★অৰিশিখা কুটিৰ★
শিলংৰ প'ল ফিল্ডৰ এক মায়াৱী আৱেলি ৷ দুৰত নাতিনী দুজনীয়ে এটা বলৰ
পিচত দৌৰি আছে ৷ বহুতো মানুহ বিচৰণ কৰি আছে ঘাঁহনি দৰাত ৷
প্ৰেমিক প্ৰেমিকা দুজনমানে হাতে হাত ধৰা ধৰিকৈ জীৱনপ্ৰেমৰ ৰস পান কৰিছে, লৰাছোৱালী কিছুমানে খেলিছে, পৰিয়াল এটাই একেলগে ফটো উঠিছে, এজাক পাখিলগা পখিলাৰ দৰে গাভৰু কেইগৰাকীমানে ছেলফি্ উঠিছে, এক বৃদ্ধ দম্পত্তিয়ে লাখুটি লৈ কথা পাতি পাতি খোজ কাঢ়িছে . . . সকলোৰে এৰাব
নোৱাৰা ব্যস্ততা ৷ জীৱনৰ ছবিখন চাবলৈ, জীৱনক উপলব্দ্ধি কৰিবলৈ যেন প্ৰকৃতিয়েই শেষ আশ্ৰয় ৷
হয়, প্ৰকৃতি একমাত্ৰ নহলেও এক উৎকৃষ্ট উপাদান, জীৱনক উপলৱদ্ধি কৰাৰ ! বহুত দুৰৰ জীৱনটোক জাৰি জোকাৰি চাওঁতে, যাত্ৰাপথৰ হিচাপ নিকাচ কঁৰোতে অচল হৈ পৰা জমা খৰচৰ বহীখনত আউল ভঙাত প্ৰকৃতিয়ে সহৃদয়তাৰে সহায় কৰে ৷ প্ৰকৃতি বিদিশা বৰাৰো বৰ প্ৰিয় সংগী ৷
বাষষ্ঠি বছৰীয়া জীৱনটোত বৰাই জীৱন যেনেকৈ দেখিছে, তেনেকৈ দেখিছে মৃত্যুক ৷ নিচেই কাষৰ পৰা ৷ মৃত্যুক চুই চাইছে আৰু মৃতদেহত দেখিছে জীৱনৰ অসাৰতা ৷ স্বামীৰ এটা স্ৰোকত মৃত্যু আৰু একমাত্ৰ পুত্ৰৰ দুৰ্ঘটনাত ! যোৱা সাঁতোটা বছৰৰ ঘটনাৰাজী এতিয়াও সজীৱ বিদিশাৰ চকুত ৷ এই অতীতে তেওঁক না জীৱলৈ দিছে না মৰিবলৈ দিছে ৷ স্বামী অৰিন্দমৰ লগত বহুতৰে ঈৰ্ষাম্বিত এক প্ৰেম আৰু বিশ্বাসৰ সম্পৰ্ক আছিল তেঁওৰ ৷ পিছৰ বছৰত 2011 চনৰ পুত্ৰৰ ঘটনাটো যেন ভূতৰ ওপৰত দানহ পৰা দি পৰিল ৷ তাৰ পিচত উঠি বহিবলৈ পাঁচ বছৰ লাগিল বৰানীৰ ৷ জীৱনৰ এই ধুমুহা, বা-মাৰলি ইত্যাদিবোৰৰ উপৰিও সকলোৰে বাবে সাধাৰণ বাৰ্ধক্যৰ আৰ্শিবাদ টো আছেই ৷ মানসিকভাৱে দুৰ্ৱল এগৰাকী মানুহৰ সৱল বাৰ্ধক্যতো হবই নোৱাৰে৷

গোলাঘাটৰ
কাকতিবাৰীত ঘৰ, বিদিশা বৰাৰ ৷ জীৱনৰ ধুমুহাই
জোকাৰি যোৱা মানুহগৰাকী বৰ্তমান কৰ্মসূত্ৰে শিলংত থকা জীয়েক জোঁৱায়েকৰ ঘৰৰ বাসিন্দা ৷ শেষতীয়া ভাৱে নতুন এক চিন্তাধাৰাক বিদিশাই লালন পালন কৰিবলৈ লৈছে ৷ জীৱনক নতুন দৃষ্টিৰে চোৱাৰ অপকট প্ৰয়াস
কৰিছে ৷ স্বামী তথা পুত্ৰশোকত ডুবি থকা মানুহগৰাকীক কেতিয়া কালৰ বতাহে পৰস
পেলালে গমেই নাপালে ৷ কিন্তু এয়াটোা তেওঁৰ কাম্য নাছিল ৷ মৃত্যুৰ
সত্যাসত্য তেওঁ বুজে ৷ তেওঁ মানুহ হিচাপে
নিজৰ সামৰ্থ্যও বুজি পায় আৰু শোকৰ পৰিধি ভাঙি উলাই আহিবও নোৱাৰে ৷ কিন্তু এয়া তেওঁৰ জীৱন নহয় ! জীৱনক এনেকৈ উপসাহ কৰি মৃত্যুৰ লগত মিতিৰালি পতাটো সমাধান নহয় ৷ জীৱনটোক বিদিশা বৰুৱাই
নতুনকৈ সজাব বিচাৰে, কিন্তু কেনেকৈ ? ?
