Wednesday, 23 December 2015

অনুবাদ কবিতাৰ শিতান 'সন্ধান' (১৩) : অনুবাদক- জোনা নায়ক

জোনা নায়ক, আখৰুৱাৰ এগৰাকী ঘনিষ্ট সদস্য তথা কবিতাৰ অনুবাদৰ প্ৰতি আকৃষ্ট। 'সন্ধান' শিতানলৈ জোনা নায়কে এইবাৰ 'সন্ধান' শিতানলৈ আগবঢ়াইছে, বিশিষ্ট কবি কমলা দাসৰ মূল ইংৰাজী কবিতা Words-ৰ অসমীয়া অনুবাদ 'শব্দ'।

শব্দ-

মোৰ চৌপাশ আবৰি শব্দ, শব্দ আৰু শব্দ
এপাত দুপাতকৈ শব্দবোৰ বাঢ়ে মোৰ শৰীৰত
ঠিক যেনেকৈ গছ এডালত বাঢ়ে চিৰ সেউজীয়া পত্ৰ
কাহানিও স্তব্ধ নহয় সিহঁতৰ বৃদ্ধিৰ ৰৰৈয়া গতি
মোৰ অন্তৰৰ পৰা…

পিচে মই নিজকে কওঁ,
বৰ আপদীয়া এই শব্দবোৰ,
সিহঁতৰ পৰা সাৱধান,
সিহঁত যে হৈ পৰিব পাৰে বহু কিবা কিবি,
এটা ফাঁট
দৌৰি গৈ য’ত হঠাতে থমকি ৰওঁ, মূৰ তুলি চাবলৈ,
হয়তো সিহঁত হ’ব পাৰে
বিকল তৰংগৰে ভৰা এখন সাগৰ,
জলন্ত অগ্নিসখাৰ এক বিস্ফোৰণ,
অথবা
প্ৰশস্ত বন্ধুৰ ডিঙি ৰেপিব খোজা এখন ছুৰী…

হয়, শব্দবোৰ বৰ আপদীয়া কিন্তু ৷

গছত পাত বঢ়াৰ দৰেই সিহঁত মোৰ শৰীৰত বাঢ়ে,
এনে লাগে যেন কেতিয়াও ৰুদ্ধ নহয় সিহঁতৰ আগমন,
অতি আভ্যন্তৰৰ কোনো এক নিৰ্জনতাৰ পৰা…
_________________________________________

Words
by Kamala Das

All round me are words, and words and words,
They grow on me like leaves,
they never Seem to stop
their slow growing
From within…
But I tell my self,
words Are a nuisance,
beware of them,
they Can be so many things,
a Chasm where running feet must pause, to Look,
a sea with paralyzing waves,
A blast of burning air or,
A knife most willing to cut your best Friend's throat…
Words are a nuisance, but.
They grow on me like leaves on a tree,
They never seem to stop their coming,
From a silence, somewhere deep within…

লিংকঃ http://www.poemhunter.com/poem/words-431/

জোনা নায়কৰ জন্ম অসমৰ বৰপেটাত আৰু তাতে ডাঙৰ দীঘল হৈ দ্বাদশ শ্ৰেণীলৈকে পঢ়াৰ পিছত যোৰহাট কৃষি বিশ্ববিদ্যলয়ত পঢে৷ তাৰ পিছত দিল্লীত কেইবছৰমান থাকে আৰু এতিয়া কেলিফৰ্ণিয়াৰ চেন ডিয়েগোত Sanford Burnham Prebys Medical Discovery Institute-ত তেওঁ কৰ্মৰত। জন্মস্থানৰ পৰা সুদূৰত থাকিও অসমৰ মাটি, সংস্কৃতি, সাহিত্যৰ প্ৰতি জোনাৰ আছে এক গভীৰ অনুৰাগ।

'সন্ধান' শিতানৰ পৰা সোধা দুটা কথাৰ উত্তৰত জোনাই কৈছে-

সন্ধানঃ কবিতাৰ অনুবাদ তুমি কিয় কৰা?

জোনা নায়কঃ কবিতা এটা পঢ়ি ভাল লাগিলে সেইটো মাতৃভাষাত কেনে লাগিব সেয়া চাবলৈ মন যায়, সেই কাৰণে৷ দুই এটা কবিতা আগতে লিখাৰ চেষ্টা কৰিছো যদিও অনুবাদ কৰাৰ মোৰ প্ৰথম চেষ্টাটো বৰ আকস্মিক৷ সেই দিনটো আছিল যোৱা বছৰ আন্তৰ্জাতিক নাৰী দিৱসৰ আগদিনা৷ নাৰী বিশেষ কবিতা এটা লিখিবলৈ সিদিনা খুব মন গৈছিল, কিন্তু নিশা বহু দেৰিলৈকে মনলৈ অহা ভাববোৰক কবিতাৰ আঁকাৰ দিব পৰা নাছিলো৷ সেয়ে উপায় নাপাই নিকি জিওভানিৰ ’Woman’ কবিতাটো অনুবাদ কৰি চাইছিলো৷ পিচত তেখেতৰ ‘A poem of friendship’ টোও কৰিছিলো৷তেনে দুটামান অনুবাদ কবিতা ইতিমধ্যে আখৰুৱাৰ ’সন্ধান’ শিতানত প্ৰকাশ হৈছে৷

সন্ধানঃ অনুবাদৰ বাবে বিশেষ কবিতা এটা কিয়?

জোনা নায়কঃ কথাটো এনে ধৰণৰ ৷ সাহিত্যৰ ক্ষেত্ৰখনত মই বেছি পঢ়া-শুনা কৰা নাই৷ প্ৰাত্যহিক ব্যস্ততাৰ আহৰিত সুবিধা হ’লে কেতিয়াবা ক’ৰবাত কবিতা এটা পঢ়িলো, কিবা কাৰণত কেতিয়াবা ইমানেই ভাল লাগে যে অনুবাদ কৰিবলৈ মন যায়৷ সীমিত সামৰ্থ্যৰে কৰা ভাবানুবাদটো যদি মূল কবিতাটোৰ সমানেই মোৰ ভাল লাগে তেতিয়া সেই ভাললগাখিনি আনৰ সতে ভগাই ল'বলৈ মন যায়৷

সন্ধানঃ এই প্ৰয়াস চলাই নিবা আৰু আগলৈও 'সন্ধান' শিতানলৈ অনুবাদ কবিতা পঠিয়াবা।

জোনা নায়কঃ ধন্যবাদ। যি পাৰোঁ সহযোগ নিশ্চয় কৰিম।

সন্ধানঃ ধন্যবাদ জোনা নায়ক, 'সন্ধান' শিতানলৈ তুমি আগবঢ়াই অহা সহযোগিতাৰ বাবে।

মালৱিকা বৰা ব্ৰহ্ম,
পৰিচালক, 'সন্ধান' শিতান।
আখৰুৱা : literati গোট।
১ ছেপ্টেম্বৰ ২০১৫
________________________________________________

Biography of Kamala Das poet:

Kamala Surayya / Suraiyya formerly known as Kamala Das , (also known as Kamala Madhavikutty, pen name was Madhavikutty) was a major Indian English poet and litterateur and at the same time a leading Malayalam author from Kerala, India. Her popularity in Kerala is based chiefly on her short stories and autobiography, while her oeuvre in English, written under the name Kamala Das, is noted for the fiery poems and explicit autobiography.

Her open and honest treatment of female sexuality, free from any sense of guilt, infused her writing with power, but also marked her as an iconoclast in her generation. On 31 May 2009, aged 75, she died at a hospital in Pune, but has earned considerable respect in recent years.
_____________________সমাপ্তি___________________
 — with Manohar Duttaand Jona Nayak.

