Sunday, 29 October 2017

চানেকি : প্ৰকাশ : অক্টোবৰ, ২০১৭


চানেকি : প্ৰকাশ : অক্টোবৰ, ২০১৭
প্ৰকাশআলোচনীৰ কবিতাৰ পৰ্যালোচনা
পৰ্যালোচক- অচ্যুৎ মাধৱ দাস। সদস্য, আখৰুৱা
°°°°°°°°°°°°°°°°°°°°°°°°
গামোচা এখনৰ ফুল বাছিবলৈ চানেকিৰ যিদৰে ব্যৱহাৰ কৰে, ঠিক সেই একেই ব্যৱহাৰিক অৰ্থতেই কবিতাৰ ক্ষেত্ৰতো এই চানেকি শিতানৰ উদ্দেশ্য।
এইবাৰৰ চানেকি শিতানৰ বাবে 'প্ৰকাশ' আলোচনীত প্ৰকাশিত কবি ধ্ৰুৱকুমাৰ তালুকদাৰৰ বিষ্ণুৰাভাৰ নামেৰেশিৰোনামৰ কবিতাটিক তুলি ধৰা হৈছে। কবিতাটি পাঠৰ বাবে আগবঢ়ালোঁ
বিষ্ণুৰাভাৰ নামেৰে
কবি- ধ্ৰুৱকুমাৰ তালুকদাৰ
চৰাইৰ চকু পিন্ধি ঘূৰি ফুৰোঁ
চহৰে-নগৰে
তোমাৰ বুকুৰ জুইকুৰা নেদেখোঁ
ৰঙা-নীলা বেলুন উৰুৱাই সভা পাতোঁ
জাত জাত চাপৰিৰ তালত
তেজ সানো কণ্ঠত
শিলৰ পথ
কাঁইটৰ অৰণ্য
বিপ্লৱৰ নামত চল-চাতুৰি বিক্ৰী কৰি
গঞাৰ পাটিত কটাওঁ ৰাতি
তোমাৰ সাতোৰঙী সপোনবোৰ নেদেখোঁ
মামৰে ধৰা জোনাকত
প্ৰেম ভৰালীৰ পানী ওফন্দি উঠে
আৰু আমি তোমাৰ গানবোৰত
কাঠ-আঙুলিৰে চেতাৰ বজাওঁ।।
{“কাঠ-আঙুলিৰেশব্দটি আলোচনীৰ পাতত কাঠ-আহুলিৰেহৈ আছে যদিও কবিৰ সতে যোগাযোগ কৰোঁতে কবিয়ে শব্দটি কাঠ-আঙুলিৰেব লাগে বুলি আমাক জনায়।}
পাঠকীয় দৃষ্টিকোণেৰে যেতিয়া কবিতা এটা মেলি লোৱা হয়, তাৰ পাঠ(Text) সম্পৰ্কত বহুকেইটা আহুকলীয়া প্ৰশ্নই চকুৰ আগত থিয় দিয়েহি। এই ধৰক কোৱা হকবিতাটো শ্লোগান-ধৰ্মী হৈছে, সাময়িক উত্তেজনা অথবা পাৰ্টিলাইন মাইমেচিচে ( partyline mimesis) দেখা দিছে। তাৰ বিপৰীতে কিছু কবিতাত কোৱা হয় কবিতাটোত ভাৱবস্তু আৰু কিছু বিদ্ৰোহী হৈ উঠাৰ প্ৰয়োজন আছিল, ভাৱবস্তু লৈ চাই দেশ বুলিলে আদেশ নালাগেধৰণৰ উত্তেজনাৰ প্ৰয়োজন আছিল ইত্যাদি ইত্যাদি……
এই সমস্যাটোৰ মূলতঃ হgenre নিৰ্ধাৰণ। আমি সমালোচনাত্মক কবিতা (Poetry of Criticism) আৰু প্ৰতিবাদী কবিতাক (Poetry of Protest) একেমাত্ৰাৰে জুখি চাওঁ অথবা দুয়োবিধ কবিতাৰ প্ৰকাশৰ ভাষাক মৰ্মোপলব্ধি কৰিব পৰা নাই, সমস্যা তাতেই।