উত্তৰ বিছাৰি
নাপায় বিদিশাই ৷ তাৰ সলনি ছাঁ পোহৰৰ খেলাৰ দৰে কিছুমান ভগ্ন ছবি তেওঁৰ চকুৰ পতাত
ভাঁহি আহে ৷ সেই ভগ্ন ছবিবোৰৰ মাজত এটুকুৰা ছবি হ'ল 'অৰিশিখা কুটিৰ'ৰ য'ত এসময়ত জীৱন আছিল সাঁতুৰি নাদুৰি, হেমা আৰু আকাশৰ শৈশৱৰ কল- কলনি, প্ৰশান্তিৰ দলিচা পাৰি থোৱা দিন আৰু
ৰাতিবোৰ, অৰিন্দম-বিদিশাৰ একান্ত ব্যক্তিগত উদযাপনবোৰ . . . . . কিন্তু সেইবিলাক কিয় ধৰি ৰাখিব নোৱাৰিলে, বিদিশাই ? ইমান দুৰ্ৱল তেওঁটো কোনোদিনেই নাছিল ?
"আইতা যাওঁ বলা, দেউতা আহি গল নিবলৈ, আইতা আইতা . . . . "
অকালবাৰ্ধক্যই কোঙা কৰা বিদিশা বৰাই অলপ দুৰত বাট চাই থকা জোঁৱায়েক মানৱৰ ওচৰত সহজ হবলৈ আখৰা চলালে ৷ সঁচাই, জীয়েক হেমা আৰু মানৱৰ সংসাৰখনত মানিক বিচাৰাটোৱেই এতিয়া তেওঁৰ বাবে সময়ৰ আহ্বান ৷ সিঁহত দুয়োটায়ে তেঁওক সুদুৰ গোলাঘাটৰ অৰিশিখা কুটিৰৰ অন্ধকাৰ কোঠাৰ পৰা সযত্নে উদ্ধাৰ কৰি আনি শিলংৰ সেউজীয়াৰ মাজত এৰিছেহি, নিজক চিনিবলৈ, নিজক জানিবলৈ ! গাড়ীৰ খোলা খিৰিকিত পৰিচয় সুধি যোৱা বতাহজাকক তেওঁ ফুচফুচাই ক'লে, "তথাপিও জীৱন জীৱন বৰ অনুপম!"
