দৰে
নদীৰ দৰে সদা প্ৰৱাহমান।
আপুনি লিখা-পঢ়াত ভাল
আপুনি ভাল খেলে,
তেওঁ নাচে বৰ ধুনীয়া
বৰপেৰাত জমা হয়
এখিলা এখিলা কৈ
বাৰেৰহনীয়া ৰাজপত্ৰিত পত্ৰ।
ভাল বেয়া দুয়োবিধ চাৰ্টিফিকেটে
আটোমটোকাৰিকৈ বান্ধি ৰাখে
আমাৰ জীৱন চকৰি…
সঁচা কথা ক'বলে গলে
এজন মানুহক
আমি চাৰ্টিফিকেট বনাই ভালপাওঁ
ছাৰ্টিফিকটে চিনাকী কৰায়
তেওঁ জীৱন মহিমা……
মৃত্যুৰো থাকে চাৰ্টিফিকেট
নহলে অথলে যাব
জীৱন-বীমা
গছ, জন্তু, চৰাই-চিৰিকতি, নদী খাল বিল
মেঘ, তৰা, গ্রহ, পাহাৰ কুঁৱলিৰ মায়াজাল
ইহঁতৰ গাত নপৰে
চাৰ্টিফিকেটৰ ঘূৰণীয়া ৰবৰ ষ্টাম্প………
ছে ভুল বলকিছো
ফুল আৰু কুকুৰেও পায়
বিধে বিধে চাৰ্টিফিকেট……
কোনো চার্টিফিকেটেই
চিৰস্থায়ী নহয়
কাৰণ পৃথিৱীৰে কোনো চার্টিফিকেট নাই।
তথাপিও লাগে আমাক চাৰ্টিফিকেট
কবি সুনীল অমিয়ৰ "চাটির্ফিকেট" কবিতাটো এটা গতানুগতিক আৰু বাস্তৱমুখী কবিতা যদিও এনে এটা বিষয়কো যে কবিয়ে কবিতাৰ বিষয় হিচাপে সজাব পাৰিছে তাকে লৈ আনন্দিত হৈছোঁ। বতর্মান ৰাষ্ট্র ব্যৱস্থাত চৰকাৰী চিল মোহৰ লগোৱা চাটির্ফিকেট খনৰ অবিহনে সকলো ধৰণৰ প্রতিভা অর্থহীন। প্রতিভা থকা সকলে কিবা পাইছে পোৱা নাই পিছৰ কথা, প্রতিভাহীন অনেকেও বিভিন্ন পন্থাৰে চৰকাৰী চীল মোহৰ লগোৱা এই পত্ৰৰ গৰাকী হৈ ৰাষ্ট্রৰ সুযোগ সুবিধা আদায় কৰাৰ দৰে অনেক উদাহৰণ আমাৰ জ্ঞাত। চাটির্ফিকেট বোলা এই চৰকাৰী নথিখন যেন বতর্মান প্রতিজন ব্যক্তিৰ নহ'লেই নোহোৱা এটা সম্পদ হৈ পৰিছে। কবিৰ এই কবিতাটিত আমি ৰূপক অলঙ্কাৰ শ্ৰুতি মাধুর্য্যৰ বিষয়লৈ নাহো, কাৰণ এই কবিতাটোত বাস্তৱতাই অধিক প্রাধান্য লাভ কৰিছে আৰু বিষয়টোৱে আমাৰ দৃষ্টি আকষর্ন কৰিছে।
___________________________________________________________
খবৰঃ কবি- আলতাফ হুছেইন
লগ পালেই তেওঁ মোক সোধে
কেনে আছা
উত্তৰ বিচাৰি নদীখনৰ আটাইতকৈ
বিশ্বস্ত শিলটুকুৰাত থিয় হৈ
মই মোৰ কৰুণ আবেলিটো খৰচ কৰো,
আৰু হাতৰ মুঠিত এখন জৰাজীর্ণ আকাশ লৈ
সন্ধিয়া অকলশৰে উভতি আহো ।
মোৰ ব্যক্তিগত বোধেৰে চুটি কবিতা লিখাটো আটাইতকৈ কঠিন কাম । কাৰণ ক'ম শব্দ, ক'ম বাক্যৰে এটা অনুভৱক বা বিষয়ক সুন্দৰ ৰূপত প্রকাশ কৰাটো সহজ কথা নহয়। কবি আলটাফ হুছেইনৰ "খবৰ" কবিতাটো এটা চুটি কবিতা। কবিতাটোত কবিয়ে নিজেই নাজানে নিজৰ খবৰ। ই তেওঁৰ বোধহীনতা নহয়, এইয়া জীৱনৰ এটা বাস্তৱতা। তেওঁ নিজৰ খৱৰৰ সন্ধান কৰিছে আৰু খবৰ হিচাপে অৱশেষত লাভ কৰিছে এখন জৰাজীর্ণ আকাশ। কবিয়ে অতি কম শব্দেৰে অথচ্ অতি সুমধুৰ শৈলীৰে কবিতাটোত কেৱল নিজৰ অনুভৱক প্রকাশ কৰা নাই, জীৱন আৰু জীৱিকাৰ সৈতে যুঁজি থকা আমাৰ প্রতিজন ব্যক্তিৰ অনুভৱক প্রকাশ কৰিছে। কবিতাটোৰ প্রতিটো বাক্য পাঠকৰ হৃদয় চুব পৰাকৈ সক্ষম।আনুভৱক সঠিকভাৱে প্রকাশ কৰাত কবি সফল ।
