দ্বাদশ শতিকাৰ আৰম্ভণিৰে পৰা আহোমসকলৰ সমান্তৰালকৈ অসমলৈ আগমন ঘটা মুছলমান সম্প্ৰদায়ৰ লোকসকল থলুৱা
সংস্কৃতিৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত হৈ পৰিছিল । বিভিন্ন গণ্য মান্য ব্যক্তিৰ
লিখনীয়ে এই কথা প্ৰমাণ কৰি আহিছে ।অতীতত বিভিন্ন অনুষ্ঠানত এক উদাৰ , গোষ্ঠীনিৰপেক্ষ
সমন্বয় দেখা গৈছিল ।
ওজাপালি অসমৰ অন্যতম লোকসম্পদ ।অতীতত (প্ৰায় ১০০ বছৰ আগতে ) দৰঙৰ বিভিন্ন অঞ্চলত ওজাপালি অনুষ্ঠানত
মুছলমান লোকসকলৰ অংশগ্ৰহণ দেখা গৈছিল । মঙ্গলদৈ মহকুমাৰ অন্তৰ্গত অঞ্চলবোৰত
মুছলমান সম্প্ৰদায়ৰ ওজাপালি, ঢুলীয়া , কালিয়া আৰু দেউৰী
আছিল । দৰঙৰ হাজৰিকাপাৰা মুছলিম ওজাসকলৰ বাবে , কালীয়াপাৰা মুছলিম কালি
বাদকসকলৰ বাবে আৰু মাৰৈ গাওঁ মাৰৈ গোৱা লোকৰ বাবে বিখ্যাত আছিল ।
দৰঙৰ প্ৰথম মুছলিম মাৰৈগোৱা ওজা পৰশু শেখ নামৰ ব্যক্তিজনে ওজাপালি আৰু
দেওধনী নৃত্যৰ বাবে আহোপুৰুষাৰ্থ কৰিছিল তেওঁৰ নাট্যদলত হাফেজা বেগম নামৰ
এগৰাকী দেওধনী নৃত্য পৰিবেশন কৰা মহিলা আছিল । মাৰৈত তেওঁৰ বংশধৰসকল এতিয়াও আছে । কিছুবছৰ
আগলৈকে ওজাপালিৰ লগত জড়িত যাৱতীয় সামগ্ৰীসমূহো সযতনে ৰখা হৈছিল । তেওঁক দৰঙী ৰজাই
মাজে সময়ে ৰাজসাহায্য প্ৰদান কৰিছিল । কালীয়াপাৰাত কালিয়া বৃত্তিসম্পন্ন লোকসকলে বিভিন্ন উৎসৱ অনুষ্ঠান
যেনে- ঢেপাঢুলীয়া , বিবাহ
অনুষ্ঠান , ভাওনা আদিত কালি
বজাইছিল ।
ইয়াৰ বাহিৰেও মনসা দেৱীৰ পূজাৰ বাবে দৰঙী ৰজাই মুছলিম সন্তসকলক নিয়োগ কৰিছিল ।
কৰিম আতৈ এজন বিখ্যাত মাৰৈ গায়ক আছিল । মনসা পূজাত ওজাপালি গীত পৰিবেশন কৰা #বিহিলা নামৰ আন এজন
ওজাৰ নাম পোৱা যায় । বিহিলা আৰু তেওঁৰ পুত্ৰসকল ওজাপালিৰ বাবে বিখ্যাত
আছিল । কোচ ৰজা ধৰ্মনাৰায়ণে দান কৰা ৪০০ বিঘা মাটিত মুছলিম ওজাসকলে বাস কৰিছিল । সৰু
ব্যাসপাৰাক এতিয়াও কোনো কোনোৱে #বিহিলাৰ ভেটি বুলি
কয় । বিহিলাৰ ম: কেৰা নামৰ পুত্ৰজনে দুৰ্গা নামৰ এজন ব্যক্তিক ওজাপালি
শিকাইছিল যাক প্ৰথম হিন্দু ওজা বুলি কোৱা হয় । তেওঁৰ আন এজন পুত্ৰ ম:ফকিৰ মনসা
দেৱীৰ এজন বিদগ্ধ পূজাৰী আছিল । তেওঁ হেনো সুকন্নানী ওজাপালি বৰ ধুনীয়াকৈ গাব জানিছিল ।
ইয়াৰ বাহিৰেও মুছলমানসকলৰ অনুষ্ঠান চেৰাঢেক , কিতাপ পঢ়া আদিত বিয়াহৰ
ওজাপালিৰ প্ৰভাৱ পৰা দেখা যায় । কিতাপ পঢ়া অনুষ্ঠানটো ভাগৱত পাঠ চক্ৰৰ লগত সাদৃশ্য থকা দেখা
যায় । বিয়াহৰ বা সুকন্নানী
ওজাপালিৰ ৰাগৰ আধাৰত চেৰাঢেকৰ জন্ম । ইয়াৰ আমাৰ জাতীয় উৎসৱ তিনিওটা বিহুত মুছলমানসকলৰ
অংশগ্ৰহণে তাহানিৰ ধৰ্ম নিৰপেক্ষ সুস্থ সবল সমাজ এখনৰ ইঙ্গিত দিয়াৰ উপৰিও
গোড়ামিৰো লেশমাত্ৰ নথকা উদাৰ হিন্দু মুছলিম সংহতিৰ সূচনা কৰে ।
দৰঙী কোচ ৰজাসকলৰ উদাৰ পৃষ্ঠপোষকতাৰ ফলত যি সম্প্ৰীতি নিদৰ্শন দৰঙৰ
লোকসংসকৃতিত দেখা গৈছিল সেই পৰিবেশ বৰ্তমান নাই । উনবিংশ শতিকাৰ মাজভাগৰ পৰা ৰাজনৈতিক কাৰণত সেই
পৰিবেশ বিনষ্ট হবলৈ ধৰে আৰু এতিয়া পৰিস্থিতি ভয়াবহ হৈ পৰিছে । সকলোৱে ইয়াৰ
বিৰুদ্ধে মাত মাতি আগুৱাই নাহিলে বৃহত্তৰ অসমীয়া জাতি এদিন সংখ্যালঘুত পৰিণত হ'ব ।
তথ্য -
অতুল চন্দ্ৰ বৰুৱা ৰচনাৱলী
ইণ্টাৰনেট
ভাৰতৰ পৰিৱেশ্য কলা
-ড° নবীন চন্দ্ৰ শৰ্মা
-------------------------- ------------------------------------
কলচুম বিবি
মঙ্গলদৈ
তথ্য -
অতুল চন্দ্ৰ বৰুৱা ৰচনাৱলী
ইণ্টাৰনেট
ভাৰতৰ পৰিৱেশ্য কলা
-ড° নবীন চন্দ্ৰ শৰ্মা
-------------------------- ------------------------------------
কলচুম বিবি
মঙ্গলদৈ
No comments:
Post a Comment