প্ৰশাসকৰ মেজ : *আখৰুৱাৰ সুখবৰেৰে*
'সাতসৰী'ৰ ডিচেম্বৰ, ২০১৭ সংখ্যাত 'আখৰুৱাৰ আলোচনা : আলোচনীৰ কথাৰে' শিতানৰ লেখা :
----------------------------
----------------------------
প্ৰতি,
আখৰুৱাৰ সমূহ মাননীয় সদস্য,
আটাইৰে কুশল কামনা কৰি আপোনালোকক আন এটি সুখবৰ জনাব বিচাৰিছোঁ। 'আখৰুৱাৰ আলোচনা : আলোচনীৰ কথাৰে (সাতসৰী : অক্টোবৰ, ২০১৭) শীৰ্ষক আখৰুৱাৰ শিতানত প্ৰকাশিত কিশোৰ দাস, চবিনা ইয়াচমিন, হিমাংশু ভাগৱতী, অনিতা গগৈ, দিবাকৰ ৰেণু আৰু মালবিকা বৰা ব্ৰহ্মৰ লেখা 'সাতসৰী'ৰ ডিচেম্বৰ, ২০১৭ সংখ্যাত প্ৰকাশ হৈছে। সেয়ে লেখক-লেখিকাৰ লগতে নিৰীক্ষক মালবিকা বৰা ব্ৰহ্মলৈ আৰু সমূহ সদস্যলৈ আমাৰ আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জনালোঁ।
আখৰুৱাৰ এই উদ্যোগলৈ সঁহাৰি জনোৱা কাৰণে 'সাতসৰী' আলোচনীলৈকো আমাৰ কৃতজ্ঞতা জনাইছোঁ। 'আখৰুৱাৰ মেজত 'সাতসৰী'ৰ আলোচনা' শিৰোনামেৰে 'সাতসৰী'ৰ ডিচেম্বৰ সংখ্যাত প্ৰকাশিত লেখা কেইটা গোটলৈ আগবঢ়ালোঁ।
এই ছেগতে, সমূহ সদস্যই আখৰুৱাৰ কাৰণে লৈ অহা ইতিবাচক ভূমিকাৰ কাৰণে শুভেচ্ছা আৰু কৃতজ্ঞতা জনাইছোঁ। কাৰণ, আমি বিশ্বাস কৰোঁ যে সদস্যৰ অৰিহণা অবিহনে আখৰুৱাৰ অগ্ৰগতি কদাপি সম্ভৱ নহয়।
জয়তু আখৰুৱা।
ধন্যবাদ,
মনোহৰ দত্ত
মালৱিকা বৰা ব্ৰহ্ম
প্ৰশাসক, আখৰুৱা।
২৯ নৱেম্বৰ, ২০১৭
________________________________________
মনোহৰ দত্ত
মালৱিকা বৰা ব্ৰহ্ম
প্ৰশাসক, আখৰুৱা।
২৯ নৱেম্বৰ, ২০১৭
________________________________________
ডিচেম্বৰ, ২০১৭ সাতসৰী : মুকলি পৃষ্ঠা : ১৪, ১৫, ১৬ আৰু ১৭
আখৰুৱাৰ মেজত ‘সাতসৰী’ৰ আলোচনা :
ফেচবুকত সাহিত্য চৰ্চা কৰা আখৰুৱা : literati গোটৰ এটি বিশেষ শিতান হ’ল— ‘‘আখৰুৱাৰ আলোচনা : আলোচনীৰ কথাৰে’। এই শিতানৰ উদ্দেশ্য মূলতঃ ছপা আৰু ই-মাধ্যমৰ চৰ্চাৰ এক সমন্বয় সাধন কৰা। শিতানটোৰ বাবে প্ৰতি মাহত প্ৰকাশ হোৱা অসমীয়া আলোচনীৰ পৰা এখন বিশেষ আলোচনী বাছনি কৰা হয় আৰু সেই আলোচনীৰ শিতানসমূহৰ আলোচনা আখৰুৱাৰ সদস্যই আগবঢ়ায়। অক্টোবৰ মাহত শিতানটােৰ কাৰণে আলোচনাৰ বাছনি কৰা হৈছিল সাতসৰী আলোচনীখন। উল্লেখ্য যে জুলাই, ২০১৭ সংখ্যাৰ সাতসৰীৰ আলোচনা এই শিতানত কৰা হৈছিল আৰু সেই আলোচনাসমূহ সাতসৰীয়ে প্রকাশ কৰিছিল। তাৰ কাৰণে সাতসৰীলৈ আখৰুৱাৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ।
— নিৰীক্ষক, আখৰুৱা : literati
_______________________________
_______________________________
(এক)
- কিশোৰ দাস
আলোকপুৰ, মিলনপুৰ, নলবাৰী, ফোন : ৯০৮৫৭৮৮৭০১
আলোকপুৰ, মিলনপুৰ, নলবাৰী, ফোন : ৯০৮৫৭৮৮৭০১
