।।কেনভাছ।।
ණ ৰঞ্জন বর্মন
কবিৰ কবিতাত দুপৰ নিশা
জোনে কাপোৰ সলাই নদীত গা ধুবলৈ নামে
আনকি শিলবোৰে কথা পাতে ভালপোৱাৰ
জোনে কাপোৰ সলাই নদীত গা ধুবলৈ নামে
আনকি শিলবোৰে কথা পাতে ভালপোৱাৰ
মই মহানগীৰৰ ফুটপাথত বহি
কেনভাছত এখন আকাশ
আৰু নদী এখন আঁকিবলৈ চেষ্টা কৰিছোঁ
কেনভাছত এখন আকাশ
আৰু নদী এখন আঁকিবলৈ চেষ্টা কৰিছোঁ
য’ত জোনে
কাপোৰ নসলাই
ব্ৰহ্মাণ্ডৰ মেপ আঁকি তিতা কাপোৰ
গাত শুকাই
ব্ৰহ্মাণ্ডৰ মেপ আঁকি তিতা কাপোৰ
গাত শুকাই
য’ত জোনৰ ওঁঠত
নুফুটে হাঁহি
নিবিলাই পোহৰ
শতিকাজোৰা পেটৰ জুইত বিবৰ্ণ মুখাৱয়ব
নিবিলাই পোহৰ
শতিকাজোৰা পেটৰ জুইত বিবৰ্ণ মুখাৱয়ব
কবিৰ জোনৰ দৰেই কেনভাছৰ জোনৰো আছে
বুকুত ক’লা দাগ
ৰাংকুকুৰৰ নখৰ দাগ
বুকুত ক’লা দাগ
ৰাংকুকুৰৰ নখৰ দাগ
কেনভাছত ফুলবোৰ ৰঙহীন
চৰাইবোৰ মাতহীন
আনকি মানুহবোৰে পিন্ধি লৈছে শিলৰ চোলা
চৰাইবোৰ মাতহীন
আনকি মানুহবোৰে পিন্ধি লৈছে শিলৰ চোলা
অৱশেষত, কেনভাছখন
আঁকি দেখিলোঁ
শিল আৰু জোনৰ ঠাইত বহি আছোঁ আপুনি আৰু মই
শিল আৰু জোনৰ ঠাইত বহি আছোঁ আপুনি আৰু মই
ණ ৰঞ্জন বর্মন
No comments:
Post a Comment