মানৱে টেপটো অন কৰিলে, বাজি উঠিল হাজৰিকাদেৱৰ 'চিলংৰে মনালিছা লিংডৌ . . . . . . ' ! শাহুৱেকে খিৰিকিৰ গ্লাচ খন বন্ধ কৰি দিলে, নিজকে বিছিন্ন কৰিলে মনৰ জগত খনৰ পৰা, আচল পৃথিৱীত সুখৰ মেলা পাতিবলৈ ! হিয়া আৰু জানৰ কণমানি বাহুদুটাই তেঁওক আশ্ৰয় জনালে ৷

… … … … …
ৰাতিৰ খোৱা টেবুল, বিশেষত্ব এয়ে যে আজি হেমায়ে সাতবছৰৰ পিছত মাকৰ হাতৰ ৰন্ধা খাদ্যৰ সোৱাদ লৈছে ৷ বিৰতিক লৈ তাইৰ আক্ষেপ নাই, তাই গুৰুত্ব দিছে মাকৰ সন্তোষ্টি
আৰু প্ৰচেষ্টাক ! হেমাৰ সদায়ে এটা গৌৰৱ আছিল যে মাকে যি ৰান্ধিলেও আঙুলি চুপি খাবলৈ বাধ্য খাওঁতাজন ৷ সেয়া মাকৰ হাতৰ যাদু বুলি কয় তাই ৷ জীয়েক হঁতৰ কাৰণে তাই এই যাদু আয়ত্ব কৰিবলৈ সদায়
চেষ্টা চলায় ৷
"ৰিয়াই কিবা এটা খালে ভাল লাগিল হয়!"
"সিঁহতৰ সেইটোয়ে অভ্যাস জানানে, লেবেজান হৈ যোৱালৈকে খেলিব, তাৰ পিচত কেতিয়া গাড়ীৰ পৰা উঠাই বিছনাত শুৱাই দিও গমেই নাপায় ৷ তুমি তাকে লৈ চিন্তা নকৰিবা মা ৷"
মাকে বিষয়টো তাতে সমাপ্ত কৰিলে কিন্তু,
হেমা আৰু মানৱৰ নিৰ্বিকাৰ আচৰণ আজিৰ দিনৰ বাস্তৱবাদী অভিভাৱকৰ আচৰণ নে জীৱনৰ সৰলীকৃত সূত্ৰ বুলি কব ভাবি নেপালে ৷ তেঁও কিন্তু সন্তোষ্ট নহয় দুয়োজনীয়ে নোখোৱাকৈ শুই যোৱাত ৷
জীৱনৰ সকলো ধাৰনাই আপেক্ষীক, এজনৰ বাবে শুদ্ধ ধাৰনাটো আন এজনৰ বাবে শুদ্ধ নহবও পাৰে ! ভাৱে বিদিশাই ৷ যুক্তি নোহোৱাও নহয় জী-জোঁৱায়েকৰ কিছুমান ধাৰনাত ! হেমাৰ অকাট্য যুক্তি হল, মাকে গোলাঘাটৰ ঘৰ ভাৰা দিব লাগে ৷ এবাৰলৈ মানিবলৈ মন যায়, বিদিশাৰ, কাৰণ হেমাও সেই ঘৰৰ সম-অংশীদাৰ ! কিন্তু তেঁও অজান এক কাৰণত মানি লব নোৱাৰে এই কথা . . . .

… … … … … …
সময়ৰ চকৰি ঘূৰি
আছে অবিৰত ! ঘূৰা নাই বিদিশাৰ দেহৰ অনু পৰমাণু বিলাকহে ! তেঁও স্হবিৰ যি হল
আৰু হলেই ৷ জীয়েকৰ যত্ন নোহোৱা হলে তেঁও আজি ক'মাত অৱস্হান কৰিলে হেঁতেন ! স্বীকাৰ কৰে বিধ্বস্ত মাতৃ গৰাকীয়ে ৷ জীৱনৰ পাঠে তেঁওক বহুত শিকালে, তথাপি তেঁও দুখত ভাঙি পৰিবলৈ এৰা
