নাৰী
-সুব্ৰতা গোস্বামী
.
চুই দিলো,
জাপ খাই গ'ল লাজুকী লতা।
তাইৰ সেউজীয়াবোৰ জানো সেউজীয়া নহয়?
তাই জানে, তাই হ'ব নোৱাৰে ওখ
ইউকেলিপ্তাছৰ দৰে।
তথাপি,
তাইৰ পাতবোৰ জানো সেউজীয়া নহয়?
সেউজীয়া বাবেই গছবোৰ মোৰ প্ৰিয়।
সেউজীয়া বাবেই কিন্তু প্ৰিয় নহয় লাজুকী লতা।
এই যে চুই দিওঁ,
জয় পৰি ৰয় তাই,
আকৌ ঠন ধৰি উঠে…
মই বিচাৰি পাওঁ তাইৰ মাজতে মোৰ প্ৰিয় নাৰীক।
লাজৰ আভৰণ আতঁৰাই তাই যেন মোলৈ চাইছে।
অভিমানী চাৱনি,
মনত সংশয়,
হৃদয়ত কঁপনি!!
এইবোৰ জানো বুজি পাই লাজুকী লতাডালে?
হয়তো পায়!
হয়তো আপোনাৰ অজ্ঞাতে সকলো দেখিও তাই উচুপে,
সংগোপনে।
-সুব্ৰতা গোস্বামী
.
চুই দিলো,
জাপ খাই গ'ল লাজুকী লতা।
তাইৰ সেউজীয়াবোৰ জানো সেউজীয়া নহয়?
তাই জানে, তাই হ'ব নোৱাৰে ওখ
ইউকেলিপ্তাছৰ দৰে।
তথাপি,
তাইৰ পাতবোৰ জানো সেউজীয়া নহয়?
সেউজীয়া বাবেই গছবোৰ মোৰ প্ৰিয়।
সেউজীয়া বাবেই কিন্তু প্ৰিয় নহয় লাজুকী লতা।
এই যে চুই দিওঁ,
জয় পৰি ৰয় তাই,
আকৌ ঠন ধৰি উঠে…
মই বিচাৰি পাওঁ তাইৰ মাজতে মোৰ প্ৰিয় নাৰীক।
লাজৰ আভৰণ আতঁৰাই তাই যেন মোলৈ চাইছে।
অভিমানী চাৱনি,
মনত সংশয়,
হৃদয়ত কঁপনি!!
এইবোৰ জানো বুজি পাই লাজুকী লতাডালে?
হয়তো পায়!
হয়তো আপোনাৰ অজ্ঞাতে সকলো দেখিও তাই উচুপে,
সংগোপনে।
No comments:
Post a Comment