দিনকণাৰ কথাৰে
''
১/
আমি কোৱা কথাবোৰ বুঢ়ীআইৰ সাধু
চন্দুকৰ চুকত পৰি থাকোঁতে থাকোঁতে মামৰ লাগিল
কাৰো চকু নপৰিল
কাৰো হাত নালাগিল
ফেৰিৱলাৰ গাড়ীত উঠি ঘূৰি ফুৰিলে
আপোনাৰ চহৰ
''
১/
আমি কোৱা কথাবোৰ বুঢ়ীআইৰ সাধু
চন্দুকৰ চুকত পৰি থাকোঁতে থাকোঁতে মামৰ লাগিল
কাৰো চকু নপৰিল
কাৰো হাত নালাগিল
ফেৰিৱলাৰ গাড়ীত উঠি ঘূৰি ফুৰিলে
আপোনাৰ চহৰ
২/
ক'ৰ পৰা এটা আৰম্ভণি হ'ব পাৰে ?
আঙুলি এটাৰ ইচাৰাত দৌৰোঁতে দৌৰোঁতে
এদিন আমি খহি পৰিম
এদিন আমাৰ কথাবোৰ
এখন ইতিহাস হ'ব
দিনকণাৰ বুৰঞ্জী পঢ়ি কোনোবাদিনা
উত্তৰপুৰুষে হুমুনিয়াহ এৰোঁতে
আমি হয়তো খহি পৰিম দ্বিতীয়বাৰ
৩/
কাইলৈৰ পৰা আমি ভাল হ'ম
কাইলৈৰ পৰা আমাৰ ভাল হ'ব
চৰাই এজনী হৈ উৰি যোৱা দিনটোলৈ
মূৰ তুলি চাই আকৌ এবাৰ
সংকল্পবদ্ধ হ'ল
এজাক নাইপিয়া সাপ
ক'ৰ পৰা এটা আৰম্ভণি হ'ব পাৰে ?
আঙুলি এটাৰ ইচাৰাত দৌৰোঁতে দৌৰোঁতে
এদিন আমি খহি পৰিম
এদিন আমাৰ কথাবোৰ
এখন ইতিহাস হ'ব
দিনকণাৰ বুৰঞ্জী পঢ়ি কোনোবাদিনা
উত্তৰপুৰুষে হুমুনিয়াহ এৰোঁতে
আমি হয়তো খহি পৰিম দ্বিতীয়বাৰ
৩/
কাইলৈৰ পৰা আমি ভাল হ'ম
কাইলৈৰ পৰা আমাৰ ভাল হ'ব
চৰাই এজনী হৈ উৰি যোৱা দিনটোলৈ
মূৰ তুলি চাই আকৌ এবাৰ
সংকল্পবদ্ধ হ'ল
এজাক নাইপিয়া সাপ
ৰিতুৰাজ বৰুৱা
No comments:
Post a Comment