Wednesday, 4 October 2017

পুনৰীক্ষণ (৫২) : 'আখৰুৱা : literati' গোটৰ কবিতাৰ পৰ্যালোচনা প্ৰথম খণ্ড : ১ - ৭ ছেপ্টেম্বৰ, ২০১৭


পুনৰীক্ষণ (৫২) : 'আখৰুৱা : literati' গোটৰ কবিতাৰ পৰ্যালোচনা
প্ৰথম খণ্ড : ১ - ৭ ছেপ্টেম্বৰ, ২০১৭
পৰ্যালোচক : সমুদ্ৰ কাজল শইকীয়া
সমসাময়িক ধাৰাভাষ্যকাৰ : অসমীয়া কবিতাত সময়ৰ কণ্ঠস্বৰ
[প্ৰথম অংশ]
সঁচাকৈ কবলৈ গলে ছেপ্টেম্বৰ, ২০১৭-ৰ প্ৰথম সপ্তাহত আখৰুৱাত প্ৰকাশিত কবিতাসমূহৰ কোনোটোৱেই বিশেষভাৱে আকৰ্ষণ কৰিব পাৰিছে বুলি কব নোৱাৰি। তাৰ মাজতো কেইটামান কবিতাৰ কথা কবই লাগিব। হীৰকজ্যোতিৰ "সময়-সংকট"ৰ দৰে উৎকৃষ্ট কবিতা আমি পাইছোঁ। তাইৰ দিনলিপিত একোটা নিৰ্লিপ্ত আখৰ হৈ শুই আছে/ দিবা-নিশাৰ তয়াময়া ক্ষণবোৰ” - বুলি কওঁ‌তে "তয়াময়া" শব্দৰ বিপৰীতে "নিৰ্লিপ্ত" শব্দৰ উপস্থিতিৰ মাজত বিৰোধাভাসৰ যি ব্যঞ্জনা সি পাঠকক আলোড়িত কৰিবই। একেধৰণৰ কিছু বিৰোধাভাসেৰে পুষ্ট হৈছে মমিন বৰাৰ কবিতা "বিশেষত:" যদিও কবিতাটোত অৰ্থ বা ভাব আৰু প্ৰকাশৰ ধৰণ-কৰণৰ মাজত মই ব্যক্তিগতভাৱে কিছু আসোঁৱাহ দেখা পাইছোঁ। "নিৰানন্দই চুব নোৱাৰে তেওঁ‌ক" বোলাৰ পিছত "উদাসী মনেৰে তেওঁ মাথোঁ একাত্ম হয়" বোলাত কথাখিনি গ্ৰহণ কৰিবলৈ অলপ অসুবিধা হৈছে। ৰৌচন আৰ বেগমৰ কবিতা সম্পৰ্কে আগতে লিখিছোঁ বাবে সদ্যহতে নিলগাই থ'লোঁ। অনিতা গগৈৰ "এনেকৈয়ে"ৰ মাজত কবিতা যে কবিৰ বাবে সহজ জীৱনৰ বাস্তৱতাৰ আকূতি সেয়া আমি বুজি পাওঁ - "মই জীপ পাওঁ/ দুটা পোৰা আলুগুটি আৰু গৰৈ মাছৰ পিটিকাৰে,/ সিহঁতে খোৱা পঁ‌ইতাভাতৰ বাটিত ..."। কল্যাণী বৰ্মনৰ "তোমালোক"ৰ মাজত অভিব্যক্তি আৰু পাৰস্পৰিক সৌহাৰ্দ্যৰ মাজত কোনোবাখিনিত ৰৈ যোৱা অসম্পূৰ্ণতাৰ কথাখিনিয়ে পাঠকৰ মন চুই যায়। এনেয়েও Performer আৰু Spectator-ৰ পাৰস্পৰিক সম্পৰ্ক, Collaboration আদি আমাৰ প্ৰিয় বিষয় হোৱাৰ বাবেই কবিতাটোৱে আমাৰ মন টানিছে। মনোহৰ দত্তৰ "সোঁতে সোঁতে নৈ বন্দী" কবিতাই কিছুমান শাশ্বত উপলব্ধিৰ ফালে আমাক লৈ যায় আৰু আংগিকৰ ফালৰপৰা অসমীয়া কবিতাৰ ধাৰাপ্ৰবাহৰ এক ঐতিহ্যময় কাব্যভাষাৰ প্ৰতি ইংগিত দিয়ে। মনমী ভট্টাচাৰ্য্যৰ "ক্ষয়িষ্ণু"ৱে যেনেকৈ এটা অনুভৱী মনৰ পৰিচয় দিয়ে, মহাদেৱ নাথৰ "অৰণ্য"ই এক মহানাগৰিক সত্যৰ উন্মোচন কৰে। গায়ত্ৰী ফুকনৰ "অমৃতৰ পথ"ৰ মাজতো তেনেকৈয়ে দেখা পাওঁ মৃত্যুৰ প্ৰতি এটা সদৰ্থক সম্বোধন।
ছেপ্টেম্বৰ ১-ৰ পৰা ৭ তাৰিখলৈ আখৰুৱাৰ মজিয়াত প্ৰকাশিত কবিতা সমূহৰ ভিতৰত এক বুজন সংখ্যক কবিতাৰ ধাৰা বা ধাৰণাগত আধাৰে বিশেষভাৱে আমাৰ চিত্ত আকৰ্ষণ কৰিছে আৰু সেয়েহে তাৰ ভিত্তিতে আজি কিছু কথা আলচিম। এই আলোচ্য আটাইকেইটা কবিতায়েই এই সময়ৰ কথা কয়। এক প্ৰকাৰে সমসাময়িকতাৰ ধাৰাভাষ্য বুলিব পাৰি। ভাব-ভাষাৰ ফালৰ পৰা, অৰ্থাৎ বিষয়বস্তু আৰু ফৰ্ম সাঙুৰি কাব্য চৰ্চাৰ এহেজাৰ এটা ধৰণ-প্ৰকৰণ থাকিব পাৰে যদিও সাময়িকভাৱে এটা বিশেষ অৱস্থানৰ পৰা দুটা বুনিয়াদী ধৰণৰ কথা আমি কব পাৰোঁ। এটা ধাৰাই কয় হৃদয়াৱেগৰ কথা। এই ধাৰাত আছে ব্যক্তিগত আৰু বিষয়ী বা ব্যক্তিনিষ্ঠ (subjective) অনুভূতি। আনটো ধাৰা প্ৰগতিশীল। কেতিয়াবা চলতি সময়ৰ ধাৰাভাষ্য, কেতিয়াবা নিতান্তই পলিটিকেল বুলি আখ্যা দিব পৰা। এইটো ধাৰাও বিষয়ী কিন্তু এই বিষয়-চেতনা (subjectivity) নিৰ্মাণ হয় এটা ৰাজনৈতিক চেতনাৰ ফলশ্ৰুতিত। দেশ আৰু কালৰ এটা ধাৰণাই জন্ম দিয়ে এই বিষয় ভাৱনা। অসমীয়া ভাষাত এই ধাৰাৰ কবিতাৰ এক নিজস্ব ইতিহাস আছে। কেৱল সেয়ে নহয়, দেশ, কাল আৰু জনতাৰ কণ্ঠস্বৰক প্ৰতিনিধিত্ব কৰিব খোজা এই শ্ৰেণীৰ কাব্যজিজ্ঞাসাই আহৰণ কৰি আহিছে বিশেষ সন্মান। সমাজৰ প্ৰতি দায়বদ্ধতাক সন্মানৰ চকুৰে চোৱাৰ ফলতে আনকি একান্ত হৃদয়াৱেগক ভিত্তি কৰি ৰচিত ফুল-তৰা-পখিলাৰ কবিতাৰ মাজতো সততে সমাজ চেতনাৰ অণুৰণন অনুভূত হোৱাটো এটা স্বাভাৱিক পৰিঘটনা। সেয়েহে, সমাজৰ প্ৰতি এটা সৃষ্টিশীল তথা চিন্তাশীল ব্যক্তিমনে [মন কৰিব, সৃষ্টিশীল (Creative) মাত্ৰেই চিন্তাশীল (critical), এই কথাষাৰৰ সমৰ্থনত আমি আগতে কেবাটাও আলোচনা আগবঢ়াই আহিছোঁ] সমাজৰ প্ৰতি থকা দায়বদ্ধতাখিনি কেনেকৈ প্ৰকাশ কৰিব সেইটোও এটা জটিলতৰ প্ৰসংগ। এনে প্ৰেক্ষাপটতে প্ৰগতিশীল বুলি প্ৰচলিত চিন্তাৰ ধাৰাই চিহ্নিত কৰা আৰু বিশ্লেষণ কৰা প্ৰগতিশীল বা সামাজিকভাৱে দায়বদ্ধ কবিতাৰ শ্ৰেণীবিভাজন কেতিয়াবা সংকুচিত আৰু বিভ্ৰান্তিকৰ হৈ উঠাও দেখা যায়। এই সমস্যাটোৰ বিষয়ে সবিশেষ আমি অন্যত্ৰ আলোচনা কৰিম।
বিভিন্ন সময়ত কবিতা সম্পৰ্কীয় আলোচনাত কবিতা অথবা কবিক মননশীল”, “অনুভৱীআদি আখ্যাৰে বিভূষিত কৰা হৈ থাকে যদিও এইবোৰ শব্দৰ প্ৰয়োগত কেতিয়াবা অলপ অসুবিধা পাওঁ। হৃদয়, জোনাক, আৱেগৰ কথা কোৱা কবিজন যদি অনুভৱী হয়, এই সময়ৰ চাৰিওফালে ঘটি থকা ৰাজনৈতিক, সামাজিক ঘটনাৰাজিত উৎকণ্ঠা বা উদ্বিগ্নতা প্ৰকাশ কৰা কবিজন কেনেকৈ অনুভৱী নহয়? আৰু অলপ আগুৱাই গৈ, কবিতা নিলিখিলে বা নপঢ়িলে বুলিয়ে আমি বাটত আহোঁ‌তে যাওঁ‌তে লগ পোৱা মানুহ এজনক অনুভৱী নহয় বুলি ধাৰণা কৰি লম নেকি? ইয়ো এক প্ৰশ্ন। সি যি কি নহওক, আজিৰ বিচাৰ্য আটাইকেইটা কবিতাৰ কবি কেইগৰাকী সমসাময়িকতাৰ ভাবনাৰে অনুভৱী। দেশ, সমাজ, মানুহ, জনতা অথবা সমসাময়িকতাৰ কথা কব খোজা কবিসকলৰ কবিতাৰ কাব্য ভাষায়ো কিছুমান নিৰ্দিষ্ট সুৰ পৰিগ্ৰহ কৰে। এই কাব্যভাষাৰ নিৰ্মাণ, আৰু তাক জনতা পাঠকৰ কাষলৈ চপাই লৈ যোৱাৰ কাৰবাৰটো উজু নহয়। লগতে কবিতা এক উচ্চস্তৰীয় শিল্প (High Art) হিচাপে কালোত্তীৰ্ণ (Timeless) হৈ উঠাৰ প্ৰশ্নটোতো লগতে আছেই। সমসাময়িকতাৰ কবিতা ৰচনা কৰা ব্যক্তি কবিসকলৰ ওচৰত এইটোৱেই আটাইতকৈ গুৰুতৰ সমস্যা আৰু আখৰুৱাৰ মজিয়াত দেখা পোৱা এই আলোচ্য কবিসকলৰ মাজতো এই প্ৰত্যাহ্বানটোৱেই আমি দেখা পাইছোঁ।
বহুকাল আগতেই প্ৰাতঃস্মৰণীয় কবি নীলমণি ফুকনদেৱে আমাৰ কবিতা পঢ়ি এটা ব্যক্তিগত সাক্ষাতত কৈছিল – “কণ্টেণ্টটোৱেই আচল কথা। ভাল লিখিছা, লিখি থাকা। কণ্টেণ্টটো নেৰিবা। নকলেও হব যে সম্ভৱ সেই সময়লৈ কেৱল ফৰ্মৰ পৰীক্ষা- নিৰীক্ষাতে আৱদ্ধ হৈ ৰবৰ উপক্ৰম হোৱা সমসাময়িক অসমীয়া কবিতাৰ অৱক্ষয়ক লৈ কবি উদ্বিগ্ন হৈ পৰিছিল। কবিতাৰ মাজেৰে যদি কবিৰ আচলতে কবলগীয়া একো কথাই নেথাকেগৈ, কেৱল কবিতা লিখাৰ নামত যদি হয় ফৰ্মৰ পৰীক্ষা নিৰীক্ষা, নহয় একেখিনি কবিতা-সুৰীয়াচিত্ৰকল্প বা