কবি ধ্ৰুৱকুমাৰ তালুকদাৰৰ কবিতাটিত বিষয়ীয়ে স্ব-বক্ৰোক্তি প্ৰকাশক এটি সমালোচনাত্মক কবিতা(Poetry of Criticism)স্বাভাৱিকতেই কবিতাটোত প্ৰতিবাদী কবিতাৰ (Poetry of Protest) প্ৰতিবাদ মুখৰ উত্তেজক আলাপ, শ্লোগান ধৰ্মিতা, পাৰ্টিলাইলন মাইমেচিচ অথবা ভাৱ আৰু প্ৰকাশৰ গতিৰ ক্ষিপ্ৰতাৰ পৰা মুক্ত। কবিতাটিয়ে এটি সমালোচনাত্মক কবিতা ৰূপে সমসাময়িক সমাজখনক প্ৰতিনিধিত্ব কৰিলেও কবিতাটোৰ ভাৱবস্তু ব্যাপ্তি নিৰ্দিষ্ট সময়ক অতিক্ৰমী ভবিষ্যতৰ বাবেও ভাৱক প্ৰতিষ্ঠা কৰি যোৱা আৰু পঠনযোগ্য কবিতা। বিষ্ণুৰাভাৰ নামেৰেবুলি কবিতাটিত বিষ্ণুৰাভাক যদিও কেন্দ্ৰবিন্দু ৰূপ দিছে মূলতঃ কবিতাটোৰ প্ৰাণ-বায়ু হৈছে সমাজৰ বৰ্তমানৰ প্ৰতিবাদৰ ভাষা আৰু নৈতিকতাৰ অবক্ষয় ৰূপটোক দাঙি ধৰিয়েই কবিতাটিৰ মৰ্মবস্তুক নিৰ্মাণ কৰিছে।
চৰাইৰ চকু পিন্ধি ঘূৰি ফুৰোঁ
চহৰে-নগৰে
তোমাৰ বুকুৰ জুইকুৰা নেদেখোঁ
কবিতাটি আৰম্ভ কৰিছে বিষয়ীৰ এক স্বগতোক্তিৰ অভিব্যক্তিৰে, ত মিহলি হৈ আছে স্ব-বক্ৰোক্তিৰে প্ৰকাশ কৰা সমাজৰ প্ৰতিবাদী কণ্ঠৰ দৃষ্টি। আটোম-টোকাৰি (বাকবহুল নোহোৱাকৈ) শব্দ গাঁথনিৰে সৰল প্ৰকাশভংগী হ স্তৱকটিৰ অন্যতম আকৰ্ষণ। সাধাৰণতে আমি মন কৰোঁ সমাজ-বিয়ষক আৰু স্বগতোক্তিৰ প্ৰকাশক কবিতা সমূহত প্ৰায়ে “Statement” ৰ প্ৰভাৱ দেখা যায়। অৱশ্যেবিষ্ণুৰাভাৰ নামেৰেশীৰ্ষক কবিতাটিত দুই এক অংশত “Statement” ৰ প্ৰভাৱ থাকিলেও মূলতঃ কবিতাটো সমাজ বিষয়ক এক ধাৰণা(suggestion) ৰূপতেই প্ৰকাশ হৈছে, যিয়ে কবিতাটিত এক সুষম কাব্যিক মাত্ৰাক (Poetic sense) ধৰি ৰাখিছে। (Poetry is a language of suggestion rather than it is a language of statement)
কবিতাটোত বিষয়ীয়ে নিজে সমাজত প্ৰতিবাদৰ নামত লুণ্ঠন কৰা এসকলৰ ভাষ্যক বক্ৰোক্তিৰে প্ৰকাশ কৰিছে। বৰ্তমানৰ প্ৰতিবাদ যে সমাজৰ ওপৰত এক উপৰুৱা দৃষ্টিৰে চাৰিওফালৰ ওপৰত চকু ৰাখি গভীৰ উপলব্ধিৰ আৰু দৃষ্টিৰ অবিহনেই চলি আছে তাৰেই পাতনিৰে কবিতাটিক আৰম্ভ কৰিছে। যাৰ ফলত বিষয়ীয়ে সৰলভাবে প্ৰকাশ কৰিছে সাধাৰণৰ বুকুত জ্বলি থকা জুইকুৰাক নেদেখোঁ বুলি। বিহংগম দৃষ্টি’(Birds view) এই জতুৱা ঠাঁচটিৰ প্ৰয়োগ চৰাইৰ চকুবুলি স্তৱকটিত কবিয়ে যি সৰল প্ৰতীকবোধৰ সৃষ্টি কৰিছে, তাৰ দ্বাৰাই পাঠকক কবিতাটিৰ ভাৱৰ গভীৰ মজ্জালৈ টানি নিছে বুলিব পাৰি।
