Thursday, 5 October 2017

ক্ষণঘোঁৰা


ধূমায়িত কেটলিটো দেখি দুৰণিবটীয়া বাহনবোৰ ৰৈ যায় , পদপথৰ খোজবোৰ আগুৱাই আহে……। পুৱতি নিশাৰ প্ৰত্যেকগৰাকী যাত্ৰীকে লাগে ……একাপ ৰঙাচাহ । মাক-পুতেকৰ স্থান আৰু সময় সম্পুৰ্ণ নিৰ্ধাৰিত…… চাৰিআলিটোৰ নৈমত্তিক ব্যস্ততা আৰম্ভ হোৱাৰ লগে লগে চাহ আৰু টেকেলি পিঠা বিক্ৰী কৰি থকা ঠেলাখন আতৰাই নিয়াটো বাঞ্চনীয় । বেছিপৰ ৰৈ থাকিবলৈ অৱশ্যে সিহঁতৰো আহৰি নাই । পঙ্কজ ঘৰৰ ডাঙৰ ল'ৰা । ইয়াৰ পৰা গৈয়ে সি কলেজলৈ সাঁজু হ'ব । বিধৱা মাকজনীও মুকলি নহয়…… নুমলীয়া ল'ৰা-ছোৱালী হালৰ জীৱনদৌৰ কোনে চম্ভালিব ! সকলো আশা আৰু সম্ভাৱনাৰ মূলতে আছে সিহঁতে নিয়াৰিকৈ ব্যৱহাৰ কৰা সূৰ্যোদয়ৰ পূৰ্বৱৰ্তী দুঘণ্টা সময় ।


কৌশিক দাস


No comments:

Post a Comment