স্নাতক প্রথম বর্ষতে প্রথমবাৰৰ বাবে পঢ়াৰে পৰা বর্তমানলৈকে এৰাব নোৱৰা অন্যতম আলোচনীখনেই হ’ল সাতসৰী৷ সাধাৰণতে আলোচনী, কিতাপ আদি কিনা দোকানখনলৈ সন্ধিয়া অলপ দেৰিকৈ যাওঁ, যাতে দোকানত আমি কিতাপ তথা নানা কথাৰ আলোচনা কৰিব পাৰোঁ। আমি, মানে মই আৰু দোকানীজন, কেতিয়াবা দুজনমান বন্ধু। দােকানতে আলোচনীখন হাতত লৈ বেটুপাত, সুমন্ত বৰুৱাৰ 'কার্টুন', 'অনুৰাধা শৰ্মা পূজাৰীৰ সম্পাদকীয়', অপু ভৰদ্বাজৰ “সেই দিন সেই কথা, দিগন্ত ওজাৰ ‘শেষ পৃষ্ঠা' শিতানকেইটাত চকু ফুৰাওঁ। সদ্যহতে “সেই দিন সেই কথা’, ‘শেষ পৃষ্ঠা’ আদি শিতানৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰোঁ। বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়ত ৰে’লেৰে অহা-যোৱা কৰিছিলো। ডেৰ-দুঘন্টীয়া যাত্ৰাপথত কাষৰ আসনত বহা যাত্ৰীসকল বিভিন্ন তথ্য, কথা-বার্তা, হাস্য-ব্যংগৰ ভঁৰাল আছিল। এদিন এজন বন্ধুৰ ম'বাইল ফোনত থকা ফটােবিলাক চাই থাকোঁতে মোৰ কাষত বহা আদহীয়া যাত্রী এজনে কৈছিল- ‘‘তোমালোকে এইবিলাক চাবলৈহে পাইছা, আমি এইবিলাকৰ মাজতে দিন-ৰাতি ঘূৰি কিমান যে কি কৰিছিলোঁ।' সেইখন আছিল নৈপৰীয়া কহুৱাৰ ছবি। বিস্তীর্ণ নৈৰ পাৰত যেন এখনি শুকুলা আকাশ। অক্টোবৰ, ২০১৭ সংখ্যাৰ অনুৰাধা শৰ্মা পূজাৰীৰ সম্পাদকীয় 'প্রকৃতি আৰু মানুহৰ সংঘাত'এ ওপৰৰ কথাখিনি মনলৈ আনিলে লেখাটােত ফুটি উঠিছে বর্তমান মানুহৰ বিবেকহীন কাৰ্যৰ বাবে ভৱিষ্যৎইন পৃথিৱীৰ এক চিন্তনীয় ৰূপ।
ভাসিলি ইয়ানে মংগোলীয় শাসনকালৰ সময়ছোৱাৰ শাসকসকলৰ জীৱন-কাহিনীৰ যি তিনিখন উপন্যাস লিখিছিল তাৰে প্ৰথমখন হ'ল 'চেংগিজ খান' (Genghis Khan)| চেংগিজ খানৰ (১২০৬-১২২৭ খ্রীষ্টাব্দ) উত্থান-পতন, বীৰত্বৰ কাহিনীৰ বৰ্ণনাৰে ভাসিলি ইয়ানৰ এই জনপ্রিয় উপন্যাসখন প্রথমে প্রকাশ হৈছিল। ১৯৩৯ খ্রীষ্টাব্দত, সেই সময়ৰ ছোভিয়েট ৰাছিয়াত। উপন্যাসখন ১৯৪২ চনত ছােভিয়েট ৰাজ্যিক পুৰস্কাৰেৰে পুৰস্কৃত হয়। এইলানি উপন্যাসৰ দ্বিতীয় আৰু তৃতীয়খন ক্রমে Batty আৰু To Last Sea। বিপুল খাটনিয়াৰ অনূদিত চেংগিজ খান উপন্যাসখনৰ সাৱলীল অনুবাদ সাতসৰীত পঢ়িবলৈ পাইছে। উপন্যাসলানিৰ দ্বিতীয় আৰু তৃতীয়খন ক্রমে Batty আৰু To Last Sea; আমি যেন পঢ়িবলৈ পাওঁ। অনুবাদক তথা সাতসৰীৰ তৰফৰ পৰা লোৱা তেনে উদ্যোগে আমাৰ জ্ঞানৰ ভৰাল টনকিয়াল কৰিব। — হৈছে পল থেৰােৱে জাপান ভ্ৰমণৰ সময়ছােৱাত হাৰুকি মুৰাকামিক লগ পাওঁতে হােৱা অভিজ্ঞতাৰ ভিত্তিত লিখা এক নাতিদীর্ঘ ৰচনা | ৰচনাখন পল থেৰােৰ ভ্ৰমণ অভিজ্ঞতামূলক কিতাপ Ghost train to the Eastern Star. On the tracks of The Great Railway Bazaar-ৰ অংশ। এয়া মোৰ বাবে গাখীৰতে ম’হৰ খুটি যেন হ’ল। কিয়নো মই মুৰাকামিৰ South of the Border; West of the Sun খন পঢ়ি আছিলোঁ। এই ৰচনাখনে মুৰাকামি মানুহজনৰ বিষয়ে জনাত যথেষ্ট সহায় কৰিলে তথা মোৰ আগ্রহ দুগুণে বঢ়াই তুলিলে।
এইটাে সংখ্যাত প্রকাশিত আটাইকেইটা কবিতা সুন্দৰ তথা যথাযোগ্য নির্বাচন। ভাল লগা কবিতাকেইটাৰ ভিতৰত কবি দেৱপ্ৰসাদ তালুকদাৰৰ 'আইৰ শিৰৰ সেন্দূৰীকণ’ কবিতাটােত মানৱ জীৱনৰ সংগ্রাম বলিষ্ঠ ৰূপত প্রস্ফুটিত হৈছে। মানুহে নানা বাধা-বিঘিনিৰ অন্তৰালতো উন্নতিৰ শিখৰত আৰােহণ কৰিছে, একমাত্ৰ নিৰন্তৰ সংগ্ৰামৰ বাবেই। কবিতাটােত চিত্রকল্পৰ ব্যৱহাৰ ব্যঞ্জনাময়। শব্দচয়ন যথোচিত, সহজ শব্দৰে গোটেই কবিতাটাে বুজিবলৈ সৰল। প্রথম স্তৱকটােৰ পৰাই কবিতাটােৱে এক গতি লাভ কৰিছে আৰু একে গতিৰেই সমাপ্তি ঘটিছে। মাজত ক’তো ভাবৰ প্রকাশ বিচলিত নাইবা বাধাপ্রাপ্ত হােৱা নাই। কবিতাটাে এইক্ষেত্রত সফল তথা মনত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে।
