Thursday, 26 October 2017

।।অভিমান।।




ৰঞ্জন বর্মন
ছাইৰঙী আকাশ। কতো লেশমানো সাৰ-সুৰ নাই।
মুখ ওন্দোলাই বোবা যেন হৈ
পিঠিত পিঠি দি বহি আছে ডাৱৰবোৰ।
অলপ পাছতেই যেন বাজি উঠিব পঞ্চজন্য শংখ
আৰু আৰম্ভ হব অন্য এখন কুৰুক্ষেত্ৰৰ যুদ্ধ।
আচলতে, অভিমানবোৰ মিথেনৰ দৰে
বতাহৰ স্পৰ্শ পালেই জ্বলি উঠে
ভমকৈ।
যি জুইৰ লেলিহান শিখাত
সোণৰ দৰে জিলিকি উঠে ভালপোৱা।
সহজ ভাষাত
অভিমানবোৰ ভালপোৱাৰ সেউজীয়া নিচান।
প্ৰেয়সীৰ মৌন ওঁঠৰ আকুল আহ্বান।
বিঃদ্ৰঃ
শিল ভাঙি নৈ বোৱাতকৈ কঠিন
অভিমান ভঙাটো। আৰু
অভিমান ভাঙিব পাৰিলেই প্ৰেয়সীৰ চকুত চকু থৈ
উদযাপন কৰিব পাৰি জোনাক সৰা ৰাতি।

No comments:

Post a Comment