খণ্ডবাক্যৰ নিষ্প্ৰাণ চৰ্বিত চৰ্বণ, তেনেহলে কবিৰ দায়িত্ব আৰু কবিতাৰ সামগ্ৰিক উপস্থিতি সম্পৰ্কেই প্ৰশ্ন উঠাটো স্বাভাৱিক। কেৱল কণ্টেণ্ট সম্পৰ্কীয় মন্তব্যটিয়েই নহয়, নীলমণি ফুকনৰ কথাষাৰ ইয়ালৈ অনাৰ আন এটা কাৰণো আছে। ঐকান্তিক সংযম, সাধনা আৰু নিষ্ঠাপূৰ্ণ কাব্যজিজ্ঞাসাৰ বাবেই এইজন কবিয়ে ঋষিতুল্য আখ্যা পাইছে। অসমীয়া কবিতাত সততে সুলভ দুটা ধাৰা, বৰ্ণনাধৰ্মী আৰু লীৰিকেল এই দুটাৰ পৰা পৃথক এটা কাব্যভাষাৰ উদ্ভাৱনা আৰু প্ৰতিষ্ঠা কৰাত এই কবিৰ যশ আছে। আঠাইশ শাৰীৰ এটা কবিতাক কাটি কুটি পৰিমাৰ্জনা কৰি কৰি শেহত তাক দুশাৰীৰ এটা কবিতাৰ ৰূপ দিয়া বুলি আমি শুনি আহিছোঁ। সেই পৰম নিষ্ঠা আৰু সংযমৰ দৃষ্টান্ত তুলি ধৰা এই কবিজনাৰ কাব্যজিজ্ঞাসাই কাব্য-সাধনাৰ পথিকসকলৰ প্ৰতি এই সংবাদেই প্ৰেৰণ কৰে যে কবিতা ৰচনা এদিনৰ কাম নহয়। একোটা কবিতাৰ নিৰ্মাণৰ আঁৰতো থাকিব পাৰে এক বিস্তৰ সময়জোৰা এংগেজমেণ্ট। কিন্তু এনে ক্ষেত্ৰত যিসকল কবিয়ে চলতি সময়ৰ ধাৰাভাষ্যকাৰৰ ভূমিকাত অৱতীৰ্ণ হব খোজে তেওঁলোকৰ ক্ষেত্ৰত এইখিনি কথা কেনেকৈ আৰু কিমান দূৰলৈকে প্ৰযোজ্য হ? ই এক গুৰুতৰ প্ৰশ্ন আৰু এই প্ৰশ্নৰ অৱতাৰণা কৰাটোৱেই আমাৰ এই আলোচনাৰ এক কেন্দ্ৰীয় উদেশ্য। যি ধৰণৰ কবিতাৰ কথা আমি আজি পাতি আছোঁহক এইখিনি কবিতাই এটা স্থান কালৰ পৰিপ্ৰেক্ষিততহে নিজৰ প্ৰাসংগিকতা বা গুৰুত্ব দাবী কৰে। তাৰ পিছতো সি অন্তৰ্নিহিত মৰ্মেৰে কালোত্তীৰ্ণ হৈ উঠিব পাৰে। কিন্তু সেয়া পাছৰ কথা; তাতকৈ এটা স্থান-কালৰ প্ৰাসংগিকতাত নিজৰ অস্তিত্ব প্ৰতিপন্ন কৰাটোৱেইহে প্ৰাথমিক চৰ্ত। উদাহৰণ স্বৰূপে বিমান শইকীয়াৰ নীলা তিমিশীৰ্ষক কবিতাটোৱে এই সময়ৰ চচিয়েল নেটৱৰ্কিঙৰ মাধ্যমেৰে অধিক জনপ্ৰিয় হোৱা, নতুন প্ৰজন্মৰ মাজলৈ ধেমালিৰ চলেৰে মৃত্যুৰ ভাবুকিও কঢ়িয়াই আনিব পৰা এটা খেলৰ কথা কয়। এই সময়ত এই কবিতাই কব খোজা কথাখিনিৰ ইপ্সিত সঁহাৰি এই সময়তেই পাব লাগিব। এই সূত্ৰেই আমি স্থান-কাল নিৰ্ভৰ কথাষাৰ ব্যৱহাৰ কৰিব খুজিছোঁ। এই অৰ্থতেই এই শ্ৰেণীৰ কবিক ধাৰাভাষ্যকাৰ বুলি অভিহিত কৰিব খুজিছোঁ। কাৰণ চচিয়েল কমেণ্টেটৰ আলোচক- সমালোচক এজনৰ সৈতে এইসকল কবিৰ ভূমিকাৰ কোনোবাখিনিত মিল আছে।
বুজিবলৈ অসুবিধা নহব যে অধিভৌতিক বা মেটাফিজিকেল কবি, প্ৰেমৰ কবি, প্ৰকৃতিৰ কবি আদিসকলতকৈ ধাৰাভাষ্যকাৰ কবি এজনৰ কাব্য ভাষা স্বাভাৱিকতেই অলপ পৃথক হব। অলপ সাধাৰণীকৰণ কৰি হলেও এনে প্ৰগতিশীল ধাৰাভাষ্যকাৰ কবিতাৰ চৰিত্ৰগত বৈশিষ্ট্য হিচাপে কব পাৰি এনে কবিতাই সঘন চিত্ৰকল্প, প্ৰতীক আদি পৰিহাৰ কৰি কথাবোৰ পোনপটীয়কৈয়ে কবলৈ ভাল পায়। ধ্যানমগ্ন গহীন গম্ভীৰ কবিমন এৰি সহজ-সৰল কথ্য ভাষাকে আঁ‌কোৱালি লৈ এনে কবিতাই কাব্যক জনজীৱনৰ যথাসম্ভৱ ওচৰ চপাই আনিবলৈ যত্নপৰ হয়। ফলত এনে কবিতাই সততে গদ্যধৰ্মী ৰূপ পৰিগ্ৰহ কৰে। নাটকীয় স্বগতোক্তিৰ ৰূপ আদৰি লোৱাৰ ফলত এনে কবিতা সহজে আবৃত্তি-যোগ্য হৈ উঠাৰ সম্ভাৱনাও থাকে। সকলোৰে ঊৰ্ধ্বত, এনে কবিতাৰ মাজত কবিৰ ৰাজনৈতিক অৱস্থান সুস্পষ্ট। নন্দ তালুকদাৰে আখ্যা দিবৰ দৰে ৰমন্যাসিক কবিতাৰ পেটমোচা কবিদেৱকান্ত বৰুৱাৰ আমি দুৱাৰ মুকলি কৰোঁকবিতাটোলৈ মনত পেলালে মন কৰিব যে এই কবিতাৰ সুৰ বা স্বৰটো কবিৰ বিহু-পেঁপাবা আন কবিতাতকৈ সমূলি পৃথক। প্ৰকৃততেই এই কবিতাটোৱে অসমীয়া কাব্য-ভাষা নিৰ্মাণৰ পথত এক দুৱাৰ মুকলি কৰাৰ কবিতা। ই গদ্যধৰ্মী, স্বগতোক্তিৰ দৰে আৰু আবৃত্তিযোগ্য।