এনেদৰেই আহিনমহীয়া সাতসৰীৰ কথাই ভিন্ন অনুভৱ, ধাৰণা দিলে।
________________________________
________________________________
(দুই)
ভাৰতীয় দৰ্শনত বৈজ্ঞানিক দৃষ্টিভংগী
- চবিনা ইয়াচমিন
জে,বি, ৰোড; যোৰহাট। ফোন : ৭৫৭৭৯৮৬২৯০
জে,বি, ৰোড; যোৰহাট। ফোন : ৭৫৭৭৯৮৬২৯০
দর্শন মােৰ প্রিয় বিষয়। শৈশৱৰ পৰা মনত উদয় হােৱা কিছুমান প্রশ্নৰ সমিধান বিচাৰি কাষ চাপিছিলোঁ দৰ্শনৰ। জটিল আৰু ৰহস্যপূর্ণ সংসাৰখন জানো মানুহে সৃষ্টি কৰা ? নাই, সংসাৰ মানুহে সৃষ্টি কৰিব নোৱাৰে। মানুহে কেৱল কিছুদিনৰ বাবে পৃথিৱীত জীৱন যাপনহে কৰিব পাৰে। কিন্তু বুদ্ধি-বৃত্তি আৰু চিন্তাশীল গুণবিশিষ্ট জীৱশ্রেষ্ঠ মানুহে এই সংসাৰখন কোনে সৃষ্টি কৰিলে, ইয়াত মানুহৰ স্থান ক’ত— এনেবােৰ প্রশ্নৰ উত্তৰ বিচাৰে আৰু তেনেকৈয়ে সৃষ্টি হৈছিল দার্শনিক চিন্তাধাৰাৰ। সেয়ে অক্টোবৰ, ২০১৭ সংখ্যাত শৈলেন বৰকটকীয়ে লিখা “ভাৰতীয় দৰ্শনত বস্তুবাদ আৰু নাস্তিক্যবাদ’ প্রবন্ধটি ভাল লাগিল।
উল্লিখিত প্রবন্ধটােত ভাৰতীয় দৰ্শনৰ এক বিশেষ ধাৰাৰ বিষয়ে সম্যক ধাৰণা দিবলৈ চেষ্টা কৰা হৈছে। বস্তুবাদী দর্শন আৰু নাস্তিকতাবাদ ভাৰতীয় দৰ্শনৰ এক এৰাব নোৱৰা বিষয়। সাধাৰণতে ভাৰতীয় দর্শন এক অধ্যাত্মবাদী দর্শন। জড়াতিৰিক্ত বিশ্বাস কৰে। এই দর্শনে। কিন্তু নাস্তিক দর্শন হ’ল ভাৰতীয় দৰ্শনৰ এক মুখ্য ভাগ। ই কেৱল ঈশ্বৰক বিশ্বাস নকৰাকেই নুবুজায়। এই দর্শনে বেদৰ প্রামাণ্যসমূহকো বিশ্বাস নকৰে। ইয়াৰ ভিতৰত মূল হ’ল চার্বক দর্শন, সাংখ্য দর্শন আৰু বৌদ্ধ দর্শন। চার্বক দর্শন সম্পূর্ণ জড়বাদী দর্শন। এই দর্শন বেদবিৰােধী আৰু বেদনিন্দুক। তেওঁলোকৰ মতে জগতৰ অন্তিম উপাদান হ’ল জড় আৰু জড়ৰ পৰা জগতৰ সৃষ্টি। পাপ, পুণ্য, কর্মফল ভোগ- এইবােৰত এই দর্শন বিশ্বাসী নহয়। অতিপ্রাকৃতিক একো বস্তুৰ অস্তিত্ব এই দর্শনে নামানে। দৈহিক সুখেই একমাত্র সুখ।
বুদ্ধদেৱৰ দ্বাৰা প্রতিষ্ঠিত বৌদ্ধ দৰ্শনৰ বিষয়ে প্রবন্ধটিত লিখা হৈছে।
বুদ্ধই তেওঁৰ উপদেশসমূহ লিপিবদ্ধ কৰা নাছিল বাবে বৌদ্ধ দৰ্শনৰ মূল গ্রন্থ নাই। বুদ্ধদেৱ দার্শনিক নাছিল। তেওঁ আছিল ধর্ম আৰু নীতিৰ সংস্কাৰক। চার্বক দর্শন, বৌদ্ধ দর্শন সম্পৰ্কীয় সকলোবোৰ কথা প্রবন্ধটিত উল্লেখ কৰা হৈছে। অন্যান্য ভাৰতীয় দর্শনসমূহৰ ভিতৰত প্রাচীনতম দর্শন হ’ল সংখ্য দর্শন। এই দৰ্শনত ঈশ্বৰ স্বীকৃত নহয়। সাংখ্য দৰ্শনৰ প্রতিষ্ঠাতা আৰু প্রবক্তা হ’ল মহামুনি কপিল। যি শাস্ত্ৰ পঢ়িলে সম্যক জ্ঞান লাভ কৰা হয় সেই দর্শনেই হৈছে সাংখ্য দর্শন। এই দর্শন দ্বৈতবাদী দর্শন। পুৰুষ আৰু প্রকৃতি— এই দুটি মূল তত্ত্বৰ সম্যক জ্ঞান লাভ কৰিলেহে জীৱই দুখৰ পৰা মুক্তি লাভ কৰিব পাৰে। সাংখ্য দর্শন সৎ-কাৰ্যবাদৰ সমর্থক। অর্থাৎ এই দর্শন অনুসৰি উৎপত্তিৰ পূর্বে কার্যকাৰণত বিদ্যমান থাকে। চার্বক দর্শন, বৌদ্ধ দর্শন, সাংখ্য দৰ্শনৰ বিভিন্ন দিশসমূহ শৈলেন বৰকটকীৰ প্ৰবন্ধটিত আলোচনা কৰা হৈছে।
বুদ্ধই তেওঁৰ উপদেশসমূহ লিপিবদ্ধ কৰা নাছিল বাবে বৌদ্ধ দৰ্শনৰ মূল গ্রন্থ নাই। বুদ্ধদেৱ দার্শনিক নাছিল। তেওঁ আছিল ধর্ম আৰু নীতিৰ সংস্কাৰক। চার্বক দর্শন, বৌদ্ধ দর্শন সম্পৰ্কীয় সকলোবোৰ কথা প্রবন্ধটিত উল্লেখ কৰা হৈছে। অন্যান্য ভাৰতীয় দর্শনসমূহৰ ভিতৰত প্রাচীনতম দর্শন হ’ল সংখ্য দর্শন। এই দৰ্শনত ঈশ্বৰ স্বীকৃত নহয়। সাংখ্য দৰ্শনৰ প্রতিষ্ঠাতা আৰু প্রবক্তা হ’ল মহামুনি কপিল। যি শাস্ত্ৰ পঢ়িলে সম্যক জ্ঞান লাভ কৰা হয় সেই দর্শনেই হৈছে সাংখ্য দর্শন। এই দর্শন দ্বৈতবাদী দর্শন। পুৰুষ আৰু প্রকৃতি— এই দুটি মূল তত্ত্বৰ সম্যক জ্ঞান লাভ কৰিলেহে জীৱই দুখৰ পৰা মুক্তি লাভ কৰিব পাৰে। সাংখ্য দর্শন সৎ-কাৰ্যবাদৰ সমর্থক। অর্থাৎ এই দর্শন অনুসৰি উৎপত্তিৰ পূর্বে কার্যকাৰণত বিদ্যমান থাকে। চার্বক দর্শন, বৌদ্ধ দর্শন, সাংখ্য দৰ্শনৰ বিভিন্ন দিশসমূহ শৈলেন বৰকটকীৰ প্ৰবন্ধটিত আলোচনা কৰা হৈছে।
প্রবন্ধটিত আলোচনা কৰা বস্তুবাদী দর্শন আন এক উল্লেখযোগ্য দিশ। বস্তুবাদী, নিৰীশ্বৰবাদী দর্শনে ভাৰতীয় দৰ্শনত বৈজ্ঞানিক দৃষ্টিভংগীৰ কেনেকৈ বিকাশ সাধন ঘটাইছিল, সেই বিষয়েও প্রবন্ধটিত আলোচনা কৰা হৈছে। তদুপৰি প্ৰবন্ধটােৰ শেষত লেখকে উল্লেখ কৰা দৰ্শন বিষয়ক বিভিন্ন গ্ৰন্থৰ নামসমূহে পঢ়ুৱৈক যথেষ্ট উপকৃত কৰিব। বর্তমানৰ ছপা আলোচনীসমূহত দর্শন বিষয়ক প্রবন্ধৰ প্ৰকাশ সীমিত। সেয়ে এই ধৰণৰ প্ৰবন্ধ পঢ়ুৱৈৰ বাবে যথেষ্ট জ্ঞানদেয়।
__________________________
__________________________
(তিনি)
মানুহ' হ'বলৈ অনুপ্রেৰণা দিয়া মানুহজন
- হিমাংশু ভাগৱতী
বলোৱা, নলবাৰী, ফোন : ৮১৩৩০-৬৩৬৪৬
বলোৱা, নলবাৰী, ফোন : ৮১৩৩০-৬৩৬৪৬
"মানুহৰ সুবাস সংস্পৰ্শাইহে মানুহক মানুহৰ দৰে জীয়াই থাকিবলৈ অনুপ্রাণিত কৰে। — সাতসৰীৰ অক্টোবৰ, ২০১৭ সংখ্যাৰ
আটাইবোৰ লেখাৰ মাজত এই বাক্যশাৰীৰে আৰম্ভ কৰা বর্ণালী” শিতানৰ লেখা এটা মোৰ প্রিয় হৈ পৰিল। লেখাটাে যিগৰাকী ব্যক্তিৰ বিষয়ে— তেখেত মোৰ প্রিয় হৈ পৰা বহু বছৰ হ’ল।
আটাইবোৰ লেখাৰ মাজত এই বাক্যশাৰীৰে আৰম্ভ কৰা বর্ণালী” শিতানৰ লেখা এটা মোৰ প্রিয় হৈ পৰিল। লেখাটাে যিগৰাকী ব্যক্তিৰ বিষয়ে— তেখেত মোৰ প্রিয় হৈ পৰা বহু বছৰ হ’ল।
লেখক ৰণদ্বীপ বড়াই তেখেতৰ নিজৰ জীৱনৰ প্রেৰণাৰ উৎসৰূপে ব্যক্তি ৰবেন্দ্ৰ কুমাৰ দাসৰ বিষয়ে কিছু কথা বৰ ভাল লগাকৈ লিখিছে। বর্তমান ভীষণ বস্তুবাদী সমাজত প্রকৃত মানুহ কমি আহি আছে, যিখিনি কম মানুহ আছে, সেইসকলৰ বিষয়ে সকলোৱে জনাটাে বৰ প্ৰয়োজনীয়।