ভাষাৰ আঁত ধৰি.......______________মৃণালকান্তি মেধি

ভাষাৰ আঁত ধৰি.......______________মৃণালকান্তি মেধি
"শুনক,শুনাওক; লাইফ মেকাওক“
অসমীয়া ভাষাত ভাত ৰান্ধে, চাউল সিজায়, পাচলি কুটে, মাছ বাছে, চাহ কৰে বা তপতায়, ৰুটি সেকে বা পোৰে, লুচি ভাজে, পিঠা ভাজে বা পোৰে, ৰাষ্টা-পদূলি নিৰ্মাণ কৰে, ঘৰ সাজে, ছবি আঁকে, গীত লিখে, সুৰ কৰে বা সৃষ্টি কৰে, চুলি কটায়, দাড়ি খুৰায়, চিৰা, সান্দহ খুন্দে, ধান বানে, ধান দায়, ঢোল চোৱায়, দহি বাটে, বেণী গোঠে, ফুলনি পাতে বা সাজে, কঠিয়া পাৰে, বৃক্ষ ৰোপণ কৰে বা ৰোৱে, তেল পেৰে, গামোছা বোৱে, জা-জলপান তৈয়াৰ কৰে, জীৱন বা সমাজ গঢ়ে, বোলছবি নিৰ্মাণ কৰে, গল্প-কবিতা লিখে বা সৃষ্টি কৰে ইত্যাদি অতগাল অসমীয়া স্বতন্ত্ৰ ক্ৰিয়া (ধাতুৰূপ/VERB)ক হিন্দি “बन“ (বন, বনা) নামৰ ঘাতক ধাতু বা ক্ৰিয়া (KILLER VERB)টোৱেই হত্যা কৰি আহিছে৷ সেয়ে এই হত্যাকাৰী ক্ৰিয়াৰ প্ৰভাৱত আজিকালি আমি ভাত বনাওঁ, চিকেন বনাওঁ, মাছ বনাওঁ, পুখুৰী বনাওঁ, ফুলনি বনাওঁ, ৰাষ্টা-পদূলি, ঘৰ, দলং, চিনেমা, গান, ৰুটি, চাহ, জীৱন, সমাজ, চুলি, দাড়ি যিমান আছে, সকলো কেৱল বনাওঁহে৷ সকলোতে “বন“ বা “বনা“ ধাতুৰূপটো লগাই দিলেই হ‘ল৷ দুৰ্ভাগ্যজনকভাৱে পঢ়াশলীয়া পুথিতো এই “বনা“ই নাগৰিকত্ব লৈ পেলাইছে কিতাপ যোগানধাৰী ঠিকাদাৰ কিছুমানৰ অনুগ্ৰহত৷
শব্দৰ আমদানি ভাষাত অৱধাৰিত৷ ভাষাৰ পৰিৱৰ্তন, সংৱৰ্ধন নতুবা বিৱৰ্তনে এটা ভাষাৰ পৰা অইন এটা ভাষালৈ হোৱা শব্দৰ আমদানিক স্বীকাৰ কৰি লয়৷ আৰু আমদানিকৃত শব্দৰ প্ৰয়োজন-সাপেক্ষ সুস্থ ব্যৱহাৰে ভাষাক পৰিৱৰ্ধিত কৰে৷ (অৱশ্যে ক্ৰিয়া বা ধাতুৰূপৰ আমদানি ভাষাৰ বাবে নিৰাপদ বা স্বাস্থ্যকৰ নহয়৷ আমদানি হ‘লে বিশেষ্যৰ আমদানি বা গ্ৰহণ হ‘ব পাৰে৷ যেনেঃ কিতাব, কলম, দোৱাত, স্কুল, মাষ্টৰ, দৰখাস্ত আদি আমদানিকৃত বিশেষ্য শব্দ৷ ই ভাষাৰ সৌষ্ঠৱ হানি কৰা নাই) য‘ত আমি বিকল্প ক্ৰিয়া এটা বিচাৰি নাপাওঁ বুলি খাটাং হওঁ, তাত হয়তো “বনা“ৰ প্ৰয়োগ গ্ৰহণীয় ,যিহেতু “বনা“ই সকলোকে গ্ৰাস কৰি স্থায়ী পট্টা লৈছেই৷ ভাষাৰ সৰলীকৰণৰ দোহাই দি সকলো থলুৱা ক্ৰিয়াক মৃত্যুদণ্ড দি থকাৰ পৰিণতি(ফলশ্ৰুতি নহয়)ত ভাষাৰ বিকাশ হোৱা নাই, বিনাশ হৈছে৷ ঘন কাঁইটযুক্ত ইলিছ(ইলিশ্ ) মাছৰ খিচখিচিয়া কাঁইটেই ইয়াক বৰালি মাছ, ৰৌ মাছতকৈ পৃথক বৈশিষ্ট্য প্ৰদান কৰাৰ নিচিনাকৈ কৰ্মানুযায়ী থকা সুকীয়া ধাতুৰূপ বা ক্ৰিয়াবোৰেও অসমীয়া ভাষাৰ বিশিষ্টতা আৰু মৌলিকতা প্ৰমাণ কৰে৷ এয়াই ভাষাৰ সবল, সাৰ্থক আৰু সমৃদ্ধিশালী স্বকীয়তা৷ গতিকে এই স্বকীয় বৈশিষ্ট্যক অন্ততঃ সৃজনশীল(সৃজনীশীল নহয়) কৰ্মৰ সতে জড়িত লোকসকলে প্ৰথমেই গুৰুত্ব দিয়া উচিত৷ কাৰণ তেওঁলোকৰ দৈনন্দিন লিখা-মেলাৰ যোগেদিহে ভাষাৰ মান্যৰূপটো ৰক্ষিত হৈ থাকে৷ ইংলিচত আমি এনে ভুলবোৰ নকৰিবলৈ সদাসতৰ্ক থাকোঁ৷ mother makes rice, Ram makes hair, Ram makes a song বুলি আমি জানো কওঁ বা লিখোঁ?
পুনশ্চঃ ধৰি লোৱা হ‘ল হিন্দি “বন“ ধাতুটোৰ সলনি ইংলিচ MAKE ধাতুটো অসমীয়াত সোমাই পৰিল আৰু খাৰখোৱা আমাৰ অসমীয়া জিভাত পৰি ই থলুৱা “মেক“ হৈ গ‘ল৷ তেতিয়া MAKE ৰ ব্যৱহাৰ কেনে হ‘ব এবাৰ চাওঁ, যেনে ঃ মাই ভাত মেকালে, মোৰ ঘৈণীয়়ে তাম্মাম চিকেন মেকায়, জুবিনে নতুন গান এটা মেকাইছে, নগেনৰ লাইফ মেকি(বনি) গ‘ল, দেউতাই কষ্টকৈ ঘৰটো মেকাই থৈ গ‘ল আৰু BIG F.M.ৰ শ্লগানটো হ‘বগৈ “শুনক,শুনাওক; লাইফ মেকাওক“
____________________________________________________
টোকাঃ আমাৰ অনুৰোধক্ৰমে গোটৰ মাননীয় সদস্য মৃণালকান্তি মেধিয়ে তেখেতৰ উল্লিখিত লেখাটো আমালৈ পঠিয়াইছে। কাৰিকৰী অসুবিধাৰ কাৰণে তেখেতে নিজে গোটত প'ষ্ট কৰিব নোৱাৰা বাবে মৃণালকান্তি মেধিৰ এই বিশেষ লেখাটো গোটত উপস্থাপন কৰিলোঁ আৰু লিখকলৈ আন্তৰিক ধন্যবাদ জনালোঁ।
প্ৰশাসকবৃন্দ,
আখৰুৱা : literati গোট
২২ ডিচেম্বৰ ২০১৫

Tuesday, 22 December 2015

'চানেকি' শিতানঃ নবেম্বৰ, ২০১৫ আলোচকঃ লোচন কৌশিক

সাহিত্য সাধনাত ব্ৰতী আখৰুৱা গোটৰ 'চানেকি' শিতানটো হ'ল আখৰুৱাৰ অন্যতম এটি শিতান। নবেম্বৰ/২০১৫ সংখ্যাৰ সাতসৰী আলোচনীৰ পৰা প্ৰথমে বাছনি কৰিছোঁ কবি প্ৰাচুৰ্য বৰাৰ "ৰঙা পৰুৱা" নামৰ কবিতাটি।আহক প্ৰথমে কবিতাটি পঢ়ি চাওঁ-
.
ৰঙা পৰুৱাঃ কবি-প্ৰাচুৰ্য বৰা
................
বৰষুণৰ পানীত
গছপাতৰ নাও সাজি উটি যোৱা
এটা
ৰঙা পৰুৱা
.
বানত ককবকাই
উটি উটি
ডুবি যোৱা
এটা
বোবা মানুহ
.
পানীৰ পাৰত লাগি যায় চোৱা !
…………………………………………………
কবিতাটি চুটি হ'লেও সুপাঠ্য আৰু গভীৰ অৰ্থ প্ৰকাশ কৰিছে ।
কবিতাটিত কবিয়ে দুখন ছবি আঁকিছে। এখন ৰঙা পৰুৱাৰ জীৱন আৰু আনখন এজন বোবা মানুহ। এই যে কবিতাটোৰ প্ৰথম স্তৱকটো-

'বৰষুণৰ পানীত
গছপাতৰ নাও সাজি উঁটি যোৱা
এটা
ৰঙা পৰুৱা'
.
পৰুৱাবোৰ ক্ষুদ্ৰ প্ৰানী। গতিকে বৰষুণৰ পানীও সিহঁতৰ বাবে একো একোটা চুনামী। মানুহৰ দৰেই সিহঁতৰো থাকে জীৱনৰ প্ৰতি মায়া-মোহ অথবা জীয়াই থকাৰ হেঁপাহ। বৰষুণৰ পানীয়ে পৰুৱাৰ জীৱনৰ ঘাত-প্ৰতিঘাতৰ কথা বুজাইছে। জীৱন হ'ল চলি যোৱাৰ নাম। সুখৰ দৰে বিষাদেও জীৱনত ভূমুকি মাৰে। কিন্তু বিপদৰ পৰা নিজকে ৰক্ষা কৰি আকৌ সুবাটত অহাজনেই আগুৱাই যাব পাৰে। এই যে কবিয়ে কৈছে- "গছপাতৰ নাও" ; অৰ্থাৎ পৰুৱাই বিপদক নেওচি আগুৱাই যোৱাৰ বাট মুকলি কৰিছে। ইয়াৰ দ্বাৰা কবিয়ে পৰুৱাৰ বুদ্ধিৰো গুণ-গান গাইছে। স্তৱকটোৰ দ্বাৰা ইয়াকো বুজা যায় যে পৰুৱাৰ জীৱন পদ্ধতিৰ দ্বাৰা কবি খুবেই প্ৰভাৱিত।
.
দ্বিতীয় আৰু তৃতীয় স্তবকত কবিতাই সম্পুৰ্নতা লাভ কৰিছে। দ্বিতীয় স্তবকটো-

'বানত ককবকাই
উঁটি উঁটি
ডুবি যোৱা
এটা বোবা মানুহ'

বান- শব্দটো মানুহজনৰ জীৱনলৈ অহা বিপদৰ প্ৰতীক। বানত উঁটি ডুব যোৱাৰ ক্ষণত মানুহজন অৰ্থাৎ এটি নিঃসহায় ক্ষণ। বুদ্ধিৰ অভাৱত মানুহজনে সেই বাট উলিয়াব নোৱাৰিলে যি বাটেৰে ৰঙা পৰুৱা এটিয়ে নিজকে ৰক্ষা কৰিলে।

সেয়ে মানুহজনক কবিয়ে "বোবা" বুলি সম্বোধন কৰিছে। "বোবা মানুহ" বুলি কবিয়ে জীৱশ্ৰেষ্ঠ মানুহৰ ওপৰতো এটি প্ৰশ্নবোধক চিন লগাই দিলে। এটা কথা মনত ৰাখিব লাগিব যে পৰুৱাই কথা ক'ব নোৱাৰে অৰ্থাৎ বোবা ।

পানীৰ পাৰত লাগি যায় চোৱা- অৰ্থাৎ নিঃসহায় মানুজনৰ মৃত্যু হ'ল আৰু জীৱনৰ সেই মনোৰম সপোনবোৰ, সম্পুৰ্ণ-অসম্পুৰ্ণ আশাবোৰ আৰু কিছু হেঁপাহবোৰ বান অৰ্থাৎ সেই দুঃসময়ত সকলো "চোৱা"ৰ দৰে অসম্পুৰ্ন হৈ থাকিল ।

শেষত কবিয়ে দুখন ছবিৰে এখন ছবি অংকন কৰিবলৈ সক্ষম হৈছে। সেয়া হ'ল নিজকে শ্ৰেষ্ঠ শ্ৰেষ্ঠ বুলি টেঁটুফুলাই অহা মানৱজাতিৰ শ্ৰেষ্ঠতা। কবিতাটি পঢ়ি ক'ব পাৰি কবি খুবেই অনুভৱী আৰু অধ্যয়নপুষ্ট। কবিলৈ শুভকামনা থাকিল।

