**মানৱীয় সত্তাৰপৰা মই হেনো বিছিন্ন**
(ৰৌচন আৰা বেগম)
(ৰৌচন আৰা বেগম)
মানৱীয় সত্তাৰপৰা
মই হেনো বিছিন্ন !
দৈনিক বাতৰিকাকতকেইখন আৰু টেলিভিছন চেনেলকেইটাৰ
বাতৰি পৰিবেশকসকল
এইকেইদিন মোক লৈ ব্যস্ত হৈ পৰিছে।
দৈনিক বাতৰিকাকতকেইখন আৰু টেলিভিছন চেনেলকেইটাৰ
বাতৰি পৰিবেশকসকল
এইকেইদিন মোক লৈ ব্যস্ত হৈ পৰিছে।
সকলো মানুহেই
ভাবিবলৈ বাধ্য হৈ পৰিছে, আনকি ময়ো;
আই-বোপাই আছিলনে বাৰু মোৰ !
মোক বাধা দিবলৈ নাছিল নে কোনো গিয়াতি-কুটুম ?
আই-বোপাই আছিলনে বাৰু মোৰ !
মোক বাধা দিবলৈ নাছিল নে কোনো গিয়াতি-কুটুম ?
কেতিয়া, কেনেকৈ, ক’ত হেৰুৱাইছিলো
নে ভোকে-ভাগৰে আঁজুৰি আনিছিলো এই স্বাধীনতা !
নে ভোকে-ভাগৰে আঁজুৰি আনিছিলো এই স্বাধীনতা !
অভাবে নে স্বভাবে
নষ্ট কৰিছিল মোক
নে মোক গঢ়ি তুলিছিল!
সঠিককৈ ক’ব নে বাৰু কোনোবাই, কোনখন দেশত
মই ওপজিছিলো;
কি আছিল মোৰ বর্ণ, জাতি, ধর্ম !
নে মোক গঢ়ি তুলিছিল!
সঠিককৈ ক’ব নে বাৰু কোনোবাই, কোনখন দেশত
মই ওপজিছিলো;
কি আছিল মোৰ বর্ণ, জাতি, ধর্ম !
এনে কি নিচা সেৱন
কৰি পছোৱাৰ দৰে
আজি মই উৰি ফুৰিছোঁ,
ছোঁ মাৰি চিলনীজনীৰ দৰে চিকাৰ থাপ মাৰি ধৰিছোঁ !
আজি মই উৰি ফুৰিছোঁ,
ছোঁ মাৰি চিলনীজনীৰ দৰে চিকাৰ থাপ মাৰি ধৰিছোঁ !
এয়া এনে কি এক
বিশেষ কলা
যাক শতবাৰ মই প্রণিপাত কৰিছোঁ।
যাক শতবাৰ মই প্রণিপাত কৰিছোঁ।
কোনে মোৰ ডিঙিত এই
জৰিডাল গাঁঠিলে,
মোৰ সোঁহাতখন কোনে কাঢ়ি নিলে!
ৰবাবটেঙাৰ বল খেলিবলৈ নিশিকোতেই কোনে মোক
ঘৃণা বুটলিবলৈ শিকালে !
মোৰ সোঁহাতখন কোনে কাঢ়ি নিলে!
ৰবাবটেঙাৰ বল খেলিবলৈ নিশিকোতেই কোনে মোক
ঘৃণা বুটলিবলৈ শিকালে !
হাতখন হেৰুৱাৰ
দুখত নে আনন্দত
কিৰিলি পাৰিছোঁ আজি মই !
ফুল কুমলীয়া শিশুকেইটিৰে বুলেট বুলেট খেলি
সিহঁতৰ মাখনৰ দৰে শৰীৰত
মই আয়ত্ত কৰা যাদুৰে
ৰক্তজবা ফুল ফুলাই দেখুৱাইছো!
কিৰিলি পাৰিছোঁ আজি মই !
ফুল কুমলীয়া শিশুকেইটিৰে বুলেট বুলেট খেলি
সিহঁতৰ মাখনৰ দৰে শৰীৰত
মই আয়ত্ত কৰা যাদুৰে
ৰক্তজবা ফুল ফুলাই দেখুৱাইছো!
তোমালোকে কৈ আছা, আলোচনাও কৰি আছা
আৰু ময়ো ভাবিবলৈ লৈছো---
কথাবোৰে বতাহত ঢৌ তুলে আৰু মাৰ যায়,
ঢৌ তুলে আকৌ মাৰ যায়!
এই ঢৌবোৰ কেতিয়াবা অসীম চুবগৈ নে বাৰু !
দূৰলৈ বহু দূৰলৈ কেতিয়াবা
আবর্জনাবোৰ উটুৱাই লৈ যাবনে বাৰু ?
আৰু ময়ো ভাবিবলৈ লৈছো---
কথাবোৰে বতাহত ঢৌ তুলে আৰু মাৰ যায়,
ঢৌ তুলে আকৌ মাৰ যায়!
এই ঢৌবোৰ কেতিয়াবা অসীম চুবগৈ নে বাৰু !
দূৰলৈ বহু দূৰলৈ কেতিয়াবা
আবর্জনাবোৰ উটুৱাই লৈ যাবনে বাৰু ?
কথাবোৰ তোমালোকৰ
কাক কওঁ, কেনেকৈ কওঁ !
জীৱনটোৰ বিনিময়ত কেনেকৈ মৌনব্রত ধাৰণ কৰিছোঁ,
আপোনজনক পোহপাল দিয়াৰ ঠিকা যে
কঢ়িয়াই লৈ ফুৰিছোঁ।
No comments:
Post a Comment