আখৰুৱাৰ মিতভাষ: 26/10/2017
খেজুৰ তলৰ বাটটোৰে
মই অহা-যোৱা কৰিছিলো । তুমি প্ৰায়েই কোৱা---' তালৈ নাযাবা , বাটে ঘাটে পৰি আছে খেজুৰৰ বিষাক্ত কাঁইট ' । এমা-ডিমা সপোনে ক'তনো বুজে এইবোৰ । সিহঁতে ভালপায় ডাঠ সেউজীয়া খেজুৰৰ চিৰলা-চিৰল
পাত । কিয় চাব লাগে তাত খেজুৰৰ কাঁইট? কাঁইট নগচিলে জানো পায় খেজুৰৰ মিঠা স্বাদ?
খেজুৰ কাঁইটে মোক অহৰহ খোচা-বিন্ধা কৰে মাজৰাতি । হাক দিবলৈ তুমি থকা হ'লে ----তু---মি!!
খেজুৰ কাঁইটে মোক অহৰহ খোচা-বিন্ধা কৰে মাজৰাতি । হাক দিবলৈ তুমি থকা হ'লে ----তু---মি!!
জ্যোতিমণি দেৱী ।
No comments:
Post a Comment