ৰাজহাঁহ
---------------------
---------------------
নয়নজ্যোতি
তৰাৰ সাজনত
ৰ'দৰ পোহৰ অথবা জোনৰ পোহৰত
মুকুতা হৈ জিলিকিছিল
একঁকাল কি এবুকু পানীত
ৰজাৰ ৰাজহাঁহ এটি চৰিছিল
সেই ফুলৰ মাজেৰে ,
ফুলবোৰ ঠোঁটেৰে ছিঙি ঠাৰিবোৰ ভাঙিছিল
ফুলবোৰে নাজানে ৰাজহাঁহৰ আদৰণি পৰ্ব
নাজানে ৰজাঘৰীয়াৰ বিলাসিতা
দুগ্ধস্নানৰ উপভোগ
ফুলবোৰ যে পানীৰ সহচৰ
পখিলাবোৰৰ লগৰী।
No comments:
Post a Comment