এইখিনিতে আমাৰ সহায়ক হ'ব পৰাকৈ টুনুজ্যোতি গগৈয়ে "সাহিত্য আৰু যৌনতা" শীৰ্ষক এটি লেখাত উল্লেখ কৰা কিছু কথা তুলি দিব খুজিছোঁ -
"...‘
জোনাকী যুগৰ পৰৱৰ্তী অসমীয়া কবিসকল পুৰণি ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধাশীল আছিল যদিও তেওঁলোকক কেতবোৰ যুগান্তকাৰী সামাজিক আৰু ৰাজনৈতিক পৰিৱৰ্তনে প্ৰভাৱান্বিত কৰিছিল৷ ভৱানন্দ দত্তৰ মতে–‘গোটেই অসমীয়া সমাজখনক তেওঁলোকে পুৰণি নানা কু-সংস্কাৰৰ পৰা মুক্ত কৰি উদাৰনৈতিক মানৱতাৰ ভেটিত গঢ়ি তুলিবলৈ বিচাৰিছিল [অসমীয়া কবিতাৰ কাহিনী]৷ কুৰি শতিকাৰ চল্লিশৰ দশকৰ পৰা অসমীয়া কবিতাই আধুনিকতাৰ নতুন অনুশীলন আৰম্ভ কৰিছিল৷ ভাৰতীয় সমাজ জীৱনত মহাযুদ্ধৰ বাতাবৰণ আৰু স্বাধীনতা সংগ্ৰামৰ বিভিন্ন ঘটনাৰাজিয়ে মানুহৰ মন-মানসিকতাৰ আমূল পৰিৱৰ্তন ঘটোৱাত পৰম্পৰাগত মূল্যবোধৰ ওপৰত আস্থা হেৰুৱাই কবিসকলে ৰোমান্টিক ভাব-অনুভূতিৰ পৰা অাঁতৰি আহি সামাজিক বাস্তৱতাক আঁ‌কোৱালি লৈছিল৷ এই সময়ছোৱাৰ অসমীয়া প্ৰগতিশীল কবিসকলে কয়লাখনিৰ বনুৱা, বেশ্যা, অৱস দেহৰ ৰিক্সাৱালা, মগনীয়া, কুলি আদিক কবিতাত সামৰি ললে৷ ধীৰেন দত্ত [কাঠমিস্ত্ৰীৰ ঘৰ], কমল নাৰায়ণ দেৱ, চক্ৰেশ্বৰ ভট্টাচাৰ্য [মাথোন এখন নোট], ভৱানন্দ দত্ত [ৰাজপথ], অমূল্য বৰুৱা [বেশ্যা], ৰাম গগৈ, কেশৱ মহন্ত আদি কবিকণ্ঠ শোষণ-বঞ্চনা-বৈষম্য আদিৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠিল৷ সন্দেহ নাই, আধুনিক অসমীয়া কবিতাৰ লগতে সাহিত্যৰ অন্যান্য শাখাৰ পূৰ্ণ বিকাশ ঘটে ৰামধেনু যুগত৷ এই যুগৰ সাহিত্যৰ প্ৰধানতঃ দুটা ধাৰা আছিলএটা প্ৰগতিমুখী আৰু আনটো হৃদয়মুখী৷ ৰামধেনু যুগৰ উত্তৰ কালতো সমাজমুখী কাব্য ধাৰাৰ এটা নতুন অভ্যুদয় হোৱাৰ কথা অসমীয়া সাহিত্যৰ বুৰঞ্জী [ষষ্ঠ খণ্ড]ত কবীন ফুকনে উল্লেখ কৰিছে৷ এই সময়ছোৱাৰ কবিসকলে আধুনিক অসমীয়া কবিতাৰ সূচনাকালৰ ভৱানন্দ দত্ত, অমূল্য বৰুৱা আদি প্ৰগতিশীল কবিসকলৰ সমাজ সচেতন দৃষ্টিভংগীক আদৰি লৈ কবিতা সৃষ্টিত মনোযোগ দিলে৷ স্বৰাজোত্তৰ কালৰ আমাৰ সমাজৰ শোষিত-তোষিত-বঞ্চিত মানুহৰ কৰুণ চিঞৰটো এওঁলোকৰ কবিতাত প্ৰতিধ্বনিত হৈছিল৷ সত্তৰ দশকৰ পৰা নবৈ দশকৰ শেষলৈকে, অন্য অৰ্থত মধ্যম আন্দোলনৰ পৰা আলফাৰ উত্থানলৈকে অসমীয়া কবিতাত প্ৰতিবাদৰ সুৰ চকুত লগাকৈ পৰিলক্ষিত হৈছিল যদিও লাহে লাহে সেই সুৰ স্তিমিত হৈ আহিল৷ সমালোচক আনন্দ বৰমুদৈৰ ভাষাত অসমীয়া কাব্য ইতিহাসত সূচনা হল ৰোমান্টিকতাৰ দ্বিতীয় জোৱাৰ৷ দুৰ্ভাগ্যজনকভাৱে এই সময়ছোৱাতে অসমীয়া কবিতালৈ বিপৰ্যয়ো নামি আহিল, অসমীয়া কবিতাৰ মানক লৈ সমালোচক আৰু কাব্য ৰসিকসকল উদ্বিগ্ন হৈ উঠিল, ‘কবিতা-অকবিতাজাতীয় দীঘল বিতৰ্কৰ সূচনা ল৷ ইয়াৰ কাৰণ হিচাপে আমি স্থানান্তৰত উল্লেখ কৰিছোঁ‌ৱেই যে সমগ্ৰ বিশ্বৰ সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখন স্থূল অৱসৰ বিনোদন