ණ ৰঞ্জন বর্মন
বোপা, ঘৰলৈ উভতি আহ
বুকুত অপূৰ্ণ আশা লৈ
কিমান দিন আৰু ঘূৰি ফুৰিবি অনাই-বনাই
বুকুত অপূৰ্ণ আশা লৈ
কিমান দিন আৰু ঘূৰি ফুৰিবি অনাই-বনাই
বোপা, মানুহে ৰ’দত জিৰণি ল’ব বুলি বাটৰ কাষত
তই যে সৰুতে ৰুইছিলি গছপুলিটো
সেই পুলিটো এতিয়া শিপাৰে আৱৰা এজোপা বটবৃক্ষ
ভুতৰ ভয়ত সন্ধ্যা মানুহবোৰে গছজোপাৰ তলেদি নাযায়
মানুহবোৰে কোৱা-কুই কৰা শুনো তয়ো বোলে ডাঙৰ হ’লি গছজোপাৰ দৰেই
তই যে সৰুতে ৰুইছিলি গছপুলিটো
সেই পুলিটো এতিয়া শিপাৰে আৱৰা এজোপা বটবৃক্ষ
ভুতৰ ভয়ত সন্ধ্যা মানুহবোৰে গছজোপাৰ তলেদি নাযায়
মানুহবোৰে কোৱা-কুই কৰা শুনো তয়ো বোলে ডাঙৰ হ’লি গছজোপাৰ দৰেই
চকুত পৰিবৰ্তনৰ
সপোন আঁকি তই যি অঘৰী হ’লি
তাৰ পিছৰে পৰা একোৱে সলনি হোৱা নাই গাঁৱৰ ছবি
সেই একেই জিলীৰ মাত
সেই একেই ৰাংকুকুৰৰ ৰাউচি
সেই একেই হালি পৰা ঘৰ, উৱলি যোৱা চাল
ৰাতি ৰাতি মাথোঁ বাঢ়ি আহিল বুট জোতাৰ শব্দ আৰু চেপা উত্তেজনা
তাৰ পিছৰে পৰা একোৱে সলনি হোৱা নাই গাঁৱৰ ছবি
সেই একেই জিলীৰ মাত
সেই একেই ৰাংকুকুৰৰ ৰাউচি
সেই একেই হালি পৰা ঘৰ, উৱলি যোৱা চাল
ৰাতি ৰাতি মাথোঁ বাঢ়ি আহিল বুট জোতাৰ শব্দ আৰু চেপা উত্তেজনা
ভুল নুবুজিবি, তহঁতৰ কথাবোৰ আমি বুজি নাপাওঁ
তহঁতি দেখা সপোনবোৰ আমি ঢুকি নাপাওঁ
কাতিৰ ঢিমিক-ঢামাককৈ জ্বলা চাকিৰ পোহৰত আৱদ্ধ আমাৰ জীৱন
তহঁতি দেখা সপোনবোৰ আমি ঢুকি নাপাওঁ
কাতিৰ ঢিমিক-ঢামাককৈ জ্বলা চাকিৰ পোহৰত আৱদ্ধ আমাৰ জীৱন
তথাপিও কওঁ, তহঁতি ভবাৰ দৰে চকুত চাট মাৰি ধৰা মাৰণাস্ত্ৰবোৰেৰে
তেজৰ নদীবোৰেৰে
সমাজলৈ পৰিবৰ্তন নাহে অ’
যদি পৰিবৰ্তন বিচাৰিছ তেন্তে বুকুত নাঙলৰ ফাল সাবটি ল’
তেজৰ নদীবোৰেৰে
সমাজলৈ পৰিবৰ্তন নাহে অ’
যদি পৰিবৰ্তন বিচাৰিছ তেন্তে বুকুত নাঙলৰ ফাল সাবটি ল’
চাকিৰ পোহৰে
পৃথিৱী পোহৰাব নোৱাৰে যদিও
নিজৰ চাৰিওকাষৰ আন্ধাৰ অঁতৰাব পাৰে
নিজৰ চাৰিওকাষৰ আন্ধাৰ অঁতৰাব পাৰে
No comments:
Post a Comment