ধন্যবাদ,
লোচন কৌশিক
২২ নবেম্বৰ ২০১৫
___

শিতান '' চানেকি '' ৰ চেপ্তেম্বৰ সংখ্যাৰ ২য় খণ্ড --অনিতা গগৈ

আখৰুৱা গোটৰ অন্যতম শিতান '' চানেকি '' ৰ চেপ্তেম্বৰ সংখ্যাৰ ২য় খণ্ডৰ বাবে হাতত লৈছো কবিঃ বিপুলজ্যোতি শইকীয়াৰ দুটা কবিতা । 
'' দুটা পদ্যলেখৰ '' প্রথমটি কবিতা উদ্ধৃত কৰিছোঁ -- 
কবিতাৰ শিৰোনামঃ--- 
গানে, বৰষুণে ( প্রদ্যুত মিশ্রলৈ ) 
গানে, বৰষুণে পাৰ হ'ল ভৰা শাওনৰ দুটা দিন ; 
মেঘে মেঘে ডাৱৰ নামিল
নে ডাৱৰে ডাৱৰে মেঘ,
কোনে জানে ?গানে , বৰষুণে ?
পুৱাৰ বিভাস হ'লগৈ সন্ধিয়াৰ পূৰৱী,
ধৈৱতত ধৰা টান যাওঁ নে নেযাওঁকৈ
কোমল গান্ধাৰ হৈ ৰাগ দৰবাৰী!
আৰোহে-অৱৰোহে
আমাৰ জীৱনৰো
কিমান যে দোলনি !
তাৰেই মাজেৰে দুটা দি ---
মন-জুৰণীয়া ,
কেঁচা আপেলৰ ৰস পকি পকি কৌশী কানাড়া ''।
কবি বিপুলজ্যোতি শইকীয়াৰ কবিতাঃ গানে বৰষুণে কবিতাটি মূলত গীতিধৰ্মী কবিতা। এলিয়টে উল্লেখ ক'ৰা '' কবিৰ নিজৰ সৈতে কথোপকথন'' শৈলীৰ। কবিতাটিত অনুৰণিত একক সুৰ কবিমনৰ অভ্যন্তৰত অবিৰত প্রৱাহিত ভাৱপ্রৱাহৰ প্রকাশ মাথোঁ। ভৰা শাওণৰ দুটা দিন কবিৰ পাৰ হৈছে গানে বৰষুণে। '' বৰষুণ '' ব্যৱহাৰ হৈছে প্রতীক ৰূপে । সুহৃদৰে সান্নিধ্যৰ অন্তৰংগতাৰে অতিবাহিত সেই দিনত শাওনৰ প্রকৃতিৰ দেও দোপাল পাৰি অহা বৰষুণ জাক যেন নামি আহিছে গানৰ বৰষুণ হৈ । ''পুৱাৰ বিভাস হ'লগৈ সন্ধিয়াৰ পূৰৱী ''--- ভাৰতীয় শাস্ত্রীয় সংগীত ৰাগ বিশেষৰ উপমাৰে কবিয়ে বন্ধুৰ সৈতে কটোৱা সময়খিনিৰ বৰ্ণন কৰিছে । ''ধৈৱতত ধৰা টান '' ---স্বৰগমৰ ৬ষ্ঠ স্বৰত সেই অনুভৱৰ আলাপ কৰিব পৰা নাযায়। বৰঞ্চ ''কোমল গান্ধাৰ '' ---তৃতীয় স্বৰ গান্ধাৰেৰে সেই আলাপ নিশাৰ ভাগলৈ বা শেষলৈ সামৰণি পৰিছে বিষাদাত্মক নৈশৰাগ '' ৰাগ দৰবাৰী '' ৰে। অথচ তাৰ মাজতে সেই -- ''আৰোহে-অৱৰোহে'' উত্থান পতনৰ গতিময়তাৰে ''জীৱন '' যেন দুটা দিন ;ৰৈ যাব মন গহনত স্মৰণীয় হৈ ... '' তাৰেই মাজেৰে দুটা দিন ... মন-জুৰণীয়া , কেঁচা আপেলৰ ৰস পকি পকি কৌশী কানাড়া '' সুন্দৰ শবদছয়ন , সাংগীতিক সুষমাৰে, উপমাৰ সুষম প্রয়োগেৰে এটা সুন্দৰ কবিতা।
কবিৰ ২য় টো কবিতা---
"শিৰোনামঃ জীৱনৰ প্রতিধ্বনি "
(শুক্রাচাৰ্য ৰাভালৈ )
এটা ধ্বনিৰ পৰা আন এটি ধ্বনিৰ মাজৰ আখৰ
এটা আখৰৰ পৰা আন এটা আখৰৰ মাজৰ ধ্বনি
.
এটা সপোনৰ পৰা আন এটা সপোনৰ তন্ময়তা
এটা তন্ময়তাৰ পৰা আন এটা তন্ময়তাৰ মাজৰ সপোন
.
শালবননিৰ মাজৰ সেই জোনাকী নিৰ্জনতা
এচপৰা মেঘৰ পৰা আন এচপৰা মেঘৰ বিজুলী-উৰুমি ।''
.
এটি সুন্দৰ মননশীল সৃষ্টি।কবিৰ সুক্ষ্মতম অনুভূতিপ্রৱনতাই প্রতি পল অনুপলৰ মাজত সন্ধান কৰিছে জীৱনৰ । প্রতিটো ধ্বনিৰ পৰা আনটো ধ্বনিৰ মাজৰ দূৰত্বত , প্রতিটো সপোনৰ পৰা আন এটি সপোনৰ মাজৰ তন্ময়তাত যেন জীৱনৰ শিহৰণ । শিহৰণৰ অনুৰণন । সেই অনুৰণন বাংময় হৈ উঠে ছায়াঘন শালবননিৰ মাজৰ নিৰ্জনতাত.. যেন অন্ধকাৰ ৰাতিৰ জোনাকীৰ জিলমিল।
'শালবননিৰ মাজৰ সেই জোনাকী নিৰ্জনতা
এচপৰা মেঘৰ পৰা আন এচপৰা মেঘৰ বিজুলী-উৰুমি ।''
শালবননিৰ মাজৰ আন্ধাৰত জ্বলি থকা কণ কণ জোনাকীয়ে বিয়পোৱা নিৰ্জনতাৰ চিত্রকল্প অধিকতৰ তৰান্বিত হৈছে ''এচপৰা মেঘৰ পৰা আন এচপৰা মেঘৰ বিজুলী-উৰুমি ।'' শাৰীটোৰ জৰিয়তে।
'জোনাকী- নিৰ্জনতা '' , '' বিজুলী-উৰুমি'' আদি শব্দালংকাৰৰ প্রয়োগ লক্ষ্যনীয়।
----------------------------
কিছু পলমকৈ যুগুতাবলৈ সক্ষম হোৱা আলোচনাটিত আমাৰ জ্ঞানৰ সীমাবদ্ধতাৰ বাবে সম্ভাৱ্য ভুল ত্রুটি আঙুলিয়াই ''আখৰুৱা''ৰ সন্মানীয় পাঠকে আদৰি ল'ব বুলি আশা ৰাখিছোঁ।
ধন্যবাদ ---- অনিতা গগৈ । ৫।১০।১৫।

শিতানঃ '' চানেকি ''ৰ চেপ্তেম্বৰ সংখ্যা --অনিতা গগৈ

আখৰুৱা গোটৰ অন্যতম শিতানঃ '' চানেকি ''ৰ চেপ্তেম্বৰ সংখ্যাৰ বাবে হাতত লৈছো অসমীয়া আলোচনী "প্ৰকাশ" ছেপ্তেম্বৰ ২০১৫ ত প্রকাশিত কবিঃ অজিত গগৈৰ এটি কবিতা।।
কবিতাৰ শিৰোনামঃ ''কবিতা'' । এটি কবিতাৰ শিৰোনাম যেতিয়া ''কবিতা '' হয়, তেতিয়া পাঠক স্বতঃষ্ফুৰ্তভাবেই সজাগ হয় কবিতাৰ অতল মহাসমূদ্রত অৱগাহন কৰিবৰ বাবে। অনাবিল হৃদয়ানুভূতিৰে কবিতাৰ ৰসাস্বাদন কৰি জীপাল হয় জীৱন যুঁজত ব্যতিব্যস্ত প্রতিজন মানুহৰ দগ্ধহৃদয়। পুলকিত হয় মন, কাৰণ কবিতা হ'ল-- ''যন্ত্রনাক্লিষ্ট মানুহৰ বাবে প্রেম আৰু মমতাৰে ভৰা এখনি শান্তিৰ আশ্রয়।'' কবিতা কলাৰ সেই প্রকাৰ ''য'ত কল্পনা আৰু দিঠক একাকাৰ হৈ কবিৰ হৃদয়ৰ পৰা পাঠকৰ হৃদয়লৈ গঢ়ে অনুভৱৰ সাতোৰঙী সাঁকো।''
.
কবি অজিত গগৈৰ এই কবিতাটিও আমাৰ দৃষ্টিত তেনে এক সৰ্বাংগ সুন্দৰ কবিতা যাৰ
ভাৱ -ভাষা. শব্দ, ছন্দ, লয়ৰ আবেদনে পাঠকৰ হৃদয় আলোড়িত কৰি জগাই তুলিব পাৰে অনিবৰ্চনীয় সুখানুভূতি।
'' কবি উঠাচোন
খিৰিকীখন খোলা;
আমিহে....!''
...এদিন পুৱাবেলাতে, নিদ্রাৰত কবিক শেতেলীতে জগাইছেহি কোনোবাই। খিৰিকীৰ বাহিৰৰ পৰা মাত দি.. কবিক কৈছে, খিৰিকীখন খুলি দিবলৈ। টোপনিৰ পৰা সাৰ পাই কবিয়ে খিৰিকীৰ পৰ্দা আঁতৰাই খিৰিকী খুলি দেখিছে এজাক চৰাই...

