Saturday, 5 December 2015

"বিশ্বাস"-সুব্ৰতা গোস্বামী

"বিশ্বাস"-সুব্ৰতা গোস্বামী


একা বেকা ৰাস্তাটোৰে গাড়ীখন গৈ
আছিল।শৰীৰটো এবাৰ সোঁফালে,এবাৰ
বাওঁফালে হাওলি
যায়।প্ৰচণ্ড গৰমৰ মাজতো গাড়ীৰ তীব্ৰ
গতিত বাৰে বাৰে বতাহে কোবাই গৈছিল
দেহটো।ভাগৰতে তাইৰ চকুৰ পতা জাপ খাওঁ
খাওঁ অৱস্থা।ছিটটোতে ভেঁজা দি অলস
দেহটো এৰি দিছিল তাই।কাষত বহি
থকাজনৰ কান্ধত মূৰটো থ'বলৈ কিয় জানো
সংকোচ হৈছিল।সেয়ে তাই সামান্য বেকা
হৈ মূৰটো ছিটটোতে আঁউজিবলৈ বুলি
পেলাই দি চকু দুটি মুদি দিলে।কেইটিমান
মূহুৰ্ত পাৰ হৈছিল তেনেকৈয়ে।তেনেতে
তাই অনুমান কৰিলে,কাষত থকাজনৰ কান্ধখন
ঠিক যেন তাইৰ মূৰটোৰ ওচৰত।তাই মন
কৰিলে তেওঁ
নিজে চিধা হৈ বহি পৰিছে ক্ষন্তেকতে।
প্ৰশান্তিৰে তাইও এইবাৰ মূৰটো কাষত
থকাজনৰ কান্ধখনত এৰি দি আশ্বাসত চকুৰ
পতা জপালে।
.

No comments:

Post a Comment