গাঁৱৰ বাতৰিকাকত- আলোচনী বিক্ৰী কৰা একমাত্ৰ দোকানখনত সময় পালেই বহিছিলো।— বিভিন্ন লেখা গো-গ্রাসে গিলাৰ লোভত। তেনে সময়তে ৰবেন্দ্ৰ কুমাৰ দাস নামটাে চিনাকি হৈ পৰিলেও লেখাবোৰে মনত দকৈ ৰেখাপাত কৰিব পৰা নাছিল। এদিন এটা লেখা ওলাল। তেখেতৰ— তেজপুৰ মেডিকেলৰ যিটাে কোঠাত বিষ্ণু প্রসাদ ৰাভাদেৱৰ মৃত্যু হৈছিল, সেই কোঠাটােক লৈ। সেই লেখাটােৱে লেখকৰ প্ৰতিটাে লেখা পঢ়িবলৈ আৰু মানুহৰ বিষয়ে জানিবলৈ যি আগ্ৰহ বঢ়ালে, সেই আগ্রহ এতিয়াও অটুট আছে। ৰণদ্বীপ বড়াই তেখেতৰ জীৱনৰ প্রেৰণাস্বৰূপে ৰবেন্দ্ৰ কুমাৰ দাসক যি ধৰণে ব্যাখ্যা কৰিছে সেইখিনি কথা বহুজনৰ ক্ষেত্ৰত মিলি যাব। কাকতালীয়ভাৱে তাৰ প্রমাণো পালোঁ এইকেইদিনতে বিভিন্ন কাকতত ৰবেন্দ্ৰ কুমাৰ দাসৰ বিষয়ে বিশিষ্ট পত্ৰলেখক আৰু কেৰিয়াৰ পৰামৰ্শদাতা ড° বুলজিৎ বুঢ়াগোহাঁয়ে লিখা পত্ৰৰ পৰা।
_________________________________
_________________________________
(চাৰি)
পঢ়ুৱৈৰ দৃষ্টিৰে : 'সাতসৰী'ৰ কবিতা
- অনিতা গগৈ
নামৰূপ।
নামৰূপ।
মানসম্পন্ন সাহিত্য বিষয়ক আলোচনী হিচাপে সাতসৰী অন্যতম। নিয়মীয়া পঢুৱৈ হিচাপে আলোচনীখনৰ প্ৰায়বােৰ শিতানেই আমাৰ বাবে চিত্তাকর্ষক। অক্টোবৰ, ২০১৭ সংখ্যাৰ আলোচনীখন হাতত লৈয়ে অভ্যাসবশতঃ চকু ফুৰালোঁ কবিতাৰ পৃষ্ঠাকেইটাত। মুঠ ১৩জন কবিৰ কবিতাৰে শিতানটি সমৃদ্ধ। বর্তমান অসমত কবিতাৰ প্রতি পঢুৱৈৰ মাজত আদৰ বাঢ়িছে। তেনেদৰে বাঢ়িছে
কবিৰ সংখ্যাও। কিন্তু নিৰৱচ্ছিন্ন সাধনা অথবা যথোপযুক্ত
চৰ্চাৰ অভাৱত আজিও অসমীয়া কবিতাৰ ক্ষেত্ৰখনত উৎসৱসদৃশ পৰিৱেশহে বিৰাজমান। কবিতাৰ প্রতি সশ্রদ্ধ নিবেদন খুব কমসংখ্যক কবিৰ ক্ষেত্ৰতহে প্রযোজ্য যেন বোধ হয়। অতীজৰে পৰা অসমীয়া সাহিত্যচৰ্চাৰ দিশটাে এতিয়ালৈ মূলতঃ কাকত-আলোচনী নিৰ্ভৰ। আশা ৰাখিছে। সাতসৰী এইক্ষেত্ৰত এক নিৰ্ভৰযোগ্য মঞ্চ হ’ব। এই মাহৰ কবিতা শিতানটিৰ আৰম্ভণিতে সন্নিৱিষ্ট হৈছে সমীৰ তাতীৰ কবিতা— ইয়াত এতিয়া কোনেও’। হৃত মানৱতাবোধৰ দ্রুত অৱক্ষয়জনিত আত্মিক প্ৰৱঞ্চনা কবিতাটিৰ বক্তব্য। নিঃসংগতাবোধ, আত্মকেন্দ্ৰিক দৌৰাত্ম্য্যৰে পিষ্ট নাগৰিক জীৱন অন্তহীন হাহাকাৰৰ পৃষ্ঠপোষক। ইয়াত কোনেও এজোপা গছ হ’ব নিবিচাৰে/.দোকমোকালি হ’ব নিবিচাৰে।".... দোকমোকালি হ'ব নিবিচাৰে'।
কবিৰ সংখ্যাও। কিন্তু নিৰৱচ্ছিন্ন সাধনা অথবা যথোপযুক্ত
চৰ্চাৰ অভাৱত আজিও অসমীয়া কবিতাৰ ক্ষেত্ৰখনত উৎসৱসদৃশ পৰিৱেশহে বিৰাজমান। কবিতাৰ প্রতি সশ্রদ্ধ নিবেদন খুব কমসংখ্যক কবিৰ ক্ষেত্ৰতহে প্রযোজ্য যেন বোধ হয়। অতীজৰে পৰা অসমীয়া সাহিত্যচৰ্চাৰ দিশটাে এতিয়ালৈ মূলতঃ কাকত-আলোচনী নিৰ্ভৰ। আশা ৰাখিছে। সাতসৰী এইক্ষেত্ৰত এক নিৰ্ভৰযোগ্য মঞ্চ হ’ব। এই মাহৰ কবিতা শিতানটিৰ আৰম্ভণিতে সন্নিৱিষ্ট হৈছে সমীৰ তাতীৰ কবিতা— ইয়াত এতিয়া কোনেও’। হৃত মানৱতাবোধৰ দ্রুত অৱক্ষয়জনিত আত্মিক প্ৰৱঞ্চনা কবিতাটিৰ বক্তব্য। নিঃসংগতাবোধ, আত্মকেন্দ্ৰিক দৌৰাত্ম্য্যৰে পিষ্ট নাগৰিক জীৱন অন্তহীন হাহাকাৰৰ পৃষ্ঠপোষক। ইয়াত কোনেও এজোপা গছ হ’ব নিবিচাৰে/.দোকমোকালি হ’ব নিবিচাৰে।".... দোকমোকালি হ'ব নিবিচাৰে'।