______________________________________________________________
চকুলোঃ ০০০০০০০--- কবি- পৰিমালা কোঁৱৰ
নিশাৰ দুবৰি গচকি
তুমি অহাৰ বাটত
দুবৰিত ওলমি থকা
সেয়া মোৰেই চকুলো
তুমি ৰ' লাগি চালা
মোৰ এনে লাগিছিল
গোটেই দুবৰিডৰাকে তিয়াই পেলাম
তুমি নহাৰ অভিমানতে
দুখ লৈ সৰিছিল চকুলো
তুমিটো নাজানা
দুবৰিয়ে কন্দা নাছিল।
প্রেম আৰু প্রকৃতিৰ ভাষা সদায়ে মনোৰম। সত্য আৰু সৌন্দর্য্যক নিঃস্বার্থভাৱে প্রকাশ কৰটোৱেই যেন দুয়োৰে কাম। কবি পৰিমালা কোঁৱৰৰ "চকুলো" কবিতাটোত প্ৰেমম আৰু প্রকৃতি দুয়ো উৎসৰে মিলন ঘটিছে।কবিতাটো পঢ়ি থাকোতেই কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ "চকুলো" কবিতাটোলৈ মনত পৰিছে। দুয়োটা কবিতাৰ যেন কিছু সাদৃশ্য আছে।কবিতাটোত যদিও নিয়ৰ, শেৱালিৰ উল্লেখ নাই তথাপিও শব্দবোৰৰ উশাহ নিশাহত শৰতৰ উপস্থিতি থকা যেন বোধ হ'য়। কবিৰ ইচ্ছা, অভিমান, বিষাদ কবিতাটোত সুন্দৰ ভাৱে প্রকাশ পাইছে ।

জলজ--- কবি- সত্য বি গগৈ
এখন জলজ দাপোনত
আঁচ মাৰি আঁকি দিও সপোন
তাতে শেঁতা পৰা ৰঙত
কঁপি কঁপি সাৰ পায় জীৱন
মাটিৰ দৰেই
পানীৰ তলতো পালিত হয় উশাহ
তাতো অঘৰী সেউজবোৰেই
ভৰাই ৰাখে এমুঠি আলসুৱা বতাহ
পোহৰবোৰ উটি আহে ঢৌৰ সতে
পানীবোৰ তিৰবিৰাই
জীৱনৰ নতুন ৰঙে সুহুৰিয়াই
কবিৰ মন নাছে মলয়া বতাহৰ সতে ।
কবি সত্য বি গগৈৰ "জলজ" কবিতাটো এটা ক্যাবিক ব্যঞ্জনাৰে সজ্জিত কবিতা। কবিতাটোত ব্যৱহৃত ছন্দই কবিতাটোক সুখপাঠ্য কৰিছে। জলজ দাপোন, শেঁতা পৰা ৰং, সাৰ পোৱা জীৱন, পানীৰ তলৰ উশাহ, অঘৰী সেউজ- কবিতাটোত ব্যৱহৃত এই উক্তিবোৰে জীৱনৰ কিছুমান প্রতিচ্ছবি প্রতিফলিত কৰিছে। যিবোৰৰ প্রতিফলনে জীৱনৰ সংঘাটৰ ইংগিত দিয়ে, অথচ্ সেই সংঘাটতো জীৱনৰ গতিশীলতা অৱ্যাহত থাকে আৰু থাকে সুখ সপোনৰো সম্ভাৱনা।
_____________________________________________________________
শৰতৰ অনুভৱ--- কবিঃ মাধৱ দত্ত
মই কহুঁৱা হৈ ফুলিব খোজো
সুবিমল শুভ্ৰতাৰে উপচাব খোজো
ধুলিৰে ধুসৰিত ধৰা৷
অথচ নুফুলো৷
ফুলিব নোৱাৰো৷
ৰক্ত পিপাসু মহিষাসুৰ হঁতৰ
অত্যাচাৰত হতচকিত মা দুৰ্গা;
প্ৰানৰ মমতা
সতীত্ব ৰক্ষা
আৰু
সৃষ্টিৰ পৰম্পৰা ৰক্ষাৰ ভাৰ
অৱলা নাৰীৰ হাতত সঁপি দি
মা দুৰ্গা যেন পাতালত লুকাল!!