আৰু ভোগমত্ততাৰ মাধ্যমলৈ ৰূপান্তৰিত হোৱাৰ সময়ত, সাম্ৰাজ্যবাদৰ বোকোচাত উঠি অহা বিশ্বায়নে নৱ প্ৰজন্মৰ লেখকসকলক বজাৰমুখী আৰু ভোগবাদী কৰি তুলিছে৷ আঙুলিৰ মূৰত গণিব পৰা এমুঠিমান কবিক বাদ দি সৰহসংখ্যক কবিয়েই [হৰেকৃষ্ণ ডেকাদেৱৰ বক্তব্য ধাৰ কৰি কবলৈ গলে] তুমি-মইৰ সংকীৰ্ণ বৃত্তত আবৰ্তিত হৈ আছে : যত সামাজিক দায়বদ্ধতা, মানৱিক মূল্যবোধ, গভীৰ অন্তৰ্দৃষ্টি আৰু সাৰ্থক কবিতা নিৰ্মিতিৰ বাবে প্ৰয়োজনীয় সাধনা অনুপস্থিত৷ অনুকৰণ আৰু অনুকৰণপ্ৰিয়তাৰ কথা নকলোঁ‌ৱেইবা...৷"
[
টুনুজ্যোতি গগৈ, "কবিতা আৰু যৌনতা", সাহিত্য ডট অৰ্গ, May 14, 2015]
অন্ত্যমিল আৰু ছন্দ পৰিহাৰ কৰাৰ লগে লগে গদ্যধৰ্মিতাক আঁকোৱালি লৈ সময়ৰ ভাষ্যকাৰ হিচাপে আত্মপ্ৰকাশ কৰা আটাইতকৈ বৰেণ্য অসমীয়া কবিজন হল অমূল্য বৰুৱা। ১৯৩৯ চনত অমূল্য বৰুৱাই কলিকতাৰ পৰা প্ৰকাশিত আৱাহন আলোচনীত কবিতা লিখিবলৈ প্ৰেৰণা পাইছিল। সেই কালৰ আন আন অসমীয়া কবিৰ দৰে অমূল্য বৰুৱাইও ৰোমান্টিক কবিতাৰেই লেখক জীৱনৰ সূত্ৰপাত কৰিছিল। পিছলৈ দ্বিতীয় মহাসমৰৰ বিভীষিকা, ভাৰতৰ স্বাধীনতা আন্দোলনৰ ব্যাপকতা, ৰুছ দেশৰ সমাজবাদ আৰু বিশেষকৈ মাৰ্ক্সীয় দৰ্শনৰ প্ৰভাৱে তেওঁক বাস্তৱমুখী কৰি প্ৰগতিবাদী কবিতা ৰচনাত ইন্ধন যোগাইছিল। পিছলৈ নিষ্পেষিত, নিপীড়িত মানুহৰ বাবে তেওঁ হাতত কলম তুলি ললে। দুৰন্ত মানৱতাবাদী আৰু সমাজ পৰিৱৰ্তনৰ ভাবেৰে তেখেতে জয়ন্তীৰ পাতত অসমীয়া কবিতালৈ আধুনিকতাৰ ধল বোৱাই আনিলে। সৰ্বহাৰাৰ দুখ আৰু মানৱ জীৱনৰ ছবি প্ৰতিফলিত হোৱা কিয়নো, কুকুৰ, বেশ্যা, বিপ্লৱী, আন্ধাৰৰ হাহাকাৰ, মুক্তিগান, ভাৰতীৰ মুক্তিস্বপ্ন, সিহঁত তেতিয়া জীৱ, আজিৰ বিহু আদি প্ৰগতিশীল কবিতাবোৰ আজি আমাৰ বহু কবিতা তেখেতৰ প্ৰতিভাৰ সাক্ষৰ” (উইকিপেডিয়া)। আমি যি অৰ্থত সময়ৰ ধাৰাভাষ্যকাৰ কথাষাৰ ব্যৱহাৰ কৰিছোঁ, সেই অৰ্থত অমূল্য বৰুৱা আটাইতকৈ বেছি উল্লেখযোগ্য অসমীয়া কবি। এই শতিকাৰ প্ৰথমটো দশকলৈকে সক্ৰিয় হৈ থকা এই ধাৰাৰ আন এজন কবি হল বিৰিঞ্চি ভট্টাচাৰ্য। ২০০৪ চনত প্ৰকাশিত তেখেতৰ ১৩৯ টা কবিতাৰ সংকলন পাখিলগা তৰোৱালৰ পাতনিত লিখা কথাখিনি প্ৰণিধানযোগ্য
আনন্দ আৰু মুক্তিৰ আকাংক্ষাত, হৃদয়ৰ তাগিদাত, বুকুৰ মাজৰ ফুলবোৰ জীপাল হৈ উঠৰ আশাত মই কবিতা লেখোঁ। সৰ্বশ্ৰান্ত মানুহ যিয়ে উজ্জীৱিত হোৱা আৰু সুখত আত্মহাৰা হোৱা এই দুটা শব্দৰ অৰ্থ বিচাৰি নাপায় আৰু যাৰ চকুৰ পানীৰ পৰা নিমখ বাছি উলিয়ওঁতেই এটা যুগ পাৰ হৈ গ, যিখিনি মানুহে চিটিকা পাতিব নাজানে আৰু বাৰে বাৰে চিটিকাত পৰে নিজৰ ভৰি, সেইখিনি মানুহক লৈয়ে মই কবিতা লেখোঁ। এটি সুন্দৰ কবিতা আকাৰত সৰু হলেও ই এফেল টাৱাৰতকৈও ওখ হব পাৰে। যদি মোক আজি কোনোবাই হাতুৰি এটা দিয়ে তাৰে মই শিকলি চিঙাৰহে চেষ্টা চলাম, ফুলদানি ভঙাৰ নহয়। হৃদয়ৰ চাবি-কাঠি মোৰ হাতত থাকিলেও মোৰ কবিতাই অদ্ভূত কৌশলেৰে কবিতাক হৃদয়ৰ মাজেৰে সুমুৱাই আনে। আৰু এইটোহে মোৰ কবিতা লেখাৰ নিজস্ব ষ্টাইল। কবিতা সহজ আৰু সৰল হব লাগে। ক খ জনা এজন মানুহেও যাতে মোৰ কবিতা বুজে এইটো কথাৰ প্ৰতি মই সদায় সজাগ
মাউণ্টবেটেনে ভুল এটা কৰি গ
শিকলিডাল লৈ যাওঁ বুলি থৈ গ। [স্বাধীনতা]