'গছ’ সামূহিক কল্যাণকামিতাৰ প্রতীক।– 'দােকমােকালিয়ে সূচনা কৰে নৱপ্রত্যুষৰ। কিন্তু সেই নৱ-উন্মেষৰ হােতাজনৰ বাস্তৱ অস্তিত্ব যেন আজিৰ পৃথিৱীত দুৰূহ। শূন্য জীৱনবােধেৰে নিঃস্ব আজিৰ মানুহ, স্বনিপীড়নেৰে অৱশ্যম্ভাৱী পতনৰ হােতা। অথচ এই সকৰুণ মর্ম হৃদয়ংগম কৰিব পৰাকৈও চেতনাৰহিত। কবি সমীৰ তাতীৰ কবিতাৰ ভাষা তির্যক। ব্যক্তিনিষ্ঠতা অতিক্রম কৰি নৈর্ব্যক্তিকতালৈ ভাবৰ উত্তৰণ ঘটিছে এনেদৰে— “মই হেৰাই যোৱা চৰাইবোৰক বিচাৰিছিলো এখন মানচিত্ৰৰ পৰা।” দেশ, কাল, জাতিৰ পৰিসীমা নেওচি কবিৰ পৰিভ্ৰমণ। এই চেতনাস্রোত, এই ব্যাপ্তি মানসিক পৰিমণ্ডলৰ, আত্মবীক্ষণৰ। মানুহৰ প্রতি, পৃথিৱীৰ প্রতি ভালপোৱাৰ পৰাকাষ্ঠী পৰিস্ফুট হৈছে সহজ ভাষা অথচ বলিষ্ঠ কণ্ঠৰে। কবিতাৰ নেৰেটিভত উজ্জীবিত হৈ উঠিছে। মার্ক্সবাদী ধাৰণা। লুক্কাচ-কথিত গভীৰ মানৱীয় সম্ভাৱনাৰ আশাবাদ কবিতাটিৰ দৰ্শন।
দীপিকা শইকীয়াৰ কবিতা ‘জীৱন-উৎসৱ'ত কবিয়ে জীৱনৰ প্ৰতি গ্রহণ কৰিছে এক নির্লিপ্ত ভাবনা। ভঙা-গঢ়াৰ নিৰৱধি স্রোতেই জীৱনৰ অন্তহীন পৰিক্ৰমা। ভাবৰ নিলিপ্তিৰে পোৱা-নোপোৱাৰ সকলো খতিয়ান একাষৰীয়া কৰি জীৱনক যুকিয়াই চােৱাৰ প্ৰয়াস মূর্ত হৈ উঠিছে ব্যঞ্জনাঘন ভাষাৰে। ‘জোনাকৰ জেওৰা’, ‘সোণবৰিয়াল সপোন’ আদি আলংকাৰিক শব্দ একান্ত ব্যক্তিগত স্মৃতিৰঞ্জিত অনুষংগৰে জীৱনৰ প্ৰাৰম্ভণিৰে সমার্থক। জন্ম আৰু মৃত্যুৰ চেতনা একীভূত হৈছে— ‘নিমিষতে আকাশ/পোনছাটেই মাটি. নীলা নেওতাৰ ন-ধাৰাপাত’ – এই স্তৱকত। জীৱনৰ অন্তহীন অন্বেষণ, ক্ষণভংগুৰতাৰ অনুধাৱন কৰিছে কবিয়ে। সুখ, শোক, শৃংখলা-উদ্ধৃংখলাৰ সমাহাৰে গঢ় দিয়ে আধুনিক জটিল মানসিকতা। অনুভূতিৰ এই জটিল তৰংগৰ মাজতেই ধ্বনিত হৈছে জীৱনৰ প্ৰতি ভালপোৱাৰ গভীৰ প্ৰত্যয়।
এম. কামালুদ্দিন আহমেদৰ কবিতা "আকাশৰ আধা" চাৰিটি হ্রস্ব-দৈর্ঘ্যৰ কবিতাৰ সংযোজিত ৰূপ। ব্যক্তিগত অভিজ্ঞতাৰ মর্মস্পর্শী স্বৰূপ উদঘাটনৰ বাবে মেটাফিজিকেল কবিতাৰ 'ধাৰণাৰ বৈপৰীত্যৰে ৰচিত এই কবিতাৰ আৱহ৷ ‘হাদয়’ সুকোমল, বিমূর্ত ধাৰণা; আনহাতে মাৰ্বল কঠিন, মূর্তমান পদার্থ। বাস্তৱ জীৱনৰ ঘাত-প্রতিঘাতত গঢ় দিয়া কঠিন নির্লিপ্তিৰ অন্তৰালত লালিত গ্রেনাইট কঠিন ব্যক্তিত্বৰ চাপিত হৃদয়ো ক্রমশঃ ৰূপান্তৰিত কৃত্রিম শীতলতাৰ উৎসলৈ। "মার্বিল’ সেই পুঞ্জীভূত সুকঠিন অভিব্যক্তিৰে দ্যোতক। ২ নং কবিতা "তুমি’ৰ অনুষংগৰে কবিতাটিত উল্লেখ কৰা হৈছে প্রিয়তম অনুভূতিৰ দ্যোতনা। 'ৰঙা' ৰঙৰ প্রতীকেৰে। ইয়াত "তুমি’ জীৱনৰ প্রতীক, নিসর্গনিহিত সৃষ্টিচেতনাৰ উপলক্ষ্যৰে যি মুহুর্তে মুহুর্তে জগাই তোলে সূক্ষ্ম হয় জীৱনৰ মহত্তম উপলব্ধিৰ গুঢ়াৰ্থ, তেতিয়াই উত্তৰণ ঘটে চেতনাস্রোতৰ, জ্যোতিপ্রপাতেৰে সমৃদ্ধ হয় জীৱন৷
_____________________________________________
_____________________________________________
(পাঁচ)
অক্টোবৰ সংখ্যাৰ গ্ৰন্থজগত
- দিবাকৰ ৰেণু
চাহিন আচিয়ানা বিল্ডিং, চি আৰ দাস ৰোড, ৱাৰ্ড নং-১, ধুবুৰী, ফোন : ৮৪৮৬৭-২৬৬১৪
চাহিন আচিয়ানা বিল্ডিং, চি আৰ দাস ৰোড, ৱাৰ্ড নং-১, ধুবুৰী, ফোন : ৮৪৮৬৭-২৬৬১৪
