সভ্যতাৰ কাব্য
--নয়নজ্যোতি
গিয়াতিৰ মেল
ৰ'দৰ কবিতা আওৰাই
বহুদিন শুনা নাই কলহৰ শব্দ
গাভৰুহতৰ
বোবা পাহাৰৰ দুখত
আবেলিৰ বতাহজাকে বৰকৈ কোবালে
নদীৰ দুয়োপাৰ
চিৰকালৰ সুতা ছিঙি
সকলো গুচি গল নদীৰ ঘৰখন উদং কৰি
মোৰ নকৈ বিবাহিত ভনীয়ে
ঘৰ খালী কৰাৰ নিচিনাকৈ
নদীৰ পাৰত এতিয়া
কেৱল নঙঠা শব্দ
আৰু এটি পৰিত্যক্ত
বৃত্তৰ কান্দোন ।
No comments:
Post a Comment