Saturday, 28 October 2017

পাৰ্ছনেল পৃথিৱী




@মমিন বৰা

এদাল ৰেখাৰে অংকিত গ্ল'ব এটা হাতত লৈ
ঘুৰি ফুৰো মই
মাজে মাজে লগ পাওঁ আপোনাক
আপুনি আপোনাৰ গ্ল'বটো স্বাভীমানেৰে মোক দেখুৱায়
ময়ো আমন্ত্ৰণ কৰোঁ আপোনাক
প্ৰদক্ষীণ কৰিবলৈ মোৰ বিষুৱ ৰেখা
এইদৰেই বাঢ়ি যায় আমাৰ আত্মীয়তা
একদৰেই বাঢ়ি যায় আমাৰ কথকতা
লাহে লাহে দিনবোৰ গলি গলি নামি আহে আন্ধাৰ
আৰু গ্লৱত বিভিন্ন ৰেখা, বিভিন্ন ৰং
মাজে মাজে কিছু তাছিল্য
কিছু অত্যুক্তি, কিছু বক্ৰোক্তি
লাহে লাহে বাঢ়ি যায় মানৰ ভৰ
লাহে লাহে বাঢ়ি যায় স্বাভীমানৰ ভৰ
আৰু নিজৰ নিজৰ অস্তিত্বৰ অহংকাৰ
আৰু কুমজেলেকুৱাৰ দৰে সন্তপৰ্ণে আহি
গিলি পেলাই আমাৰ সমষ্ট আকাশ
ইতিমধ্যেই আমি হৈ পৰোঁ অচিন পথিক
ক্ষত-বিক্ষত হৈ পৰে আমাৰ কথকতা,
সলনি হয় আমাৰ আত্মীয়তাৰ চৌম্বকীয়তা
আচলতে কেৰোণতো
আমি নিজেই নিজক হেৰুৱাৰহে
নিজকে হেৰুৱাই আমি হেৰুৱাও
আমাৰ আত্মীয়তা, আমাৰ কথকতা
আপুনি মোৰ, মই আপোনাৰ
আত্মপ্ৰতিস্থাৰ প্ৰত্যাশা আৰু
অস্তিত্বৰ অজুহাত বিচাৰি বিচাৰি
আমি এইদৰে নিজেই কবৰ খান্দো নিজৰ
আৰু আমাৰ সন্মুখত মূৰ্তমান হৈ উঠে
একো একোখন পাৰ্ছনেল পৃথিৱী
আৰু একো একোজন চেল্ফচেন্টাৰড্ বাসিন্দা

No comments:

Post a Comment