Friday, 11 December 2015

দুৱাৰ ___দাদুল ভূঞা

দুৱাৰ
___দাদুল ভূঞা
সেইখন দুৱাৰ নুখুলিবা
যিখন দুৱাৰ মেলি দিলে বৈ আহে
তেজৰ গোপন নদী
তোমাৰ নামেৰেই মৃত্যু হওক
মোৰ প্রতিটো সন্ধ্যা
চিগাৰেটৰ ধোঁৱাত বিলীন হওক
জালুকবাৰীৰ দুপৰীয়া
কীটছক এবাৰ সোধা বসন্তৰঙী চোলাটো
তেওঁ ইমান কিয় ভাল পাইছিল ?
খৰাং পথাৰত কার্লমাক্সৰ চকুলো সৰা দেখিছানে
দেখিছানে আইৰ আচঁলৰ তলত লুকাই থকা শুকান কামিহাঁড়
ভোকৰ শৰশয্যাত জ্বলি জ্বলি চাঁই হোৱা
এখনি দুৱাৰ
একবিংশ শতিকাৰ
তোমাৰ অবর্তমানত সেই দুৱাৰ ময়ে
শিলগুজি বন্ধ কৰি থলো
যেতিয়ালৈকে আয়ে স্বাধীনতা নাপায়
তেতিয়ালৈকে সেইখন দুৱাৰ নুখুলিবা
যেতিয়ালৈকে মোৰ বুকুত নুফুলে গোলাপ
তেতিয়ালৈকে সেই দুৱাৰ নুখুলিবা
প্রয়োজন হ'লে
তোমাৰ নামেৰে মৃত্যু হওক মোৰ
নাইবা একবিংশ শতিকাৰ

No comments:

Post a Comment