জোনটোৱে হাঁহিলে আৰু কলে
কাৰ বাবে বস্ত্ৰ
মই নিজে সভ্যতা হৈয়ো বিবস্ত্ৰ” [সভ্যতা]
পেলেষ্টাইন, তুমি মোৰ জন্মভূমি নোহোৱা
অথচ মই তোমাক বহুবাৰ জন্মভূমি বুলি ভুল কৰিছোঁ। [পেলেষ্টাইন]
ঈশ্বৰৰ দোহাই
পৃথিৱীখন দুফাল কৰি দিয়াৰ
কোনো আঁচনি নলবা
শান্তি দুফাল হৈ গলে
তোমাৰ দেশতো নুফুলিব লাইলাক
আৰু ব্লু-বেল ফুল। [হিৰোচিমা]
সুভাষ সাহা, কবিৰঞ্জন শইকীয়া, মেগন কছাৰী আদি ভালেমান কবিৰ কবিতাত সময়ৰ ধাৰাভাষ্যই ন ৰূপ লৈছিল। অদ্যোপান্ত এটা বিপ্লৱী সত্বা লালন কৰি চলা এজন ৰাজনৈতিক কবি সনন্ত তাঁতীৰ কবিতাই আমাৰ মনযোগ বিশেষ ভাবে আকৰ্ষণ কৰে। মই মানুহৰ অমল উৎসৱ বুলি ঘোষণা কৰা এইজন কবিৰ আটাইবোৰ কবিতাই সমসাময়িকতাৰ সৈতে সংপৃক্ত, সকলোবোৰ কবিতায়েই মানুহৰ মুক্তিৰ কথা কয়, অধিকাৰ আৰু শোষণৰ কথা কয়। সনন্তৰ নিজৰ কবিতা সমূহতকৈয়ো অলপ পৃথক ভাষাৰ এটা পুৰণি কবিতা এইখিনিতে তুলি দিলোঁ -
নৃশংস
সাতাইশ গৰাকীক মাৰি পেলোৱা হ
তাৰ মাজতে পুৰুষ আছিল বাৰ গৰাকী
বাকীবোৰ শিশু আৰু তিৰোতা
প্ৰত্যক্ষদৰ্শীৰ মতে পাঁচটি কোলাৰ কেঁচুৱাও আছিল
টোপনিতে লালাকাল হৈ
প্ৰথমতে ঘেৰাও কৰা হল গাওঁখনক
তাৰপিছত ঘৰৰ দুৱাৰবোৰ ভাঙি
শোৱাপাটিৰ পৰা চোঁচৰাই অনা হল মানুহবোৰক
লেম্পৰ পোহৰত জিলিকি উঠা শিশুবোৰৰ নিষ্পাপ মুখবোৰকো
আওকাণ কৰি খুনীবোৰে অবাধে চলালে গুলি
শিশুবোৰৰ নিষ্পাপ চকু আৰু কলিজাইদি ওলাই গল বাৰুদেৰে
জ্বলি থকা গুলিবোৰ
তেজেৰে কলা হৈ পৰা মাটিৰ ওপৰত
ওৰেটো নিশা উৰি থাকিল মাখিবোৰ
জোনটো আঁতৰি গল আকাশৰ পৰা
আকাশে কান্দিলে নৃশংসতাত
বেদনাগধুৰ হৈ ডাৱৰবোৰ ৰূপান্তৰিত হল বৰষুণলৈ
মৰ্মান্তিক দৃশ্যবোৰ দেখি প্ৰত্যক্ষদৰ্শীসকলে একো নামাতিলে
মাথোঁ ৰুমালেৰে ঢাকি থলে নিজৰ মুখবোৰ
চিনাক্তকৰণৰ পিছত শবোৰৰ বিষয়ে জনা গল এনেদৰে
| বাৰ গৰাকী পুৰুষৰ আটায়ে আছিল ভূমিহীন আৰু স্বাধীনতাহীন মানুহ
| তিৰোতাবোৰ আছিল খাবলেনোপোৱা একোটি শিশুৰ আই
| শিশুবোৰ আছিল মাথোঁ শিশু আৰু ফুল
এইখিনিতে ভূপেন হাজৰিকাৰ সৃষ্টিৰাজি এক বিশেষ মনযোগেৰে পৰ্যবেক্ষণ কৰিবলৈ অনুৰোধ জনাম। কাৰণ অসমৰ সাংস্কৃতিক পৰিমণ্ডলত নিজৰ কথা কোৱা, নিজৰ লগতে নিজৰ সময়ৰ কথা কোৱা একমাত্ৰ মানুহজনেই হল ভূপেন হাজৰিকা। অলপ উচ্চবাচ্য কৰি কবলৈ বিচাৰিম, তাৰ আগে পিছে কোনো গায়কেই নিজৰ সময়ৰ কথা নকলে। যি বা দুই এজন আছিল সেয়া হাজৰিকাৰ বডী-অব-ৱৰ্কৰ সন্মুখত তেনেই নগণ্য। নিজৰ সময়ৰ কথা কৈছে বুলিও যি দুই এটা উদাহৰণ চকুৰ সন্মুখলৈ আহে, সেইবোৰৰো বেছিভাগেই উপৰুৱা আৰু বাস্তৱ চেতনাৰ পৰা শত যোজন আঁতৰত অৱস্থিত। তথাপি অসমীয়া কবিতা সম্পৰ্কীয় কোনো ধৰণৰ আলোচনাতেই ভূপেন হাজৰিকাৰ নাম পৰ্যন্তও কাহানিও উল্লেখ নোহোৱাটো এটা দুৰ্ভাগ্যৰ কথা।
