মে, ২০১৫-ৰ আখৰুৱাৰ কবিতাৰ পৰ্যালোচনা 'পুনৰীক্ষণ'-২৪, খণ্ড -১ : জুন ২৪ ২০১৫
কবিতাই পেটৰ ভোক প্ৰত্যক্ষভাৱে নুগুচাব পাৰে কিন্তু কবিতা হ'বপাৰে মনৰ অৱসাদ দূৰ কৰাৰ অন্যতম উপায় । মানসিক সুস্থতাই পেটৰ ভোকক উৎভ্ৰান্ত বা উচ্ছৃংখল হোৱাত বাধা দিব পাৰে। পৰোক্ষভাৱে সেয়ে কবিতাই ভোকক নিবাৰণ কৰিব নোৱাৰিলেও দমন কৰিব পাৰে । মাটি-ভেটিৰ বাবে হতাহতি কৰাসকলক কবিতাই সুমতি দিব পাৰে । স্বাৰ্থ সিদ্ধিৰ বাবে তেজৰ নৈ বোৱাই দিবলৈ কুণ্ঠাবোধ নকৰাসকলকৰ বাবে কবিতা সঠিক দিক নিৰ্ণায়ক হ'ব পৰা সম্ভাৱনাক আমি কনোপধ্যে নুই কৰিব নোৱাৰো। শিপা হেৰুওৱা মানুহৰ মগজুত কবিতাই জাতীয় চেতনাৰ বীজ ৰোপণ কৰিব পাৰে। কিন্তু কবিতাৰ এই কৰণীয় ইমান সহজেই সম্ভৱ নহয়। ইয়াৰ বাবে কবিতা এটা হ'ব লাগিব অতি উচ্চ মানবিশিষ্ট । কবিতা এটাই পাঠকসকলক মন্ত্ৰমুগ্ধ কৰিব পাৰিব লাগিব, তেতিয়াহে আমি কবিতাৰপৰা যুগান্তকাৰী ফল আশা কৰিব পাৰোঁ । তাৰ বাবে সাধনা লাগিব । পাঠক-কবি আৰু কবি-কবিৰ পাৰস্পৰিক আলোচনা লাগিব । ফেচবুকৰ অন্যতম গোট 'আখৰুৱা" এই ক্ষেত্ৰত সদায়ে ধনাত্মকভাৱে ব্যতিক্রম পাই আহিছো । আমি প্ৰায়ভাগেই উদীয়মান। আখৰুৱাৰ মজিয়াত কবিতা বিষয়ক হোৱা আলোচনাই আমাক নি:সন্দেহে উপকৃত কৰি আহিছে । মে' মাহৰ কবিতাসমূহৰ পুনৰীক্ষণ কৰাৰ গুৰুদায়িত্ব পূৰ্বপৰিকল্পনামৰ্মে মোৰ ভাগত পৰিল। মোৰ সামৰ্থ অনুযায়ী আলোচনাটো খণ্ড আৰু অংশ অংশকৈ ইয়াত আগবঢ়ালো । সময়মতে আলোচনাটো আগবঢ়াব নোৱাৰৰ বাবে মই ক্ষমাপ্ৰাৰ্থী। লগতে অনিচ্ছাকৃত ভুলবোৰ যেন আঙুলিয়াই দিয়ে ।
প্ৰথম ভাগ(মে' সংখ্যা )
(ক)
"এপ্লাই কৰিছা?" শব্দ দুটাই পঢ়ুৱৈক ক্ৰমাগতভাৱে আকৰ্ষণ কৰি নিয়ে সুনীল অমিয়ই অনুবাদ কৰা কবিতা "ময়ূৰপংখী"ৰ ভিতৰলৈ ।মূল কবিতাটো সুবোধ সৰকাৰৰ। পঢ়ুৱৈ মন্ত্ৰমুগ্ধ হৈ সোমাই পৰিব পৰা গুণ কবিতাটোত আছে। চৰিত্ৰ এটাক মূল কৰি লিখা কবিতাটোৱে আমাৰ সমাজ ব্যৱস্থাৰ বহু দিশ উদঙাই দিছে ।
"ল'ৰা বেয়া হ'লেও বিপদ
বেয়া হ'লেও ...
