কওঁ বুলিও সকলো কথা খুলি ক'ব নোৱাৰি ৷
যাওঁ বুলিও যাব নোৱাৰি দিকচৌ বাট ৷
যাওঁ বুলিও যাব নোৱাৰি দিকচৌ বাট ৷
জীৱন উদযাপন
কৰোঁ বুলি ৰৈ যাওঁ ৷
জীৱনে উদযাপন কৰে আমাক ৷
সময়ে বাগৰ সলাই
ইকাতি
সিকাতি;
জীৱনে উদযাপন কৰে আমাক ৷
সময়ে বাগৰ সলাই
ইকাতি
সিকাতি;
এই জীৱন
এই সময়
এই কথা
মকৰাৰ জাল ৷
এই সময়
এই কথা
মকৰাৰ জাল ৷
এই কথা
শেৱালীৰ কথা নহয় যে
ক'লেই আমোলমোল গোন্ধাব !
এই কথা শৰতৰ মৃদু বা নহয়
যে
বলিলেই কঁহুৱা হৈ নাচিব !!!!
শেৱালীৰ কথা নহয় যে
ক'লেই আমোলমোল গোন্ধাব !
এই কথা শৰতৰ মৃদু বা নহয়
যে
বলিলেই কঁহুৱা হৈ নাচিব !!!!
এই কথা
কোনো দিন নহয় কোৱা ৷
এই কথা
অতিকে গোপণ নহ'লেও
সদায়ে আধৰুৱা
সদায়ে মৰম আকলুৱা ৷
এই কথা ভালপোৱাৰ,
তোমাক ভালপোৱাৰ ৷
কোনো দিন নহয় কোৱা ৷
এই কথা
অতিকে গোপণ নহ'লেও
সদায়ে আধৰুৱা
সদায়ে মৰম আকলুৱা ৷
এই কথা ভালপোৱাৰ,
তোমাক ভালপোৱাৰ ৷
মাধৱ দত্ত
No comments:
Post a Comment