ৰঙা-নীলা বেলুন উৰুৱাই সভা পাতোঁ
জাত জাত চাপৰিৰ তালত
তেজ সানো কণ্ঠত
শিলৰ পথ
কাঁইটৰ অৰণ্য
বিপ্লৱৰ নামত চল-চাতুৰি বিক্ৰী কৰি
গঞাৰ পাটিত কটাওঁ ৰাতি
তোমাৰ সাতোৰঙী সপোনবোৰ নেদেখোঁ
কবিতাটোৰ মৰ্মোদ্ধাৰ কৰা যদিও আমাৰ উদ্দেশ্য নহয়, বিষয়ীৰ স্পষ্ট আৰু সৰল অভিব্যক্তিয়েই বহুবোৰ কথা স্পষ্ট কৰি দিছে। ৰঙা-নীলা জাকজমকতাৰ মাজত হেৰাই যোৱা উদ্দেশ্যবোধ। হাত-চাপৰিৰ তালত উতপ্ত হোৱা কণ্ঠৰ সাময়িক উত্তেজনা। এইদৰেই কবিতাটোৰ মাজত বিপ্লবৰ বাস্তৱিক স্বৰূপটোক উদঙাই দিছে।
ইয়াতে আমি শিৰোনামলৈ ঘূৰি চাব পাৰোঁ। বিপ্লবৰ নামত চল-চাতুৰিৰে সাধাৰণ প্ৰজাক কৰা প্ৰৱঞ্চনাৰ এক নাটক। এই নাটকৰ বাবে মানুহৰ সপোনত ৰহণ দিব নোৱাৰি। সপোনবোৰ কোনো কালেই নোপোৱা এটি সাকাৰ ৰূপ। এয়া যেন হৈছে বিষয়ীৰ বক্ৰোক্তিৰ দ্বাৰাই এক আক্ষেপ। বিষ্ণুৰাভাৰ আদৰ্শ, শিপা আৰু মাতৃভূমিৰ প্ৰতি থকা মোহ, কৃষক বনুৱাক আগবঢ়াই লৈ যাব খোজা সপোন এয়া আৰু বৰ্তমানৰ আন্দোলনবোৰ প্ৰকৃত আদৰ্শ হৈ থকা নাই। ৰাভাৰ আদৰ্শক হাথিয়াৰ কৰি মাথোঁ এক প্ৰৱঞ্চনাৰ নাটক। বিষয়ীয়ে স্ব-বক্ৰোক্তিৰ দ্বাৰা গোটেই কবিতা সেই আক্ষেপকে ৰূপ দিয়াৰ চেষ্টা কৰিছে। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ বিষ্ণু ৰাভা, এতিয়া কিমান ৰাতি?” কবিতাটোতো সেই আক্ষেপকেই প্ৰকাশ কৰিছে।
মাজৰাতি কোন ৰাজ আলিয়েদি আক্ষেপ কৰি যায়
বিষ্ণু ৰাভা আজি নাই
বিষ্ণুৰাভাৰ নামেৰেগোটেই কবিতাটিত জুৰি আছে এক কথনৰ নিৰ্ভীকতা আৰু গহীন গতি। আৰু শেহৰ দুটা স্তৱকত আগৰ স্তৱক কেইটাত সৰল প্ৰকাশৰ বিপৰীতে আছে কিছু Poetic Intelligence যিটোক আমি দ্যোতনাৰ চমকপদ কাব্যিক প্ৰকাশ বুলিব পাৰোঁ।
মামৰে ধৰা জোনাকত
প্ৰেম ভৰালীৰ পানী ওফন্দি উঠে
আৰু আমি তোমাৰ গানবোৰত
কাঠ-আঙুলিৰে চেতাৰ বজাওঁ।।
মামৰে ধৰা তৰোৱালবুলি ৰুগ্ন ভংগুৰ ৰোমাণ্টিক পৰিবেশ এটিক প্ৰোথিত কৰিছে, যিবোৰৰ মাজত আমি প্ৰেমৰ কথা পাতোঁ প্ৰেমক জীয়াই ৰাখোঁ।