মই স্নিগ্ধ শেৱালী হৈ ফুলিব খোজো
জুৰ মলয়াত বিলাব খোজো মোৰ
সুকোমল সুৱাস,
আকাশত
বতাহত
উশাহত
সোমাব খোজো তোমাৰ হৃদয়ত৷
কিন্তু মই ফুলিব নোৱাৰো৷
কিয় জানানে?
তোমালোক মানুহবোৰ
বৰ স্বাৰ্থপৰ৷
ক্ষুদ্ৰ স্বাৰ্থ ৰক্ষাৰ বাবে
তোমালোকে মানুহক
মাৰো বুলিয়েই মাৰিব পাৰা৷
বোৱাব পাৰা ৰক্তধাৰা৷
পাণ কৰিব পাৰা
সদ্যোজাত শিশুৰ কলিজাৰ
কেঁচা তেজ!!
মই আকাশৰ শুকুলা মেঘ হ'ব খোজো৷
মেঘদুত হৈ
মোৰ প্ৰেয়সীক
দিব খোজো
প্ৰেমৰ প্ৰস্তাৱ৷
বিৰহী যক্ষক লগ পালে ক'ম
তোমাৰ প্ৰেয়সী
যান্ত্ৰিকতাত হেৰাই গৈছে৷
তোমাৰ নিভাজ প্ৰেম
পণ্যত পৰিণত হৈছে৷
আধুনিকতাৰ নামত
তোমাৰ প্ৰেয়সী
শালীনতাৰ সীমা চেৰাই গৈছে৷৷
হে শৰৎ!
মই সেইবোৰ একোৱেই হ'ব নোৱাৰো৷
স্নিগ্ধ জোনাকো হ'ব নোৱাৰো৷
পাৰিলে মোক ক্ষমা কৰি দিবা শৰৎ৷
তোমাৰ ৰুপত মুগ্ধ হ'ব পৰাকৈ
মোৰ সম্বল নাই৷
বলিয়া বানে উটুৱাই নিলে মোৰ হেপাহৰ
মোৰ মৰমৰ
ধন মন৷৷
ছয় ঋতুৰ ভিতৰত শৰত ঋতু মোৰ ব্যক্তিগতভাৱেও কিছু অধিক প্রিয় ।এই ঋতুত সৃষ্টিশীল সকলৰ তেজত অনুভৱৰ বৈন্যা বয় । কহুৱা, শেৱালি আৰু নিয়ৰ এই তিনিওয়ে এটা স্বর্গীয় দান হৈ নামি আহে আৰু শৰত হৈ আৱৰি ৰাখে পৃথিৱী। কবি মাধৱ দত্ত শৰতৰ মোহনাত আবৃত্ত। "শৰতৰ অনুভৱ" কবিতাটিত কবি দত্তই বতর্মানৰ বর্বৰ সমাজ জীৱনৰ এখন চিত্ৰ দাঙি ধৰিছে। যাৰ দ্বাৰা কবি খুবেই হতাশ আৰু নিৰাশ। সেয়েহে কবিয়ে শৰতৰ কোনো মাদকতাৰ সৈতে নিজক সজ্জিত কৰিব পৰা নাই। বতর্মান সমাজ জীৱনত সংঘটিত সত্যবোৰ কবিয়ে উল্লেখ কৰিছে। যিবোৰে সমাজৰ সমাজিকতাই নহয় মানুহৰ মানৱীয়তাও দিনক দিনে ধ্বংস কৰিছে। তথাপি আমি আশাবাদী মানুহ, এদিন সকলো ঠিক হ'ব আৰু কবিয়েও সকলো ঋতুৰ মাদকতাত মাতাল হ'ব। কবিতাটো সুখপাঠ্য হৈছে।
________________________________________________________________
=কবিতা= কবিঃ সঞ্জীৱ শৰ্মা
তুমি চাগে নেজানা তোমাৰ বাহিৰেও
মই কাৰোবাক ভালপাওঁ………
তাই মোৰ
ডায়েৰীে পৃষ্ঠা পূৰাই ৰাখে সদায়
তাই কেতিয়াবা হাঁহে
কেতিয়াবা কান্দে
আৰু কেতিয়াবা
বিষাদৰ গান গায়
মোৰ মনটোকে আউল লগাই
তাই মোৰ ডায়েৰীৰ পৃষ্ঠাত
উলংগহৈ নাচে
ছন্দ হেৰুৱাই পেলাও মই,
তথাপিও
তাই নিজস্ব ভংগীৰে
তোমাৰ হৃদয়ৰ পৰা
