Thursday, 5 October 2017

এখন মৃত চহৰৰ আধালিখা পাণ্ডুলিপি


।। এখন মৃত চহৰৰ আধালিখা পাণ্ডুলিপি ।।

প্রত্নতত্ত্ববিদৰ প্রথমটো খবৰ!
তাত এখন চহৰ আছিল
পূর্বজৰ পদাংক অনুসৰণ কৰি চহৰখনে মৃত্যুবৰণ কৰিছিল
স্বতন্ত্র গান এটাৰ আপাহত
মাৰ বান্ধি উঠিছিল মানুহবোৰ,
আৰু ৰাষ্ট্রদ্রোহৰ অপৰাধত মাৰি পেলোৱা হৈছিল সিঁহতক।
ৰজাঘৰীয়াই পদাঘাত কৰিছিল চহৰ খনৰ ভগ্নাৱশেষ,
আঘাতপ্রাপ্ত হৈছিল ঐতিহ্য;
দৃষ্টান্তৰে প্রতীয়মান কৰিব খুজিছিল
গণতন্ত্র আৰু স্বাধীনতাৰ সুকীয়া অর্থ
তাত
ৰজাই সজা এটা দেউল আছিল,
ৰত্নকুবেৰৰ পৰামর্শত
ধর্মই কোঙা কৰা মানুহবোৰক
মণি-মুক্তাৰে বিনিময় কৰা হৈছিল মনে সজা ধর্ম ;
সলনি কৰা হৈছিল ধর্মীয় তত্ত্ব।
নির্বাসিত হৈছিল সহিষ্ণুতা
উদৰস্থ কৰা হৈছিল মানৱতা
কুক্ষিগত কৰা হৈছিল ক্ষমতা
হঠাৎ দাপোণ ভঙাৰ শব্দ!
মিছিল পাতি ওলাই আহিল মানুহ
শৃঙ্খল চিঙি উৰি গল কেনিবাদি
এজাক ধুমুহা পক্ষী,
মৃত চহৰখনৰ আধালিখা পাণ্ডুলিপি বিচাৰি ....

-
উইল চিদ্দিকুৰ ৰহমান । ০৫১০১৭।

No comments:

Post a Comment