বেয়া হ'লে চুবুৰী(চুবুৰি)টোৱে অভিশাপ দিব
ভাল হ'লে
আমেৰিকাই নিব"
আমাৰ সমাজখনক প্ৰয়োজন হোৱা ভালবোৰ ধনৰ বলত বিক্ৰী হয়, বেয়াখিনিয়ে সমাজখনক কলুষিত কৰিবলৈ আমাৰ ওপৰত দৃষ্টি দি থাকে । আমাৰ দেশত লাখ লাখ অনাহাৰে থকা শিশু আছে। তেনে শিশুৰ বাবে আমি জানো সাধ্য অনুযায়ী কিবা কৰিব নোৱাৰো? কিন্তু কি কৰিব পাৰো? কবিতাটোৰ সমাপ্তিলৈ চালেই এনে প্ৰশ্নৰ উত্তৰ পাঠকে পাব। আনহাতে মহিলা পুৰুষৰ সমানেই আগবঢ়া যদিও লিংগ বৈষম্য কমি যোৱা নাই। এইকথাখিনি পাঠকলৈ কবিয়ে আগবঢ়াইছে এনেদৰে - "একেবাৰে কমকে হ'লেও
উনৈছজন কবি-লিখক-অধ্যাপকে ক'লে
এজন ল'ৰা, ল'ৰা নহয় তোমাৰ এজনী ছোৱালীৰো দৰকাৰ"
সমীয়া সাহিত্যত অনুবাদ সাহিত্যৰ সংখ্যা তেনেই তাকৰ । সুনীল আলিম্যানৰ এনে অনুদিত কবিতাই পুঢ়ুৱৈ আৰু কবি সকলোকে উপকৃত কৰিব বুলি মোৰ দৃঢ় বিশ্বাস
==========================
Prabhakar Sarma Neogৰ "বাৰিষাৰ বতৰত" কবিতাটোৱে এখন সুন্দৰ পাৰস্পৰিক আকৰ্ষণৰ ছবি ফুটাই তুলিছে । ডাৱৰ আৰু সূৰুয(সুৰুজ নহয় )ৰ লুকা-ভাকু বাৰিষাৰ মূল চৰিত্ৰ । সেই লুকা-ভাকুৰ মাজত বিজুলীৰ হাঁহিতো আছেই। বাৰিষাৰ বুকুত সেউজীয়াই পুৰঠ হৈ মানুহৰ মনৰ কঠিনতাক কিছু কোমল কৰে। ৰোৱনী-দাৱনীৰ সৈতে হালোৱাৰ ধেমালিয়ে বাৰিষাক বানপানীৰ দুখৰ মাজতো সুখ দিয়ে । কবিৰ মনত বাৰিষা প্ৰেমৰ সৌধ। এনেবোৰ কথা কবিতাটোত পৰিস্ফুট হৈছে। কবিয়ে বানানৰ ওপৰত গুৰুত্ব দিব লাগিব । উদাহৰণস্বৰূপে সুৰুজ নহয় সূৰুযহে বা দুৰৈৰ নহয় দূৰৈৰহে। বিষয়বস্তুঃ সুন্দৰ যদিও ভাষাৰ ব্যৱহাৰত গুৰুত্ব দিলে মানবিশিষ্ট কবিতা হ'লহেঁতেন বাৰিষাৰ বতৰত । Prabhakar Sarma Neogৰ ভৱিষ্যৎ উজ্জ্বল কামনা কৰিলো ।
============================
মে, ২০১৫-ৰ আখৰুৱাৰ কবিতাৰ পৰ্যালোচনা 'পুনৰীক্ষণ'-২৪, খণ্ড -১ (খ)
