Tuesday, 31 October 2017

অন্ততঃ



তত্বগধুৰ উপন্যাসখনৰ শেষ আমেজ
শুকান শেৱালিৰ কাঢ়া গোন্ধত
চাট্ কৰি মনত পৰে---
একা-বেঁকা পথেৰে যাওঁতে
সন্ধ্যা বেঁকাকৈ ফুলা তোৰ ডালিম হাঁহিটো
হোষ্টেলত ধাৰকৈ খোৱা বাঁহগাজৰ আঁচাৰ
এতিয়াও চেপে মনটো
সাতদিনীয়া কেঁকোৰা পোৱালিৰ দৰে
ধামকৈ খুন্দিয়াই আধাপোৰা কলিজাটো
গাঁওৰ নৈখনত এতিয়া বালি, পানীতকৈ বয় যে বেছি!


🖋কিশোৰ দাস

No comments:

Post a Comment