ණ ৰঞ্জন বর্মন
চকু জপাই নিয়া
দুপৰীয়া এটাত ঘৰৰ মুধচত
ঠোঁট মচি মচি বহি আছে
এটা কাউৰী
ধৰি ল’লো কাউৰী নহয় ঈশ্বৰ
যিহেতু ঈশ্বৰৰ কোনো আকাৰ নাই
ঠোঁট মচি মচি বহি আছে
এটা কাউৰী
ধৰি ল’লো কাউৰী নহয় ঈশ্বৰ
যিহেতু ঈশ্বৰৰ কোনো আকাৰ নাই
ঈশ্বৰ এতিয়া
ভোকাতুৰ
নাঙঠ
নাঙঠ
ঈশ্বৰে চকু জপাই
মনত পেলাব চেষ্টা কৰে
কেতিয়া মুখামুখি হৈছিল এসাঁজ বগা ভাতৰ স’তে
কেতিয়া মুখামুখি হৈছিল এসাঁজ বগা ভাতৰ স’তে
ঈশ্বৰ ভাগৰি পৰে
ঈশ্বৰে এইবাৰ
এঙামুৰি দি পাখি জোকাৰে
আৰু ডেউকা মেলি
উৰি গৈ বহেগৈ চহৰৰ আটাইতকৈ ওখ গছজোপাৰ ডালত
আৰু ডেউকা মেলি
উৰি গৈ বহেগৈ চহৰৰ আটাইতকৈ ওখ গছজোপাৰ ডালত
গছজোপাৰ পৰা চহৰখন
ঈশ্বৰৰ
এটা শ’ৰ দৰে লাগে
আৰু মানুহবোৰ শ’টোৰ ওপৰত পৰি কিলবিলাইছে কীটৰ দৰে
এটা শ’ৰ দৰে লাগে
আৰু মানুহবোৰ শ’টোৰ ওপৰত পৰি কিলবিলাইছে কীটৰ দৰে
ঈশ্বৰৰ বমি বমি
ভাব হয়
পানী বিচাৰি ঈশ্বৰে
উৰা মাৰে নদীলৈ
ঠোঁটত পানী লৈ ঈশ্বৰৰ অনুভৱ হয় পেটত জ্বলি থকা
জুইকুৰাৰ কথা
ঠোঁটত পানী লৈ ঈশ্বৰৰ অনুভৱ হয় পেটত জ্বলি থকা
জুইকুৰাৰ কথা
অৱশেষত, নদীৰ বুকুত জলাঞ্জলী দি সকলো আদৰ্শ
শ’টোৰ কাষলৈ উৰা মাৰি গৈ ঈশ্বৰে ঠোকৰ দিয়ে নাভিমণ্ডলত
শ’টোৰ কাষলৈ উৰা মাৰি গৈ ঈশ্বৰে ঠোকৰ দিয়ে নাভিমণ্ডলত
No comments:
Post a Comment