'' পৰ্দা দাঙিলো .
খিৰিকী খুলিলো ।
দেখিলো---
ৰ'দ বৰষুণৰ মাজেৰে
ৰামধেনুৰ বাট এটাৰে এ-জা-ক মান চৰাই ''
কবিতাটোৰ দ্বিতীয় স্তৱকৰ এই সুন্দৰ চিত্রকল্পটোৱে পাঠকৰ মনক আন্দোলিত কৰি জগাই তোলে অনিবৰ্চনীয় পুলক। ''ৰ'দ আৰু বৰষুণ'' পোহৰৰ প্রতীক, জ্ঞানৰ প্রতীক, সৃষ্টিৰ প্রতীক। সেই ৰ'দ আৰু বৰষুণৰ মাজেৰে আকাশ জুৰি কবিৰ শোৱনিকোঠাৰ খিৰিকীলৈ এটা পথ-- এখন সাতোৰঙী 'ৰামধেনু' ৰ আৰু সেই বাটেৰে নামি আহিছে ''এ-জা-ক মান চৰাই '' চৰাই যি প্রতীক-- বাৰ্তাবাহকৰ , সিহঁতে বহন কৰি আনিছে আশাৰ বতৰা,সম্ভাৱনাৰ বতৰা।
সেই চৰাইবোৰ কিন্তু সাধাৰণ চৰাই নহয়, সিহঁত হ'ল বিহগী কবিৰ কবিতাৰ চৰাই ।
'' 'আমি বিহগী কবিৰ কবিতাৰ পৰা
উঠি আহিছো '
এটি এটিকৈ অলেখ বৰ্ণিল চৰাই
খিৰিকীৰে সৰকি মোৰ শুৱনি কোঠাত । ''
পাঠকৰ চিত্তক আলোড়িত কৰি এখন বিষ্ময়ৰ পৃথিৱীলৈ লৈ যোৱা কবিতাটিৰ পৰবৰ্তী শাৰী কেইটাই পাঠকক অৱগাহন কৰায় বিষ্ময়ৰ পৰ্বত শীৰ্ষত।
'' 'ব'হাগীৰ বিয়ালৈ তোমাক নিমন্ত্রণ '
--- দহিকটৰাটিয়ে থুৰীয়া তামোল এখনি আগবঢ়ালে ।
ফেঁচুলুকাটিয়ে ক'লে ,' ৰঘুনাথ চৌধাৰীৰ বাসগৃহই
বিবাহৰ স্থান ।
তুমি ফটো উঠাবলৈ যাব লাগিব । কলমেই তোমাৰ কেমেৰা ।''
ৰমন্যাসিক ভাৱধাৰাৰ প্রকৃতিবাদী কবি ৰঘুনাথ চৌধাৰীৰ বিখ্যাত কবিতা '' ব'হাগীৰ বিয়া '' প্রকৃতিৰ সকলো সুন্দৰতাৰে সংপৃক্ত এক অনন্য সুন্দৰ কবিতা য'ত আমি দেখা পাওঁ অসমীয়া সমাজ জীৱনৰ লোকপৰম্পৰা বিজড়িত এখন বিয়াৰ চিত্র। বিয়াৰ পাত্রী স্বয়ং ব'হাগী অৰ্থাৎ ''প্রকৃতি ''। বননিৰ মাজত বিভিন্ন চৰাই-চিৰিকতি, জীৱ-জন্তুৱে আয়োজন কৰিছে ব'হাগীৰ বিয়া আৰু সেই বিয়াৰ পটভূমিৰ পৰা কবি অজিত গগৈৰ ''কবিতা'' শীৰ্ষক কবিতাৰ পটভূমিলৈ স্বয়ং কবিকো লৈ গৈছে সেইজাক চৰাইয়ে । বিবাহৰ স্থানঃ বিহগী কবিৰ বাসগৃহ !
এই শাৰীকেইটাৰ মাধ্যমেৰে প্রকৃততে কবি অজিত গগৈয়ে ক'ব বিছাৰিছে যে যদিও বিভিন্ন পৰ্যায়ৰ পথ পৰিক্রমাৰে অসমীয়া কবিতাই মন্থৰ গতি প্রৱাহৰ জৰিয়তে হ'লেও আজি এনে এক পৰ্যায়ত উপনীত হৈছেহি যে আজি অসমীয়া কবিতাও প্রতীকবাদী , চিত্রকল্পবাদী ধ্যান ধাৰণাৰে আধুনিকতাবাদৰ সমাহাৰেৰে বিশ্ব পৰিক্রমাৰ বাবে সাজু হৈছে । এক কথাত অসমীয়া কবিতাৰ উত্তৰণ ঘটিছে। কিন্তু আজিৰ কবিসকলে যেন পাহৰি গৈছে অসমীয়া কবিতাৰ শিপা। সেয়ে কবিৰ কবিতাত 'ৰামধেনু যুগ'ৰ কবি ৰঘুনাথ চৌধাৰীৰ প্রসংগ, ''ৰামধেনুৰ বাটেৰে'' উৰি অহা চৰাইজাকে সোঁৱৰাই দিছে বিহগী কবিক ।
'' ৰঘুনাথ চৌধাৰী কোন ?
লাউপাৰাৰ ৰোমান্টিক কবিজন নেকি ?
জকজকাই উঠিল গোটেইজাক চৰাই---
' কবিক চিনি নোপোৱা, তুমি কি কবি ?
ৰঘু চৌধাৰীৰ ঘৰ কেৱল লাউপাৰাতহে নে ?
গোটেই অসম, গোটেই পৃথিৱীয়ে তেওঁৰ ঘৰ । ''
কবিতাৰ এই স্তৱকটোত কিছু ক্ষোভ , কিছু যেন শ্লেষ ব্যক্ত কৰিছে চৰাইজাকৰ মুখেৰে। আজিৰ আত্মকেন্দ্রিক কাব্যসাধকে প্রৱল আত্মম্ভৰিতাৰে কেৱল ৰত হৈ ৰয় ব্যক্তিগত প্রচাৰকামী গণ্ডীত । সহজ জনপ্রিয়তাৰ মোহত কেৱল ব্যক্তিগত প্রেম প্রীতিৰ বিষয় বস্তুৰে কবিতা ৰচা এচাম কবিয়ে পাহৰি যায় কবিৰ , কবিতাৰ দায়বদ্ধতা। অথচ ৰঘুনাথ চৌধাৰীৰ কবিতাৰ বিষয়বস্তু আছিল প্রকৃতি। যাৰ জৰিয়তে তেখেতৰ কবিতাৰ আবেদন সাৰ্বজনীন কিন্তু, এনে সাৰ্বজনীনতাৰ পৰা যেন এচাম কবি ইচ্ছাকৃতভাবে ফালৰি কাটি আহিছে।
'' নোযোৱাকৈ নাথাকিলো ব'হাগীৰ বিয়ালৈ ।
লতাবেষ্টিত বেইত ব'হাগীয়ে গা ধুলে,
তৰাভৰা আকাশে চন্দ্রতাপ তৰিলে,
ধৰিত্রীয়ে সেউজীয়া দলিছা পাৰি দিলে,
ফুলবোৰে অলংকাৰ আঁৰিলে:
সমূহ চৰায়ে আয়তী হৈ কন্যাক পিন্ধালে-উৰালে
নাম-গুন গালে---
অতিথি আপ্যায়িত হ'ল বিশুদ্ধ বতাহেৰে।''
অসমীয়া বিয়া এখনৰ পটভূমিৰ সুন্দৰ কল্পচিত্রৰ এই স্তৱকটোৱে কবিতাটিৰ ভাৱপ্রৱাহত পাঠকক
লৈ প্রাকৃতিক পৰিবেশলৈ য'ত বিয়াৰ 'অতিথি' অৰ্থাৎ পাঠক আপ্যায়িত হয় বিশুদ্ধ বতাহেৰে।
'' পৰিশিষ্টঃ যিহেতু গোটেই পৃথিৱীয়ে আছিল ৰঘুনাথ চৌধাৰীৰ ঘৰ,
যিহেতু প্রকৃতিৰাণী ব'হাগী আছিল সমূহ নাৰীৰ প্রতীক
যিহেতু দৰা ঋতুৰাজ বসন্ত আছিল সমূহ পুৰুষৰ প্রতীক.
তেনে অৰ্থত মোৰ পত্নীয়ে আছিল ব'হাগী
ময়েই আছিলো ঋতুৰাজ বসন্ত।
এক ব'হাগতে আমাৰ বিয়াৰ নবীকৰণ হ'ল ।''
পৰিশিষ্টত কবি স্বয়ং কবিতাৰ নায়ক হৈ উঠিছে অৰ্থাৎ কবিতাৰ অন্তৰ্ভাগত কবিৰ প্রবেশ ঘটিছে। প্রথম স্তৱকত কবি আছিল অভ্যাগত । তেখেত আছিল ব'হাগীৰ বিয়াৰ আমন্ত্রিত অতিথি তেখেতৰ দায়িত্ব আছিল কলমৰ কেমেৰাৰে ব'হাগীৰ বিয়াৰ ফটো উঠোৱা কিন্তু সামৰণিলৈ কবি নিজে কবিতাৰ অংগ হৈ পৰিল । এই স্তৱকটোত আমি দেখিছো যে কবিয়ে কবিতাৰ মাজেৰে ব্যক্তিগত অনুভৱক কাব্যিক ব্যঞ্জনা,উৎকৃষ্ট শব্দছয়ন, উপমা, প্রতীক , চিত্রকল্প আদিৰ সু- সমাহাৰেৰে পাঠকৰ কাষলৈ লৈ গৈছে য'ত কল্পনা আৰু দিঠকক একাকাৰ কৰি অভিন্ন হৈ উঠিছে কবি আৰু কবিতা।
'' বিহগী কবি ৰঘুনাথ চৌধাৰী দেৱলৈ সশ্রদ্ধ প্রনিপাত জনাই '' ৰচনা ক'ৰা কবি অজিত গগৈৰ কবিতাঃ '' কবিতা '' প্রকৃতাৰ্থত এটি ৰসোত্তীৰ্ণ কবিতা । ৰমন্যাসবাদী ছাঁৰে প্রভাৱপুষ্ট এই কবিতাটিৰ জৰিয়তে কবিয়ে সকিয়াই দিছে যে, আজিৰ আধুনিক কবিতাই প্রকৃতিৰ প্রভাৱৰ পৰা আঁতৰি আহিছে , আজিৰ কবিয়ে চিনি নাপায় পূৰ্বসুৰীসকলক । অথচ এদিন তেখেতসকলেই অসমীয়া কবিতাক সজাই পৰাই নিছিল বিশ্ব সাহিত্যৰ জগতসভালৈ।
আমাৰ দৃষ্টিত কবি অজিত গগৈৰ এই কবিতাটি এক সাৰ্থক সৃষ্টি।পুৰণি আৰু নতুনৰ সেতুবন্ধন

ক'ৰা এই কবিতাটি অসমীয়া কাব্য সাহিত্যৰ এক সুন্দৰ ''চানেকি'' হৈ ৰ'ব। সামান্য জ্ঞানেৰে ক'ৰা কবিতাটিৰ আলোচনাৰ বাবে ক'ৰা এই ক্ষুদ্র প্রয়াসক আখৰুৱাৰ পাঠকে আদৰি ল'ব বুলি আশা ৰাখিছোঁ । ধন্যবাদ--- অনিতা গগৈ। ২৫ ছেপ্টেম্বৰ '১৫