হীৰকজ্যোতিৰ "জনা আছে" কবিতাটোৰ শব্দ ব্যৱহাৰ সুন্দৰ । শব্দৰ সঠিক ব্যৱহাৰে কবিতা এটাক সুন্দৰ কৰি তোলে। আনহাতে কবিতা এটা পাঠকভেদে দৃষ্টিভংগী বেলেগ হ'ব পাৰে । কবিৰ ভাবৰ সৈতে তেতিয়া পাঠকৰ ভাবৰ পাৰ্থক্য আহিব পাৰে। এটা উচ্চ মানৰ কবিতাই বহুকেইটা অৰ্থ বহন কৰিব পাৰে । একতাৰ শক্তিৰ কথা কবিয়ে "জনা আছে"ৰ জৰিয়তে আমাক সোঁৱৰাই দিছে বুলি আমি ভাবিব পাৰোঁ । বৰ্তমানৰ অগ্নিগৰ্ভা পৃথিৱীত মানুহ মানুহৰ প্ৰধান শত্ৰু । মানুহৰ মাজত বন্ধুত্ব, ভাতৃত্ববোধৰ অভাৱ। কবিয়ে কুঁহিলাৰ জৰিয়তে পাঠকক একতাৰ কথা কৈছে । বিশেষকৈ কবিতাটোৰ এইখিনিত আমি তাকেই পাওঁ --- কুঁহিলাৰ বান্ধ এটাই /মালভূমিৰ কোৰ্হালতো/ধৰি আহিল ইপাৰ-সিপাৰ/চাৰিওপাৰ"। অভিজ্ঞতা আৰু অধ্যয়নে কবিৰ কবিতাক ইয়াতকৈও অধিক মনোগ্ৰাহী কৰিব বুলি আমাৰ দৃঢ় বিশ্বাস ।
===========================
ক্ষমতা, শক্তি, বিশ্বাস, আবেগৰ অপব্যৱহাৰৰ ভয়ংকৰ পৰিণতি বৰ্তমান অসমৰ প্ৰায় প্ৰতিটো জাতি-গোষ্ঠীৰ খাটিখোৱা চামে ভুগিবলগীয়া হৈছে । বৰ্তমান অসমৰ এনে জলন্ত ছবি এখন অংকুৰজ্যোতি বুঢ়াগোহাঁয়ে তেওঁৰ "শান্তিৰ সন্ধানত" শীৰ্ষক কবিতাটোত দেখুৱাইছে । লেতেৰা ৰাজনীতি, ক্ষমতাৰ লোভ বা স্বাধীনতাৰ ধূসৰ সপোনত মানুহ দিকভ্ৰান্ত হৈ পৰিছে । মনবোৰ হৈ পৰিছে একো একোখন শিলৰ টকলা পাহাৰ । ভাই-ককাইৰ মাজত হিংসা এতিয়া ঘৰে ঘৰে ঘটা ঘটনা । নীৰহৰ তেজত সাঁতুৰি এচামে আকৌ স্বাধীনতাৰ সপোন দেখে। সেয়ে দৈনিক সংঘটিত হয় ভয়ানক হত্যাকাণ্ড, জ্বলে শ শ ঘৰ। "শান্তিৰ সন্ধানত" আমি দেখা পাওঁ জাতীয়তাবোধৰ মায়া। যি কবিতাটোৰ এইখিনিত পাঠকে স্পষ্টভাৱে পাব---
"সকলোচোন মোৰেই আপোন!/মই অসমৰে অসমীয়া/একতা(একটা নহয় )ৰ ডোলেৰে গঢ়া মোৰ জাতি অপৰূপা /"
শান্তি-ভাতৃত্ববোধৰ আহ্বানো কবিতাটোত আমি দেখিবলৈ পাও। কেৱ্ল বিষয়বস্তুঃ ভালহ'লেই যথেষ্ট নহয় । পাঠকক মন্ত্ৰমুগ্ধ কৰিব পাৰিলেহে কবি আৰু কবিতা সফল হ'ব। আগতেই কৈছোঁ ইয়াৰ বাবে লাগিব সাধনা । অধ্যয়নে পৰিপক্বতা আনে। সেয়ে কবিগৰাকীলৈ মোৰ আহ্বান সাধ্যনুযায়ী অধ্যয়ন কৰে।
