আৰম্ভ কৰো বুলি আৰম্ভ কৰিব নোৱাৰি
তোমাৰ পৰা মোলৈ
মোৰ পৰা তোমালৈ এটি পথ
তোমাৰ পৰা মোলৈ
মোৰ পৰা তোমালৈ এটি পথ
জীৱনে শিকায়
জীৱনে বুজায়
মানুহৰ ৰূপ অনেক
জীৱনে বুজায়
মানুহৰ ৰূপ অনেক
মানুহেই মানুহক পূজা কৰে
মানুহেই মানুহক হত্যা কৰে
মানুহেই মানুহক ভাঙে -গঢ়ে -ঠগে
মানুহেই মানুহক হত্যা কৰে
মানুহেই মানুহক ভাঙে -গঢ়ে -ঠগে
আৰম্ভ কৰো বুলি আৰম্ভ কৰিব নোৱাৰা
অনেক কথাই জুমুৰি দি উঠে
বুকুৰ ভিতৰত শুই থকা অৰণ্য মানৱজনক জগাব নোৱাৰো
অবিন্যস্ত মনৰ খাম-খেয়ালিত
ধূৱলি-কুঁৱলি হয় সমুখৰ পথ
আজিৰ সুহৃদো হয় অচিনাকি
অনেক কথাই জুমুৰি দি উঠে
বুকুৰ ভিতৰত শুই থকা অৰণ্য মানৱজনক জগাব নোৱাৰো
অবিন্যস্ত মনৰ খাম-খেয়ালিত
ধূৱলি-কুঁৱলি হয় সমুখৰ পথ
আজিৰ সুহৃদো হয় অচিনাকি
এটা নিচুকণি গীতৰ দৰেই
সোঁৱৰণি হোৱাৰ ভয়ত
হুৰাই দিয়া চৰাইজাকৰ দৰে
উৰি যোৱাৰ ভয়ত
আৰম্ভ কৰো বুলি আৰম্ভ কৰিব নোৱাৰা
অনেক কথাই বিধ্বস্ত কৰে
সোঁৱৰণি হোৱাৰ ভয়ত
হুৰাই দিয়া চৰাইজাকৰ দৰে
উৰি যোৱাৰ ভয়ত
আৰম্ভ কৰো বুলি আৰম্ভ কৰিব নোৱাৰা
অনেক কথাই বিধ্বস্ত কৰে
ৰ'দালিৰ ৰ'দজাক এদিন আহিব
ৰ'দালিৰ ৰ'দজাক আহিলেই সুখৰ চৰাইজাক আহিব
ৰ'দালিৰ ৰ'দজাক আহিলেই তুমিও আহিবা
ৰ'দালিৰ ৰ'দজাক আহিলেই মানুহে মানুহক বুজিব
ৰ'দালিৰ ৰ'দজাক আহিলেই ভৰিব শূন্য বুকুৰ ভঁৰাল
--------------------------------------------------------------------
কলচুম বিবি
মঙ্গলদৈ
ৰ'দালিৰ ৰ'দজাক আহিলেই সুখৰ চৰাইজাক আহিব
ৰ'দালিৰ ৰ'দজাক আহিলেই তুমিও আহিবা
ৰ'দালিৰ ৰ'দজাক আহিলেই মানুহে মানুহক বুজিব
ৰ'দালিৰ ৰ'দজাক আহিলেই ভৰিব শূন্য বুকুৰ ভঁৰাল
--------------------------------------------------------------------
কলচুম বিবি
মঙ্গলদৈ
No comments:
Post a Comment