চানেকি শিতানঃ ( জুলাই, ২০১৫ )--পল্লৱ কুমাৰ নাথ


চানেকি, জুলাই, ২০১৫: 'প্ৰকাশ'
----------------------------------

পুনৰ উল্লেখ্য যে কবিতা সম্পৰ্কে জ্ঞানগভীৰ আলোচনা কৰিবলৈ আমি অপাৰগ ৷ সাধাৰণ পাঠক হিচাপে কবিতা এটা পঢ়ি হোৱা অনুভৱখিনিৰে জুলাই, ২০১৫ সংখ্যাৰ 'চানেকি' শিতানটি প্ৰস্তুত কৰি তোলা হৈছে ৷
'প্ৰকাশ' জুলাই, ২০১৫ সংখ্যাৰ পৰা কবি দেৱপ্ৰসাদ তালুকদাৰৰ 'এনেকৈয়ে কবিতা লিখি পাহৰিম তোমাক' কবিতাটি নিৰ্বাচন কৰি লৈছোঁ ৷ কবিতাটি তলত উল্লেখ কৰি চমু অলোচনা আগৱঢ়ালোঁ ....
---
কবিতাঃ এনেকৈয়ে কবিতা লিখি পাহৰিম তোমাক
কবিঃ দেৱপ্ৰসাদ তালুকদাৰ
.....................................
আকাশ ঢুকি পোৱা তৰা হ'ব খুজিছো
আকাশৰ তৰাৰ দৰে
সাঁজৰ আকাশৰ পৰা ৰ' লাগি চাবলৈ তোমাক
.
শীতৰ ঠেঁটুৱৈ লগা জাৰ
ফাগুনৰ বলিয়া বা
গ্ৰীষ্মৰ সহিব নোৱাৰা গৰম
পাৰ কৰিব পাৰিম নিৰ্বিকাৰভাৱে
.
হে মাটি, আঁকোৱালি লোৱা মোক
পুনৰ উভতি আহিছো তোমাৰ
বুকুলৈ- বৰ ভাগৰুৱা মই
.
আকাশত নাথাকিলেও
কবিও তৰা
শৰীৰ ধাৰণ কৰিও
তিৰবিৰাব পাৰে
পাঠকৰ হৃদয়
তৰা হৈ বাস কৰে
মানুহৰ বুকুৰ লুংলুঙীয়া বাটত ৷
---------
কবিতাটিত কবিয়ে 'এনেকৈয়ে কবিতা লিখি পাহৰিম তোমাৰ' বুলি প্ৰতীকাত্মভাৱে শিৰোনামটো উপস্থাপন কৰিছে ৷ কবিতাটোত প্ৰকাশ পোৱা এটি উল্লেখযোগ্য দিশ হৈছে- গভীৰ পৰ্যবেক্ষণ ৷ কবিতাটোৰ মাজত কবিয়ে অনুসন্ধান কৰিছে জীৱনৰ ৰহস্য ৷ কবিয়ে যেন কবিতা লিখি জীৱনৰ সাধনা কৰিব বিচাৰিছে ৷ কবিতাৰে ঢাকি ৰাখিব খুজিছে জীৱনৰ সমস্ত দুখ ৷ কবিতা লিখি যেন পাহৰি থাকিব হৃদয়ৰ বিষাদ ৷
কবিতাটিত প্ৰতীকৰ ব্যৱহাৰ দেখা যায় ৷ কবিয়ে লিখিছে,
'আকাশ ঢুকি পোৱা তৰা হ'ব খুজিছো
আকাশৰ তৰাৰ দৰে
সাঁজৰ আকাশৰ পৰা ৰ' লাগি চাবলৈ তোমাক'
এইখিনিৰ লগত কবিতাটোৰ শেষৰখিনিৰ মিল থকা দেখা যায় -
'আকাশত নাথাকিলেও
কবিও তৰা
শৰীৰ ধাৰণ কৰিও
তিৰবিৰাব পাৰে
পাঠকৰ হৃদয়
তৰা হৈ বাস কৰে
মানুহৰ বুকুৰ লুংলুঙীয়া বাটত ৷'
কবিয়ে কৈছে, কবিসকল আকাশত বাস নকৰিলেও একো একোটা উজ্বল তৰা ৷ মানৱ শৰীৰ ধাৰণ কৰিও তৰাৰ পোহৰৰ দৰে প্ৰৱেশ কৰিব পাৰে পাঠকৰ বুকুত ৷ পোহৰ কৰিব পাৰে হৃদয়ৰ নিভৃত কোণবোৰ ৷ আৰু বাস কৰিব পাৰে পাঠকৰ হৃদয়াসনত ৷ সেয়ে কবিয়ে আকাশৰ হ'ব নোৱাৰিলেও বা তৰা হৈ আকাশত বাস কৰিব নোৱাৰিলেও আকাশ ঢুকি পাব পৰা তৰা এটা হৈ সন্ধ্যাৰ নিৰিবিলি আকাশৰ পৰা চাব খুজিছে নিজৰ জীৱন বা জীৱনৰ উপনামবোৰ ৷
এনেদৰেই আকাশৰ পৰা যেন তেওঁ নিৰ্বিকাৰভাৱে চাই থাকিব জীৱনৰ সমস্ত ৰং ৷ প্ৰতিটো দিশত যেন পৰি ৰ'ব তেওঁৰ নিৰ্বিকাৰ চাৱনিৰ পোহৰ ৷
এনেদৰে তেওঁ জীৱনটো পৰ্যবেক্ষণ কৰি পুনৰ উভতি আহিব খুজিছে মাটিৰ বুকুলৈ ৷ জীৱনৰ সমস্ত ৰং পৰ্যৱেক্ষণ কৰি তেওঁ হৈ পৰিছে ভাগৰুৱা চৰাই ৷
এনেদৰেই কবিতাটিত কবিয়ে একোজন কবিৰ স্বভাৱ বা সত্ত্বাটোক অংকন কৰিব বিচাৰিছে ৷ কলাত্মকভাৱে কবিতাটিত কবিয়ে একোজন কবিক উজ্জল তৰা এটি হৈ পাঠকৰ হৃদয়খন পোহৰাই তোলাৰ কথা কৈছে আৰু তাতেই যেন নিহিত থাকে কবিজনৰ প্ৰকৃত আনন্দ যাৰ জৰিয়তে তেওঁ পাহৰি যায় জীৱনৰ ব্যথা ৷
------
বিঃদ্ৰঃ কিছু ব্যক্তিগত কাৰণত 'চানেকি' জুলাই, ২০১৫ সংখ্যাৰ এই দ্বিতীয় খণ্ডটো প্ৰস্তুত কৰাত যথেষ্ঠ পলম হল ৷ লগতে জনাও, কম সময়ৰ ভিতৰত অনুভৱখিনি লিখি উলিওৱাত ভুল-ক্ৰুটি ৰৈ যোৱাতো স্বাভাৱিক ৷ ক্ষমাপ্ৰাৰ্থনাৰে ...
- পল্লৱ কুমাৰ নাথ ৷
 — with Hirákjyóti Báishýá.
Comments
Manohar Dutta আলোচনাখিনি ভাল লাগিল। এনেকৈ চেষ্টা চলাই গ'লে লাহে-ধীৰে ভুল-ভ্ৰান্তি নিশ্চয় আঁতৰিব। শুভেচ্ছা থাকিল।
Pallab Kumar Nath ধন্যবাদ দাদা ৷ নিশ্চয়কৈ চেষ্টা চলাই যাম ... !
Manohar Dutta তোমালোকৰ আগ্ৰহে যথাযথভাৱে আখৰুৱাৰ এনে প্ৰচেষ্টা সঠিক দিশত আগুৱাই নিব পাৰিব।
Hirákjyóti Báishýá অভিনন্দন পল্লৱ৷ এই উৎসাহ আগলৈও বিচাৰোঁ৷ কৰি যোৱা৷
Pallab Kumar Nath ধন্যবাদ দাদা ৷

চানেকি শিতানঃ ( জুলাই, ২০১৫ ) --- পল্লৱ কুমাৰ নাথ

চানেকি শিতানঃ ( জুলাই, ২০১৫ )
_______________________________
.
কবিতা সম্পৰ্কে জ্ঞানগভীৰ আলোচনা কৰিবলৈ আমি অপাৰগ ৷ 'চানেকি শিতান'ৰ জুলাই আৰু আগষ্ট, ২০১৫ সংখ্যাৰ দায়িত্ব দিওঁতে মনলৈ বাৰে বাৰে প্ৰশ্ন আহিছিল... 'পাৰিম নে ?' তথাপি অাপ্ৰাণ চেষ্টা চলোৱাৰ প্ৰতিশ্ৰুতি দিছিলো ৷ জ্ঞানগভীৰ আলোচনা কৰিব নোৱাৰিলেও কবিতাৰ এজন সাধাৰণ পাঠক হিচাপে কবিতা এটি পঢ়ি উঠি যি অনুভৱ হয়, কবিতা এটাই মোক যিখিনি কথা কৈ যায় সেইখিনিৰেই জুলাই,২০১৫ সংখ্যাৰ 'চানেকি' শিতানটি প্ৰস্তুত কৰি তুলিছোঁ ৷
আমি জানো, কবিতাৰ মূল উৎস সংবেদনশীল অনুভূতি ৷ কবিতা এটা পঢ়ি বুজি উঠিবলৈও এই সংবেদনশীলতাৰ বৰ প্ৰয়োজন ৷ যিয়ে আমাক এটি ক্ষুদ্ৰ ছিদ্ৰৰ মাজেৰে নাতিদূৰৈত থকা বিশাল সাগৰ এখন চাবলৈ বা বিশাল সাগৰ এখনৰ কথা অনুভৱ কৰিবলৈ শিকায় সেয়াই সাধাৰণ অৰ্থত কবিতা ৷ কবিতাক আমি কলাত্মক কলা বুলিব পাৰোঁ ৷ 'চানেকি; জুলাই, ২০১৫' সংখ্যাটিৰ বাবে সাম্প্ৰতিক সময়ৰ দুখন জনপ্ৰিয় আলেচনী 'সাতসৰী' আৰু 'প্ৰকাশ'ৰ জুলাই, ২০১৫ সংখ্যাৰ পৰা এটাকৈ কবিতা নিৰ্বাচন কৰি লোৱা হৈছে ৷
.
.
চানেকি, জুলাই, ২০১৫: 'সাতসৰী'
---------------------------------
'সাতসৰী' জুলাই, ২০১৫ সংখ্যাৰ পৰা তৰুণ কবি কিশোৰ মনজিৎ বৰাৰ 'মাধৱদেৱ' কবিতাটি নিৰ্বাচন কৰি লৈছোঁ ৷ কবিতাটি তলত উল্লেখ কৰি চমু অলোচনা আগবঢ়ালোঁ....
.
.
'মাধৱদেৱ'
কিশোৰ মনজিৎ বৰা
...........................
মই মাধৱ
দাসৰো দাস
অধম মূৰুখমতি
মোৰ তেজে তেজে
বৈ আছে
সেই মৃণ্ময় উপাসনা
ব'ৰাগী বাটৰ বেলি
মোৰ প্ৰাণৰ বন্দৰ আৱৰি
'শংকৰে জগত জুৰি'
ঘোষাৰ প্ৰাৰ্থনা এভাগ হৈ
নামি আহা যদুমনি
দধি মথন দুষ্ট কানাই
এওঁলোকক মাটিৰ সোৱাদ
দিয়া সোঁৱৰাই
সত্য শুদ্ধ ধৰ্ম
হৰিনাম মাত্ৰ
কলাৰ কল্যাণী-ভাবনা
আৰু বিজ্ঞানৰ বিশুদ্ধ বাট লোৱা
কৰ্মই কৃষ্ণ
কৰ্ম বিনে জীৱন উপলা মাত্ৰ
জীৱন জীৱন জীৱন জীৱন
জীৱন জীৱন প্ৰেম
জীৱন জীৱন জীৱন জীৱন
জীৱন জীৱন প্ৰেম ৷
'প্ৰেম-অমৃতৰ নদী'
উপচি পৰা পুনৰায়
মোৰ এই পৱিত্ৰ শস্যভূমিত
শীতলাই তোলা ইয়াৰ প্ৰতিটো প্ৰান্তৰ
'এহু ৰস মাধৱ মূৰুখমতি গাৱে ৷৷'
...........................
কথা এটা সুন্দৰ আৰু সুস্পষ্টভাৱে প্ৰকাশ কৰিবলৈ কিছুমান অলংকাৰৰ সহায় লোৱা হয় ৷ বিষয়টোৰ প্ৰতি পাঠকক অধিক আকৰ্ষণ কৰিবলৈ বা ক'ব বিচৰা বিষয়টো সঠিকৰূপত উপস্থাপন কৰিবলৈ সাধাৰণ কথা এটাকো অলংকাৰ পৰিধানেৰে সুন্দৰৰূপত সঁজাই তুলা হয় ৷ কবি নৱকান্ত বৰুৱাৰ ভাষাত, কবি সকল ভাষাৰ শিল্পী, গতিকে ভাষাৰ নান্দনিক সম্ভাৱনাখিনি তেওঁলোকে উদঘাটন নকৰাকৈয়ে ব্যৱহাৰ কৰে ৷ কবিয়ে ব্যৱহাৰ কৰা এনে কৌশলবোৰেৰেই নাম থোৱা হৈছে অলংকাৰ ৷
কবি কিশোৰ মনজিৎ বৰাৰ 'মাধৱদেৱ' কবিতাটিত এনে কিছু অলংকাৰৰ প্ৰয়োগ পৰিলক্ষিত হয়, যিবোৰে পাঠকক কবিতাটিৰ প্ৰতি অধিক আকৰ্ষণ কৰে বা বিষয়বস্তুৰ ভিতৰচ'ৰাত প্ৰৱেশ কৰাত সুবিধা কৰি দিয়ে ৷
কবিয়ে কবিতাটিত নিজকে 'মাধৱ' (মাধৱদেৱ) বুলি পৰিচয় দি 'দাসৰো দাস' 'অধম মূৰুখমতি' বুলি উল্লেখ কৰিছে ৷
কবিয়ে কৈছে,
'মোৰ তেজে তেজে
বৈ আছে
সেই মৃণ্ময় উপাসনা
ব'ৰাগী বাটৰ বেলি' ....
ইয়াৰ জৰিয়তে কবিয়ে মাধৱদেৱক ঈশ্বৰৰ একান্ত উপাসক হিচাপে অংকন কৰাৰ লগতে মাধৱদেৱৰ সংসাৰ-বিৰাগী স্বৰূপটো উপস্থাপন কৰিছে ৷
কবিয়ে যিহেতু নিজকে মাধৱদেৱ হিচাপে অৱতাৰণা কৰিছে সেয়ে তেওঁৰ সমস্ত সত্তা গুৰু শংকৰদেৱে আৱৰি থকাৰ কথা উল্লেখকৰি শংকৰদেৱৰ নামলৈয়ে ভগৱান শ্ৰী কৃষ্ণৰ চৰণত ঘোষা জুৰিছে ৷ তেওঁ শ্ৰী কৃষ্ণক সেই 'দধি মথনৰ দুষ্ট কানাই' ৰূপে পাব বিচাৰিছে যিজনে সম্প্ৰতিক সমাজখনক মাটিৰ সোৱাদ অৰ্থাৎ প্ৰকৃতিৰ সুন্দৰতা, সত্য আদি সোঁৱৰাই দিব পাৰে ৷ হৰিনামেই যে সত্য আৰু সুন্দৰ ধৰ্ম সেইয়া প্ৰকাশ কৰিছে ৷ এইখিনিতে নাম-ধৰ্মৰ কথা ধাৰণা কৰা হয় ৷
এনেদৰে কৈ তেওঁ উল্লেখ কৰিছে,
'কলাৰ কল্যাণী-ভাবনা
আৰু বিজ্ঞানৰ বিশুদ্ধ বাট লোৱা
কৰ্মই কৃষ্ণ
কৰ্ম বিনে জীৱন উপলা মাত্ৰ'
কবিয়ে সময়ানুসৰি সলনি হৈ কল্যাণকামী মনোভাৱ ও বৈজ্ঞানিক মানসিকতাৰ কথা উল্লেখ কৰি কৰ্মই যে জীৱন সেই কথা অৱতাৰণা কৰিছে ৷ 'হাতে কৰা কাম মুখে হৰি নাম' বুলি কথা এষাৰ আছে ৷ কৰ্ম অবিহনে সুখ কামনা অনৰ্থক, কৰ্ম অবিহনে জীৱন এটি কঠিন সাঁথৰ ৷ কবিৰ মতে এয়াই জীৱন প্ৰেম ৷ কৰ্মই জীৱন প্ৰেম আৰু এই প্ৰেমেই অমৃতৰ নৈ ৷
কবিয়ে ভগৱান শ্ৰীকৃষ্ণক পুনৰ এই পৃথিৱীলৈ আহি সমগ্ৰ পৃথিৱী শীতলাই তুলিবলৈ প্ৰাৰ্থনা কৰিছে ৷ শেষত কবিয়ে এইয়া মাধৱ দেৱৰ যে কাতৰ মিনতি তাকেই প্ৰকাশ কৰি কবিতাটিৰ সামৰণি মাৰিছে ৷
ক'ব পাৰি যে কবি কিশোৰ মনজিৎ বৰাৰ 'মাধৱদেৱ' এটি মননশীল কবিতা ৷ কবিতাটিৰ আংগিক বা অলংকাৰ যিদৰে মন কৰিবলগীয়া সেই একেদৰেই মন কৰিবলগীয় বিষয়বস্তুৰ উপস্থাপন আৰু গভীৰতা ৷ কবিয়ে কবিতাটি ৰচনা আৰু আংগিক নিৰ্মাণত মাধৱদেৱৰ 'নাম-ঘোষা'ৰ প্ৰেৰণা থকাৰ কথা উল্লেখ কৰিছে; অৱশ্যে যিটো কবিতাটিত ইতিমধ্যেই স্পষ্ট ৷ কবিতাটিত কবিয়ে নিজকে মাধৱদেৱ হিচাপে মাধৱদেৱৰ কথাৰে সমাজলৈ গুৰুতৰ বাৰ্তা প্ৰেৰণত সফল হৈছে ৷
.
.
অজানিতে ৰৈ যোৱা ভুল-ত্ৰুতিৰ মাৰ্জনা বিচাৰি...
- পল্লৱ কুমাৰ নাথ
কাকী, নগাঁও

