Friday, 11 December 2015

শেষ চিঠি ______পলাশ বৰা

শেষ চিঠি 
______পলাশ বৰা
শেষ বাটটোত তেওঁ অকলে ৰৈ আছিল
তেতিয়া বতাহ বলা নাছিল, চৰায়ে গোৱা নাছিল গান
সৰি পৰিব খুজিও ৰৈ আছিল নিয়ৰ এটোপাল
ৰৈ ৰৈ কোনে বিনাইছিল সেই দুপৰ ৰাতি
কোনে কাৰ কপালৰ সেন্দুৰ দিছিল মচি
কাৰ বুকুত বৰফ হৈছিল স্বপ্নৰ নিৰৱধি নদী
হাতত আত্মহত্যাৰ চিঠি লৈ তেওঁ আহিছিল উভতি!

No comments:

Post a Comment