মোৰ হৃদয়লৈ
প্ৰেমৰ মালিতা বোৱাই
কাঞ্চনজংঘাত শিখৰ বগাই
সাগৰ তলিত মানিক বুটলে
ব্ৰহ্মপুত্ৰ গংগা কাবেৰীৰ বুকুতো
অবতৰত জীঁয়াঢল নমায়………!!!
"তুমি চাগে নেজানা তোমাৰ বাহিৰেও, মই কাৰোৱাক ভালপাওঁ"- কবিতাৰ শিৰোনামাৰ পৰাই আমি জানিব পাৰোঁ কবিৰ দ্বিতীয় প্রেম কবিতাৰ বাদে আন কোনো নহ'য়। প্রতিজন কবিয়ে উপলব্ধি কৰিব কবিতাৰ সৈতে তেওঁলোকৰ প্রেমৰ গভীৰতা কিমান। কবিতা যিহেতু জীৱনৰ ঘাট-প্রতিঘাটময় অনুভৱৰ শাব্দিক প্রকাশ, গতিকে হাঁহি কান্দোন আৰু বুজা-নুবুজাৰ ধূসৰতা কবিতাত থাকিব। কবি সঞ্জীৱ শর্মাৰ "কবিতা" শীর্খক কবিতাটোৱে প্রমাণ, কবিতাৰ সৈতে তেওঁৰ প্রেমৰ গভীৰতা কিমান।অৱশ্যে অৱশেষত কবিতাটোৱে কবিৰ আৰু পাঠকৰ প্রেমৰ মাধ্যম হৈ ধৰা দিছে। পাঠকৰ বাবে কবিতাটো নিশ্চিতভাৱে সুখপাঠ্য বুলিব পাৰি। কবিলৈ অভিনন্দন থাকিল।

||আহিন|| ~ কবিঃ কল্যাণী বৰ্মন
এটি নামৰ
বিস্তৃত অনুভৱ
প্ৰজ্ঞাৰ মৌ কোঁহ
চুপি চুপি
সপোনে বাট জুৰে
গুৰু-গম্ভীৰে
আহিনবুলীয়া
'হাতীপটি' পথেৰে
বুকুৰ আকাশলৈ
আৰু কুঁৱলিৰ
চাদৰ এখন মেৰিয়াই
মই তেওঁলৈ
বাট চাই ৰওঁ
মিঠা কোমল অনুভূতিৰে
প্ৰথমবাৰৰ বাবে
উন্মোচিত হোৱালৈ
সেমেকা বায়ুত
বিয়পি পৰে
শেৱালিৰ সুৱাস
দূৱৰিৰ শয্যাত
এয়া শেষ ৰাতিৰ
মধুচন্দ্ৰিকা যামিনী
বৃন্তচুত্যা শেৱালিৰ
চকুলো সনা
শুভ্ৰতা
আহিনে বুকু কঁপাই
সেউজীয়া ধাননিৰে
নজনাকৈয়ে ।
কবি কল্যাণী বমর্নৰ "আহিন" কবিতাটো এটা প্রাকৃতিক কবিতা। প্রকৃতিৰ আহ্বানৰ বাবেই ধৰালৈ আগমন ঘটে ঋতুৰ। কবিয়ে উল্লেখ কৰা "আহিন" নামৰ কবিতাটোত কবিয়ে আহিনৰ গুণ-গৰিমাৰে বর্ণনা কৰিছে। বর্ষাকালৰ পিছতে আমাৰ ধৰালৈ শৰতকালৰ আগমন ঘটে আৰু আহিন মাহৰ পৰাই শৰত আৰম্ভ হয়। এই মাহৰ পৰাই প্রকৃতিলৈ এটা অপ্রকাশ্য পৰিৱর্তনৰ আৰম্ভণি হয়। প্রকৃতিৰ এই পৰিৱর্তনে মানুহৰ মনলৈও পৰিৱর্তন আনে। গতিকে এই কবিতাক এককভাৱে কেৱল প্রাকৃতিক কবিতা বুলিলেও সঠিক নহ'ব। চুটি চুটি বাক্যৰে শৰতৰ সুন্দৰ বর্ণনা কবিয়ে আগবঢ়াইছে। অৱশেষত কবিয়ে উল্লেখ কৰা "অসুৰ বধৰ আখৰা আমাৰ মনৰ পৰাই আৰম্ভ হওক" তাপয্যপূর্ণ।

( ভিতৰৰ অসুৰ বধৰ আখৰা
আমাৰ মনৰ পৰাই হওক )
এটি অকবিতাৰ প্ৰস্তাৱনা এনে হ'ব পাৰে নেকি বাৰু !