শেষৰ স্তৱকত কাঠ-আঙুলিৰপ্ৰয়োগেৰে গোটেই কবিতাটোক বান্ধি ৰখাৰ এটি অপূৰ্ব ব্যঞ্জনাবোধ। তাৰেই দ্বাৰা শিৰোনামৰ বিষ্ণু ৰাভাৰ অৰ্থবোধক ৰূপত নমাই আনিছে। এই কবিতাই বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰবিষ্ণু ৰাভা, এতিয়া কিমান ৰাতি?” কবিতাত সেই সময়ৰ সমাজৰ উপলব্ধি
তুমি সাৰে আছা, সাৰে আছে আৰু
জাগ্ৰত জনতা, নিদ্ৰাবিহীন ৰাতি।
বিপৰীতে কবি তালুকদাৰৰ কবিতাত বৰ্তমানৰ এক প্ৰকৃত সমাজ-উপলব্ধিৰ বাস্তৱ ৰূপত চকু মুদি থকা অচেতন জনতাক প্ৰতিফলিত কৰিছে। বিষ্ণু ৰাভাক যেন এক যান্ত্ৰিক সোঁৱৰণ।
কবি ধ্ৰুৱকুমাৰ তালুকদাৰৰ সম্পূৰ্ণ কবিতাটোৰ ক্ষেত্ৰত কব লাগিব যে বিষ্ণু ৰাভাৰ প্ৰসংগত বৰ্তমানলৈকে অনেক কবিতাৰ সৃষ্টি হৈছে। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ এটা অজৰ-অমৰ কবিতাৰ লগতে হীৰুদাৰো দুটা কবিতা পোৱা যায়। অৱশ্যে ইমানবোৰ কবিতাৰ পূৰ্বে সৃষ্টি হোৱাৰ পাছতো কবি তালুকদাৰ ডাঙৰীয়াৰ কবিতাটোত ভাৱ, প্ৰকাশ আৰু ব্যঞ্জনাবোধ কোনোটোতেই ক্লিচেৰ প্ৰভাৱ নেদেখোঁ। যিটো নতুন কবি সকলৰ সৃষ্টিৰ বাবে অন্যতম চানেকি স্বৰূপ।
পূৰ্বৰ বিশেষ প্ৰস্তুতি নোহোৱাকৈ এই সংখ্যাৰ চানেকিৰ দায়িত্ব তাৎক্ষণিকভাৱে আহি পৰাত হয়তো ভবাৰ দৰেই এটি চানেকিৰ ৰূপ দিব পৰা নহ, তাৰবাবে আখৰুৱাৰ সুহৃদ পাঠকৰ ওচৰত দুখ প্ৰকাশ কৰিলোঁ।
শেষত কবি গৰাকীলৈ বহুত শুভকামনা লগতে এইকণ লিখাৰ সুযোগ দিয়াৰ বাবে আখৰুৱাৰ মঞ্চলৈ ধন্যবাদ জনালোঁ।
জয়তু আখৰুৱা।
°°°°°°°°°°°°°°°°
ব্যৱস্থাপকৰ টোকা:
'
আখৰুৱা : literati' গোটৰ মাননীয় সদস্যসকলৰ মতামত বিচাৰি অচ্যুৎ মাধৱ দাস ডাঙৰীয়াই যুগুতোৱা "প্ৰকাশ" আলোচনীৰ অক্টোবৰ ,২০১৭ সংখ্যাৰ এটি কবিতাৰ পৰ্যালোচনাৰে চানেকি শিতানত আগবঢ়ালোঁ। মাননীয় সকলো সদস্যৰে সহযোগ আৰু মতামত বিচাৰিলোঁ। আপোনালোকৰ সহযোগিতাই পৰ্যালোচনাৰ মান উন্নত কৰাত সহায়ক হব। পৰ্যালোচনাটোত কোনো কাৰণত বানানৰ ভুল ৰৈ গৈছে যদি মাননীয় সদস্যসকলে আঙুলিয়াই দিয়ে যেন।
ধন্যবাদ
পাৰ্থ প্ৰতিম কলিতা
অচ্যুত মাধৱ দাস
হীৰকজ্যোতি বৈশ্য
ব্যৱস্থাপক,
চানেকি শিতান
২৯ অক্টোবৰ,২০১৭
°°°°°°°°°°°°°°°°°°°°°°°°°°°

No comments:

Post a Comment