==========================
মে, ২০১৫-ৰ আখৰুৱাৰ কবিতাৰ পৰ্যালোচনা 'পুনৰীক্ষণ'-২৪, খণ্ড -১ (গ)
আধুনিক মানেই হৈছে যুক্তি , বোধ আৰু বিচাৰেৰে গ্ৰহণ আৰু বৰ্জন কৰিব পৰা ক্ষমতা । কিন্তু আমি সকলোৱে এই নীতিৰ পৰা আঁতৰি গৈ এতিয়া গ্ৰহণ কৰিছো অন্ধ আধুনিকতা । এই আধুনিকতাৰ ফলশ্ৰুতিতেই আমি ব্যস্ত হৈ পৰিছো বৰ্হিজীৱনৰ অন্ত:সাৰ শূণ্য উপাসনাত । প্ৰতিযোগিতাৰ দৌৰাত্মক গতিত আমি হেৰুৱাই পেলাইছো আপোনজনৰ মৰম, ভালপোৱা আৰু সংগসুখৰ সংজ্ঞা ।
ছালেকিন হাছান বাপ্পীয়ে তেওঁৰ "নিমিলা অংক" কবিতাটোত উক্ত অনুভৱখিনিয়ে ব্যক্ত কৰিছে । আধুনিক সমাজৰ বিচিত্ৰতা, বিভিন্নতা, আৰু জটিলতাই কবিক হতাশ কৰিছে । কবিতাটোত কবিৰ বিষাদ আৰু ব্যৰ্থতাৰ ছবি দেখা পোৱা গৈছে । জীৱনৰ দৌৰত কবিয়ে কি পালে, কি নাপালে সেয়া বিচাৰি হাবাথুৰি খাইছে । এটা নিমিলা অংকই আমাক যেনেকৈ অনাকাংক্ষিত উত্তেজনা আৰু বিভ্ৰান্তিকৰ পৰিস্থিতিলৈ লৈ যায় কবিয়েও জীৱন
অংকৰ সমিধান বিচাৰি সেয়া একেই সমস্যাৰেই সন্মুখীন হৈছে । বাহ্যিক পৃথিৱীৰ কৃত্ৰিমতাৰ বাবে কবিয়ে মনৰ ভাৱবোৰ যেন কোৰো আগত প্ৰকাশ কৰিব পৰা নাই । তেওঁ মনে মিলা সংগীৰ অভাৱ অনুভৱ কৰিছে । সেয়ে তেওঁ কৈছে এই অস্থিৰতাই তেওঁৰ হৃদয়খন পুৰি পুৰি ছাই কৰিছে ।
______________________________________________
মে, ২০১৫-ৰ আখৰুৱাৰ কবিতাৰ পৰ্যালোচনা 'পুনৰীক্ষণ'-২৪, খণ্ড -১ (ঘ)
আদিম অৱস্থাৰ পৰা মানুহৰ মানসিক আৰু শাৰীৰিক উত্তৰণ ঘটি আজিৰ অৱস্থা পাইছে । মানুহে গুহাৰ পৰা আহি অট্টালিকা সাজিবলৈ সক্ষম হৈছে , চহৰ-নগৰ গঢ়িছে তথাপিও প্ৰকৃতিৰ সন্মুখত মানুহ আজিও দুৰ্বল । অলপতে নেপালে প্ৰকৃতিৰ বিভীষিকা দেখিছে, সেই বিভীষিকাত সমগ্র বিশ্বৰ লগতে কবি নিৰ্জণ নীৰৱ বৰফুকনৰো আত্মা কঁপি উঠিছে, সেয়ে তেওঁ ভূঁইকঁপ(ভূঁই-কঁপ) শীৰ্ষক কবিতাটোত লিখিছে--- ঘপহ্কৈ কঁপনিটো জুই হৈ জ্বলিল/ঘৰবোৰ জ্বলিল খহিল"