অদৃষ্ট সমীপেষু ※ কবিঃ বিক্ৰমাদিত্য বৰুৱা
আপুনি পুঁজিবাদ বিৰোধী বক্তৃতা দিয়ে
আমি এজাউৰি হাততালি দিওঁ
ধৰ্মৰ নামত আপুনি ভয় দেখুৱাই
আমি ডাইনী হত্যা কৰোঁ
সাপে খোঁটা আত্মাৰ শিৱ উলিয়াবলৈ
আমি ছাঁয়াবাজত আঁঠু লওঁ
আপুনি আশিস্ দি গৈ থাকে আমাক
কপাল নয়নেৰে ৷
সমাজ সেৱাৰ গ্লেমাৰাছ পাঠ দিয়ে অভ্যস্ত দুহাতেৰে !
আপুনি শিকাই
বেশ্যাৰ প্ৰাৰ্থনা গুৰিয়াবলৈ
আমি শিকোঁ নিজক খুন কৰি গৈ থাকিবলৈ
নিজৰ আঁৰ হৈ অনাথ শিশুক বলাৎকাৰ কৰিবলৈ
আমি শিকি গৈ থাকোঁ
কাৰ পদলেহনত কিমান জখলা বগাব পৰাৰ গৱেষণা
ভিকহুৰ ভেঁটীহীন প্ৰাৰ্থনা মাফযোগ্য নহয় আপোনাৰ
আপুনি প্ৰথম বিশ্বৰ স্বনামধন্য
তৃতীয় বিশ্বৰ অন্নদাতা
স্ব-পতিতাৰ কোষৰ অপত্য-পুৰঠ নষ্ট ৰক্ত আপুনি !
হে জিন্দাবাদ মুৰ্দাবাদৰ অদৃষ্ট
আপোনাক পূজি পূজি
আমি
তৃতীয় বিশ্বৰ ছাঁয়াবাজ-প্ৰেমী ভক্ত ! #
শৰতৰ অনুভৱ--- কবিঃ মাধৱ দত্ত
মই কহুঁৱা হৈ ফুলিব খোজো
সুবিমল শুভ্ৰতাৰে উপচাব খোজো
ধুলিৰে ধুসৰিত ধৰা৷
অথচ নুফুলো৷
ফুলিব নোৱাৰো৷
ৰক্ত পিপাসু মহিষাসুৰ হঁতৰ
অত্যাচাৰত হতচকিত মা দুৰ্গা;
প্ৰানৰ মমতা
সতীত্ব ৰক্ষা
আৰু
সৃষ্টিৰ পৰম্পৰা ৰক্ষাৰ ভাৰ
অৱলা নাৰীৰ হাতত সঁপি দি
মা দুৰ্গা যেন পাতালত লুকাল!!
মই স্নিগ্ধ শেৱালী হৈ ফুলিব খোজো
জুৰ মলয়াত বিলাব খোজো মোৰ
সুকোমল সুৱাস,
আকাশত
বতাহত
উশাহত
সোমাব খোজো তোমাৰ হৃদয়ত৷
কিন্তু মই ফুলিব নোৱাৰো৷
কিয় জানানে?
