অসতী ৰাধা মিচন
____দীপৰাজ
____________________
বৃন্দাবনে লীলা কৰে কৃষ্ণৰ সহিতে
আলিংগনে মেৰিয়াই লৈয়া ৰাসলীলা কৰে
ৰাধাক কোলাত লৈ কৃষ্ণ হেৰাই যায়
বৃন্দাবনৰ বাগিচা জোনে মেৰিয়াই
নিলাজ ৰাধা,
ফুল চিঙিব গৈ আজিও কৰিলি দেৰি
স্বামী অনয় ৰৈ আছে পূজাৰ পীৰা পাৰি !
অসতী নাৰী, নষ্ট নাৰী
স্বামী ভঞ্জিও কৃষ্ণৰ লগত কিহৰ হলিগলি
কেঁচা যৌৱনত কালিমা সানিলি
লুভীয়া কৃষ্ণক বুকুত গুজি
অনয়ৰ শয্যা উকা কৰিলি!
ছিঃ ছিঃ যৌৱনা ৰাধা
কৃষ্ণৰ কামুক চলনাত
নষ্ট কৰিলি সতীত্ব..........
স্ত্ৰীৰ চকুত স্বামীয়ে দেখে ত্ৰিভুৱন
কেনেকৈ থাকিব অনয়
কিদৰে শুধৰাব বেশ্যা আচৰণ!
কি নিবি ৰাধা অনয়লৈ
আধাপোৰা বুকু
নে এহালি নিলাজ চকু....
(স্বামীৰ ঘৰে যি সকলো সহিতে পাৰে
সতী হয় তেৱে যুগে যুগে এহি ত্ৰিভুৱনে
____দীপৰাজ
____________________
বৃন্দাবনে লীলা কৰে কৃষ্ণৰ সহিতে
আলিংগনে মেৰিয়াই লৈয়া ৰাসলীলা কৰে
ৰাধাক কোলাত লৈ কৃষ্ণ হেৰাই যায়
বৃন্দাবনৰ বাগিচা জোনে মেৰিয়াই
নিলাজ ৰাধা,
ফুল চিঙিব গৈ আজিও কৰিলি দেৰি
স্বামী অনয় ৰৈ আছে পূজাৰ পীৰা পাৰি !
অসতী নাৰী, নষ্ট নাৰী
স্বামী ভঞ্জিও কৃষ্ণৰ লগত কিহৰ হলিগলি
কেঁচা যৌৱনত কালিমা সানিলি
লুভীয়া কৃষ্ণক বুকুত গুজি
অনয়ৰ শয্যা উকা কৰিলি!
ছিঃ ছিঃ যৌৱনা ৰাধা
কৃষ্ণৰ কামুক চলনাত
নষ্ট কৰিলি সতীত্ব..........
স্ত্ৰীৰ চকুত স্বামীয়ে দেখে ত্ৰিভুৱন
কেনেকৈ থাকিব অনয়
কিদৰে শুধৰাব বেশ্যা আচৰণ!
কি নিবি ৰাধা অনয়লৈ
আধাপোৰা বুকু
নে এহালি নিলাজ চকু....
(স্বামীৰ ঘৰে যি সকলো সহিতে পাৰে
সতী হয় তেৱে যুগে যুগে এহি ত্ৰিভুৱনে
No comments:
Post a Comment