নাই বা জীৱনৰ মোহ এৰি জীয়েকৰ ওচৰৰ পৰা একেবাৰে গুচি গৈ 'অৰিশিখা কুটিৰৰ' ভগ্নাংশেষৰ মাজত জীৱনৰ বীজ ৰোপন কৰিব পৰা নাই ! ধংসৰ পথাৰতে সিঁচা হয় সৃষ্টিৰ বীজ ! হয়, সৃষ্টিৰ বীজ সিঁচাৰ পৰিকল্পনা বিদিশাই ইতিমধ্যেই কৰিছে ৷
… … … … …
দেওবাৰৰ ৰাতিপূৱা
৷ নতুন দিন, নতুন জীৱনক বোকোচাত তুলি উলিয়াই আনিছে পূৱতি সূৰুযটোৱে ৷ মুখখন ধুই ডিছেম্বৰ মাহৰ কোমল ৰদ কাঁচলি গাঁত লওঁ বুলি হেমা ছাদৰ
ওপৰত বাতৰি কাগজ খনৰ সৈতে বহিলগৈ ৷ অলপদেৰি পিচত দুকাপ চেনি নিদিয়া গ্ৰীণ টী
লৈ মাকো সেইখিনি পালেগৈ ৷ মাকৰ পৰিবৰ্তন দেখি ভাল লাগিল, হেমাৰ ৷ জীৱন লগৰী আৰু পুত্ৰক সমসাময়িকভাৱে হেৰুৱাই সকলো হেৰুৱাই পেলোৱা মানুহগৰাকীক এনেকৈ মুৰডাঙি উঠোৱাৰ বাবে হাজাৰ আয়োজন কৰি যোৱা সাত-আঠ বছৰে
ভাগৰি পৰিছিল একমাত্ৰ জীয়েক হেমা ৷
মাক-জীয়েকৰ একান্ত মূহুৰ্তটি পিছফালৰ পৰা ক্ষন্তেকৰ বাবে অনুভৱ কৰি আপ্লুত হল মানৱ৷ সি তেওঁলোকক মূহুৰ্তটিৰ সৈতে অকলে এৰি দিয়াৰ সিদ্ধান্ত লৈ উভটি গুচি গল ৷
মাক-জীয়েকৰ একান্ত মূহুৰ্তটি পিছফালৰ পৰা ক্ষন্তেকৰ বাবে অনুভৱ কৰি আপ্লুত হল মানৱ৷ সি তেওঁলোকক মূহুৰ্তটিৰ সৈতে অকলে এৰি দিয়াৰ সিদ্ধান্ত লৈ উভটি গুচি গল ৷
……………
এদেও দুদেও কৰি
আগবাঢ়িছে জীৱন৷ মৃত্যুজীনাৰ সপোনে আকৌ কাৰোবাৰ চকুত গৰ্ভধাৰণ কৰিছে; একলা দুকলাকৈ বাঢ়ি
আহিছে হেঁপাহ; যাৰ আচল নাম হল জীৱন ! ! প্ৰশান্তিৰ নিশ্বাস নামি আহিছে সকলোৰে বুকুলৈ ৷ আৰু এই নিশ্বাস বুকুয়েদি নামি নদী হৈ জীৱনসাগৰত একাকাৰ হোৱাৰ প্ৰয়াস কৰিছে ৷ পিতৃ
মাতৃক সৰুতেই হেৰুৱাই অনাথ হোৱা মানৱৰো সপোন এটা মনত গজিবলৈ লৈছে, এগৰাকী মাকৰ ছাঁয়াৰে ধন্য হোৱাৰ !
হেমাৰ কাৰণে বেচেৰাইও কম কষ্ট স্বীকাৰ কৰা নাই, গতিকে এয়া এক পুত্ৰবত অধিকাৰ
সিও ডাবি কৰে ৷ অসমৰ চাকৰি এৰি নেহুৰ দৰে জনজাতি প্ৰধান বিশ্ববিদ্যালয়ৰ চাকৰিটোত সোমাবলৈ পণ লৈ উলাই আহোতে ইমান ভবা নাছিল সি ৷ মাত্ৰ ভাবিছিল, দুজনী কণমাণিৰে সৈতে 'বৰাপানী স্পেচ
চেন্তাৰত' অবদলীকৃত স্হায়ী পদত কৰ্মৰত
পত্নীৰ সংসাৰ সম্পূৰ্ণ কৰিব লাগে ৷ সেয়াই আৰম্ভণি, আৰু কোনোদিন পিছলৈ