মানুহৰ কল্পনাৰ ইশ্বৰক মানুহৰ সুবিধাজনকৈ মানুহেই সৃষ্টি কৰিছোঁ । মানুহৰ সুবিধাৰ বাবেই মানুহ আচল ইশ্বৰ বা প্ৰকৃতিৰ বিপৰীত দিশত খোজ দিছোঁ, সেয়ে বিপদৰ সময়ত প্ৰকৃতি বা মানুহৰ ইশ্বৰে মানুহক সহায় সহায় নকৰে। এই কথাবোৰেই কবিৰ ভাবেৰে পাঠকক ক'ব বা আমি ভাবিব পাৰো পাঠকক বুজাব খুজিছে এইদৰে -- শিলৰ তলত চেপা খাই ৰ'ল প্ৰাৰ্থনাৰ ঈশ্বৰ/পাঁচদিন(পাচদিন) পাঁচৰাতি
কবিৰ মন কোমলতাৰে ভৰা। নিৰ্জণ নীৰৱ বৰফুকনো ইয়াৰ ব্যতিক্ৰম নহয় । ভূঁইকঁপৰ সংহাৰত সৰ্বস্ব হেৰুওৱাসকলৰ দুখত তেওঁৰ মনে হাহাকাৰ কৰি উঠিছে তাৰ স্পষ্ট প্ৰকাশ ঘটিছে কবিতাৰ শেষ স্তৱকত। তাত তেওঁ লিখিছে --কাৰ ওঁঠৰ হাঁহি লৈ ওলাই গ'ল বতাহজাক/চৌপাশে এজাৰ নিজাৰ পৰা বেজাৰ । কবিতাটোত আমি এটা কথা স্পষ্টৰূপত পাওঁ । কবিয়ে ক'তো পাঠকলৈ আহ্বান জনোৱা নাই কিন্তু ইয়াত কবিৰ চতুৰতাহে প্ৰকাশ পাইছে । কিছুমান বিষয়বস্তু আৰু শব্দ বা ভাষা ব্যৱহাৰৰ চতুৰতাত পাঠকৰ প্ৰতি আহ্বানৰ প্ৰয়োজন নাথাকে । আহ্বানতকৈ কবিয়ে পৰিণতিকহে অধিক গুৰুত্ব দিছে । শেষত ভূঁইকঁপৰ ক্ষেত্ৰত এটা কথায়ে ক'ব খোজো যে নিৰ্জণ নীৰৱ বৰফুকনৰ ইয়াতকৈ ভাল কবিতা আগতে পঢ়িছো আৰু মোৰ এটা ব্যক্তিগত অনুভৱ কবি নিজেও যেন কবিতাটোৰ জৰিয়তে আত্মসন্তুষ্ট হ'বপৰা নাই
=====================
অনিতা গগৈ আশাবাদী কবি। আশাবাদী কবি কল্পনাপ্ৰিয়ও । কল্পনা কিছু কিছু মানুহৰ বাবে জীয়াই থকাৰ ইন্ধনস্বৰূপ(প্ৰেৰণা নহয় ) হৈ পৰে। তাতে আকৌ মানুহজন কবিমনৰ হ'লে কল্পনা সংশ্লিষ্টগৰাকীৰ কল্পনা জীয়াই থকাৰ প্ৰধান সম্বল হৈ পৰে। অনিতা গগৈৰ কবিতা শীৰ্ষক কবিতাটোত কল্পনা আৰু আশাৰ দপদপনি পাঠকে প্ৰতিটো শব্দতে অনুভৱ কৰিব । কল্পনাৰ আকাশত বিচৰণ কৰি কবিয়ে যদি কেতিয়াবা নিজকে নদীৰ মাছৰ লগত তুলনা কৰিছে কেতিয়াবা আকৌ শামুকৰ পেটত থকা মুকুতাৰ লগত তুলনা কৰিছে। কবিতাটোৰ ক'ৰবাত যদি কবিয়ে অতীতলৈ ঘূৰি চাইছে ক'ৰবাত আকৌ ভৱিষ্যতৰ কথা ভাবিছে। তেওঁ লিখিছে --" দুভৰিৰ আঙুলিৰ ফাঁকেৰে বৈ গৈছে/মোক উটুৱাই.../ দিশহাৰা হৈ/স্থিতিহীনতাত/এটা বালিকণাৰ বুকুত খোপনি লৈ ভাবিছো/মই মোক ক'ত ৰুই দিওঁ ?"