Tuesday, 24 October 2017

শৰত, শেৱালি ইত্যাদি



শৰত, শেৱালি ইত্যাদি

তলসৰা শেৱালিৰে পূৰ্ণ পদূলি
হাতত কুকি লৈ এটি প্ৰাণোচ্ছল প্ৰাণ
হিয়াৰ সুঘ্ৰাণ কিটো বুজে তাই
মাথোঁ দেও দি দি ধপলিয়াই
এটা ফুলো অনাদৃত নহওঁক!

নিয়ৰৰ চুমাত লেতুসেতু লাজুকীলতা
আলফুলে সাৱটে টোপাল
ৰং সনাৰ ছলেৰে বৰ্ণিল লাস্যময়ী কিৰণে
হৰি নিয়ে স্নিগ্ধ প্ৰভাত।
শৰতৰ শ্বাশ্বত ছন্দ
দোকোলটোকা অনুভৱৰ জোৱাৰ ।

শৰত আজি অভিমানী আকাশ
অস্ফুট কলৰবত ৰুক্ষ বতাহ
পূজাৰ অপেক্ষা মৌনতাৰ বিলাপ।
শৰতে কঢ়িয়াই বিজয়াৰ বিফলতা
ডাৱৰে কঢ়িয়াই আকাশৰ বেথা
কেতিয়াবা শূন্যতাই আকাশ আছিল
আজি আকাশো শূন্যতা।

হোৱাট্চএপৰ মেছেজত শেৱালি ফুলিল ,
গোন্ধহীন শেৱালি নে ঘ্ৰাণহীন অতীত!
ফেচবুকৰ আপডেটৰ সোণোৱালী আঘোণ,
পোতখোৱা লেছেৰি নে সমাধিস্থ সময়!
নিজৰ পৰা নিলগত গলি পৰা মুহূৰ্তবোৰ
বন্দী নিশ্বাসৰ বিষাক্ত উকমুকনিত
স্তূপীকৃত অনুভৱেৰে হিয়া প্ৰস্তৰ হয় ।

No comments:

Post a Comment