কবি আৰু কবিতাৰ ক্ষেত্ৰত কবিৰ আত্মপৰিচয়, বিষয়ী উপস্থিতি, ব্যক্তিনিষ্ঠতা বা চাবজেক্টিভিটি এইখিনিয়েই বুনিয়াদী স্তৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈ থাকে। অসমীয়া সাংস্কৃতিক পৰিমণ্ডলত সমস্ত উপাদান ফোঁপোলা হোৱাৰ প্ৰধান কাৰণটোৱেই হল এই বিষয়ী-উপস্থিতিৰ অভাৱ। জোনাকী ৰাতি, অবুজ বেদনা, নিয়ৰৰ চকুপানী, এই পেনপেননিসোপাত নিমজ্জিত থাকোঁ‌তে থাকোঁ‌তে কোনো শিল্পীয়েই নিজৰ কথাও নকলে, নিজৰ সময়ৰ কথাও নকলে। নিজৰ সৃষ্টিৰ মাজত আঁহে আঁহে সোমাই থকা একমাত্ৰ মানুহটো হল ভূপেন হাজৰিকা। ভূপেন হাজৰিকাই কবিতাও লিখিছিল, সেয়া আমি পাহৰি থাকোঁ। বাৰু পাহৰিলোঁ‌ৱেই জানিবা, গীতসমূহৰ মাজত যি গদ্যধৰ্মিতা, যি কথকতাআৰু এই সকলোৰে ঊৰ্ধ্বত যি মাত্ৰাত বিষয়ী-ভাৱনা নিহিত আছে তাৰ ভিত্তিত কব পাৰোঁ, তেওঁৰ প্ৰতিটো গীতেই একো একোটা কবিতা। হৃদয়াবেগৰ সৈতে এক ব্যক্তিমনৰ উপস্থিতি অক্ষুণ্ণ ৰাখিও সমসাময়িকতাৰ ধাৰাভাষ্যকাৰ হিচাপে ভূপেন হাজৰিকাই যি ভূমিকা পালন কৰি থৈ গল সি নতুন কবিকূলক উদ্বুদ্ধ কৰিব পাৰিব লাগিছিল। সেয়া হৈ উঠা চকুত নপৰে আৰু এয়া এক ট্ৰেজেডী।
দীনেশ বৈশ্যদেৱে কৰা এই অভিযোগখিনি আজি আমাৰ সকলোৰে অভিযোগ - "এতিয়া ভূপেন হাজৰিকাৰ সমাধি সাজি উলিওৱাত পলম হ'লে অসমীয়া মানুহে দুখ পায়, সমাধিত ফাঁট মেলিলে দুখ পায়, খেদ কৰে, কিন্তু ভূপেন হাজৰিকাৰ চিন্তাৰ অপব্যৱহাৰ হ'লে দুখ নাপায়‌। ভূপেন হাজৰিকাৰ জাতিৰ দৰ্শনৰ অকাল মৃত্যু হ'লে দুখ নাপায়৷" একেটা লেখাৰ পৰা আৰু অলপমান কথা আগবঢ়োৱা হ'ল - "এই মুহূৰ্তত সমগ্ৰ ভাৰততে যি এক ফেচিবাদী চিন্তা শক্তিমান ৰূপত প্ৰকাশিত হৈছে, সেই কথা ভাবিলেই সঁচাই দুখ লাগে৷ কিছুমান তথাকথিতভাৱে উচ্চশিক্ষিত লোকে শিক্ষাৰ অৰ্থই বুজা নাই৷ বুজা নাই মুক্ত চিন্তাৰ প্ৰগতিৰ কথা৷ বুজা নাই মুক্তিকামী লক্ষজনৰ আৰ্তনাদ৷
সত্তৰৰ দশকত ভূপেন হাজৰিকাই বিপ্লৱী চিন্তাৰ সৰ্বাধিক গীত ৰচনা কৰিছিল‌। সেই দশকটো তেওঁৰ বাবে সৰ্বাধিক প্ৰগতিশীল চিন্তাৰ সময় আছিল‌। সেই সময়ত তেওঁ কলিকতাত প্ৰগতিশীল চিন্তাৰ পৰিপুষ্টি লাভ কৰিছিল হয়তো‌। সেই সময়তেই তেওঁ ৰাইজক আহ্বান জনাইছিল নঙঠা হৈ, ভোকাতুৰ পেটত গামোচা বান্ধি আখৰাবিহীনভাৱেই নাটকৰ ভাও দিবলৈ ওলাই আহিবলৈ। তেওঁ কৈছিল, ৰাইজ উন্মাদ হলেই নাটকৰো ৰং চৰিব। মিঠা ভাষাৰ সংলাপৰ প্ৰয়োজন নাই, আৰ্তনাদেই হব ৰাইজৰ আচল সংলাপ"।
[
দীনেশ বৈশ্য, ড০ ভূপেন হাজৰিকাৰ বিপ্লৱী গীতৰ প্ৰসংগত বৰ্তমানৰ সমাজ, "মুক্ত চিন্তা"]
সমসাময়িক সময়ৰ কথা, ৰাজনৈতিক কথা, জনতাৰ কথা কৈয়ো কাব্যগুণেৰে উত্তীৰ্ণ কবিতাৰ আৰ্হি হিচাপে নতুন কবিয়ে একোবাৰ নৱকান্ত বৰুৱা আৰু কেশৱ মহন্তৰ কবিতালৈকো ভুমুকি মৰাটো ভাল। এই প্ৰসংগত নৱকান্ত বৰুৱাৰ পেলেষ্টাইনএটা উন্নত মানৰ উদাহৰণ হব পাৰে। কেশৱ মহন্তৰ গীত আৰু কবিতাৰ মাজত সমসাময়িকতাৰ চেতনা বাৰুকৈয়ে অনুভূত হয় আৰু উপস্থাপন শৈলীৰ মাজতো নান্দনিকতাই অন্য এক মাত্ৰা গ্ৰহণ কৰে। গাঁৱৰ আমাৰ আটাইৰে পৰিচিত সোণজীৰা মাহীজনীৰ কথা কৈ থাকোঁ‌তেও ৰেডিঅৰ সম্বাদ লৈ আহি উপস্থিত হয়হি দীননাথ বৰা, কংগো কি লুমুম্বা কোন চিনি নোপোৱাকৈয়ো কিজানিবা সিহঁতো মোৰ কোনোবা আপোনবুলি মাহীজনী থৰ লাগি ৰয়। কথনভংগীৰ মাজত সেই ৰসবোধৰ উন্মেষ ঘটাব নোৱাৰিলে এনে ধৰণৰ কবিতা নিতান্তই শ্লোগান ধৰ্মী হৈ পৰাৰ ভয় এটা সকলো সময়তেই থাকিব। একেটা প্ৰসংগতে আগ্ৰহী সকলে ভৱেন বৰুৱাৰ অসমীয়া কবিতা ৰূপান্তৰৰ পৰ্বকিতাপখন পঢ়ি চাব পাৰে। প্ৰগতিশীল ধাৰাৰ কবিসকলৰ মাজত এটা তুলনামূলক অধ্যয়নেৰে তেখেতে দেখুৱাইছে কেনেকৈ উপস্থাপন শৈলী বা ভাষা আৰু ফৰ্মৰ সঠিক প্ৰয়োগ নঘটিলে বক্তব্যৰ গুৰুত্ব থাকিলেও কবিতাই পূৰ্ণতা নোপোৱাকৈ ৰৈ যাব পাৰে। এটা প্ৰগতিশীল আধুনিক কবিতাই ৰমন্যাসিকসকলৰ দৰে ভাষাৰ প্ৰয়োগ ঘটাবলৈ গলে কি অসুবিধা হব পাৰে তাৰ এটা বিশ্লেষণ তাত আছে।