চানেকি শিতান : জুন, ২০১৫-ৰ 'প্ৰকাশ' আলোচনীৰ এটি কবিতা :- দাদুল ভূঞা


জুন, ২০১৫ সংখ্যাৰ "প্ৰকাশ" আলোচনীৰ পৰা ডাঃ ৰাজীৱ ভট্টাচাৰ্যৰ 'জীয়া মৃতদেহ হৈ শ্মশানলৈ আহিছো' শীৰ্ষক কবিতাটো "চানেকি" শিতানৰ বাবে নিৰ্বাচন কৰিছোঁ।

কবিতা হ'ল সাহিত্যৰ আটাইতকৈ কঠিনতম কলা। কবিতা এটা পঢ়ি যিমান ভাল লাগে তাতকৈ তাৰ ভাৱধাৰা ভালকৈ বুজিব পৰাটোৱেই হ'ল এক কঠিন কলা। অসমীয়া সাহিত্যজগতত সৰ্বজন পৰিচিত শ্ৰদ্ধাৰ কবি হীৰুদাই কৈছিল----“কবিতা জীৱনৰ অন্য বিষয় কুশল/অন্য প্ৰত্যাশা/কবিতা পঢ়ি পাহৰিব পাৰি কিছু দুঃখ/অথবা গ্লানি।

কবিতাৰ বিযয়ে একে উশাহতে কৈ শেষ কৰিব নোৱাৰি। কিয়নো কবিয়ে বিভিন্ন চিত্ৰকল্প,উপমা ,অলংকাৰ প্ৰয়োগ কৰি কবিতাৰ মাজেৰে নিজৰ জীৱনত পোৱা নোপোৱাৰ বেদনা, সমাজ তথা সামাজিক শোষণ নিস্পেষণ আদি কবিতা এটাৰ মাজেৰে কবিৰ মনত উদয় হোৱা ভাৱসমুহ প্ৰকাশ কৰে।

‘আখৰুৱা’ গোটৰ জুন ২০১৫-ৰ ‘চানেকি’ শিতান প্ৰস্তুত কৰিবলৈ গৈ বাৰে বাৰে থমকি ৰৈছোঁ। কিয়নো 'চানেকি' শিতানটো প্ৰস্তুত কৰিব পৰাকৈ আমাৰ যোগ্যতা নাই।তথাপি কবিতাৰ এজন নিয়মীয়া পঢ়ুৱৈ হিচাপে জুন মাহৰ “প্ৰকাশ” আলোচনীত প্ৰকাশিত অসমৰ স্বনামধন্য কবি ডাঃ ৰাজীৱ ভট্টাচাৰ্যৰ 'জীয়া মৃতদেহ হৈ শ্মশানলৈ আহিছো' শীৰ্ষক কবিতাটো পঢ়ি আমাৰ মনত উদয় হোৱা কিছু ভাৱধাৰাহে আপোনালোকৰ আগত ডাঙি ধৰাৰ প্ৰয়াস কৰিছোঁ।

'চানেকি' শিতানৰ বাবে মই বাছি লোৱা কবিতাটো তলত উল্লেখ কৰিলোঁ----
আলোচনীঃ-প্ৰকাশ(জুন,২০১৫)
: কবি-ডাঃ ৰাজীৱ ভট্টাচাৰ্য
কবিতাৰ শিৰোনামঃ-'জীয়া মৃতদেহ হৈ শ্মশানলৈ আহিছো'

পিছলৈ ঘুৰি চাইছো

উকা বাটটো অকলশৰে পৰি আছে


মোৰ চকুত,চকুৰ কোটৰত
পোকৰ বাহ
মুখত এমুখ পোক

দেহ-মনৰ গোপনত ভৰাপোকৰ কৰাল
সিৰা উপসিৰাত কিলবিল পোকৰ প্ৰৱাহ

নিশ্চল এটি গধূলি হৈ মই ৰৈ আছো
মোৰ সমুখৰ চিতা জুইত আন কাৰোবাৰ শ’ জ্বলা নাই
সেয়া যে জ্বলিছো মই

কাইলৈ মই ইয়াত নীৰৱে ঢুকাম

মোৰ চকুলোৰ চিতা জুইত জ্বলিম মই অকলশৰে
(সোণাই-পুতাই-আই,মোৰ মানুহজনীয়ে ফুটকে নেপাব,
ভাত কাপোৰৰ লগতে মোকো হেৰুৱাব)

কোমল কেঁচা এটি নিজৰা
লুইতৰ বুকুত হেৰুৱাৰ দৰে মই হেৰাম

এটা জীয়া মৃতদেহ হৈ শ্মশানলৈ আহিছো

----------'এটা‘জীয়া মৃতদেহ হৈ শ্মশানলৈ আহিছো’ কবিতাৰ শিৰোনামতেই কবিয়ে সুন্দৰ উপমা প্ৰয়োগ কৰি কবিতাৰ ভাৱধাৰা বুজি উঠাত পাঠকক সহায় কৰিছে। কবিয়ে ‘জীয়া মৃতদেহৰ’ লগত নিজকে তুলনা কৰাৰ উপৰিও পৃথিৱীখনক এখন ‘শ্মশানৰ’ লগত তুলনা কৰিছে। শ্মশান বুলিলে আমি মৃতদেহ সৎকাৰ কৰা ঠাইক বুজো। কবিয়ে বাস্তৱ পৃথিৱীত পোৱা দুখৰ বৰ্ণনা দিবলৈ গৈ পৃথিৱীখনক শ্মশানৰ লগত তুলনা কৰিছে। কবিতাটোৰ প্ৰথম শাৰীত কবিয়ে কৈছ---“পিছলৈ ঘূৰি চাইছোঁ/ উকা বাটটো অকলশৰে পৰি ৰৈছে”--অৰ্থাত কবিয়ে পাৰ হৈ অহা জীৱনৰ সময়খিনি সোৱঁৰনীৰ ফাঁকৰে ভুমুকি মাৰি চাব খুজিছে।

“মোৰ চকুত,চকুৰ কোটৰত /পোকৰ বাহ /মুখত এমুখ পোক/ দেহ মনৰ গোপনত ভৰাপোকৰ কৰাল/ সিৰা উপসিৰাত কিলবিল পোকৰ প্ৰৱাহ”

-----দ্বিতীয় স্তৱকত কবিয়ে সুন্দৰ শব্দচয়ন তথা উপযুক্ত উপমা প্ৰয়োগ কৰি তেওঁৰ জীৱনত কৰি অহা ভুলবোৰ দেখি অনুতপ্ত হৈ মনৰ ভাৱ প্ৰকাশ কৰিছে যে সেই ভুলবোৰে কবিক যেন পোকৰ দৰে চুহি চুহি খাইছে। তেওঁৰ গোটেই শৰীৰৰ সিৰা উপসিৰাত ভুল নামৰ পোকবিধে কিলবিলাই ফুৰিছে।

“ নিশ্চল এটি গধূলি হৈ মই ৰৈ আছো/ মোৰ সমুখৰ চিতা জুইত আন কাৰোবাৰ শ’ জ্বলা নাই /সেয়া যে জ্বলিছো মই”