। কবি আশাবাদী বাবেই নিজকে স্থিতিহীন বুলি কৈও শামুকৰ পেটত থিতাপি লৈ মুকুতা হোৱাৰ কথা ভাবিছে। মুকতাৰ দৰে সুন্দৰ অনুভৱ এটা পাঠকক দি কবিতাটোৰ সুন্দৰ পৰিসমাপ্তি ঘটাইছে এইদৰে-- " জোৱাৰ সাবটি(সাৱতি) অহা শামুকৰ পেটত/কিজানিবা হ'বই পাৰোঁ এটা মুকুতা/সাগৰ সাঁতুৰি, আকাশলৈ চোৱা..."
যিবোৰ মানুহক নিৰাশাই ছানি ধৰে তেওঁলোকৰ বাবে অনিতা গগৈৰ কবিতাটো প্ৰেৰণাদায়ক হ'ব পাৰে। য'ত কবিয়ে বালিকণাৰ বুকুতো নিজকে সুৰক্ষিতৰূপত কল্পনা কৰিব পাৰিছে। কবিতাটোত ভাবৰ গভীৰতা আছে। সুন্দৰ শব্দৰ ব্যৱহাৰেৰে "কবিতা" শীৰ্ষক কবিতাটো সুখপাঠ্য কবিতা বুলি ক'ব পাৰি। ভৱিষ্যতে গগৈৰ পৰা ইয়াতকৈও আৰু ভাল কবিতা আমি আশা কৰিলো ।
______________________________________
মে, ২০১৫-ৰ আখৰুৱাৰ কবিতাৰ পৰ্যালোচনা 'পুনৰীক্ষণ'-২৪, খণ্ড -১ (ঙ)
কবিয়ে কেতিয়াবা নিজৰ সৈতে কথা পাতে। নিজকে জুখি চাই নিজৰ সৈতে। নিজক জুখি চালেই নিজৰ সন্মুখতে ধৰা দিয়ে নিজৰ বহুকেইটা ৰূপ । কবিৰ তেনে একান্ত আত্মলোচনাৰ সময়তেই কবিয়ে নিজকে কেতিয়াবা দুখৰ সাগৰত ককবকাই থকা দেখে অথবা কেতিয়াবা কল্পনাৰ জোৱাৰত উটি-ভাহি ফুৰে । তেনেকৈ কবি নিশাংক মিলনে আত্মলোচনা কৰি "স্মৃতিৰ টি নাৰ্চিচাছ"ত পাঠকলৈ আগবঢ়াইছে এইদৰে--- "নিজক খুলি থৈ মই পিন্ধি লও মোৰ বিষন্ন পোছাক !/মোৰ পৰা যিমান দূৰত মই থাকো/ঠিক সিমান দূৰতেই থমকি ৰওক/শান্তিৰ এই ওষ্ঠলগ্ন বিষাদ / নিজকে জুখি চোৱাৰ সময়তে কবিয়ে বিষাদকো শান্তিৰ সমপৰ্যায়ৰ কৰিছে। ঠিকেই কিছুমান বিষাদৰ অনুভৱ সঁচাকৈয়ে সুখানুভূতিত পৰিণত হয়। কথাখিনি অযুক্তিকৰ নহয়। উদাহৰণস্বৰূপে কাৰোবাৰ সৈতে হোৱা বিচ্ছেদে দুখ দিয়ে কিন্তু বিচ্ছেদৰ পিছৰ সময়চোৱাত সংশ্লিষ্টগৰাকীৰ স্মৃতিয়ে আমাক চকুপানীৰ লগতে সুখানুভূতিতেৰেও আৱৰি নাৰাখে জানো ? অৱশ্যে কবিৰ ভাবনাৰ সৈতে পাঠকৰ ভাবনাৰ অমিল থাকিব পাৰে কিন্তু শব্দৰ উপযুক্ত ব্যৱহাৰে কবিতা এটাক বিভিন্ন ভাবনাৰে সংপৃক্ত কৰি ৰাখে, তেতিয়া কবিতাটোৰ মান বহু ওপৰলৈ উঠে । নিশাংক মিলনে "স্মৃতিৰ টি নাৰ্চিচাছ"ত নিজৰ বিষয়ে কৈছে ঠিকেই কিন্তু দুখৰ মাজতো কিদৰে সুখ বিচাৰি উলিয়াব পাৰি সেই কথা কৈছে যাৰ দ্বাৰা পাঠক নিশ্চিতভাৱে উপকৃত হ'ব। কবিতাটোত কবিয়ে ""ভাল"""ৰ আশাক বাদ দিয়া নাই । সেই অনুভৱ পাঠকলৈও এৰিছে। কবিতাটোৰ শেষত ধুনীয়া আশাভৰা ভাবনা এটাৰেই কবিয়ে কবিতাটো এৰিছে এইদৰে -- "কোনেনো জানে কিজানি জীয়াই আছো ময়ো(মইও)/প্ৰতিবিম্ব হৈ আন কাৰোবাৰ, এখন এমুখীয়া দৰ্পনত"। কবিটোৰ শব্দ চয়ন সুন্দৰ ।ভাষাও শক্তিশালী । কবিতাটোৰ এটা গুৰুত্বপূর্ণ কথা হৈছে কবিতাটোৰ ক'তো মেদবহুলতা নাই । নিশাংক মিলনৰ পৰা আগলৈও আমি এনে কবিতাৰ আশা কৰিলো ।
==========================
আমি প্ৰতিগৰাকী মানুহে জীৱনৰ সময়ে সময়ে কেতিয়াবা পিছলৈ ঘূৰি চাওঁ । কেতিয়াবা মিঠা স্মৃতিয়ে আমাৰ ওঁঠত হাঁহি বিৰিঙায়, কেতিয়াবা আকৌ স্মৃতিৰ কৰুণতাই আমাৰ বুকু গধুৰ কৰি তোলে । অৱশ্যে মানুহৰ স্মৃতিৰ জোলোঙা সুখতকৈ দুখেৰেহে ভৰি থাকে। কবি বিক্ৰমাদিত্য বৰুৱাৰ সোঁৱৰণিৰ জোলোঙাৰ খবৰ আমি তেওঁৰ "শোক" শীৰ্ষক কবিতাটোত পাও । আপোনজনক হেৰুওৱাৰ মুহূৰ্ত কবিয়ে পাহৰিব পৰা নাই লগতে কবিৰ দৃঢ় বিশ্বাস আপোনজনেও সেই মুহূর্তক বুকুত জীয়াই ৰাখিছে । কবিয়ে সেয়ে "শোক"ৰ শেষ স্তৱকত লিখিছে এইদৰে --- "তয়ো জান'/ময়ো জানো/তেতিয়াৰ পৰাই/তোৰ মোৰ চহৰৰ চুবুৰিয়ে চুবুৰিয়ে ফুলিছে /সোঁৱৰণিৰ ভিজা বাট..." বিক্ৰমাদিত্য বৰুৱাৰ "শোক" এটা চুটি কবিতা । এটা সুখপাঠ্য কবিতা ।

No comments:
Post a Comment