ঘূৰি চোৱা নাই মানৱৰ বিশ্বজয়ী মনটোয়ে ৷ সকলো জয় কৰি গৈ আছে সময়ৰ আহ্বানৰ সতে ৷ পৰিয়ালৰ গুৰুত্ব আছে তাৰ বাবে, তাৰ জীৱনৰ বাবে ৷ হেমাৰ মাক আৰু তাৰ শাহুয়েকৰ সতে সিঁহতৰ জীৱন ওতপ্ৰোতভাৱে জড়িত ৷ হেমাক জন্ম দিয়া তথা মানৱসম্পদ হিচাপে গঢ়ি তোলা মাকগৰাকী তাৰ চিৰনমস্য ৷
সেয়েহে মানসিকভাৱে প্ৰায় বিধ্বস্ত তথা জঠৰ অৱস্হাত উদ্ধাৰ কৰা মানুহগৰাকীৰ
দুটাবছৰৰ উন্নতিয়ে পৰিয়ালটোক যথেষ্ট আনন্দ দিছে ৷ শেষতীয়াভাৱে যোৱা ছমাহৰ মাকৰ
শাৰিৰীক মানসিক অৱস্হাৰ দ্ৰুত উন্নতি পৰিলক্ষিত হৈছে ৷
… … … … …
জীৱনৰ গতিবেগ কেতিয়াবা বাঢ়ি যায়, দূৰ্ঘটনা হোৱাৰ ভয়ত গতি কমাবলৈ চিন্তা কৰিব লগা হয় ৷ বিদিশাৰ বৰাৰ জীৱনৰ গতিক হেমা আৰু মানৱে নিয়ন্ত্ৰন কৰাৰ চেষ্টা চলায় ৷ সিঁহতে বিচাৰিছে মাক সিঁহতৰ বাবে থাকক চিৰদিন, কিন্তু তেওঁ যেতিয়াৰ পৰা সুস্হিৰ হল, তেওঁৰ গতিহীন জীৱনক গতি দিয়াৰ চেষ্টাত নিৰুপিত হল ৷ আচলতে নিৰুপায়, তেওঁ ৷ তেওঁক মৰমে সাময়িকভাৱেহে লাঘৱ কৰিলে, স্হায়ীভাৱে নহয় ৷ বিদিশাৰ হৃদয়ৰ বিস্তাৰ তাতোতকৈ বেছি ৷

তেঁওৰ সমস্ত পৰিকল্পনা শুনি মেলা মুখ মেলাতেই থাকিল হেমা-মানৱৰ ! সাধাৰণ
মানুহৰ পচন্দৰ কাম এনে কেতিয়াও হব নোৱাৰে, ভাৱে মানৱে ৷ ৰাতিৰ বাৰবজাৰ ঘন্টা বাজিছে কৰবাত, বিদিশা বৰাই জীয়েক আৰু জোৱায়েকক বুজাই আছে 'অৰিশিখা কুটিৰ'ৰ নৱৰূপ ৷ ইতিমধ্য তেওঁ সকলো যোঁ-জা কৰিছে ৷ হেমায়ে ভাবি নাপালে কি কব
প্ৰতোত্তৰ হিচাপে . . . . . বহুতো সময়ত বহুতো প্ৰশ্নৰ উত্তৰ পোৱা
নাযায় !
গাড়ীখন যোৱাৰ পিচত
নেদেখা হোৱালৈ চাই থাকি তাতে ৰৈ যোৱা হেমাৰ হাতত ধৰি মানৱ ঘৰৰ ভিতৰত সোমাল ৷ দুয়োৰে দুখক সাহসত পৰিণত কৰি গুচি গল লৌহ মানৱীগৰাকী ; যদিও, মাতৃৰ সংগ হেৰুওৱা হেমাৰ মনটো একো যুক্তিতে পতিয়ন যোৱা নাই ! যি গৰাকী মানুহক হেমা আৰু মানৱে জীৱনৰ পাঠ শিকোৱাৰ
চেষ্টা কৰিছিল, সেই গৰাকী মানুহৰ দৃষ্টিৰ দুৰত্ব দেখি ধন্য হল দুয়ো ৷ হেমাৰ
চকুত ভাঁহি আহিল 'অৰিশিখা কুটিৰ' আৰু নানান অনাথ শিশুৰ কলৰৱ !
জিতা ফুকন ৷
বিহপুৰীয়া, লক্ষীমপুৰ ৷
যোগাযোগ- 7002195037
বিহপুৰীয়া, লক্ষীমপুৰ ৷
যোগাযোগ- 7002195037
No comments:
Post a Comment