আপুনি যেতিয়া বুজিব যে আপোনাৰ পৰিচিত মানুহবোৰে আপোনাক চাৰ্বাচ বুলি থপৰিয়াবলৈ এৰি আঁতৰি গৈছে, সেই সময়তেই আপোনাৰ প্রিয়ৰাে প্রিয় বন্ধুজন হৈ, আপোনাক জীয়াই ; থকাৰ প্রেৰণা যোগায় গ্ৰন্থই। সাতসৰীৰ অক্টোবৰ, ২০১৭ সংখ্যাত সাতখন গ্রন্থক গ্রন্থজগত' শিতানৰ দ্বাৰা আলোচনালৈ আনিছে। এয়া অতীৱ শুভবার্তা সাধাৰণ পঢুৱৈ আৰু লেখকৰ বাবে। যিসকল ব্যক্তি আৰু অনুষ্ঠানে গ্রন্থক জীয়াই ৰখাৰ এক নীৰৱ সাধনা কৰি আহিছে, সেইসমূহৰ ভিতৰত বিশিষ্ট চিন্তাশীল লেখিকা অনুৰাধা শৰ্মা পূজাৰীৰ সম্পাদনাত প্রকাশ হৈ অহা 'সাতসৰী' অন্যতম।
বিশিষ্ট সমালোচক, শিক্ষাগুৰু ড° বসন্ত কুমাৰ ভট্টাচার্য ছাৰে এদিন এখন গ্রন্থ উন্মোচনী সভাত কৈছিল- "গ্ৰন্থ এখন উন্মোচকে উন্মোচনহে কৰে, কিন্তু প্রকৃততে উন্মোচন কৰে পঢ়ুৱৈয়েহে।"
এই মাহৰ সাতসৰীত গ্ৰন্থৰ আলোচনা আগবঢ়োৱা এইসকল শ্রদ্ধাৰ পঢ়ুৱৈ হিচাপে আমি নাম লব লাগিব— অসীম চুতীয়া (গ্রন্থ : বিয়লি বেলাৰ গল্প, লেখক : ভূগেশ্বৰ শৰ্মা), উপেন্দ্রনাথ শৰ্মা (সেউজ সুবাস, লেখিকা : বিবি দেৱী বৰুৱা), ৰিষ্টটু শইকীয়া (কর্মই ভাগ্য, লেখকঃ দেৱকান্ত সন্দিকৈ), বিদিশা বুঢ়াগোহাঁই (Syed Abdul Malika, লেখক- ড° সত্যকাম বৰঠাকুৰ) আৰু দেৱেন শইকীয়া (ড” ভবেন্দ্রনাথ শইকীয়া, ছয় দশকৰ গদ্য, সম্পাদনা : উৎপল দত্ত)ৰ। এই গ্রন্থ আলোচনাই পঢ়ুৱৈৰ মনত এক অনুসন্ধিৎসু মনৰ উদ্রেক কৰিব, যাৰ দ্বাৰা সেইসকল লেখক পুনৰ পঢ়ুৱৈৰ বৰ্ণ, শব্দৰ পথাৰত জী উঠিব। গ্রন্থজগতত অতি চমুকৈ অজিত বড়াৰ বিবৰ্ণর্তাৰ বৰ্ণমালা আৰু মিতালী মহন্তৰ আজি ছাব্বিশ বহাগশীর্ষক গ্রন্থদুখনৰ কিছুপৰিচয় দাঙি ধৰা হৈছে। ইয়াৰ দ্বাৰা নিশ্চিতভাৱে লেখকদ্বয় উৎসাহিত হ'ব।
এই মাহৰ সাতসৰীত গ্ৰন্থৰ আলোচনা আগবঢ়োৱা এইসকল শ্রদ্ধাৰ পঢ়ুৱৈ হিচাপে আমি নাম লব লাগিব— অসীম চুতীয়া (গ্রন্থ : বিয়লি বেলাৰ গল্প, লেখক : ভূগেশ্বৰ শৰ্মা), উপেন্দ্রনাথ শৰ্মা (সেউজ সুবাস, লেখিকা : বিবি দেৱী বৰুৱা), ৰিষ্টটু শইকীয়া (কর্মই ভাগ্য, লেখকঃ দেৱকান্ত সন্দিকৈ), বিদিশা বুঢ়াগোহাঁই (Syed Abdul Malika, লেখক- ড° সত্যকাম বৰঠাকুৰ) আৰু দেৱেন শইকীয়া (ড” ভবেন্দ্রনাথ শইকীয়া, ছয় দশকৰ গদ্য, সম্পাদনা : উৎপল দত্ত)ৰ। এই গ্রন্থ আলোচনাই পঢ়ুৱৈৰ মনত এক অনুসন্ধিৎসু মনৰ উদ্রেক কৰিব, যাৰ দ্বাৰা সেইসকল লেখক পুনৰ পঢ়ুৱৈৰ বৰ্ণ, শব্দৰ পথাৰত জী উঠিব। গ্রন্থজগতত অতি চমুকৈ অজিত বড়াৰ বিবৰ্ণর্তাৰ বৰ্ণমালা আৰু মিতালী মহন্তৰ আজি ছাব্বিশ বহাগশীর্ষক গ্রন্থদুখনৰ কিছুপৰিচয় দাঙি ধৰা হৈছে। ইয়াৰ দ্বাৰা নিশ্চিতভাৱে লেখকদ্বয় উৎসাহিত হ'ব।
এই শিতানৰ যোগেদি গ্রন্থ নির্বাচন, পঠন আৰু আলোচনাৰ দায়িত্ব সাতসৰীয়ে পঢুৱৈ সমাজৰ ওপৰত ন্যস্ত কৰিছে। আশা কৰীে, অনাগত দিনবিলাকতো আলোচনাসমূহে নবীন আৰু প্ৰচাৰহীন লেখকসকলৰ গ্ৰন্থৰ আলোচনাৰে 'গ্রন্থজগত' শিতানটাে উজ্জ্বল কৰি ৰাখিব।
___________________________________
___________________________________
(ছয়)
