Friday, 27 October 2017

কথাবোৰ গল্প হ'লেই


কথাবোৰ গল্প হ'লেই

নিভা গগৈ


বিপ্লৱৰ গীত গোৱাৰ দিনা নিজান পথটোৱে
আজলি পাতি বহি চাই আছিল মাথো নিঠৰ বেলিটো
সেইদিনা ঘাটৰুৱা আৰু মাছমৰীয়াজনেও নিৰৱ হৈ একেলগে চাইছিল
'ৰ পৰা উফৰি আহিছিল জয়মতি কান্দোনৰ লিমাৰিক,,,,
ইতিহাসৰ বুঢ়া পাতবোৰে এতিয়া ফাগুনত পকিবলৈ অপেক্ষা নকৰে
নকৰে কুঁহিপাতে বসন্তত হাঁহিবলৈ
ওঁঠে ওঁঠে ৰৈ থকা গল্পৰ অৰণ্যও
কথাৰ মৈঠুনত যে সিও মৃত হৈ ৰ',,,
বাঁহ ফুটিছিল এদিন
'ৰ পৰা ধোঁৱা বলিছিল
সেইদিনা মানুহে কথা পতা নাছিল
হুমুনিয়াহৰ লগত বৈ পৰিছিল মাথোঁ অতীতৰ গল্প
'ত আছিল মানুহে পতা
মানুহে ভঙাৰ অলেখ কথাৰ নদী,,৷৷



নিভা গগৈ


No comments:

Post a Comment