-------- “নিশ্চল এটি গধূলি হৈ মই ৰৈ আছো”----কবিয়ে ‘গধূলি’ শব্দটোৰ মাজেৰে জীৱনৰ শেষ সময়ত উপনীত হোৱাৰ কথাকে কব খুজিছে।যিদৰে গধূলি শেষ হোৱাৰ লগে লগে চাৰিওফালে ৰাতি হয়,আৰু ৰাতি মানেই এন্ধাৰ।ঠিক কবিও জীৱনৰ বিয়লি বেলাত উপনীত হৈছে।সংসাৰৰ মায়া মোহ তথা সাংসাৰিক যাতনাৰ পৰা লাভ কৰা সন্তাপে কবিৰ সম্নুখতে একুৰা জুই হৈ জ্বলিছে।সেয়ে মনৰ দুখতে কবিয়ে চিঞৰি উঠিছে –

“কাইলৈ মই ইয়াত নীৰৱে ঢুকাম
মোৰ চকুলোৰ চিতা জুইত জ্বলিম মই অকলশৰে”

“কোমল কেঁচা এটি নিজৰা
লুইতৰ বুকুত হেৰুৱাৰ দৰে মই হেৰাম
এটা জীয়া মৃতদেহ হৈ শ্মশানলৈ আহিছো”

--------কবিয়ে শেষত, কোমল কেঁচা এটি নিজৰা বৰ লুইতৰ বুকুত হেৰুৱাৰ দৰে তেওঁ পৃথিৱীত হেৰাই যোৱাৰ কথা উল্লেখ কৰি পৃথিৱীলৈ জীয়া মৃতদেহ হৈ অহাৰ কথা অকপটে স্বীকাৰ কৰিছে।

কবিতাটো কেৱল কবিৰ জীৱনকেই নহয়, পৃথিৱলৈ অহা প্ৰতিজন মানুহৰ মনত প্ৰভাৱ পেলাইছে।কিয়নো পৃথিৱীখন জটিল।জটিল পৃথিৱীৰ মাজত আমি মায়া মোহৰ তাৰণাত পৰি নকৰিবলগীয়া বহুতো কাম কৰো আৰু যেতিয়া আমি অনুতপ্ত হওঁ, তেতিয়া আমাৰ জীৱনৰ যিকোনো ভুল শুদ্ধ কৰাৰ সুযোগ নাথাকে। গতিকে এজন কবিতাৰ পঢ়ুৱৈ হিচাপে আমি একেষাৰত কব পাৰো যে কবিয়ে কম পৰিসৰত মানুহৰ জীৱনৰ জন্মৰ পৰা মৃত্যুৰ আগমহুৰ্তলৈকে পোৱা দুখ, বেদনা বৰ্ণনা কৰিবলৈ সক্ষম হৈছে।বিশেষকৈ সুন্দৰ শব্দচয়ন,উপমা প্ৰয়োগৰ মাজেৰে বিষয় বস্তু উপস্থাপন কৰি পঢ়ুৱৈ সমাজলৈ এনে এটা কবিতা আগবঢ়োৱাৰ বাবে কবিক ধন্যবাদ জনালো।

শেষত 'আখৰুৱা'ৰ সকলো সদস্যৰ মতামত বিচাৰি,অজানিতে ৰৈ যোৱা ভুল-ত্ৰুতি মাৰ্জনা বিচাৰি এইবাৰৰ 'চানেকি' শিতানটো ইমানতে সামৰণি মাৰিছোঁ।

ধন্যবাদ।
দাদুল ভূঞা
২৯ জুন ২০১৫
ধুবুৰী(হাটশিঙীমাৰী)