প্ৰকৃতি, সভ্যতা আৰু স্বাৰ্থপৰতা :
- মালবিকা বৰা ব্ৰহ্ম
বাৰ্লিংটন, আমেৰিকা। ই-মেইল : mbrahma38gmail.com
বাৰ্লিংটন, আমেৰিকা। ই-মেইল : mbrahma38gmail.com
প্রকৃতি আৰু মানুহৰ সংঘাত' শিৰােনামেৰে সাতসৰীৰ অক্টোবৰ, ২০১৭ সংখ্যাত প্রকাশিত সম্পাদকীয়' পঢ়ি মানুহে প্রকৃতিৰ ওপৰত কৰা অত্যাচাৰৰ ছবিখন অন্য এক দৃষ্টিৰে দেখিলোঁ। প্রকৃতি আৰু মানুহৰ সম্বন্ধ যুগ যুগৰ। তথাপি তাহানিৰ প্রকৃতি এতিয়া সাধুকথাৰ দৰে হ’ল আৰু আজিৰ প্রকৃতি অনাগত সময়ত সাধুকথা হৈ পৰিব। এই প্রক্রিয়া এনেদৰে অব্যাহত হৈ থাকিলে মানুহৰ স্বাৰ্থপৰতাই যে মানুহকেই অধিক সমস্যাত পেলাব সেই কথা আজিৰ মানুহে জানিও নজনা হৈ আছে। এনেদৰেই আমি মানুহ আৰু সভ্যতাই যি অশুভ দিনৰ মাজলৈ গৈ আছে তাক বুজিবলৈও আমাৰ যেন আহৰি নাই – বিশেষকৈ ভাৰতৰ দৰে দেশত। এই কথাকেই এই সংখ্যাৰ সম্পাদকীয়টিত সুন্দৰকৈ কৈছে।
মনলৈ আহিছে সাদিন কাকতৰ ৬ অক্টোবৰ, ২০১৭ সংখ্যাত প্রকাশিত 'ৰক্ষা পৰিল মানৱ জাতিৰ অম্লজান আমাজান'- শীর্ষক মানৱেন্দ্ৰ গোস্বামীৰ লেখাটোৰ কথা। লেখাটোত কৈছে— ব্যৱসায়িক উদ্দেশ্যত বিশ্বৰ বৃহৎ বর্ষাৰণ্য আমাজনৰ বিশাল অংশ খননৰ বাবে ব্রাজিল চৰকাৰে দিয়া এটা বিতর্কিত নির্দেশ যোৱা ২৬ ছেপ্টেম্বৰৰ দিনা প্রত্যাহাৰ কৰে। . ব্রাজিলৰ ছুপাৰ মডেল গিজেল বাংচেনেও আমাজান ৰক্ষাৰ বাবে চলা আন্দোলনত অংশগ্রহণ কৰি কৈছে – গোটেই বিশ্বৰ উশাহ-নিশাহ নিয়ন্ত্রণ কৰিছে আমাজানে। গতিকে ইয়াক ধ্বংস হ’বলৈ দিব নোৱাৰি।
এনেদৰে প্রকৃতি ৰক্ষা কৰাৰ প্রচেষ্টা কেৱল ব্রাজিলতেই নহয়, ভিন্ন দেশত চলিছে যদিও সিবোৰ কিদৰে বাস্তৱায়িত হ’ব তাত এক প্রশ্ন সদায় থাকে। সকলো দেশেই এতিয়া অর্থনৈতিকভাৱে স্বাৱলম্বী হােৱাৰ যত্নহে কৰিছে, আনহাতে প্রকৃতিৰ প্রতি যেন এক বিৰূপ অৱস্থান সকলোৱে গ্ৰহণ কৰিবলৈ লৈছে। এইটাে খুবেই চিন্তনীয় বিষয়।
আমাৰ অসমৰ মাটি প্রাকৃতিকভাৱেই চহকী৷— গছপুলি এটা ৰুলেই ধুনীয়াকৈ বাঢ়ে, বিশেষ যত্ন ল'বই নালাগে। পদ্মশ্ৰী যাদৱ পায়েং ডাঙৰীয়াই সম্পূর্ণ নিজৰ প্রচেষ্টাত হাতে-কামে কৰি দেখুৱালে আমাক – বালিৰ স্তৰ পৰি খৰাং হােৱা এটি বিস্তীর্ণ অঞ্চল আজি পুনৰ সেউজীয়া হৈ পৰিল, জীৱ-জন্তুৱে নিজৰ ঘৰ ঘূৰাই পালে। বিভিন্ন বেচৰকাৰী সংস্থাৰ লগতে অসমৰ জনপ্রিয় শিল্পী জুবিন গার্গেও তেওঁৰ জনপ্রিয়তাক আহিলা হিচাপে লৈ প্রকৃতিৰ সংৰক্ষণৰ বিষয়ে সজাগতা আনিবলৈ যত্ন কৰি আছে। তথাপি দেখা যায় যে অসমৰ মানুহৰ যেন গছৰ প্রতি বিশেষ আকর্ষণ নাই। গছপুলি ৰোপণৰ বিষয়ে বহু আলোচনা আৰু চৰকাৰী আঁচনি প্রৱর্তন কৰা হৈছে যদিও সিবোৰ ফলপ্রসূ হৈ উঠা নাই।
এখন দেশৰ এটা জাতিৰ পৰিচয় নিহিত হৈ থাকে প্রকৃতিৰ প্রতি সেই দেশ বা জাতিয়ে কৰা আচৰণ মাজত। এইক্ষেত্ৰত অসম এক আদর্শ হৈ উঠাৰ থল নিশ্চয় আছে। মাত্র চৰকাৰৰ ওপৰতে ভৰসা নকৰি ৰাইজেই এই প্রচেষ্টা চলাই যাব লাগিব— আমাৰ নিজৰ কাৰণে, আমাৰ ভৱিষ্যৎ প্রজন্মৰ কাৰণে।
No comments:
Post a Comment