Friday, 6 October 2017

চকুলোৰ নদীত এপাহ মৰহা ফুল ====================== ✍উপাসনা বৰা

চকুলোৰ নদীত এপাহ মৰহা ফুল
======================
উপাসনা বৰা 

যিদিনা চোতালত কলহে কলহে বৰষুণ সৰিছিল
মই কন্দা নাছিলো 
মাথোঁ চকুলোৰ নৈখন 
বৈ আহিছিল কলিজা ফালি
সপোনৰ দুবছৰীয়া পুলিটো উঘলাৰ বেদনাত
মৰহিছিল পদূলিৰ ৰঙাজবাৰ এটা কলি
প্ৰতাৰিত ৰাতিৰ প্ৰতিটো প্ৰহৰ
মোৰ বাবে আছিল ৰ'দৰ বাগিচা
বিচৰা নাছিলো তোমাৰ ঠিকনা
ভাগ বাটোৱাৰা কৰিছিলো
জীৱনৰ প্ৰাচীন কোঠাটো
যি মোৰ উপাস্য আছিল
তেওঁক কিদৰে দোষী বুলি কও
কাক দিওঁ দোষ
কোনে দিব সমিধান
আচলতে আমি
সোঁতৰ গতি নজনাকৈও
নাও মেলিলো

ভুল হয়তো কাৰোৰে নাছিল
মাথো ভুল এটাকে ফুল এপাহ বুলি
অতদিনে গুজি লৈ ফুৰিছিলো বুকুত

No comments:

Post a Comment