এই সময়ৰ চৰ্চিত অসমীয়া কবি সকলৰ ভিতৰত নীলিম কুমাৰ এটা উল্লেখযোগ্য তথা বিতৰ্কিত নাম। এটা অন্য স্তৰৰ অধিবাস্তৱবাদী আৰু এবছাৰ্ড কাব্যভাষাৰ উদ্ভাৱন নিজাববীয়াকৈ কৰি লোৱাৰ পিছত শেহৰ ফালে সমসাময়িক ৰাজনৈতিক পটভূমিত ধাৰাভাষ্যকাৰৰ দৰে তেখেতেও কিছু কবিতা লিখিবলৈ লোৱা দেখা গৈছে। কেতিয়াবা কাজিৰঙাৰ গঁড় আৰু কেতিয়াবা স্বাধীনতাৰ সংজ্ঞা আদিক বিষয়বস্তু হিচাপে লৈ তেখেতে কিছু কবিতা লিখিছে যিবোৰে বিৰিঞ্চি ভট্টাচাৰ্যৰ কাব্যৰীতিৰ কাষ চাপিবলৈ চেষ্টা কৰি বিফল হয়। শেহতীয়াকৈ স্বাধীনতা দিৱসৰ সময়ত তেখেতে প্ৰকাশ কৰা এটা কবিতাই ইমানেই ভ্ৰান্তিৰ সৃষ্টি কৰিলে যে অৱশেষত কবিয়ে নিজেই স্পষ্টীকৰণ দিবলৈ বাধ্য হলগৈ যে সেইটো এটা কবিতা নাছিল, “অকবিতাহে আছিল। খুব কম সময়তে এক বুজন সংখ্যক পাঠকৰ নয়নৰ মণি হৈ উঠা আনজন কবি প্ৰণৱ কুমাৰ বৰ্মণেও সমসাময়িকতাৰ ধাৰাভাষ্যকাৰৰ ৰূপত আত্মপ্ৰকাশ কৰি আহিছে। কিন্তু ৰাজনৈতিক স্থিতিহীনতা আৰু এটা সুস্থ কাব্যভাষা নিৰ্মাণৰ সাধনাৰ পৰিৱৰ্তে স্থূল জনপ্ৰিয়তাকে আধাৰ কৰি লোৱাৰ ফলত শেহতীয়াকৈ তেওঁৰ কবিতাৰো কক্ষচ্যুতি ঘটা দেখা গৈছে। এটা সময়ত আমেৰিকা আমাৰ বাবে ঘৃণনীয় শব্দবুলি কবিতা লিখি এটা বাঁ‌ওপন্থী দৰ্শনক আধাৰ কৰি লোৱা এইজন কবিয়ে শেহৰ ফালে গেৰুৱা ৰাজনৈতিক উত্থানৰ পৃষ্ঠপোষকতা কৰি বোপা সৰ্বানন্দৰ দৰে কবিতাও লিখিবলৈ ললে। ইয়াত ইংগিত দিয়া সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈআৰু বোপা সৰ্বানন্দদুয়োটা জনপ্ৰিয় কবিতাতে লুকাই থকা নাৰীবিদ্বেষী (Misogynistic) সুৰটোৱেও আমাক অসুবিধাত পেলায়। অৱশ্যে এই শেষৰ কথাষাৰত বহুতৰে আপত্তি থাকিবও পাৰে। লগতে কবিতাৰ মাজৰ বক্তব্যখিনিৰ বাবে নে সুখৰ অৰণ্য নেথাকিলে কত আহি জীৰাবহি সুখৰ চৰাইৰ দৰে লীৰিকেল আৰু আৱেগোচ্ছাসৰ বাবেহে কবিতাখিনিয়ে অধিক জনপ্ৰিয়তা আহৰণ কৰে সেয়াও এক প্ৰশ্ন।
সমুদ্ৰ কাজল শইকীয়া
নতুন দিল্লী,
সদস্য, আখৰুৱা
২০ ছেপ্টেম্বৰ, ২০১৭
========================
দ্বিতীয় অংশৰ সংযোগ:
০০ ব্যৱস্থাপকৰ মন্তব্য:-
১) 'পুনৰীক্ষণ'ত সামৰি লোৱা কবিতাত বা পৰ্যালোচনাত থাকিব পৰা ভুল জোঁটনি কোনো সদস্যৰ দৃষ্টিগোচৰ হ'লে, মন্তব্যত মুকলিকৈ জনায় যেন।
২) 'আখৰুৱা''পুনৰীক্ষণ'ৰ মান সম্বন্ধে গোটৰ সদস্যসকলে গঠনমূলক মতামত, পৰামৰ্শ জনালে আমি আনন্দিত হ'ম। তদুপৰি আমাৰ এই প্ৰয়াসত অসন্তুষ্টি থাকিলেও অৱগত কৰে যেন।
--শেষত ক'ব বিচাৰিছোঁ যে- 'পুনৰীক্ষণ' শিতানটো অধিক ক্ৰিয়াশীল বা উন্নত মানৰ হৈ উঠাৰ লক্ষ্যত, উল্লিখিত কবিসকলে তথা পাঠকসকলে- পৰ্যালোচনাটোৰ বিষয়ে তেখেতসকলৰ মুকলি মতামত আগবঢ়ায় যেন।
ধন্যবাদেৰে
--
দেৱকৃষ্ণ বৰুৱা, সূৰ্য্য বৰা, মৃণালি মেধি, কমল দাস, কিশোৰ দাস
ব্যৱস্থাপক, 'পুনৰীক্ষণ' শিতান,
আখৰুৱা:literati
৪ অক্টোবৰ, ২০১৭

No comments:

Post a Comment