তোমালোক মানুহবোৰ
বৰ স্বাৰ্থপৰ৷
ক্ষুদ্ৰ স্বাৰ্থ ৰক্ষাৰ বাবে
তোমালোকে মানুহক
মাৰো বুলিয়েই মাৰিব পাৰা৷
বোৱাব পাৰা ৰক্তধাৰা৷
পাণ কৰিব পাৰা
সদ্যোজাত শিশুৰ কলিজাৰ
কেঁচা তেজ!!
মই আকাশৰ শুকুলা মেঘ হ'ব খোজো৷
মেঘদুত হৈ
মোৰ প্ৰেয়সীক
দিব খোজো
প্ৰেমৰ প্ৰস্তাৱ৷
বিৰহী যক্ষক লগ পালে ক'ম
তোমাৰ প্ৰেয়সী
যান্ত্ৰিকতাত হেৰাই গৈছে৷
তোমাৰ নিভাজ প্ৰেম
পণ্যত পৰিণত হৈছে৷
আধুনিকতাৰ নামত
তোমাৰ প্ৰেয়সী
শালীনতাৰ সীমা চেৰাই গৈছে৷৷
হে শৰৎ!
মই সেইবোৰ একোৱেই হ'ব নোৱাৰো৷
স্নিগ্ধ জোনাকো হ'ব নোৱাৰো৷
পাৰিলে মোক ক্ষমা কৰি দিবা শৰৎ৷
তোমাৰ ৰুপত মুগ্ধ হ'ব পৰাকৈ
মোৰ সম্বল নাই৷
বলিয়া বানে উটুৱাই নিলে মোৰ হেপাহৰ
মোৰ মৰমৰ
ধন মন৷৷
কবি বিক্ৰমাদিত্য বৰুৱাৰ "অদৃষ্ট সমীপেষু" কবিতাটো এটা সামাজিক কবিতা। বতর্মান সমাজ জীৱনৰ এখন স্পষ্ট ছবি কবিয়ে কবিতাটোত অংকণ কৰাত সফল হৈছে। সফল হৈছে এই বাবেই বুলিছোঁ, কাৰণ কবিতাটোৰ প্রতিটো বাক্য শক্তিশালী, তথা নিৰ্ভীক। কবিতাটো পঢ়িলে প্রতিজন পাঠকে স্পষ্টৰূপত বতর্মানৰ আমাৰ সামাজিক ব্যৱস্থাটোক দেখিবলৈ পাব।

_______________________________________________________________
পৰ্যালোচনাৰ বিষয়ে অলপ কথা
'পুনৰীক্ষণ'ৰ ২৯ সংখ্যক খণ্ডটো যুগুতোৱাৰ ক্ষেত্ৰত হয়তো আৰু কিছু কবিতা সামৰি লোৱাৰ প্ৰয়োজন আছিল। কিন্তু ব্যক্তিগত অসুবিধা বা ব্যস্ততাৰ বাবে তথা এইটো মোৰ প্ৰথমটো প্ৰচেষ্টা হিচাপে মাত্ৰ কেইটামান কবিতাৰ সামান্য আলোচনাহে সম্ভৱ হ'ল। আলোচনাত সামৰিব নোৱাৰা অনেক ভাল কবিতা অক্টোবৰ মাহত আহিছিল। সেয়ে সেই সকল কবিলৈ আমাৰ আন্তৰিক ধন্যবাদ জনাইছো আৰু সিবোৰ সামৰিব নোৱাৰা বাবে ভুল নুবুজিবলৈ অনুৰোধ কৰিছো। ইয়াত যি কেইটিমান কবিতাৰ পুনৰীক্ষণ কৰিছো সেয়া হয়তো উন্নতমানৰ নাই হোৱা। মাননীয় মনোহৰ দত্ত ছাৰৰ উৎসাহ আৰু সহায় অবিহনে সম্ভৱ নাছিল, তেখেতলৈ অশেষ ধন্যবাদ জনাইছো।
শেষত পাঠকসকলে প্ৰথমটো খণ্ডত দেখুওৱা উৎসাহৰ শলাগ লৈছো আৰু এই খণ্ডাটোলৈও তেখেতসকলৰ মতামত জনাব বুলি আশা ৰাখি 'পুনৰীক্ষণ'ৰ ২৯ সংখ্যক খণ্ডটোৰ সামৰণি মাৰিছো।

ধন্যবাদ,
বাপন ক্ৰ'
৩০ নবেম্বৰ ২০১৫

No comments:
Post a Comment