Monday, 21 December 2015

পুনৰীক্ষণ-(৩০) দ্বিতীয় খণ্ডঃ নবেম্বৰ ২০১৫ : পৰ্যালোচক- মিনুৰেখা গগৈ

আখৰুৱা : literati গোটৰ কবিতাৰ পৰ্যালোচনাঃ 
পুনৰীক্ষণ-(৩০) দ্বিতীয় খণ্ডঃ নবেম্বৰ ২০১৫
পৰ্যালোচক- মিনুৰেখা গগৈ
আখৰুৱাৰ ত্ৰিশ সংখ্যক 'পুনৰীক্ষণ'ৰ প্ৰথম খণ্ডৰ পিছত এইবাৰ আগবাঢ়িছো শিতানটোৰ দ্বিতীয় খণ্ডলৈ।
প্লেটোৱে কৈছিল," যিবোৰে কবিতা ৰচনা কৰে তেওঁলোকক যেন সৰস্বতীৰ আত্মাই লম্ভেহি । সেই অতিলৌকিক আত্মাই আহি কবিৰ আলফুলীয়া আৰু কুমাৰী আত্মাত প্ৰৱেশ কৰেহি ,উন্মত্ততাৰ দ্বাৰা অনুপ্ৰাণিত কৰে আৰু গীতিকবিতা তথা অন্যান্য কাব্যৰূপ জগাই তোলে ।"
কবিয়ে কল্পনাৰ পাখি মেলি সৰগ মৰত সকলোতে ভ্ৰমি তাৰ অমিয়া মাধুৰী বুটলি আনি পাঠকলৈ আগবঢ়ায় । কবিৰ কল্পনাত আমাৰ এই জগতখনে অন্যধৰণে দেখা দিয়ে । কবিৰ বাবে আমি বাস কৰা পৃথিৱী নামৰ গ্ৰহটো হৈ পৰে বসুমতী আই ,ৰাতি পোহৰ বিলোৱা চন্দ্ৰ নামৰ উপগ্ৰহটো হৈ পৰে জোনবাই । কবিৰ কল্পনাত সুন্দৰী নাৰীৰ মুখখন হৈ পৰে পূৰ্ণিমাৰ জোন ,হাত দুখন পদুমৰ ঠাৰি ,দাঁতবোৰ ডালিমৰ গুটি। সুন্দৰীয়ে হাঁহিলে সেই হাঁহিত মুকুতা সৰা দেখে কবিয়ে। কান্দিলেও দুচকুৰ পৰা দুটি নিজৰাহে বৈ অহা দেখে। কবিয়ে আনন্দতো কবিতা লিখিব পাৰে, গভীৰ দুখতো লিখিব পাৰে। সমাজৰ কোনো এটা দিশে যেতিয়া কবিৰ হৃদয়ত ক্ৰিয়া কৰে, তাৰ প্ৰতিক্ৰিয়া কবিৰ কলমেৰে নিগৰে।
বঙালী কবি জীৱনানন্দৰ মতে- "কবিৰ পক্ষে সমাজক বুজাৰ দৰকাৰ, কবিতাৰ অস্থিৰ ভিতৰত থাকিব ইতিহাস চেতনা আৰু মৰ্মত থাকিব পৰিচ্ছন্ন কালজ্ঞান।" সেই কবিতাবোৰ পঢ়ি যেতিয়া পাঠকে নিজক বিচাৰি পায়, তেতিয়া কবিতাবোৰ কেৱল কবিৰ নিজা হৈ নাথাকে, পাঠকৰো হৈ পৰে। তাতেই আছে কবিতাৰ সাৰ্বজনীনতা।
যিহওঁক, 'পুনৰীক্ষণ'ৰ দ্বিতীয় খণ্ডৰ বাবে প্ৰথমতেই হাতত তুলি লৈছো গোটৰ নতুন সদস্য তথা কবি চন্দ্ৰামিতা পৰাশৰৰ "ইচ্ছাৰ মৰ্যদা" নামৰ কবিতাটো।
|| ইচ্ছাৰ মৰ্যদা ||_________কবিঃ চন্দ্ৰামিতা পৰাশৰ
তোমাৰ দৰে মই
খুলি চাব পৰা হ'লে সমাজতন্ত্ৰৰ
প্ৰতিখন বেৰ
চুই চাব পৰা হ'লে বেৰত খোদিত
ৰীতি নীতিৰ
প্ৰতিটো ভাস্কৰ্য্য
অন্ততঃ
কিছু আক্ষেপ
কিছু হুমুনিয়াহ
কিছু লুনীয়া দুখে
মৌন ব্ৰতেৰে উদযাপন
�কৰিলেহেঁতেন
এই জীৱন ||
সেয়া নহ'ল……
নীলা বেদনা হালধীয়া হৈ
ৰঙা কৰি পেলাই� কলিজা
কলিজাৰ আঁহে আঁহে সোমাই
নাৰীত্ব লাভৰ
গভীৰ যন্ত্ৰনা
তোমাৰ
অনুভৱৰ বাহিৰ
কিছু অসংযত চিন্তা/
#
তোমাৰ দৰে মই
হাঁহো মাতো গান গাও……
উশাহত অম্লজান নিশাহত কার্বন
ৰাতিৰ
�টোপনি
দুপৰীয়াৰ ভোক…
ভিন্নতা মাত্ৰ
আংগিক বৰ্ণমালাৰ
এক সৰু ব্যাকৰণৰ\\
#
সহজ সমিধান দিবা ৰঙা কলিজাৰ…
উতলা তেজ বাগৰি … লেতেৰা হ'লে… তোমাৰ ভাস্কর্য্য খোদিত… সমাজতন্ত্ৰৰ বেৰ…
ন'কবা মোক…
নাৰী তুমি ৰহস্যবাদী… জ্ঞাগ্যসেনী……\
এই কবিতাটিৰ জৰিয়তে কবিয়ে পুৰুষতান্ত্ৰিক সমাজখনৰ প্ৰতি বিক্ষোভ প্ৰদৰ্শন কৰিছে। পুৰুষতান্ত্ৰিক সমাজত পুৰুষৰ বাবে ক'তোৱেই কোনো বাধা নাথাকে, কিন্তু নাৰীৰ বাবে আছে পদে পদে বাধাৰ প্ৰাচীৰ। এই প্ৰাচীৰ ভঙাৰ সাহস সকলো নাৰীৰ নাথাকে, যিয়ে সাহস কৰে তেওঁও হ'বলগীয়া হয় আলোচনাৰ পাত্ৰ। প্ৰাচীৰৰ মাজত আৱদ্ধ জীৱন যাপনৰ বেদনা ভুক্তভোগীয়েহে জানে। পুৰুষে নুবুজে সেই অনুভৱ।
" নীলা বেদনা হালধীয়া হৈ 
ৰঙা কৰি পেলায় কলিজা
কলিজাৰ আঁহে আঁহে সোমাই
নাৰীত্ব লাভৰ গভীৰ যন্ত্ৰণা
তোমাৰ অনুভৱৰ বাহিৰ 
কিছু অসংযত চিন্তা"
এই স্তৱকটিত ব্যৱহাৰ কৰা "তোমাৰ" শব্দটোৱে পুৰুষসমাজকে প্ৰতিনিধিত্ব কৰিছে। কবি যদিও নিজেও এগৰাকী নাৰী, কবিতাটিত তেওঁ কেৱল নিজৰ কথা নকৈ সমগ্ৰ নাৰীসমাজৰ কথাই ক'ব বিচাৰিছে। 
পুৰুষ -নাৰী বুলি ইমান ভেদাভেদ, ইমান অবিচাৰ? পুৰুষ আৰু নাৰীৰ পাৰ্থক্যনো কিহত? কবিয়ে কৈছে,
"তোমাৰ দৰে মই হাঁহো মাতো গান গাওঁ/ উশাহত অম্লজান নিশাহত কাৰ্বন/ ৰাতিৰ টোপনি ,দুপৰীয়াৰ ভোক"
অথচ ভিন্নতা আছে। এই ভিন্নতা মাত্ৰ
"আংগিক বৰ্ণমালাৰ, 
এক সৰু ব্যাকৰণৰ।"
নাৰীবাদৰ স্পষ্ট সুৰ প্ৰতিধ্বনিত হোৱা সঠিক শিৰোনামাৰ এইটো এটা সুখপাঠ্য কবিতা। কবিয়ে শেষৰ ফালে কৈছে এনে অবিচাৰত যদি কেতিয়াবা নাৰীৰ অৱদমিত নাৰীত্ব সাৰ পাই উঠে-
"নক'বা মোক
নাৰী তুমি… ৰহস্যবাদী, জ্ঞাগ্যসেনী।"
এই 'জ্ঞাগ্যসেনী' শব্দটোৰ দ্বাৰা কবিয়ে কি বুজাব বিচাৰিছে সেয়া কিছু অস্পষ্ট হৈ ৰ'ল । যদি দ্ৰৌপদ্ৰীক বুজাইছে মোৰ বোধেৰে হ'ব লাগিছিল যাজ্ঞসেনী --যজ্ঞৰ পৰা উদ্ভুত। দ্ৰৌপদীয়ে কৌৰৱৰ ৰাজসভাত লাঞ্চিতা হোৱাৰ প্ৰতিবাদত দুঃশাসনৰ মৃত্যুৰ সময়লৈকে মুক্তকেশী হৈ থাকিছিল ।
এনে এটি সুন্দৰ কবিতাৰ বাবে কবিলৈ শুভকামনা জনালোঁ।
_____________________________________________
আলোচনাৰ বাবে বাছনি কৰা আনটো কবিতা হ'ল গুণকৃষ্ণ কোঁচৰ 'সুৰ সংগ্ৰামী' নামৰ কবিতাটো। এই কবিতাটি আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰাতঃস্মৰণীয় শিল্পী ভূপেন হাজৰিকাদেৱৰ মৃত্যুতিথি উপলক্ষে গোটট প্ৰকাশ হৈছিল। সেই উপলক্ষে এনেধৰণৰ বহুকেইটা কবিতা গোটলৈ আহিছিল, আটাইবোৰ কবিতাৰে ভাব, ভাষা ভিন্ন আছিল যদিও উদ্দেশ্য আছিল অভিন্ন। সেয়ে কেৱল সিবোৰৰ মাজৰ পৰা এটা কবিতাহে আলোচনা কৰিবলৈ লোৱা হৈছে।
সুৰ সংগ্ৰামী_______কবিঃ গুণকৃষ্ণ কোঁচ
মাটি আৰু মানুহৰ সুৰ
বুকুত কঢ়িয়াই ফুৰিছিল তেওঁ 
ৰাজপথ এৰি জনতাৰ আলিয়েদি
বাটকুৰি বাই 
জনতাৰ সতে গাইছিল 
মানৱতাৰ জয়গান।
জাতি মাটিৰ সুৰেৰে 
দেখুৱাইছিল মানুহক মুকুতিৰ সপোন
সৰ্বহাৰাৰ সৰ্বস্ব ঘুৰাই অনাৰ
পণ লৈছিল । 
মিছিছিপি ভল্গাৰ পৰা লৌহিত্যলৈকে 
বান্ধিব খুজিছিল এনাজৰীৰে একতাৰ
মোৰ আইৰ বুকুত জুই লাগিলেই
ঢপলিয়াই আহিছিল তেওঁ
সুৰেৰে নুমুৱাইছিল বুকুৰ জুই
শীতল ঠেৰেঙা লগা মোৰ আইৰ বাবে
তেওঁৰ গান আছিল পূৱাৰ কাঁচিয়লি ৰ'দ
সুৰৰ জোলোঙাটোৰ পৰা তেওঁ 
ভগাই দিছিল আৰ্তজনক
সাহস আৰু প্ৰেৰণা 
আঁজলি ভৰাই । 
জাতি মাটিৰ সুৰেৰে 
আইৰ বুকু জীপাল কৰা মানুহজন আজি
সুৰৰ জগততে নিতালে শুই আছে
হ'লেও জাতিক জগোৱা গানবোৰ
আমাৰ মাজতে আছে....।
সুধাকণ্ঠৰ বিষয়ে নতুনকৈ কাকো ক'ব নিশ্চয় নালাগে। তেওঁ আছিল জনতাৰ প্ৰাণ। তেওঁৰ গীতৰ সুৰত মূৰ্ত হৈ উঠিছিল মানৱতাৰ জয়গান। সুৰৰ এনাজৰীৰে তেওঁ জনগণক একতাৰ ডোলেৰে বান্ধি ৰাখিব পাৰিছিল। জাতি আৰু মাটিৰ গীত গাই তেওঁ ঘূৰাই আনিব বিচাৰিছিল সৰ্বহাৰাৰ সৰ্বস্ব। মানুহে মানুহৰ বাবে ভাবিব পৰাৰ, কান্দিব পৰাৰ আবেদন আছিল তেখেতৰ প্ৰতিটো গানত। যদিও সেইজনা জনতাৰ শিল্পী আমাৰ মাজত এতিয়া নাই, তেওঁ সুৰ এটি হৈ জনতাৰ প্ৰাণে প্ৰাণে সোমাই আছে। এই কথাখিনিকে বৰ সুন্দৰভাৱে কবিগৰাকীয়ে কবিতাটোৰ দ্বাৰা প্ৰকাশ কৰিছে আৰু মহান শিল্পীগৰাকীলৈ শ্ৰদ্ধা যাচিছে। কবিৰ কলমেৰে আৰু অধিক সুন্দৰ সুন্দৰ কবিতাৰ সৃষ্টি হওঁক তাকে কামনা কৰিলোঁ। 
________________________________________________
এইবাৰ আলোচনা কৰিবলৈ বাছনি কৰিছো আখৰুৱাৰ আন এগৰাকী সদস্য তথা কবি জ্যোতিষ কুমাৰ দেৱৰ এটি কবিতাটি।
শৈশৱৰে দিন___________________কবিঃ জ্যোতিষ কুমাৰ দেৱ
আকৌ এবাৰ মোক আনি দিয়া
শৈশৱৰে সৌ দিনবোৰ ধেমেলিয়া
পখীৰ গীতৰ দৰে সুৰ সমলিত
ফুলৰ সুবাসেৰে আটকধূনীয়া
খোঁজৰ থৰকতে উলাহৰ নাচোন
মুখৰ মাতেৰে হয় সকলো আপোন
চকুত ভৱিষ্যতৰ ৰঙীন সপোন
মনবোৰ যেন জিকাফুল হালধীয়া
নদীৰ সোঁতৰ দৰে বোৱতি দিন
জিলমিল জোনাক নিশাৰ লেখিয়া
পেংকাটি কাটি চাইকেল চলাই ফুৰা
দাংগুটি দিনটো খেলি বিভোৰ হোৱা
একে উঁশাহতে নৈক পাৰাপাৰ কৰি
তিয়নিৰে খেপিয়াই মাছ ধৰি লোৱা
উলাহৰ গীত জুৰি সুৰে বেসুৰে গাই
লগে ভাগে কেনে হৈছিলো মতলীয়া
এই কবিতাটি পাঠ কৰিলে পাঠক নিজে-নিজেই গুচি যাব নিজৰ শৈশৱৰ দিনবোৰলৈ। ধুনীয়া সুৰ এটাৰে বান্ধি ৰখা কবিতাটি পঢ়ি আমনি নালাগিব। এই কবিতাটি গীতিকবিতাৰ শাৰীত পৰিব নিশ্চয়। গীত নহয়, কিন্তু গীতৰ দৰেই লগা কোমল কোমল শব্দবোৰ পঢ়ি গ'লে হৃদয়ত গানৰ অনুৰণন তোলা কবিতাবোৰেই জানো গীতি-কবিতা নহয়? ডঃ কৰবী ডেকা হাজৰিকাৰ ভাষাত,"গীতি-কবিতাৰ লগত গানৰ সমন্ধ নাই। গান হ'ল গীতিকাৰৰ সুৰ নিৰ্ভৰ ৰচনা, কিন্তু গীতি-কবিতা হ'ল ব্যক্তিগত অভিজ্ঞতাৰ প্ৰাঞ্জল অভিব্যক্তি।.......ইয়াত সমগ্ৰ মানৱ জীৱনৰ চিন্তাধাৰাৰ ইংগিত নাথাকে, থাকে একক কবিপ্ৰাণৰ ব্যক্তিগত সুখ-দুখ, আশা-নিৰাশাৰ বাতৰি। আত্মবিভোৰ কবিৰ প্ৰাণ স্পন্দনেৰে এইবোৰ স্পন্দিত।"
এই কবিতাটিত কবিয়ে কোনোবা কাহানিবাতে এৰি থৈ অহা শৈশৱৰ মধুময় স্মৃতিবোৰ ৰোমন্থন কৰি পুলকিত হৈ উঠিছে। কবি হৈ পৰিছে নষ্টালজিক। সেই অনুভৱৰ আকৰ্ষণৰ পৰা নিজকে মুক্ত কৰিব নোৱাৰি কবিয়ে কৈ উঠিছে,
"আকৌ এবাৰ মোক আনি দিয়া
শৈশৱৰে সৌ দিনবোৰ ধেমেলীয়া।"
কিন্তু শৈশৱ জানো আহিব ঘূৰি! শৈশৱ, কৈশোৰ, যৌৱন পাৰ হৈ আহিব এদিন বৃদ্ধত্ব। আৰু এদিন বিদায় ল'ব ইহজগতৰ পৰা। এনেদৰেই চলি থাকিব জীৱনৰ পৰিক্ৰমা। সকলোৱে জানে এই কথা। তথাপিতো মানুহবোৰ অতীতমুখী হৈ পৰে কেতিয়াবা কেতিয়াবা আৰু শৈশৱৰ সোঁৱৰণৰ মাজত বিচাৰি লয় আনন্দ। সুন্দৰ কবিতা এটা আমাক উপহাৰ দিয়া বাবে কবিলৈ ধন্যবাদ জনালোঁ আৰু আজিৰ এই খণ্ডটি ইয়াতে সামৰিলোঁ।
ধন্যবাদ,
মিনুৰেখা গগৈ
৫ ডিচেম্বৰ ২০১৫
__________________________ক্ৰমশঃ_________________________
টোকাঃ 'পুনৰীক্ষণ' শিতানত সন্নিৱিষ্ট কবিতাসমূহৰ বানান আদি পৰ্যবেক্ষকৰ দ্বাৰা শুধৰণি কৰা নহয়। সিবোৰ শুধৰোৱাৰ দায়িত্ব কবিসকলৰ ওপৰত ন্যস্ত থাকিব। পৰ্যালোচনাৰ ক্ষেত্ৰত থকা যিকোনো বানানৰ ভুল মাননীয় পাঠকসকলে দেখুৱাই দিলে, সিবোৰৰ শুধৰণি পৰ্যবেক্ষক বা ব্যৱস্থাপকে কৰিব। সেয়ে বানানৰ ভুল সমূহ উনুকিয়াই দিবলৈ মাননীয় পাঠকসকললৈ বিনম্ৰভাৱে অনুৰোধ কৰা হ'ল।
ধন্যবাদ।
মনোহৰ দত্ত
ব্যৱস্থাপক, 'পুনৰীক্ষণ' শিতান।
আখৰুৱা : literati গোট।
৫ ডিচেম্বৰ ২০১৫